< ပြေရိတား 20 >

1 ဣတ္ထံ ကလဟေ နိဝၖတ္တေ သတိ ပေါ်လး ၑိၐျဂဏမ် အာဟူယ ဝိသရ္ဇနံ ပြာပျ မာကိဒနိယာဒေၑံ ပြသ္ထိတဝါန်၊
পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্য সকলক পঠিয়াই লোক সকলক উৎসাহিত কৰিলে আৰু বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল।
2 တေန သ္ထာနေန ဂစ္ဆန် တဒ္ဒေၑီယာန် ၑိၐျာန် ဗဟူပဒိၑျ ယူနာနီယဒေၑမ် ဥပသ္ထိတဝါန်၊
পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্য সকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ।
3 တတြ မာသတြယံ သ္ထိတွာ တသ္မာတ် သုရိယာဒေၑံ ယာတုမ် ဥဒျတး, ကိန္တု ယိဟူဒီယာသ္တံ ဟန္တုံ ဂုပ္တာ အတိၐ္ဌန် တသ္မာတ် သ ပုနရပိ မာကိဒနိယာမာရ္ဂေဏ ပြတျာဂန္တုံ မတိံ ကၖတဝါန်၊
তাত তিনি মাহ থাকি, সমুদ্ৰ-পথেদি চিৰিয়া দেশত যাবলৈ উদ্যত হোৱাত, ইহুদী সকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ তেতিয়া তেওঁ মাকিদনিয়াইদি উলটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।
4 ဗိရယာနဂရီယသောပါတြး ထိၐလနီကီယာရိသ္တာရ္ခသိကုန္ဒော် ဒရ္ဗ္ဗောနဂရီယဂါယတီမထိယော် အာၑိယာဒေၑီယတုခိကတြဖိမော် စ တေန သာရ္ဒ္ဓံ အာၑိယာဒေၑံ ယာဝဒ် ဂတဝန္တး၊
তাতে কিছুমান ব্যক্তিও তেওঁৰ লগত যাবলৈ ওলাল। বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ গায় আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই কেইজন লোক এচিয়ালৈকে তেওঁৰ লগত গ’ল।
5 ဧတေ သရွွေ 'ဂြသရား သန္တော 'သ္မာန် အပေက္ၐျ တြောယာနဂရေ သ္ထိတဝန္တး၊
কিন্তু এওঁলোকে আগবাঢ়ি যোৱাত, ত্রোৱাত আমালৈ ৰৈ আছিল।
6 ကိဏွၑူနျပူပေါတ္သဝဒိနေ စ ဂတေ သတိ ဝယံ ဖိလိပီနဂရာတ် တောယပထေန ဂတွာ ပဉ္စဘိ ရ္ဒိနဲသ္တြောယာနဂရမ် ဥပသ္ထာယ တတြ သပ္တဒိနာနျဝါတိၐ္ဌာမ၊
পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰ হৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্রোৱাত তেওঁলোকক লগ পালোঁ; তাত সাত দিন থাকিলোঁ ৷
7 သပ္တာဟသျ ပြထမဒိနေ ပူပါန် ဘံက္တု ၑိၐျေၐု မိလိတေၐု ပေါ်လး ပရဒိနေ တသ္မာတ် ပြသ္ထာတုမ် ဥဒျတး သန် တဒဟ္နိ ပြာယေဏ က္ၐပါယာ ယာမဒွယံ ယာဝတ် ၑိၐျေဘျော ဓရ္မ္မကထာမ် အကထယတ်၊
আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ একগোট হলোঁ; পৌলে বিশ্বাসী সকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।
8 ဥပရိသ္ထေ ယသ္မိန် ပြကောၐ္ဌေ သဘာံ ကၖတွာသန် တတြ ဗဟဝး ပြဒီပါး ပြာဇွလန်၊
তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল।
9 ဥတုခနာမာ ကၑ္စန ယုဝါ စ ဝါတာယန ဥပဝိၑန် ဃောရတရနိဒြာဂြသ္တော 'ဘူတ် တဒါ ပေါ်လေန ဗဟုက္ၐဏံ ကထာယာံ ပြစာရိတာယာံ နိဒြာမဂ္နး သ တသ္မာဒ် ဥပရိသ္ထတၖတီယပြကောၐ္ဌာဒ် အပတတ်, တတော လောကာသ္တံ မၖတကလ္ပံ ဓၖတွောဒတောလယန်၊
তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।
10 တတး ပေါ်လော'ဝရုဟျ တသျ ဂါတြေ ပတိတွာ တံ ကြောဍေ နိဓာယ ကထိတဝါန်, ယူယံ ဝျာကုလာ မာ ဘူတ နာယံ ပြာဏဲ ရွိယုက္တး၊
১০তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে, “আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে।”
11 ပၑ္စာတ် သ ပုနၑ္စောပရိ ဂတွာ ပူပါန် ဘံက္တွာ ပြဘာတံ ယာဝတ် ကထောပကထနေ ကၖတွာ ပြသ္ထိတဝါန်၊
১১ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
12 တေ စ တံ ဇီဝန္တံ ယုဝါနံ ဂၖဟီတွာ ဂတွာ ပရမာပျာယိတာ ဇာတား၊
১২পাছত তেওঁলোকে সেই ল’ৰাক জীয়াই উঠা দেখি, অতি সান্ত্বনা পালে।
13 အနန္တရံ ဝယံ ပေါတေနာဂြသရာ ဘူတွာသ္မနဂရမ် ဥတ္တီရျျ ပေါ်လံ ဂြဟီတုံ မတိမ် အကုရ္မ္မ ယတး သ တတြ ပဒ္ဘျာံ ဝြဇိတုံ မတိံ ကၖတွေတိ နိရူပိတဝါန်၊
১৩পাছত আমি আগবাঢ়ি গৈ পৌলক আঃচ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলোঁ।
14 တသ္မာတ် တတြာသ္မာဘိး သာရ္ဒ္ဓံ တသ္မိန် မိလိတေ သတိ ဝယံ တံ နီတွာ မိတုလီနျုပဒွီပံ ပြာပ္တဝန္တး၊
১৪আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ।
15 တသ္မာတ် ပေါတံ မောစယိတွာ ပရေ'ဟနိ ခီယောပဒွီပသျ သမ္မုခံ လဗ္ဓဝန္တသ္တသ္မာဒ် ဧကေနာဟ္နာ သာမောပဒွီပံ ဂတွာ ပေါတံ လာဂယိတွာ တြောဂုလ္လိယေ သ္ထိတွာ ပရသ္မိန် ဒိဝသေ မိလီတနဂရမ် ဥပါတိၐ္ဌာမ၊
১৫ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃ দ্বীপত লগাই, আমি পাছদিনা মিলীত নগৰ পালোঁ।
16 ယတး ပေါ်လ အာၑိယာဒေၑေ ကာလံ ယာပယိတုမ် နာဘိလၐန် ဣဖိၐနဂရံ တျက္တွာ ယာတုံ မန္တြဏာံ သ္ထိရီကၖတဝါန်; ယသ္မာဒ် ယဒိ သာဓျံ ဘဝတိ တရှိ နိသ္တာရောတ္သဝသျ ပဉ္စာၑတ္တမဒိနေ သ ယိရူၑာလမျုပသ္ထာတုံ မတိံ ကၖတဝါန်၊
১৬কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।
17 ပေါ်လော မိလီတာဒ် ဣဖိၐံ ပြတိ လောကံ ပြဟိတျ သမာဇသျ ပြာစီနာန် အာဟူယာနီတဝါန်၊
১৭পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।
18 တေၐု တသျ သမီပမ် ဥပသ္ထိတေၐု သ တေဘျ ဣမာံ ကထာံ ကထိတဝါန်, အဟမ် အာၑိယာဒေၑေ ပြထမာဂမနမ် အာရဘျာဒျ ယာဝဒ် ယုၐ္မာကံ သန္နိဓော် သ္ထိတွာ သရွွသမယေ ယထာစရိတဝါန် တဒ် ယူယံ ဇာနီထ;
১৮তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকুলোৰে,
19 ဖလတး သရွွထာ နမြမနား သန် ဗဟုၑြုပါတေန ယိဟုဒီယာနာမ် ကုမန္တြဏာဇာတနာနာပရီက္ၐာဘိး ပြဘေား သေဝါမကရဝံ၊
১৯আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ সেৱাকৰ্ম কৰিলোঁ
20 ကာမပိ ဟိတကထာံ န ဂေါပါယိတဝါန် တာံ ပြစာရျျ သပြကာၑံ ဂၖဟေ ဂၖဟေ သမုပဒိၑျေၑွရံ ပြတိ မနး ပရာဝရ္တ္တနီယံ ပြဘော် ယီၑုခြီၐ္ဋေ ဝိၑွသနီယံ
২০আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো,
21 ယိဟူဒီယာနာမ် အနျဒေၑီယလောကာနာဉ္စ သမီပ ဧတာဒၖၑံ သာက္ၐျံ ဒဒါမိ၊
২১আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
22 ပၑျတ သာမ္ပြတမ် အာတ္မနာကၖၐ္ဋး သန် ယိရူၑာလမ္နဂရေ ယာတြာံ ကရောမိ, တတြ မာမ္ပြတိ ယဒျဒ် ဃဋိၐျတေ တာနျဟံ န ဇာနာမိ;
২২আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো;
23 ကိန္တု မယာ ဗန္ဓနံ က္လေၑၑ္စ ဘောက္တဝျ ဣတိ ပဝိတြ အာတ္မာ နဂရေ နဂရေ ပြမာဏံ ဒဒါတိ၊
২৩কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।
24 တထာပိ တံ က္လေၑမဟံ တၖဏာယ န မနျေ; ဤၑွရသျာနုဂြဟဝိၐယကသျ သုသံဝါဒသျ ပြမာဏံ ဒါတုံ, ပြဘော ရျီၑေား သကာၑာဒ ယသျား သေဝါယား ဘာရံ ပြာပ္နဝံ တာံ သေဝါံ သာဓယိတုံ သာနန္ဒံ သွမာရ္ဂံ သမာပယိတုဉ္စ နိဇပြာဏာနပိ ပြိယာန် န မနျေ၊
২৪কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
25 အဓုနာ ပၑျတ ယေၐာံ သမီပေ'ဟမ် ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြစာရျျ ဘြမဏံ ကၖတဝါန် ဧတာဒၖၑာ ယူယံ မမ ဝဒနံ ပုန ရ္ဒြၐ္ဋုံ န ပြာပ္သျထ ဧတဒပျဟံ ဇာနာမိ၊
২৫এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।
26 ယုၐ္မဘျမ် အဟမ် ဤၑွရသျ သရွွာန် အာဒေၑာန် ပြကာၑယိတုံ န နျဝရ္တ္တေ၊
২৬এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;
27 အဟံ သရွွေၐာံ လောကာနာံ ရက္တပါတဒေါၐာဒ် ယန္နိရ္ဒောၐ အာသေ တသျာဒျ ယုၐ္မာန် သာက္ၐိဏး ကရောမိ၊
২৭কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ পাছ নুহুহকিলো।
28 ယူယံ သွေၐု တထာ ယသျ ဝြဇသျာဓျက္ၐန် အာတ္မာ ယုၐ္မာန် ဝိဓာယ နျယုင်္က္တ တတ္သရွွသ္မိန် သာဝဓာနာ ဘဝတ, ယ သမာဇဉ္စ ပြဘု ရ္နိဇရက္တမူလျေန ကြီတဝါန တမ် အဝတ,
২৮আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
29 ယတော မယာ ဂမနေ ကၖတဧဝ ဒုရ္ဇယာ ဝၖကာ ယုၐ္မာကံ မဓျံ ပြဝိၑျ ဝြဇံ ပြတိ နိရ္ဒယတာမ် အာစရိၐျန္တိ,
২৯মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব;
30 ယုၐ္မာကမေဝ မဓျာဒပိ လောကာ ဥတ္ထာယ ၑိၐျဂဏမ် အပဟန္တုံ ဝိပရီတမ် ဥပဒေက္ၐျန္တီတျဟံ ဇာနာမိ၊
৩০আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।
31 ဣတိ ဟေတော ရျူယံ သစဲတနျား သန္တသ္တိၐ္ဋတ, အဟဉ္စ သာၑြုပါတး သန် ဝတ္သရတြယံ ယာဝဒ် ဒိဝါနိၑံ ပြတိဇနံ ဗောဓယိတုံ န နျဝရ္တ္တေ တဒပိ သ္မရတ၊
৩১এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
32 ဣဒါနီံ ဟေ ဘြာတရော ယုၐ္မာကံ နိၐ္ဌာံ ဇနယိတုံ ပဝိတြီကၖတလောကာနာံ မဓျေ'ဓိကာရဉ္စ ဒါတုံ သမရ္ထော ယ ဤၑွရသ္တသျာနုဂြဟသျ ယော ဝါဒၑ္စ တယောရုဘယော ရျုၐ္မာန် သမာရ္ပယမ်၊
৩২এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক সমৰ্পন কৰি দিলোঁ।
33 ကသျာပိ သွရ္ဏံ ရူပျံ ဝသ္တြံ ဝါ ပြတိ မယာ လောဘော န ကၖတး၊
৩৩মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
34 ကိန္တု မမ မတ္သဟစရလောကာနာဉ္စာဝၑျကဝျယာယ မဒီယမိဒံ ကရဒွယမ် အၑြာမျဒ် ဧတဒ် ယူယံ ဇာနီထ၊
৩৪মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰি সেৱা কৰিলোঁ, এই বিষয়ে আপোনালোকে নিজে জানে।
35 အနေန ပြကာရေဏ ဂြဟဏဒ် ဒါနံ ဘဒြမိတိ ယဒွါကျံ ပြဘု ရျီၑုး ကထိတဝါန် တတ် သ္မရ္တ္တုံ ဒရိဒြလောကာနာမုပကာရာရ္ထံ ၑြမံ ကရ္တ္တုဉ္စ ယုၐ္မာကမ် ဥစိတမ် ဧတတ္သရွွံ ယုၐ္မာနဟမ် ဥပဒိၐ္ဋဝါန်၊
৩৫সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”
36 ဧတာံ ကထာံ ကထယိတွာ သ ဇာနုနီ ပါတယိတွာ သရွဲး သဟ ပြာရ္ထယတ၊
৩৬এইবোৰ কথা কোৱাৰ পাছত, তেওঁ আঁঠু লৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে৷
37 တေန တေ ကြန္ဒြန္တး
৩৭পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷
38 ပုန ရ္မမ မုခံ န ဒြက္ၐျထ ဝိၑေၐတ ဧၐာ ယာ ကထာ တေနာကထိ တတ္ကာရဏာတ် ၑောကံ ဝိလာပဉ္စ ကၖတွာ ကဏ္ဌံ ဓၖတွာ စုမ္ဗိတဝန္တး၊ ပၑ္စာတ် တေ တံ ပေါတံ နီတဝန္တး၊
৩৮“মোৰ মুখ আৰু দেখিবলৈ নাপাব” বিশেষকৈ এই কথাৰ কাৰণে তেওঁলোকে গভীৰভাৱে শোক কৰিলে; পাছত তেওঁক জাহাজলৈকে আগবঢ়াই থৈ আহিল।

< ပြေရိတား 20 >