< যোহনঃ 18 >

1 তাঃ কথাঃ কথযিৎৱা যীশুঃ শিষ্যানাদায কিদ্রোন্নামকং স্রোত উত্তীর্য্য শিষ্যৈঃ সহ তত্রত্যোদ্যানং প্রাৱিশৎ|
যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
2 কিন্তু ৱিশ্ৱাসঘাতিযিহূদাস্তৎ স্থানং পরিচীযতে যতো যীশুঃ শিষ্যৈঃ সার্দ্ধং কদাচিৎ তৎ স্থানম্ অগচ্ছৎ|
শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।
3 তদা স যিহূদাঃ সৈন্যগণং প্রধানযাজকানাং ফিরূশিনাঞ্চ পদাতিগণঞ্চ গৃহীৎৱা প্রদীপান্ উল্কান্ অস্ত্রাণি চাদায তস্মিন্ স্থান উপস্থিতৱান্|
তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
4 স্ৱং প্রতি যদ্ ঘটিষ্যতে তজ্ জ্ঞাৎৱা যীশুরগ্রেসরঃ সন্ তানপৃচ্ছৎ কং গৱেষযথ?
তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”
5 তে প্রত্যৱদন্, নাসরতীযং যীশুং; ততো যীশুরৱাদীদ্ অহমেৱ সঃ; তৈঃ সহ ৱিশ্ৱাসঘাতী যিহূদাশ্চাতিষ্ঠৎ|
তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক ক’লে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।
6 তদাহমেৱ স তস্যৈতাং কথাং শ্রুৎৱৈৱ তে পশ্চাদেত্য ভূমৌ পতিতাঃ|
যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।
7 ততো যীশুঃ পুনরপি পৃষ্ঠৱান্ কং গৱেষযথ? ততস্তে প্রত্যৱদন্ নাসরতীযং যীশুং|
তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে ক’লে, “নাচৰতীয়া যীচুক।”
8 তদা যীশুঃ প্রত্যুদিতৱান্ অহমেৱ স ইমাং কথামচকথম্; যদি মামন্ৱিচ্ছথ তর্হীমান্ গন্তুং মা ৱারযত|
যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছোঁ, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”
9 ইত্থং ভূতে মহ্যং যাল্লোকান্ অদদাস্তেষাম্ একমপি নাহারযম্ ইমাং যাং কথাং স স্ৱযমকথযৎ সা কথা সফলা জাতা|
তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”
10 ১০ তদা শিমোন্পিতরস্য নিকটে খঙ্গল্স্থিতেঃ স তং নিষ্কোষং কৃৎৱা মহাযাজকস্য মাল্খনামানং দাসম্ আহত্য তস্য দক্ষিণকর্ণং ছিন্নৱান্|
১০তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল ‘মল্ক’।
11 ১১ ততো যীশুঃ পিতরম্ অৱদৎ, খঙ্গং কোষে স্থাপয মম পিতা মহ্যং পাতুং যং কংসম্ অদদাৎ তেনাহং কিং ন পাস্যামি?
১১তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”
12 ১২ তদা সৈন্যগণঃ সেনাপতি র্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুরস্য সমীপং প্রথমম্ অনযন্|
১২তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,
13 ১৩ স কিযফাস্তস্মিন্ ৱৎসরে মহাযাজৎৱপদে নিযুক্তঃ
১৩প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।
14 ১৪ সন্ সাধারণলোকানাং মঙ্গলার্থম্ একজনস্য মরণমুচিতম্ ইতি যিহূদীযৈঃ সার্দ্ধম্ অমন্ত্রযৎ|
১৪এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।
15 ১৫ তদা শিমোন্পিতরোঽন্যৈকশিষ্যশ্চ যীশোঃ পশ্চাদ্ অগচ্ছতাং তস্যান্যশিষ্যস্য মহাযাজকেন পরিচিতৎৱাৎ স যীশুনা সহ মহাযাজকস্যাট্টালিকাং প্রাৱিশৎ|
১৫তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।
16 ১৬ কিন্তু পিতরো বহির্দ্ৱারস্য সমীপেঽতিষ্ঠদ্ অতএৱ মহাযাজকেন পরিচিতঃ স শিষ্যঃ পুনর্বহির্গৎৱা দৌৱাযিকাযৈ কথযিৎৱা পিতরম্ অভ্যন্তরম্ আনযৎ|
১৬কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।
17 ১৭ তদা স দ্ৱাররক্ষিকা পিতরম্ অৱদৎ ৎৱং কিং ন তস্য মানৱস্য শিষ্যঃ? ততঃ সোৱদদ্ অহং ন ভৱামি|
১৭তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে, “মই নহয়।”
18 ১৮ ততঃ পরং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোরঙ্গারৈ র্ৱহ্নিং প্রজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতরস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আরভত|
১৮সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।
19 ১৯ তদা শিষ্যেষূপদেশে চ মহাযাজকেন যীশুঃ পৃষ্টঃ
১৯তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।
20 ২০ সন্ প্রত্যুক্তৱান্ সর্ৱ্ৱলোকানাং সমক্ষং কথামকথযং গুপ্তং কামপি কথাং ন কথযিৎৱা যৎ স্থানং যিহূদীযাঃ সততং গচ্ছন্তি তত্র ভজনগেহে মন্দিরে চাশিক্ষযং|
২০যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
21 ২১ মত্তঃ কুতঃ পৃচ্ছসি? যে জনা মদুপদেশম্ অশৃণ্ৱন্ তানেৱ পৃচ্ছ যদ্যদ্ অৱদং তে তৎ জানিন্ত|
২১আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”
22 ২২ তদেত্থং প্রত্যুদিতৎৱাৎ নিকটস্থপদাতি র্যীশুং চপেটেনাহত্য ৱ্যাহরৎ মহাযাজকম্ এৱং প্রতিৱদসি?
২২যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
23 ২৩ ততো যীশুঃ প্রতিগদিতৱান্ যদ্যযথার্থম্ অচকথং তর্হি তস্যাযথার্থস্য প্রমাণং দেহি, কিন্তু যদি যথার্থং তর্হি কুতো হেতো র্মাম্ অতাডযঃ?
২৩যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
24 ২৪ পূর্ৱ্ৱং হানন্ সবন্ধনং তং কিযফামহাযাজকস্য সমীপং প্রৈষযৎ|
২৪তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
25 ২৫ শিমোন্পিতরস্তিষ্ঠন্ ৱহ্নিতাপং সেৱতে, এতস্মিন্ সমযে কিযন্তস্তম্ অপৃচ্ছন্ ৎৱং কিম্ এতস্য জনস্য শিষ্যো ন? ততঃ সোপহ্নুত্যাব্রৱীদ্ অহং ন ভৱামি|
২৫তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”
26 ২৬ তদা মহাযাজকস্য যস্য দাসস্য পিতরঃ কর্ণমচ্ছিনৎ তস্য কুটুম্বঃ প্রত্যুদিতৱান্ উদ্যানে তেন সহ তিষ্ঠন্তং ৎৱাং কিং নাপশ্যং?
২৬মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”
27 ২৭ কিন্তু পিতরঃ পুনরপহ্নুত্য কথিতৱান্; তদানীং কুক্কুটোঽরৌৎ|
২৭তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
28 ২৮ তদনন্তরং প্রত্যূষে তে কিযফাগৃহাদ্ অধিপতে র্গৃহং যীশুম্ অনযন্ কিন্তু যস্মিন্ অশুচিৎৱে জাতে তৈ র্নিস্তারোৎসৱে ন ভোক্তৱ্যং, তস্য ভযাদ্ যিহূদীযাস্তদ্গৃহং নাৱিশন্|
২৮ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
29 ২৯ অপরং পীলাতো বহিরাগত্য তান্ পৃষ্ঠৱান্ এতস্য মনুষ্যস্য কং দোষং ৱদথ?
২৯এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”
30 ৩০ তদা তে পেত্যৱদন্ দুষ্কর্ম্মকারিণি ন সতি ভৱতঃ সমীপে নৈনং সমার্পযিষ্যামঃ|
৩০তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”
31 ৩১ ততঃ পীলাতোঽৱদদ্ যূযমেনং গৃহীৎৱা স্ৱেষাং ৱ্যৱস্থযা ৱিচারযত| তদা যিহূদীযাঃ প্রত্যৱদন্ কস্যাপি মনুষ্যস্য প্রাণদণ্ডং কর্ত্তুং নাস্মাকম্ অধিকারোঽস্তি|
৩১তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
32 ৩২ এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|
৩২কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
33 ৩৩ তদনন্তরং পীলাতঃ পুনরপি তদ্ রাজগৃহং গৎৱা যীশুমাহূয পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং রাজা?
৩৩এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”
34 ৩৪ যীশুঃ প্রত্যৱদৎ ৎৱম্ এতাং কথাং স্ৱতঃ কথযসি কিমন্যঃ কশ্চিন্ মযি কথিতৱান্?
৩৪যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”
35 ৩৫ পীলাতোঽৱদদ্ অহং কিং যিহূদীযঃ? তৱ স্ৱদেশীযা ৱিশেষতঃ প্রধানযাজকা মম নিকটে ৎৱাং সমার্পযন, ৎৱং কিং কৃতৱান্?
৩৫পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
36 ৩৬ যীশুঃ প্রত্যৱদৎ মম রাজ্যম্ এতজ্জগৎসম্বন্ধীযং ন ভৱতি যদি মম রাজ্যং জগৎসম্বন্ধীযম্ অভৱিষ্যৎ তর্হি যিহূদীযানাং হস্তেষু যথা সমর্পিতো নাভৱং তদর্থং মম সেৱকা অযোৎস্যন্ কিন্তু মম রাজ্যম্ ঐহিকং ন|
৩৬যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
37 ৩৭ তদা পীলাতঃ কথিতৱান্, তর্হি ৎৱং রাজা ভৱসি? যীশুঃ প্রত্যুক্তৱান্ ৎৱং সত্যং কথযসি, রাজাহং ভৱামি; সত্যতাযাং সাক্ষ্যং দাতুং জনিং গৃহীৎৱা জগত্যস্মিন্ অৱতীর্ণৱান্, তস্মাৎ সত্যধর্ম্মপক্ষপাতিনো মম কথাং শৃণ্ৱন্তি|
৩৭তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
38 ৩৮ তদা সত্যং কিং? এতাং কথাং পষ্ট্ৱা পীলাতঃ পুনরপি বহির্গৎৱা যিহূদীযান্ অভাষত, অহং তস্য কমপ্যপরাধং ন প্রাপ্নোমি|
৩৮পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
39 ৩৯ নিস্তারোৎসৱসমযে যুষ্মাভিরভিরুচিত একো জনো মযা মোচযিতৱ্য এষা যুষ্মাকং রীতিরস্তি, অতএৱ যুষ্মাকং নিকটে যিহূদীযানাং রাজানং কিং মোচযামি, যুষ্মাকম্ ইচ্ছা কা?
৩৯তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”
40 ৪০ তদা তে সর্ৱ্ৱে রুৱন্তো ৱ্যাহরন্ এনং মানুষং নহি বরব্বাং মোচয| কিন্তু স বরব্বা দস্যুরাসীৎ|
৪০তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এজন ডকাইত আছিল।

< যোহনঃ 18 >