< ၁ ကရိန္ထိနး 2 >

1 ဟေ ဘြာတရော ယုၐ္မတ္သမီပေ မမာဂမနကာလေ'ဟံ ဝက္တၖတာယာ ဝိဒျာယာ ဝါ နဲပုဏျေနေၑွရသျ သာက္ၐျံ ပြစာရိတဝါန် တန္နဟိ;
হে প্রিয় ভাই আৰু ভনী সকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ।
2 ယတော ယီၑုခြီၐ္ဋံ တသျ ကြုၑေ ဟတတွဉ္စ ဝိနာ နာနျတ် ကိမပိ ယုၐ္မန္မဓျေ ဇ္ဉာပယိတုံ ဝိဟိတံ ဗုဒ္ဓဝါန်၊
কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
3 အပရဉ္စာတီဝ ဒေါ်ရ္ဗ္ဗလျဘီတိကမ္ပယုက္တော ယုၐ္မာဘိး သာရ္ဒ္ဓမာသံ၊
মই আপোনালোকৰ ওচৰত দূৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলোঁ।
4 အပရံ ယုၐ္မာကံ ဝိၑွာသော ယတ် မာနုၐိကဇ္ဉာနသျ ဖလံ န ဘဝေတ် ကိန္တွီၑွရီယၑက္တေး ဖလံ ဘဝေတ်,
তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল,
5 တဒရ္ထံ မမ ဝက္တၖတာ မဒီယပြစာရၑ္စ မာနုၐိကဇ္ဉာနသျ မဓုရဝါကျသမ္ဗလိတော် နာသ္တာံ ကိန္တွာတ္မနး ၑက္တေၑ္စ ပြမာဏယုက္တာဝါသ္တာံ၊
সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।
6 ဝယံ ဇ္ဉာနံ ဘာၐာမဟေ တစ္စ သိဒ္ဓလောကဲ ရ္ဇ္ဉာနမိဝ မနျတေ, တဒိဟလောကသျ ဇ္ဉာနံ နဟိ, ဣဟလောကသျ နၑွရာဏာမ် အဓိပတီနာံ ဝါ ဇ္ဉာနံ နဟိ; (aiōn g165)
তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়; (aiōn g165)
7 ကိန္တု ကာလာဝသ္ထာယား ပူရွွသ္မာဒ် ယတ် ဇ္ဉာနမ် အသ္မာကံ ဝိဘဝါရ္ထမ် ဤၑွရေဏ နိၑ္စိတျ ပြစ္ဆန္နံ တန္နိဂူဎမ် ဤၑွရီယဇ္ဉာနံ ပြဘာၐာမဟေ၊ (aiōn g165)
কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল। (aiōn g165)
8 ဣဟလောကသျာဓိပတီနာံ ကေနာပိ တတ် ဇ္ဉာနံ န လဗ္ဓံ, လဗ္ဓေ သတိ တေ ပြဘာဝဝိၑိၐ္ဋံ ပြဘုံ ကြုၑေ နာဟနိၐျန်၊ (aiōn g165)
এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন; (aiōn g165)
9 တဒွလ္လိခိတမာသ္တေ, နေတြေဏ က္ကာပိ နော ဒၖၐ္ဋံ ကရ္ဏေနာပိ စ န ၑြုတံ၊ မနောမဓျေ တု ကသျာပိ န ပြဝိၐ္ဋံ ကဒါပိ ယတ်၊ ဤၑွရေ ပြီယမာဏာနာံ ကၖတေ တတ် တေန သဉ္စိတံ၊
কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
10 အပရမီၑွရး သွာတ္မနာ တဒသ္မာကံ သာက္ၐာတ် ပြာကာၑယတ်; ယတ အာတ္မာ သရွွမေဝါနုသန္ဓတ္တေ တေန စေၑွရသျ မရ္မ္မတတ္တွမပိ ဗုဓျတေ၊
১০কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।
11 မနုဇသျာန္တးသ္ထမာတ္မာနံ ဝိနာ ကေန မနုဇေန တသျ မနုဇသျ တတ္တွံ ဗုဓျတေ? တဒွဒီၑွရသျာတ္မာနံ ဝိနာ ကေနာပီၑွရသျ တတ္တွံ န ဗုဓျတေ၊
১১কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে।
12 ဝယဉ္စေဟလောကသျာတ္မာနံ လဗ္ဓဝန္တသ္တန္နဟိ ကိန္တွီၑွရသျဲဝါတ္မာနံ လဗ္ဓဝန္တး, တတော ဟေတောရီၑွရေဏ သွပြသာဒါဒ် အသ္မဘျံ ယဒ် ယဒ် ဒတ္တံ တတ္သရွွမ် အသ္မာဘိ ရ္ဇ္ဉာတုံ ၑကျတေ၊
১২আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ।
13 တစ္စာသ္မာဘိ ရ္မာနုၐိကဇ္ဉာနသျ ဝါကျာနိ ၑိက္ၐိတွာ ကထျတ ဣတိ နဟိ ကိန္တွာတ္မတော ဝါကျာနိ ၑိက္ၐိတွာတ္မိကဲ ရွာကျဲရာတ္မိကံ ဘာဝံ ပြကာၑယဒ္ဘိး ကထျတေ၊
১৩আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
14 ပြာဏီ မနုၐျ ဤၑွရီယာတ္မနး ၑိက္ၐာံ န ဂၖဟ္လာတိ ယတ အာတ္မိကဝိစာရေဏ သာ ဝိစာရျျေတိ ဟေတေား သ တာံ ပြလာပမိဝ မနျတေ ဗောဒ္ဓုဉ္စ န ၑက္နောတိ၊
১৪কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।
15 အာတ္မိကော မာနဝး သရွွာဏိ ဝိစာရယတိ ကိန္တု သွယံ ကေနာပိ န ဝိစာရျျတေ၊
১৫কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়।
16 ယတ ဤၑွရသျ မနော ဇ္ဉာတွာ တမုပဒေၐ္ဋုံ ကး ၑက္နောတိ? ကိန္တု ခြီၐ္ဋသျ မနော'သ္မာဘိ ရ္လဗ္ဓံ၊
১৬“কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে।

< ၁ ကရိန္ထိနး 2 >