< ကလသိနး 3 >

1 ယဒိ ယူယံ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် ဥတ္ထာပိတာ အဘဝတ တရှိ ယသ္မိန် သ္ထာနေ ခြီၐ္ဋ ဤၑွရသျ ဒက္ၐိဏပါရ္ၑွေ ဥပဝိၐ္ဋ အာသ္တေ တသျောရ္ဒ္ဓွသ္ထာနသျ ဝိၐယာန် စေၐ္ဋဓွံ၊
এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷
2 ပါရ္ထိဝဝိၐယေၐု န ယတမာနာ ဦရ္ဒ္ဓွသ္ထဝိၐယေၐု ယတဓွံ၊
ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
3 ယတော ယူယံ မၖတဝန္တော ယုၐ္မာကံ ဇီဝိတဉ္စ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် ဤၑွရေ ဂုပ္တမ် အသ္တိ၊
কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে।
4 အသ္မာကံ ဇီဝနသွရူပး ခြီၐ္ဋော ယဒါ ပြကာၑိၐျတေ တဒါ တေန သာရ္ဒ္ဓံ ယူယမပိ ဝိဘဝေန ပြကာၑိၐျဓွေ၊
আমাৰ জীৱন স্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া তেওঁৰ সৈতে আপোনালোকো প্ৰতাপত প্ৰকাশিত হ’ব।
5 အတော ဝေၑျာဂမနမ် အၑုစိကြိယာ ရာဂး ကုတ္သိတာဘိလာၐော ဒေဝပူဇာတုလျော လောဘၑ္စဲတာနိ ရ္ပာထဝပုရုၐသျာင်္ဂါနိ ယုၐ္မာဘိ ရ္နိဟနျန္တာံ၊
এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷
6 ယတ ဧတေဘျး ကရ္မ္မဘျ အာဇ္ဉာလင်္ဃိနော လောကာန် ပြတီၑွရသျ ကြောဓော ဝရ္တ္တတေ၊
এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ আহে;
7 ပူရွွံ ယဒါ ယူယံ တာနျုပါဇီဝတ တဒါ ယူယမပိ တာနျေဝါစရတ;
পূৰ্বতে আপোনালোকে যেতিয়া এইবোৰত জীয়াই আছিল, তেতিয়া আপোনালোকেও এইবোৰত চলিছিল।
8 ကိန္တွိဒါနီံ ကြောဓော ရောၐော ဇိဟိံသိၐာ ဒုရ္မုခတာ ဝဒနနိရ္ဂတကဒါလပၑ္စဲတာနိ သရွွာဏိ ဒူရီကုရုဓွံ၊
কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক৷
9 ယူယံ ပရသ္ပရံ မၖၐာကထာံ န ဝဒတ ယတော ယူယံ သွကရ္မ္မသဟိတံ ပုရာတနပုရုၐံ တျက္တဝန္တး
ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে;
10 သွသြၐ္ဋုး ပြတိမူရ္တျာ တတ္တွဇ္ဉာနာယ နူတနီကၖတံ နဝီနပုရုၐံ ပရိဟိတဝန္တၑ္စ၊
১০আৰু যি নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰোঁৱা হৈ আছে, সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলে৷
11 တေန စ ယိဟူဒိဘိန္နဇာတီယယောၑ္ဆိန္နတွဂစ္ဆိန္နတွစော ရ္မ္လေစ္ဆသ္ကုထီယယော ရ္ဒာသမုက္တယောၑ္စ ကော'ပိ ဝိၑေၐော နာသ္တိ ကိန္တု သရွွေၐု သရွွး ခြီၐ္ဋ ဧဝါသ္တေ၊
১১এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷
12 အတဧဝ ယူယမ် ဤၑွရသျ မနောဘိလၐိတား ပဝိတြား ပြိယာၑ္စ လောကာ ဣဝ သ္နေဟယုက္တာမ် အနုကမ္ပာံ ဟိတဲၐိတာံ နမြတာံ တိတိက္ၐာံ သဟိၐ္ဏုတာဉ္စ ပရိဓဒ္ဓွံ၊
১২এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
13 ယူယမ် ဧကဲကသျာစရဏံ သဟဓွံ ယေန စ ယသျ ကိမပျပရာဓျတေ တသျ တံ ဒေါၐံ သ က္ၐမတာံ, ခြီၐ္ဋော ယုၐ္မာကံ ဒေါၐာန် ယဒွဒ် က္ၐမိတဝါန် ယူယမပိ တဒွတ် ကုရုဓွံ၊
১৩আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷
14 ဝိၑေၐတး သိဒ္ဓိဇနကေန ပြေမဗန္ဓနေန ဗဒ္ဓါ ဘဝတ၊
১৪এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।
15 ယသျား ပြာပ္တယေ ယူယမ် ဧကသ္မိန် ၑရီရေ သမာဟူတာ အဘဝတ သေၑွရီယာ ၑာန္တိ ရျုၐ္မာကံ မနာံသျဓိတိၐ္ဌတု ယူယဉ္စ ကၖတဇ္ဉာ ဘဝတ၊
১৫এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।
16 ခြီၐ္ဋသျ ဝါကျံ သရွွဝိဓဇ္ဉာနာယ သမ္ပူရ္ဏရူပေဏ ယုၐ္မဒန္တရေ နိဝမတု, ယူယဉ္စ ဂီတဲ ရ္ဂာနဲး ပါရမာရ္ထိကသင်္ကီရ္တ္တနဲၑ္စ ပရသ္ပရမ် အာဒိၑတ ပြဗောဓယတ စ, အနုဂၖဟီတတွာတ် ပြဘုမ် ဥဒ္ဒိၑျ သွမနောဘိ ရ္ဂာယတ စ၊
১৬খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
17 ဝါစာ ကရ္မ္မဏာ ဝါ ယဒ် ယတ် ကုရုတ တတ် သရွွံ ပြဘော ရျီၑော ရ္နာမ္နာ ကုရုတ တေန ပိတရမ် ဤၑွရံ ဓနျံ ဝဒတ စ၊
১৭আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
18 ဟေ ယောၐိတး, ယူယံ သွာမိနာံ ဝၑျာ ဘဝတ ယတသ္တဒေဝ ပြဘဝေ ရောစတေ၊
১৮হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত।
19 ဟေ သွာမိနး, ယူယံ ဘာရျျာသု ပြီယဓွံ တား ပြတိ ပရုၐာလာပံ မာ ကုရုဓွံ၊
১৯হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব।
20 ဟေ ဗာလား, ယူယံ သရွွဝိၐယေ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တဒေဝ ပြဘေား သန္တောၐဇနကံ၊
২০হে সন্তান সকল, আপোনালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হওক; কিয়নো প্ৰভুত সেয়ে সন্তোষজনক।
21 ဟေ ပိတရး, ယုၐ္မာကံ သန္တာနာ ယတ် ကာတရာ န ဘဝေယုသ္တဒရ္ထံ တာန် ပြတိ မာ ရောၐယတ၊
২১হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলক প্ৰৰোচিত কৰি নাথাকিব, তাতে তেওঁলোক যেন নিৰাশ নহয়।
22 ဟေ ဒါသား, ယူယံ သရွွဝိၐယ အဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ ဒၖၐ္ဋိဂေါစရီယသေဝယာ မာနဝေဘျော ရောစိတုံ မာ ယတဓွံ ကိန္တု သရလာန္တးကရဏဲး ပြဘော ရ္ဘာတျာ ကာရျျံ ကုရုဓွံ၊
২২হে দাস সকল, আপোনালোকে সকলো বিষয়তে মাংস-সম্বন্ধীয় নিজ নিজ প্ৰভু সকলৰ আজ্ঞাধীন হওক। আপোনালোকৰ চকুৰ সন্মুখত, মানুহৰ সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰক৷
23 ယစ္စ ကုရုဓွေ တတ် မာနုၐမနုဒ္ဒိၑျ ပြဘုမ် ဥဒ္ဒိၑျ ပြဖုလ္လမနသာ ကုရုဓွံ,
২৩আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক;
24 ယတော ဝယံ ပြဘုတး သွရ္ဂာဓိကာရရူပံ ဖလံ လပ္သျာမဟ ဣတိ ယူယံ ဇာနီထ ယသ္မာဒ် ယူယံ ပြဘေား ခြီၐ္ဋသျ ဒါသာ ဘဝထ၊
২৪আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে৷ আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱাকৰ্ম কৰক।
25 ကိန္တု ယး ကၑ္စိဒ် အနုစိတံ ကရ္မ္မ ကရောတိ သ တသျာနုစိတကရ္မ္မဏး ဖလံ လပ္သျတေ တတြ ကော'ပိ ပက္ၐပါတော န ဘဝိၐျတိ၊
২৫কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই।

< ကလသိနး 3 >