< ၂ ကရိန္ထိနး 10 >
1 ယုၐ္မတ္ပြတျက္ၐေ နမြး ကိန္တု ပရောက္ၐေ ပြဂလ္ဘး ပေါ်လော'ဟံ ခြီၐ္ဋသျ က္ၐာန္တျာ ဝိနီတျာ စ ယုၐ္မာန် ပြာရ္ထယေ၊
১মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ - মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷
2 မမ ပြာရ္ထနီယမိဒံ ဝယံ ယဲး ၑာရီရိကာစာရိဏော မနျာမဟေ တာန် ပြတိ ယာံ ပြဂလ္ဘတာံ ပြကာၑယိတုံ နိၑ္စိနောမိ သာ ပြဂလ္ဘတာ သမာဂတေန မယာစရိတဝျာ န ဘဝတု၊
২মই আপোনালোকক মিনতি কৰিছোঁ যে, যেতিয়া মই আপোনালোকৰ সৈতে থাকো তেতিয়া যেন মই আত্মবিশ্ৱাসৰ সাহসেৰে সাহসী নহওঁ; কিন্তু যেতিয়া আমাক যি সকলে মাংস অনুসাৰে চলা বুলি জ্ঞান কৰিব, তেতিয়া সেই সকলৰ বিৰুদ্ধে মই যেনে আৱশ্যকতা জ্ঞান কৰিছোঁ, উপস্থিত কালত তেনে সাহসেৰে মই সাহিয়াল হম৷
3 ယတး ၑရီရေ စရန္တော'ပိ ဝယံ ၑာရီရိကံ ယုဒ္ဓံ န ကုရ္မ္မး၊
৩কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;
4 အသ္မာကံ ယုဒ္ဓါသ္တြာဏိ စ န ၑာရီရိကာနိ ကိန္တွီၑွရေဏ ဒုရ္ဂဘဉ္ဇနာယ ပြဗလာနိ ဘဝန္တိ,
৪কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
5 တဲၑ္စ ဝယံ ဝိတရ္ကာန် ဤၑွရီယတတ္တွဇ္ဉာနသျ ပြတိဗန္ဓိကာံ သရွွာံ စိတ္တသမုန္နတိဉ္စ နိပါတယာမး သရွွသင်္ကလ္ပဉ္စ ဗန္ဒိနံ ကၖတွာ ခြီၐ္ဋသျာဇ္ဉာဂြာဟိဏံ ကုရ္မ္မး,
৫আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
6 ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွေ သိဒ္ဓေ သတိ သရွွသျာဇ္ဉာလင်္ဃနသျ ပြတီကာရံ ကရ္တ္တုမ် ဥဒျတာ အာသ္မဟေ စ၊
৬আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।
7 ယဒ် ဒၖၐ္ဋိဂေါစရံ တဒ် ယုၐ္မာဘိ ရ္ဒၖၑျတာံ၊ အဟံ ခြီၐ္ဋသျ လောက ဣတိ သွမနသိ ယေန ဝိဇ္ဉာယတေ သ ယထာ ခြီၐ္ဋသျ ဘဝတိ ဝယမ် အပိ တထာ ခြီၐ္ဋသျ ဘဝါမ ဣတိ ပုနရွိဝိစျ တေန ဗုဓျတာံ၊
৭সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক।
8 ယုၐ္မာကံ နိပါတာယ တန္နဟိ ကိန္တု နိၐ္ဌာယဲ ပြဘုနာ ဒတ္တံ ယဒသ္မာကံ သာမရ္ထျံ တေန ယဒျပိ ကိဉ္စိဒ် အဓိကံ ၑ္လာဃေ တထာပိ တသ္မာန္န တြပိၐျေ၊
৮আমাৰ ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক গৌৰৱ কৰোঁ, যি ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোক যেন ধর্মত বৃদ্ধি হয়৷ তথাপি সেই বিষয়ে মই লজ্জিত নহ’ম৷
9 အဟံ ပတြဲ ရျုၐ္မာန် တြာသယာမိ ယုၐ္မာဘိရေတန္န မနျတာံ၊
৯মোৰ পত্ৰবোৰৰ দ্বাৰাই যেন আপোনালোকক ভয় দেখুৱাবৰ ধৰণে নহও;
10 တသျ ပတြာဏိ ဂုရုတရာဏိ ပြဗလာနိ စ ဘဝန္တိ ကိန္တု တသျ ၑာရီရသာက္ၐာတ္ကာရော ဒုရ္ဗ္ဗလ အာလာပၑ္စ တုစ္ဆနီယ ဣတိ ကဲၑ္စိဒ် ဥစျတေ၊
১০কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷”
11 ကိန္တု ပရောက္ၐေ ပတြဲ ရ္ဘာၐမာဏာ ဝယံ ယာဒၖၑား ပြကာၑာမဟေ ပြတျက္ၐေ ကရ္မ္မ ကုရွွန္တော'ပိ တာဒၖၑာ ဧဝ ပြကာၑိၐျာမဟေ တတ် တာဒၖၑေန ဝါစာလေန ဇ္ဉာယတာံ၊
১১আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ, উপস্থিত হ’লে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানক।
12 သွပြၑံသကာနာံ ကေၐာဉ္စိန္မဓျေ သွာန် ဂဏယိတုံ တဲး သွာန် ဥပမာတုံ ဝါ ဝယံ ပြဂလ္ဘာ န ဘဝါမး, ယတသ္တေ သွပရိမာဏေန သွာန် ပရိမိမတေ သွဲၑ္စ သွာန် ဥပမိဘတေ တသ္မာတ် နိရ္ဗ္ဗောဓာ ဘဝန္တိ စ၊
১২কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্মদৃষ্টি কৰে৷
13 ဝယမ် အပရိမိတေန န ၑ္လာဃိၐျာမဟေ ကိန္တွီၑွရေဏ သွရဇ္ဇွာ ယုၐ္မဒ္ဒေၑဂါမိ ယတ် ပရိမာဏမ် အသ္မဒရ္ထံ နိရူပိတံ တေနဲဝ ၑ္လာဃိၐျာမဟေ၊
১৩কিন্তু আমি হ’লে অপৰিমিত ৰূপে গৌৰৱ নকৰি, ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি, আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে, আমি সেই পৰিমাণ অনুসাৰে গৌৰৱ কৰিম।
14 ယုၐ္မာကံ ဒေၑော'သ္မာဘိရဂန္တဝျသ္တသ္မာဒ် ဝယံ သွသီမာမ် ဥလ္လင်္ဃာမဟေ တန္နဟိ ယတး ခြီၐ္ဋသျ သုသံဝါဒေနာပရေၐာံ ပြာဂ် ဝယမေဝ ယုၐ္မာန် ပြာပ္တဝန္တး၊
১৪কিয়নো আপোনালোকৰ সেই খিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে, আমি নিজক ডাঙৰ কৰা নাই; কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে কৰোঁতে, আমি আপোনালোকৰ ওচৰ গৈ পাইছিলো৷
15 ဝယံ သွသီမာမ် ဥလ္လင်္ဃျ ပရက္ၐေတြေဏ ၑ္လာဃာမဟေ တန္နဟိ, ကိဉ္စ ယုၐ္မာကံ ဝိၑွာသေ ဝၖဒ္ဓိံ ဂတေ ယုၐ္မဒ္ဒေၑေ'သ္မာကံ သီမာ ယုၐ္မာဘိရ္ဒီရ္ဃံ ဝိသ္တာရယိၐျတေ,
১৫আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷
16 တေန ဝယံ ယုၐ္မာကံ ပၑ္စိမဒိက္သ္ထေၐု သ္ထာနေၐု သုသံဝါဒံ ဃောၐယိၐျာမး, ဣတ္ထံ ပရသီမာယာံ ပရေဏ ယတ် ပရိၐ္ကၖတံ တေန န ၑ္လာဃိၐျာမဟေ၊
১৬অামি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবার্তাৰ প্ৰচাৰ কৰিব পাৰিম৷ আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৌৰৱ নকৰিম৷
17 ယး ကၑ္စိတ် ၑ္လာဃမာနး သျာတ် ၑ္လာဃတာံ ပြဘုနာ သ ဟိ၊
১৭“কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ প্ৰভুতেই গৌৰৱ কৰক”।
18 သွေန ယး ပြၑံသျတေ သ ပရီက္ၐိတော နဟိ ကိန္တု ပြဘုနာ ယး ပြၑံသျတေ သ ဧဝ ပရီက္ၐိတး၊
১৮কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত পৰীক্ষাসিদ্ধ নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে পৰীক্ষাসিদ্ধ।