< ၁ ကရိန္ထိနး 7 >

1 အပရဉ္စ ယုၐ္မာဘိ ရ္မာံ ပြတိ ယတ် ပတြမလေခိ တသျောတ္တရမေတတ်, ယောၐိတော'သ္ပရ္ၑနံ မနုဇသျ ဝရံ;
এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল, সেই বিষয়ে উত্তৰ দিওঁ; এজন পুৰুষে বিয়া নকৰাই ভাল;
2 ကိန္တု ဝျဘိစာရဘယာဒ် ဧကဲကသျ ပုံသး သွကီယဘာရျျာ ဘဝတု တဒွဒ် ဧကဲကသျာ ယောၐိတော 'ပိ သွကီယဘရ္တ္တာ ဘဝတု၊
কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
3 ဘာရျျာယဲ ဘရ္တြာ ယဒျဒ် ဝိတရဏီယံ တဒ် ဝိတီရျျတာံ တဒွဒ် ဘရ္တြေ'ပိ ဘာရျျယာ ဝိတရဏီယံ ဝိတီရျျတာံ၊
শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক।
4 ဘာရျျာယား သွဒေဟေ သွတွံ နာသ္တိ ဘရ္တ္တုရေဝ, တဒွဒ် ဘရ္တ္တုရပိ သွဒေဟေ သွတွံ နာသ္တိ ဘာရျျာယာ ဧဝ၊
ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে।
5 ဥပေါၐဏပြာရ္ထနယေား သေဝနာရ္ထမ် ဧကမန္တြဏာနာံ ယုၐ္မာကံ ကိယတ္ကာလံ ယာဝဒ် ယာ ပၖထက္သ္ထိတိ ရ္ဘဝတိ တဒနျော ဝိစ္ဆေဒေါ ယုၐ္မန္မဓျေ န ဘဝတု, တတး ပရမ် ဣန္ဒြိယာဏာမ် အဓဲရျျာတ် ၑယတာန် ယဒ် ယုၐ္မာန် ပရီက္ၐာံ န နယေတ် တဒရ္ထံ ပုနရေကတြ မိလတ၊
আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
6 ဧတဒ် အာဒေၑတော နဟိ ကိန္တွနုဇ္ဉာတ ဧဝ မယာ ကထျတေ,
মই এই সকলো কথা আপোনালোকক আজ্ঞাৰ দিয়াৰ দৰে যে কৈছোঁ, এনে নহয়; কিন্তু অনুমতিহে মাথোন দিছোঁ।
7 ယတော မမာဝသ္ထေဝ သရွွမာနဝါနာမဝသ္ထာ ဘဝတွိတိ မမ ဝါဉ္ဆာ ကိန္တွီၑွရာဒ် ဧကေနဲကော ဝရော'နျေန စာနျော ဝရ ဣတ္ထမေကဲကေန သွကီယဝရော လဗ္ဓး၊
মোৰ ইচ্ছা, সকলোৱেই যেন মোৰ নিচিনা হয়। কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰ দান পাইছে, এজনে এক প্ৰকাৰে, আন জনে আন প্ৰকাৰে।
8 အပရမ် အကၖတဝိဝါဟာန် ဝိဓဝါၑ္စ ပြတိ မမဲတန္နိဝေဒနံ မမေဝ တေၐာမဝသ္ထိတိ ရ္ဘဒြာ;
অবিবাহিত আৰু বিধৱা সকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে, তেনেহলে ভাল।
9 ကိဉ္စ ယဒိ တဲရိန္ဒြိယာဏိ နိယန္တုံ န ၑကျန္တေ တရှိ ဝိဝါဟး ကြိယတာံ ယတး ကာမဒဟနာဒ် ဝျူဎတွံ ဘဒြံ၊
কিন্তু ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল।
10 ယေ စ ကၖတဝိဝါဟာသ္တေ မယာ နဟိ ပြဘုနဲဝဲတဒ် အာဇ္ဉာပျန္တေ၊
১০এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।”
11 ဘာရျျာ ဘရ္တ္တၖတး ပၖထက် န ဘဝတု၊ ယဒိ ဝါ ပၖထဂ္ဘူတာ သျာတ် တရှိ နိရွိဝါဟာ တိၐ္ဌတု သွီယပတိနာ ဝါ သန္ဒဓာတု ဘရ္တ္တာပိ ဘာရျျာံ န တျဇတု၊
১১কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু “স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক”।
12 ဣတရာန် ဇနာန် ပြတိ ပြဘု ရ္န ဗြဝီတိ ကိန္တွဟံ ဗြဝီမိ; ကသျစိဒ် ဘြာတုရျောၐိဒ် အဝိၑွာသိနီ သတျပိ ယဒိ တေန သဟဝါသေ တုၐျတိ တရှိ သာ တေန န တျဇျတာံ၊
১২এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক।
13 တဒွတ် ကသျာၑ္စိဒ် ယောၐိတး ပတိရဝိၑွာသီ သန္နပိ ယဒိ တယာ သဟဝါသေ တုၐျတိ တရှိ သ တယာ န တျဇျတာံ၊
১৩আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে।
14 ယတော'ဝိၑွာသီ ဘရ္တ္တာ ဘာရျျယာ ပဝိတြီဘူတး, တဒွဒဝိၑွာသိနီ ဘာရျျာ ဘရ္တြာ ပဝိတြီဘူတာ; နောစေဒ် ယုၐ္မာကမပတျာနျၑုစီနျဘဝိၐျန် ကိန္တွဓုနာ တာနိ ပဝိတြာဏိ သန္တိ၊
১৪কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান।
15 အဝိၑွာသီ ဇနော ယဒိ ဝါ ပၖထဂ် ဘဝတိ တရှိ ပၖထဂ် ဘဝတု; ဧတေန ဘြာတာ ဘဂိနီ ဝါ န နိဗဓျတေ တထာပိ ဝယမီၑွရေဏ ၑာန္တယေ သမာဟူတား၊
১৫তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে।
16 ဟေ နာရိ တဝ ဘရ္တ္တုး ပရိတြာဏံ တွတ္တော ဘဝိၐျတိ န ဝေတိ တွယာ ကိံ ဇ္ဉာယတေ? ဟေ နရ တဝ ဇာယာယား ပရိတြာဏံ တွတ္တေ ဘဝိၐျတိ န ဝေတိ တွယာ ကိံ ဇ္ဉာယတေ?
১৬হে বিশ্বাসী ভার্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভার্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা?
17 ဧကဲကော ဇနး ပရမေၑွရာလ္လဗ္ဓံ ယဒ် ဘဇတေ ယသျာဉ္စာဝသ္ထာယာမ် ဤၑွရေဏာဟွာယိ တဒနုသာရေဏဲဝါစရတု တဒဟံ သရွွသမာဇသ္ထာန် အာဒိၑာမိ၊
১৭প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।
18 ဆိန္နတွဂ် ဘၖတွာ ယ အာဟူတး သ ပြကၖၐ္ဋတွက် န ဘဝတု, တဒွဒ် အဆိန္နတွဂ် ဘူတွာ ယ အာဟူတး သ ဆိန္နတွက် န ဘဝတု၊
১৮কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই।
19 တွက္ဆေဒး သာရော နဟိ တဒွဒတွက္ဆေဒေါ'ပိ သာရော နဟိ ကိန္တွီၑွရသျာဇ္ဉာနာံ ပါလနမေဝ၊
১৯চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা।
20 ယော ဇနော ယသျာမဝသ္ထာယာမာဟွာယိ သ တသျာမေဝါဝတိၐ္ဌတာံ၊
২০ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে, তেওঁ সেই অৱস্থাতে থাকক।
21 ဒါသး သန် တွံ ကိမာဟူတော'သိ? တန္မာ စိန္တယ, တထာစ ယဒိ သွတန္တြော ဘဝိတုံ ၑက္နုယာသ္တရှိ တဒေဝ ဝၖဏု၊
২১যেতিয়া ঈশ্বৰে তোমাক আমন্ত্রণ কৰিছিল, তেতিয়া তুমি দাস আছিলা নেকি? ইয়াকে লৈ একো চিন্তা নকৰিবা; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা, তাক গ্রহণ কৰা।
22 ယတး ပြဘုနာဟူတော ယော ဒါသး သ ပြဘော ရ္မောစိတဇနး၊ တဒွဒ် တေနာဟူတး သွတန္တြော ဇနော'ပိ ခြီၐ္ဋသျ ဒါသ ဧဝ၊
২২দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে, তেওঁ প্রভুৰ মুক্ত লোক। সেইদৰে, যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে, তেওঁ খ্ৰীষ্টৰ দাস।
23 ယူယံ မူလျေန ကြီတာ အတော ဟေတော ရ္မာနဝါနာံ ဒါသာ မာ ဘဝတ၊
২৩মূল্য দি আপোনালোক সকলোকে কিনা হৈছে, সেয়ে মানুহৰ দাস নহ’ব।
24 ဟေ ဘြာတရော ယသျာမဝသ္ထာယာံ ယသျာဟွာနမဘဝတ် တယာ သ ဤၑွရသျ သာက္ၐာတ် တိၐ္ဌတု၊
২৪ভাই-ভনী সকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলোঁ, আমি সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকোঁহক।
25 အပရမ် အကၖတဝိဝါဟာန် ဇနာန် ပြတိ ပြဘေား ကော'ပျာဒေၑော မယာ န လဗ္ဓး ကိန္တု ပြဘောရနုကမ္ပယာ ဝိၑွာသျော ဘူတော'ဟံ ယဒ် ဘဒြံ မနျေ တဒ် ဝဒါမိ၊
২৫যি সকলৰ বিয়া হোৱা নাই, তেওঁলোকৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ।
26 ဝရ္တ္တမာနာတ် က္လေၑသမယာတ် မနုၐျသျာနူဎတွံ ဘဒြမိတိ မယာ ဗုဓျတေ၊
২৬সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল।
27 တွံ ကိံ ယောၐိတိ နိဗဒ္ဓေါ'သိ တရှိ မောစနံ ပြာပ္တုံ မာ ယတသွ၊ ကိံ ဝါ ယောၐိတော မုက္တော'သိ? တရှိ ဇာယာံ မာ ဂဝေၐယ၊
২৭তুমি কোনো মহিলাৰে সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নেকি? তেনেহলে মুক্ত হ’বলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছা নেকি অর্থাৎ অবিবাহিত নেকি? তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা।
28 ဝိဝါဟံ ကုရွွတာ တွယာ ကိမပိ နာပါရာဓျတေ တဒွဒ် ဝျူဟျမာနယာ ယုဝတျာပိ ကိမပိ နာပရာဓျတေ တထာစ တာဒၖၑော် ဒွေါ် ဇနော် ၑာရီရိကံ က္လေၑံ လပ္သျေတေ ကိန္တု ယုၐ္မာန် ပြတိ မမ ကရုဏာ ဝိဒျတေ၊
২৮কিন্তু তুমি যদি বিয়াও কৰোঁৱা, তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰাই, তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ।
29 ဟေ ဘြာတရော'ဟမိဒံ ဗြဝီမိ, ဣတး ပရံ သမယော'တီဝ သံက္ၐိပ္တး,
২৯কিন্তু, হে ভাই-ভনী সকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই;
30 အတး ကၖတဒါရဲရကၖတဒါရဲရိဝ ရုဒဒ္ဘိၑ္စာရုဒဒ္ဘိရိဝ သာနန္ဒဲၑ္စ နိရာနန္ဒဲရိဝ ကြေတၖဘိၑ္စာဘာဂိဘိရိဝါစရိတဝျံ
৩০যি সকলে ক্রন্দন কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই।
31 ယေ စ သံသာရေ စရန္တိ တဲ ရ္နာတိစရိတဝျံ ယတ ဣဟလေကသျ ကော်တုကော ဝိစလတိ၊
৩১যি সকল জাগতিক বিষয়ত জড়িত, তেওঁলোকে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হ’ব ধৰিছে।।
32 ကိန္တု ယူယံ ယန္နိၑ္စိန္တာ ဘဝေတေတိ မမ ဝါဉ္ဆာ၊ အကၖတဝိဝါဟော ဇနော ယထာ ပြဘုံ ပရိတောၐယေတ် တထာ ပြဘုံ စိန္တယတိ,
৩২মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব।
33 ကိန္တု ကၖတဝိဝါဟော ဇနော ယထာ ဘာရျျာံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊
৩৩কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব।
34 တဒွဒ် ဦဎယောၐိတော 'နူဎာ ဝိၑိၐျတေ၊ ယာနူဎာ သာ ယထာ ကာယမနသေား ပဝိတြာ ဘဝေတ် တထာ ပြဘုံ စိန္တယတိ ယာ စောဎာ သာ ယထာ ဘရ္တ္တာရံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊
৩৪তেওঁ ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব।
35 အဟံ ယဒ် ယုၐ္မာန် မၖဂဗန္ဓိနျာ ပရိက္ၐိပေယံ တဒရ္ထံ နဟိ ကိန္တု ယူယံ ယဒနိန္ဒိတာ ဘူတွာ ပြဘေား သေဝနေ'ဗာဓမ် အာသက္တာ ဘဝေတ တဒရ္ထမေတာနိ သရွွာဏိ ယုၐ္မာကံ ဟိတာယ မယာ ကထျန္တေ၊
৩৫মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে।
36 ကသျစိတ် ကနျာယာံ ယော်ဝနပြာပ္တာယာံ ယဒိ သ တသျာ အနူဎတွံ နိန္ဒနီယံ ဝိဝါဟၑ္စ သာဓယိတဝျ ဣတိ မနျတေ တရှိ ယထာဘိလာၐံ ကရောတု, ဧတေန ကိမပိ နာပရာတ္သျတိ ဝိဝါဟး ကြိယတာံ၊
৩৬তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়।
37 ကိန္တု ဒုးခေနာက္လိၐ္ဋး ကၑ္စိတ် ပိတာ ယဒိ သ္ထိရမနောဂတး သွမနော'ဘိလာၐသာဓနေ သမရ္ထၑ္စ သျာတ် မမ ကနျာ မယာ ရက္ၐိတဝျေတိ မနသိ နိၑ္စိနောတိ စ တရှိ သ ဘဒြံ ကရ္မ္မ ကရောတိ၊
৩৭কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলে তেওঁৰ ওপৰত কোনো চাপ নাই৷ তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেওঁ যদি তাইক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহলে তেওঁ ঠিক কার্যই কৰে।
38 အတော ယော ဝိဝါဟံ ကရောတိ သ ဘဒြံ ကရ္မ္မ ကရောတိ ယၑ္စ ဝိဝါဟံ န ကရောတိ သ ဘဒြတရံ ကရ္မ္မ ကရောတိ၊
৩৮এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে।
39 ယာဝတ္ကာလံ ပတိ ရ္ဇီဝတိ တာဝဒ် ဘာရျျာ ဝျဝသ္ထယာ နိဗဒ္ဓါ တိၐ္ဌတိ ကိန္တု ပတျော် မဟာနိဒြာံ ဂတေ သာ မုက္တီဘူယ ယမဘိလၐတိ တေန သဟ တသျာ ဝိဝါဟော ဘဝိတုံ ၑက္နောတိ, ကိန္တွေတတ် ကေဝလံ ပြဘုဘက္တာနာံ မဓျေ၊
৩৯স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।
40 တထာစ သာ ယဒိ နိၐ္ပတိကာ တိၐ္ဌတိ တရှိ တသျား က္ၐေမံ ဘဝိၐျတီတိ မမ ဘာဝး၊ အပရမ် ဤၑွရသျာတ္မာ မမာပျန္တ ရွိဒျတ ဣတိ မယာ ဗုဓျတေ၊
৪০কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে, তেনেহলে আৰু অধিক সুখী হ’ব। মই ভাৱো যে মোতো ঈশ্বৰৰ আত্মা আছে।

< ၁ ကရိန္ထိနး 7 >