< মার্কঃ 14 >

1 তদা নিস্তারোৎসৱকিণ্ৱহীনপূপোৎসৱযোরারম্ভস্য দিনদ্ৱযে ঽৱশিষ্টে প্রধানযাজকা অধ্যাপকাশ্চ কেনাপি ছলেন যীশুং ধর্ত্তাং হন্তুঞ্চ মৃগযাঞ্চক্রিরে;
নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;
2 কিন্তু লোকানাং কলহভযাদূচিরে, নচোৎসৱকাল উচিতমেতদিতি|
এনেতে তেখেত সকলে ক’লে, “পৰ্বৰ সময়ত যেন নহয়, কিয়নো মানুহৰ মাজত হুলস্থুল দৃষ্টি গোচৰ হব নালাগে৷”
3 অনন্তরং বৈথনিযাপুরে শিমোনকুষ্ঠিনো গৃহে যোশৌ ভোৎকুমুপৱিষ্টে সতি কাচিদ্ যোষিৎ পাণ্ডরপাষাণস্য সম্পুটকেন মহার্ঘ্যোত্তমতৈলম্ আনীয সম্পুটকং ভংক্ত্ৱা তস্যোত্তমাঙ্গে তৈলধারাং পাতযাঞ্চক্রে|
পাছত তেওঁ যেতিয়া বৈথনিয়া গাঁৱৰ চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তাতে তেওঁ ভোজনৰ মেজ পুনৰ পৰিষ্কাৰ কৰিলে; তেতিয়া এজনী তিৰোতাই বহুমুলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল লৈ আহিল৷ তাতে তাই সেই টেমাটো ভাঙি যীচুৰ মুৰত তেল বাকী দিলে।
4 তস্মাৎ কেচিৎ স্ৱান্তে কুপ্যন্তঃ কথিতৱংন্তঃ কুতোযং তৈলাপৱ্যযঃ?
সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে- সিজনক ক’ব ধৰিলে, “এনেদৰে নষ্ট হোৱাৰ কাৰণ কি?
5 যদ্যেতৎ তৈল ৱ্যক্রেষ্যত তর্হি মুদ্রাপাদশতত্রযাদপ্যধিকং তস্য প্রাপ্তমূল্যং দরিদ্রলোকেভ্যো দাতুমশক্ষ্যত, কথামেতাং কথযিৎৱা তযা যোষিতা সাকং ৱাচাযুহ্যন্|
কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলি তকৈয়ো অধিক পালোহেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।” তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে।
6 কিন্তু যীশুরুৱাচ, কুত এতস্যৈ কৃচ্ছ্রং দদাসি? মহ্যমিযং কর্ম্মোত্তমং কৃতৱতী|
কিন্তু যীচুৱে ক’লে, “তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে।
7 দরিদ্রাঃ সর্ৱ্ৱদা যুষ্মাভিঃ সহ তিষ্ঠন্তি, তস্মাদ্ যূযং যদেচ্ছথ তদৈৱ তানুপকর্ত্তাং শক্নুথ, কিন্ত্ৱহং যুভাভিঃ সহ নিরন্তরং ন তিষ্ঠামি|
দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা।
8 অস্যা যথাসাধ্যং তথৈৱাকরোদিযং, শ্মশানযাপনাৎ পূর্ৱ্ৱং সমেত্য মদ্ৱপুষি তৈলম্ অমর্দ্দযৎ|
তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।
9 অহং যুষ্মভ্যং যথার্থং কথযামি, জগতাং মধ্যে যত্র যত্র সুসংৱাদোযং প্রচারযিষ্যতে তত্র তত্র যোষিত এতস্যাঃ স্মরণার্থং তৎকৃতকর্ম্মৈতৎ প্রচারযিষ্যতে|
মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই সকলো ঠাইত তেওঁক সুঁৱৰিবৰ অৰ্থে, তেওঁ যি কৰ্ম কৰিলে, এই কৰ্মকো ঘোষণা কৰা হ’ব।”
10 ১০ ততঃ পরং দ্ৱাদশানাং শিষ্যাণামেক ঈষ্করিযোতীযযিহূদাখ্যো যীশুং পরকরেষু সমর্পযিতুং প্রধানযাজকানাং সমীপমিযায|
১০পাছত ঈষ্কৰিয়োতীয়া যিহূদা সেই বাৰ জনৰ এজন, তেওঁ যীচুক প্ৰধান পুৰোহিত সকলৰ হাতত শোধাই দিবলৈ তেখেত সকলৰ ওচৰলৈ গ’ল।
11 ১১ তে তস্য ৱাক্যং সমাকর্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্রা দাতুং প্রত্যজানত; তস্মাৎ স তং তেষাং করেষু সমর্পণাযোপাযং মৃগযামাস|
১১তেখেত সকলে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীচুক সুবিধা অনুসৰি শোধাই দিবলৈ উপায় বিচাৰিলে।
12 ১২ অনন্তরং কিণ্ৱশূন্যপূপোৎসৱস্য প্রথমেঽহনি নিস্তারোত্মৱার্থং মেষমারণাসমযে শিষ্যাস্তং পপ্রচ্ছঃ কুত্র গৎৱা ৱযং নিস্তারোৎসৱস্য ভোজ্যমাসাদযিষ্যামঃ? কিমিচ্ছতি ভৱান্?
১২খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিস্তাৰপৰ্বৰ মেৰ পোৱালি বলি দিয়াৰ দিনা তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “আপোনাৰ বাবে নিস্তাৰ-পৰ্বৰ ভোজ কোন ঠাইত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰে?”
13 ১৩ তদানীং স তেষাং দ্ৱযং প্রেরযন্ বভাষে যুৱযোঃ পুরমধ্যং গতযোঃ সতো র্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ করিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং;
১৩তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক পঠিয়ালে আৰু ক’লে, “তোমালোক নগৰলৈ যোৱা; তাতে একলহ পানী লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব; তেওঁৰ পাছে পাছে যাবা;
14 ১৪ স যৎ সদনং প্রৱেক্ষ্যতি তদ্ভৱনপতিং ৱদতং, গুরুরাহ যত্র সশিষ্যোহং নিস্তারোৎসৱীযং ভোজনং করিষ্যামি, সা ভোজনশালা কুত্রাস্তি?
১৪আৰু তেওঁ যি ঘৰত সোমায়, সেই ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠা ক’ত’?”
15 ১৫ ততঃ স পরিষ্কৃতাং সুসজ্জিতাং বৃহতীচঞ্চ যাং শালাং দর্শযিষ্যতি তস্যামস্মদর্থং ভোজ্যদ্রৱ্যাণ্যাসাদযতং|
১৫তেতিয়া তেওঁ আচ-বাবেৰে সজোৱা ওপৰ-মহলৰ এটা কোঠালি দেখুৱাই দিব; তাতে আমাৰ বাবে ভোজন যুগুত কৰাগৈ।
16 ১৬ ততঃ শিষ্যৌ প্রস্থায পুরং প্রৱিশ্য স যথোক্তৱান্ তথৈৱ প্রাপ্য নিস্তারোৎসৱস্য ভোজ্যদ্রৱ্যাণি সমাসাদযেতাম্|
১৬তেতিয়া শিষ্য দুজন ওলাই নগৰলৈ গ’ল আৰু যীচুৱে যেনেকৈ কৈছিল, তেনেকৈয়ে তেওঁলোকে সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।
17 ১৭ অনন্তরং যীশুঃ সাযংকালে দ্ৱাদশভিঃ শিষ্যৈঃ সার্দ্ধং জগাম;
১৭পাছত সন্ধিয়া সময়ত তেওঁ বাৰ জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল।
18 ১৮ সর্ৱ্ৱেষু ভোজনায প্রোপৱিষ্টেষু স তানুদিতৱান্ যুষ্মানহং যথার্থং ৱ্যাহরামি, অত্র যুষ্মাকমেকো জনো যো মযা সহ ভুংক্তে মাং পরকেরেষু সমর্পযিষ্যতে|
১৮তাতে তেওঁলোকে যেতিয়া ভোজনৰ মেজত বহিল আৰু খাব ধৰিলে, তেতিয়া যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে অৰ্থাৎ মোৰ লগত ভোজন কৰা জনেই মোৰ বিশ্ৱাসঘাতক হব।”
19 ১৯ তদানীং তে দুঃখিতাঃ সন্ত একৈকশস্তং প্রষ্টুমারব্ধৱন্তঃ স কিমহং? পশ্চাদ্ অন্য একোভিদধে স কিমহং?
১৯তেতিয়া তেওঁলোক সকলোৱে দুখ কৰিলে, আৰু এজন এজনকৈ তেওঁক ক’লে, “সেই জন নিশ্চয় মই নহয়?”
20 ২০ ততঃ স প্রত্যৱদদ্ এতেষাং দ্ৱাদশানাং যো জনো মযা সমং ভোজনাপাত্রে পাণিং মজ্জযিষ্যতি স এৱ|
২০তাতে তেওঁ তেওঁলোকক ক’লে, “এই বাৰ জনৰ মাজৰ যি জনে মোৰে সৈতে ভোজন-পাত্ৰত পিঠা জুবুৰিয়ায়, তেৱেঁই সেই জন।
21 ২১ মনুজতনযমধি যাদৃশং লিখিতমাস্তে তদনুরূপা গতিস্তস্য ভৱিষ্যতি, কিন্তু যো জনো মানৱসুতং সমর্পযিষ্যতে হন্ত তস্য জন্মাভাৱে সতি ভদ্রমভৱিষ্যৎ|
২১কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি জন মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হ’ল, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহ জনৰ জন্ম নোহোৱা হ’লেই তেওঁৰ ভাল আছিল।”
22 ২২ অপরঞ্চ তেষাং ভোজনসমযে যীশুঃ পূপং গৃহীৎৱেশ্ৱরগুণান্ অনুকীর্ত্য ভঙ্ক্ত্ৱা তেভ্যো দত্ত্ৱা বভাষে, এতদ্ গৃহীৎৱা ভুঞ্জীধ্ৱম্ এতন্মম ৱিগ্রহরূপং|
২২তেওঁলোকে ভোজন কৰোঁতে, তেওঁ পিঠা লৈ, আশীৰ্বাদ কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “লোৱা; এয়ে মোৰ শৰীৰ।”
23 ২৩ অনন্তরং স কংসং গৃহীৎৱেশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা তেভ্যো দদৌ, ততস্তে সর্ৱ্ৱে পপুঃ|
২৩পাছত তেওঁ পান পাত্ৰটো লৈ স্তুতি কৰি তেওঁলোকক দিলে৷ তাতে সকলোৱে তাক পান কৰিলে।
24 ২৪ অপরং স তানৱাদীদ্ বহূনাং নিমিত্তং পাতিতং মম নৱীননিযমরূপং শোণিতমেতৎ|
২৪তেওঁ তেওঁলোকক ক’লে, “বিধানৰ মতে মোৰ যি তেজ অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই নিয়মৰ তেজ।
25 ২৫ যুষ্মানহং যথার্থং ৱদামি, ঈশ্ৱরস্য রাজ্যে যাৱৎ সদ্যোজাতং দ্রাক্ষারসং ন পাস্যামি, তাৱদহং দ্রাক্ষাফলরসং পুন র্ন পাস্যামি|
২৫মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস পুনৰ পান নকৰোঁ।”
26 ২৬ তদনন্তরং তে গীতমেকং সংগীয বহি র্জৈতুনং শিখরিণং যযুঃ
২৬পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গ’ল।
27 ২৭ অথ যীশুস্তানুৱাচ নিশাযামস্যাং মযি যুষ্মাকং সর্ৱ্ৱেষাং প্রত্যূহো ভৱিষ্যতি যতো লিখিতমাস্তে যথা, মেষাণাং রক্ষকঞ্চাহং প্রহরিষ্যামি ৱৈ ততঃ| মেষাণাং নিৱহো নূনং প্রৱিকীর্ণো ভৱিষ্যতি|
২৭তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা; কিয়নো এনে লিখা আছে যে, ‘মই মেৰৰখীয়াক আঘাত কৰিম, তাতে মেৰবোৰ সিচঁৰতি হৈ যাব।’
28 ২৮ কন্তু মদুত্থানে জাতে যুষ্মাকমগ্রেঽহং গালীলং ৱ্রজিষ্যামি|
২৮কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
29 ২৯ তদা পিতরঃ প্রতিবভাষে, যদ্যপি সর্ৱ্ৱেষাং প্রত্যূহো ভৱতি তথাপি মম নৈৱ ভৱিষ্যতি|
২৯তেতিয়া পিতৰে যীচুক ক’লে, “যদিও সকলোৱে বিঘিনি পায়, তথাপি মই নাপাম।”
30 ৩০ ততো যীশুরুক্তাৱান্ অহং তুভ্যং তথ্যং কথযামি, ক্ষণাদাযামদ্য কুক্কুটস্য দ্ৱিতীযৱাররৱণাৎ পূর্ৱ্ৱং ৎৱং ৱারত্রযং মামপহ্নোষ্যসে|
৩০তেতিয়া যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷”
31 ৩১ কিন্তু স গাঢং ৱ্যাহরদ্ যদ্যপি ৎৱযা সার্দ্ধং মম প্রাণো যাতি তথাপি কথমপি ৎৱাং নাপহ্নোষ্যে; সর্ৱ্ৱেঽপীতরে তথৈৱ বভাষিরে|
৩১কিন্তু পিতৰে অতি দৃঢ়কৈ ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্ৱীকাৰ নকৰিম।” এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি ক’লে৷
32 ৩২ অপরঞ্চ তেষু গেৎশিমানীনামকং স্থান গতেষু স শিষ্যান্ জগাদ, যাৱদহং প্রার্থযে তাৱদত্র স্থানে যূযং সমুপৱিশত|
৩২পাছত তেওঁলোকে গেৎচিমানী নামৰ এখন ঠাইত আহি, যীচুৱে নিজৰ শিষ্য সকলক ক’লে, “মই প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা।”
33 ৩৩ অথ স পিতরং যাকূবং যোহনঞ্চ গৃহীৎৱা ৱৱ্রাজ; অত্যন্তং ত্রাসিতো ৱ্যাকুলিতশ্চ তেভ্যঃ কথযামাস,
৩৩পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হ’ব ধৰিলে।
34 ৩৪ নিধনকালৱৎ প্রাণো মেঽতীৱ দঃখমেতি, যূযং জাগ্রতোত্র স্থানে তিষ্ঠত|
৩৪তাতে তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷”
35 ৩৫ ততঃ স কিঞ্চিদ্দূরং গৎৱা ভূমাৱধোমুখঃ পতিৎৱা প্রার্থিতৱানেতৎ, যদি ভৱিতুং শক্যং তর্হি দুঃখসমযোযং মত্তো দূরীভৱতু|
৩৫পাছত তেওঁ অলপ আগুৱাই গৈ, মাটিত পৰি, যদি হ’ব পাৰে, তেনেহলে সেই দুঃসময় তেওঁৰ পৰা দুৰ হ’বলৈ প্ৰাৰ্থনা কৰি ক’লে,
36 ৩৬ অপরমুদিতৱান্ হে পিত র্হে পিতঃ সর্ৱ্ৱেং ৎৱযা সাধ্যং, ততো হেতোরিমং কংসং মত্তো দূরীকুরু, কিন্তু তন্ মমেচ্ছাতো ন তৱেচ্ছাতো ভৱতু|
৩৬“আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই দূখৰ পান-পাত্ৰদুৰ কৰা; কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাৰে।”
37 ৩৭ ততঃ পরং স এত্য তান্ নিদ্রিতান্ নিরীক্ষ্য পিতরং প্রোৱাচ, শিমোন্ ৎৱং কিং নিদ্রাসি? ঘটিকামেকাম্ অপি জাগরিতুং ন শক্নোষি?
৩৭পাছত তেওঁ আহি, তিনি জন শিষ্যকো টোপনিয়াই থকা দেখি, পিতৰক ক’লে, “হে, চিমোন, তুমিও টোপনি গ’লা নে?
38 ৩৮ পরীক্ষাযাং যথা ন পতথ তদর্থং সচেতনাঃ সন্তঃ প্রার্থযধ্ৱং; মন উদ্যুক্তমিতি সত্যং কিন্তু ৱপুরশক্তিকং|
৩৮এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক কিন্তু শৰীৰ দূৰ্বল।”
39 ৩৯ অথ স পুনর্ৱ্রজিৎৱা পূর্ৱ্ৱৱৎ প্রার্থযাঞ্চক্রে|
৩৯তেতিয়া তেওঁ আকৌ আতৰি গৈ, একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
40 ৪০ পরাৱৃত্যাগত্য পুনরপি তান্ নিদ্রিতান্ দদর্শ তদা তেষাং লোচনানি নিদ্রযা পূর্ণানি, তস্মাত্তস্মৈ কা কথা কথযিতৱ্যা ত এতদ্ বোদ্ধুং ন শেকুঃ|
৪০পাছত আকৌ আহি, তেওঁলোকক টোপনিত থকা পালে; কিয়নো তেওঁলোকৰ চকু টোপনিয়ে জাপ খুৱাই নিছিল আৰু সেই সময়ত তেওঁক কি উত্তৰ দিব লাগিছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে।
41 ৪১ ততঃপরং তৃতীযৱারং আগত্য তেভ্যো ঽকথযদ্ ইদানীমপি শযিৎৱা ৱিশ্রাম্যথ? যথেষ্টং জাতং, সমযশ্চোপস্থিতঃ পশ্যত মানৱতনযঃ পাপিলোকানাং পাণিষু সমর্প্যতে|
৪১পাছত তৃতীয় বাৰ আহি, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে এতিয়াও টোপনিয়াই আছা আৰু বিশ্ৰাম কৰিছা৷ হ’ব! সেই সময় আহিল; চোৱা, মানুহৰ পুত্ৰক পাপী লোকৰ হাতত শোধাই দিয়া হৈছে।
42 ৪২ উত্তিষ্ঠত, ৱযং ৱ্রজামো যো জনো মাং পরপাণিষু সমর্পযিষ্যতে পশ্যত স সমীপমাযাতঃ|
৪২উঠা, আমি এতিয়া যাব লাগে; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
43 ৪৩ ইমাং কথাং কথযতি স, এতর্হিদ্ৱাদশানামেকো যিহূদা নামা শিষ্যঃ প্রধানযাজকানাম্ উপাধ্যাযানাং প্রাচীনলোকানাঞ্চ সন্নিধেঃ খঙ্গলগুডধারিণো বহুলোকান্ গৃহীৎৱা তস্য সমীপ উপস্থিতৱান্|
৪৩তেতিয়া যীচুৱে এই কথা কৈ থাকোতেই, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল৷
44 ৪৪ অপরঞ্চাসৌ পরপাণিষু সমর্পযিতা পূর্ৱ্ৱমিতি সঙ্কেতং কৃতৱান্ যমহং চুম্বিষ্যামি স এৱাসৌ তমেৱ ধৃৎৱা সাৱধানং নযত|
৪৪তেওঁক শোধাই দিয়া জনে সেই লোক সকলক এই সংকেত দিছিল যে, “মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকেই আবদ্ধ কৰি সাৱধানে তেওঁক লৈ যাবা।”
45 ৪৫ অতো হেতোঃ স আগত্যৈৱ যোশোঃ সৱিধং গৎৱা হে গুরো হে গুরো, ইত্যুক্ত্ৱা তং চুচুম্ব|
৪৫পাছত তেওঁ যীচুৰ ওচৰলৈ গৈ কলে “ৰব্বি” আৰু তেওঁক চুমা খালে।
46 ৪৬ তদা তে তদুপরি পাণীনর্পযিৎৱা তং দধ্নুঃ|
৪৬তেতিয়া তেওঁলোকে যীচুৰ গাত হাত দি তেওঁক আৱদ্ধ কৰিলে।
47 ৪৭ ততস্তস্য পার্শ্ৱস্থানাং লোকানামেকঃ খঙ্গং নিষ্কোষযন্ মহাযাজকস্য দাসমেকং প্রহৃত্য তস্য কর্ণং চিচ্ছেদ|
৪৭তাতে তেওঁৰ ওচৰত থিয় হৈ লোক সকলৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে।
48 ৪৮ পশ্চাদ্ যীশুস্তান্ ৱ্যাজহার খঙ্গান্ লগুডাংশ্চ গৃহীৎৱা মাং কিং চৌরং ধর্ত্তাং সমাযাতাঃ?
৪৮তেতিয়া যীচুৱে মাত লগাই তেওঁলোকক ক’লে, “তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইতক ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা নে?
49 ৪৯ মধ্যেমন্দিরং সমুপদিশন্ প্রত্যহং যুষ্মাভিঃ সহ স্থিতৱানতহং, তস্মিন্ কালে যূযং মাং নাদীধরত, কিন্ত্ৱনেন শাস্ত্রীযং ৱচনং সেধনীযং|
৪৯যেতিয়া মই তোমালোকৰ সৈতে আছিলোঁ আৰু মন্দিৰত নিতৌ উপদেশ দিছিলোঁ, তেতিয়া তোমালোকে মোক নধৰিলা; কিন্তু সেই সকলোবোৰ ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হোৱাৰ বাবেহে এইদৰে ঘটিল।”
50 ৫০ তদা সর্ৱ্ৱে শিষ্যাস্তং পরিত্যজ্য পলাযাঞ্চক্রিরে|
৫০পাছত যীচুৰ সৈতে থকা সকলোৱে তেওঁক ত্যাগ কৰিলে আৰু পলাল৷
51 ৫১ অথৈকো যুৱা মানৱো নগ্নকাযে ৱস্ত্রমেকং নিধায তস্য পশ্চাদ্ ৱ্রজন্ যুৱলোকৈ র্ধৃতো
৫১তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, যীচুৰ পাছে পাছে গৈছিল; তেতিয়া তেওঁলোকে তাক আবদ্ধ কৰিলে;
52 ৫২ ৱস্ত্রং ৱিহায নগ্নঃ পলাযাঞ্চক্রে|
৫২কিন্তু সি কাপোৰ খন এৰি উলঙ্গ হৈ পলাই গ’ল।
53 ৫৩ অপরঞ্চ যস্মিন্ স্থানে প্রধানযাজকা উপাধ্যাযাঃ প্রাচীনলোকাশ্চ মহাযাজকেন সহ সদসি স্থিতাস্তস্মিন্ স্থানে মহাযাজকস্য সমীপং যীশুং নিন্যুঃ|
৫৩পাছত তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গ’ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ লগত আহি গোট খালে।
54 ৫৪ পিতরো দূরে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য কিঙ্করৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্রাহ|
৫৪আৰু তেতিয়াই পিতৰে আতৰে আতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল।
55 ৫৫ তদানীং প্রধানযাজকা মন্ত্রিণশ্চ যীশুং ঘাতযিতুং তৎপ্রাতিকূল্যেন সাক্ষিণো মৃগযাঞ্চক্রিরে, কিন্তু ন প্রাপ্তাঃ|
৫৫তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে।
56 ৫৬ অনেকৈস্তদ্ৱিরুদ্ধং মৃষাসাক্ষ্যে দত্তেপি তেষাং ৱাক্যানি ন সমগচ্ছন্ত|
৫৬কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল।
57 ৫৭ সর্ৱ্ৱশেষে কিযন্ত উত্থায তস্য প্রাতিকূল্যেন মৃষাসাক্ষ্যং দত্ত্ৱা কথযামাসুঃ,
৫৭পাছত কেইজনমানে উঠি, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক’লে,
58 ৫৮ ইদং করকৃতমন্দিরং ৱিনাশ্য দিনত্রযমধ্যে পুনরপরম্ অকরকৃতং মন্দিরং নির্ম্মাস্যামি, ইতি ৱাক্যম্ অস্য মুখাৎ শ্রুতমস্মাভিরিতি|
৫৮“হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম৷” আমি তেওঁক এনে কথা কোৱা শুনিলোঁ!
59 ৫৯ কিন্তু তত্রাপি তেষাং সাক্ষ্যকথা ন সঙ্গাতাঃ|
৫৯কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল।
60 ৬০ অথ মহাযাজকো মধ্যেসভম্ উত্থায যীশুং ৱ্যাজহার, এতে জনাস্ত্ৱযি যৎ সাক্ষ্যমদুঃ ৎৱমেতস্য কিমপ্যুত্তরং কিং ন দাস্যসি?
৬০তেতিয়া মহা-পুৰোহিতে মাজত থিয় হৈ, যীচুক সুধিলে, বোলে, “তোমাৰ একো উত্তৰ নাই নে? তোমাৰ অহিতে এওঁলোকেনো কি সাক্ষ্য দিছে?”
61 ৬১ কিন্তু স কিমপ্যুত্তরং ন দৎৱা মৌনীভূয তস্যৌ; ততো মহাযাজকঃ পুনরপি তং পৃষ্টাৱান্ ৎৱং সচ্চিদানন্দস্য তনযো ঽভিষিক্তস্ত্রতা?
৬১কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
62 ৬২ তদা যীশুস্তং প্রোৱাচ ভৱাম্যহম্ যূযঞ্চ সর্ৱ্ৱশক্তিমতো দক্ষীণপার্শ্ৱে সমুপৱিশন্তং মেঘ মারুহ্য সমাযান্তঞ্চ মনুষ্যপুত্রং সন্দ্রক্ষ্যথ|
৬২তেতিয়া যীচুৱে ক’লে, “মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰসোঁ হাতে বহি থকা আৰু আকাশত মেঘেৰে অহা দেখিবা।”
63 ৬৩ তদা মহাযাজকঃ স্ৱং ৱমনং ছিৎৱা ৱ্যাৱহরৎ
৬৩তেতিয়া মহা-পুৰোহিতে নিজৰ চোলা ফালি ক’লে, “সাক্ষীত আমাৰ কি প্ৰয়োজন আছে?
64 ৬৪ কিমস্মাকং সাক্ষিভিঃ প্রযোজনম্? ঈশ্ৱরনিন্দাৱাক্যং যুষ্মাভিরশ্রাৱি কিং ৱিচারযথ? তদানীং সর্ৱ্ৱে জগদুরযং নিধনদণ্ডমর্হতি|
৬৪তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা; এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা?” তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে।
65 ৬৫ ততঃ কশ্চিৎ কশ্চিৎ তদ্ৱপুষি নিষ্ঠীৱং নিচিক্ষেপ তথা তন্মুখমাচ্ছাদ্য চপেটেন হৎৱা গদিতৱান্ গণযিৎৱা ৱদ, অনুচরাশ্চ চপেটৈস্তমাজঘ্নুঃ
৬৫পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই ক’লে, “ভাবোক্তি প্ৰচাৰ কৰোঁতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।
66 ৬৬ ততঃ পরং পিতরেঽট্টালিকাধঃকোষ্ঠে তিষ্ঠতি মহাযাজকস্যৈকা দাসী সমেত্য
৬৬তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল,
67 ৬৭ তং ৱিহ্নিতাপং গৃহ্লন্তং ৱিলোক্য তং সুনিরীক্ষ্য বভাষে ৎৱমপি নাসরতীযযীশোঃ সঙ্গিনাম্ একো জন আসীঃ|
৬৭আৰু পিতৰক জুই পুৱাই থকা দেখা পাই তেওঁলৈ চাই ক’লে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।”
68 ৬৮ কিন্তু সোপহ্নুত্য জগাদ তমহং ন ৱদ্মি ৎৱং যৎ কথযমি তদপ্যহং ন বুদ্ধ্যে| তদানীং পিতরে চৎৱরং গতৱতি কুক্কুটো রুরাৱ|
৬৮কিন্তু তেওঁ এই বিষয়টো অস্বীকাৰ কৰি ক’লে, “তুমি যি কৈছা সেই বিষয়ে মই নাজানো আৰু বুজিও পোৱা নাই।” তেতিয়া তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল আৰু কুকুৰাই ডাক দিলে৷
69 ৬৯ অথান্যা দাসী পিতরং দৃষ্ট্ৱা সমীপস্থান্ জনান্ জগাদ অযং তেষামেকো জনঃ|
৬৯কিন্তু সেই বেটীয়ে তেওঁক তাতে দেখি, ওচৰত থিয় দি থকা সকলক পুনৰ ক’বলৈ ধৰিলে, “এই লোক জন সিহঁতৰ মাজৰ এজন!”
70 ৭০ ততঃ স দ্ৱিতীযৱারম্ অপহ্নুতৱান্ পশ্চাৎ তত্রস্থা লোকাঃ পিতরং প্রোচুস্ত্ৱমৱশ্যং তেষামেকো জনঃ যতস্ত্ৱং গালীলীযো নর ইতি তৱোচ্চারণং প্রকাশযতি|
৭০কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ সময়ৰ পাছত সেই ঠাইত থিয় হৈ থকা লোক সকলে পিতৰক ক’লে, “তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন কিয়নো তুমিও গালীলীয়া মানুহ।”
71 ৭১ তদা স শপথাভিশাপৌ কৃৎৱা প্রোৱাচ যূযং কথাং কথযথ তং নরং ন জানেঽহং|
৭১কিন্তু তেওঁ শাও দিলে আৰু শপত খাই ক’লে, “তোমালোকে যি জন মানুহৰ কথা কৈ আছা, সেই জন মানুহক মই চিনিয়ে নাপাও।”
72 ৭২ তদানীং দ্ৱিতীযৱারং কুক্কুটো ঽরাৱীৎ| কুক্কুটস্য দ্ৱিতীযরৱাৎ পূর্ৱ্ৱং ৎৱং মাং ৱারত্রযম্ অপহ্নোষ্যসি, ইতি যদ্ৱাক্যং যীশুনা সমুদিতং তৎ তদা সংস্মৃত্য পিতরো রোদিতুম্ আরভত|
৭২তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তাতে তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷

< মার্কঃ 14 >