< লূকঃ 17 >

1 ইতঃ পরং যীশুঃ শিষ্যান্ উৱাচ, ৱিঘ্নৈরৱশ্যম্ আগন্তৱ্যং কিন্তু ৱিঘ্না যেন ঘটিষ্যন্তে তস্য দুর্গতি র্ভৱিষ্যতি|
যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
2 এতেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিঘ্নজননাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজলে মজ্জনং ভদ্রং|
সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
3 যূযং স্ৱেষু সাৱধানাস্তিষ্ঠত; তৱ ভ্রাতা যদি তৱ কিঞ্চিদ্ অপরাধ্যতি তর্হি তং তর্জয, তেন যদি মনঃ পরিৱর্ত্তযতি তর্হি তং ক্ষমস্ৱ|
তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
4 পুনরেকদিনমধ্যে যদি স তৱ সপ্তকৃৎৱোঽপরাধ্যতি কিন্তু সপ্তকৃৎৱ আগত্য মনঃ পরিৱর্ত্য মযাপরাদ্ধম্ ইতি ৱদতি তর্হি তং ক্ষমস্ৱ|
তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
5 তদা প্রেরিতাঃ প্রভুম্ অৱদন্ অস্মাকং ৱিশ্ৱাসং ৱর্দ্ধয|
তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
6 প্রভুরুৱাচ, যদি যুষ্মাকং সর্ষপৈকপ্রমাণো ৱিশ্ৱাসোস্তি তর্হি ৎৱং সমূলমুৎপাটিতো ভূৎৱা সমুদ্রে রোপিতো ভৱ কথাযাম্ এতস্যাম্ এতদুডুম্বরায কথিতাযাং স যুষ্মাকমাজ্ঞাৱহো ভৱিষ্যতি|
তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
7 অপরং স্ৱদাসে হলং ৱাহযিৎৱা ৱা পশূন্ চারযিৎৱা ক্ষেত্রাদ্ আগতে সতি তং ৱদতি, এহি ভোক্তুমুপৱিশ, যুষ্মাকম্ এতাদৃশঃ কোস্তি?
তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
8 ৱরঞ্চ পূর্ৱ্ৱং মম খাদ্যমাসাদ্য যাৱদ্ ভুঞ্জে পিৱামি চ তাৱদ্ বদ্ধকটিঃ পরিচর পশ্চাৎ ৎৱমপি ভোক্ষ্যসে পাস্যসি চ কথামীদৃশীং কিং ন ৱক্ষ্যতি?
তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
9 তেন দাসেন প্রভোরাজ্ঞানুরূপে কর্ম্মণি কৃতে প্রভুঃ কিং তস্মিন্ বাধিতো জাতঃ? নেত্থং বুধ্যতে মযা|
সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
10 ১০ ইত্থং নিরূপিতেষু সর্ৱ্ৱকর্ম্মসু কৃতেষু সত্মু যূযমপীদং ৱাক্যং ৱদথ, ৱযম্ অনুপকারিণো দাসা অস্মাভির্যদ্যৎকর্ত্তৱ্যং তন্মাত্রমেৱ কৃতং|
১০তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
11 ১১ স যিরূশালমি যাত্রাং কুর্ৱ্ৱন্ শোমিরোণ্গালীল্প্রদেশমধ্যেন গচ্ছতি,
১১যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
12 ১২ এতর্হি কুত্রচিদ্ গ্রামে প্রৱেশমাত্রে দশকুষ্ঠিনস্তং সাক্ষাৎ কৃৎৱা
১২সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
13 ১৩ দূরে তিষ্ঠনত উচ্চৈ র্ৱক্তুমারেভিরে, হে প্রভো যীশো দযস্ৱাস্মান্|
১৩বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
14 ১৪ ততঃ স তান্ দৃষ্ট্ৱা জগাদ, যূযং যাজকানাং সমীপে স্ৱান্ দর্শযত, ততস্তে গচ্ছন্তো রোগাৎ পরিষ্কৃতাঃ|
১৪তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
15 ১৫ তদা তেষামেকঃ স্ৱং স্ৱস্থং দৃষ্ট্ৱা প্রোচ্চৈরীশ্ৱরং ধন্যং ৱদন্ ৱ্যাঘুট্যাযাতো যীশো র্গুণাননুৱদন্ তচ্চরণাধোভূমৌ পপাত;
১৫তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
16 ১৬ স চাসীৎ শোমিরোণী|
১৬আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
17 ১৭ তদা যীশুরৱদৎ, দশজনাঃ কিং ন পরিষ্কৃতাঃ? তহ্যন্যে নৱজনাঃ কুত্র?
১৭ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
18 ১৮ ঈশ্ৱরং ধন্যং ৱদন্তম্ এনং ৱিদেশিনং ৱিনা কোপ্যন্যো ন প্রাপ্যত|
১৮এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
19 ১৯ তদা স তমুৱাচ, ৎৱমুত্থায যাহি ৱিশ্ৱাসস্তে ৎৱাং স্ৱস্থং কৃতৱান্|
১৯পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
20 ২০ অথ কদেশ্ৱরস্য রাজৎৱং ভৱিষ্যতীতি ফিরূশিভিঃ পৃষ্টে স প্রত্যুৱাচ, ঈশ্ৱরস্য রাজৎৱম্ ঐশ্ৱর্য্যদর্শনেন ন ভৱিষ্যতি|
২০ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে,
21 ২১ অত এতস্মিন্ পশ্য তস্মিন্ ৱা পশ্য, ইতি ৱাক্যং লোকা ৱক্তুং ন শক্ষ্যন্তি, ঈশ্ৱরস্য রাজৎৱং যুষ্মাকম্ অন্তরেৱাস্তে|
২১“ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”
22 ২২ ততঃ স শিষ্যান্ জগাদ, যদা যুষ্মাভি র্মনুজসুতস্য দিনমেকং দ্রষ্টুম্ ৱাঞ্ছিষ্যতে কিন্তু ন দর্শিষ্যতে, ঈদৃক্কাল আযাতি|
২২পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
23 ২৩ তদাত্র পশ্য ৱা তত্র পশ্যেতি ৱাক্যং লোকা ৱক্ষ্যন্তি, কিন্তু তেষাং পশ্চাৎ মা যাত, মানুগচ্ছত চ|
২৩মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।
24 ২৪ যতস্তডিদ্ যথাকাশৈকদিশ্যুদিয তদন্যামপি দিশং ৱ্যাপ্য প্রকাশতে তদ্ৱৎ নিজদিনে মনুজসূনুঃ প্রকাশিষ্যতে|
২৪কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।
25 ২৫ কিন্তু তৎপূর্ৱ্ৱং তেনানেকানি দুঃখানি ভোক্তৱ্যান্যেতদ্ৱর্ত্তমানলোকৈশ্চ সোঽৱজ্ঞাতৱ্যঃ|
২৫কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।
26 ২৬ নোহস্য ৱিদ্যমানকালে যথাভৱৎ মনুষ্যসূনোঃ কালেপি তথা ভৱিষ্যতি|
২৬নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।
27 ২৭ যাৱৎকালং নোহো মহাপোতং নারোহদ্ আপ্লাৱিৱার্য্যেত্য সর্ৱ্ৱং নানাশযচ্চ তাৱৎকালং যথা লোকা অভুঞ্জতাপিৱন্ ৱ্যৱহন্ ৱ্যৱাহযংশ্চ;
২৭নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
28 ২৮ ইত্থং লোটো ৱর্ত্তমানকালেপি যথা লোকা ভোজনপানক্রযৱিক্রযরোপণগৃহনির্ম্মাণকর্ম্মসু প্রাৱর্ত্তন্ত,
২৮সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
29 ২৯ কিন্তু যদা লোট্ সিদোমো নির্জগাম তদা নভসঃ সগন্ধকাগ্নিৱৃষ্টি র্ভূৎৱা সর্ৱ্ৱং ৱ্যনাশযৎ
২৯কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।
30 ৩০ তদ্ৱন্ মানৱপুত্রপ্রকাশদিনেপি ভৱিষ্যতি|
৩০সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
31 ৩১ তদা যদি কশ্চিদ্ গৃহোপরি তিষ্ঠতি তর্হি স গৃহমধ্যাৎ কিমপি দ্রৱ্যমানেতুম্ অৱরুহ্য নৈতু; যশ্চ ক্ষেত্রে তিষ্ঠতি সোপি ৱ্যাঘুট্য নাযাতু|
৩১সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।
32 ৩২ লোটঃ পত্নীং স্মরত|
৩২লোটৰ তিৰোতাক সোঁৱৰা।
33 ৩৩ যঃ প্রাণান্ রক্ষিতুং চেষ্টিষ্যতে স প্রাণান্ হারযিষ্যতি যস্তু প্রাণান্ হারযিষ্যতি সএৱ প্রাণান্ রক্ষিষ্যতি|
৩৩যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
34 ৩৪ যুষ্মানহং ৱচ্মি তস্যাং রাত্রৌ শয্যৈকগতযো র্লোকযোরেকো ধারিষ্যতে পরস্ত্যক্ষ্যতে|
৩৪মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।
35 ৩৫ স্ত্রিযৌ যুগপৎ পেষণীং ৱ্যাৱর্ত্তযিষ্যতস্তযোরেকা ধারিষ্যতে পরাত্যক্ষ্যতে|
৩৫দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।
36 ৩৬ পুরুষৌ ক্ষেত্রে স্থাস্যতস্তযোরেকো ধারিষ্যতে পরস্ত্যক্ষ্যতে|
৩৬দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।”
37 ৩৭ তদা তে পপ্রচ্ছুঃ, হে প্রভো কুত্রেত্থং ভৱিষ্যতি? ততঃ স উৱাচ, যত্র শৱস্তিষ্ঠতি তত্র গৃধ্রা মিলন্তি|
৩৭তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”

< লূকঃ 17 >