< যাকূবঃ 2 >

1 হে মম ভ্রাতরঃ, যূযম্ অস্মাকং তেজস্ৱিনঃ প্রভো র্যীশুখ্রীষ্টস্য ধর্ম্মং মুখাপেক্ষযা ন ধারযত|
হে মোৰ ভাইসকল, আমাৰ মহিমাময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব।
2 যতো যুষ্মাকং সভাযাং স্ৱর্ণাঙ্গুরীযকযুক্তে ভ্রাজিষ্ণুপরিচ্ছদে পুরুষে প্রৱিষ্টে মলিনৱস্ত্রে কস্মিংশ্চিদ্ দরিদ্রেঽপি প্রৱিষ্টে
কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে,
3 যূযং যদি তং ভ্রাজিষ্ণুপরিচ্ছদৱসানং জনং নিরীক্ষ্য ৱদেত ভৱান্ অত্রোত্তমস্থান উপৱিশৎৱিতি কিঞ্চ তং দরিদ্রং যদি ৱদেত ৎৱম্ অমুস্মিন্ স্থানে তিষ্ঠ যদ্ৱাত্র মম পাদপীঠ উপৱিশেতি,
তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কয়, “আপুনি ইয়াতে স্বচ্ছন্দে বহক” আৰু সেই দৰিদ্ৰজনক যদি কয়, “তই তাতে থিয় হৈ থাক” বা “মোৰ এই ভৰি-পীৰাৰ তলতে বহ”;
4 তর্হি মনঃসু ৱিশেষ্য যূযং কিং কুতর্কৈঃ কুৱিচারকা ন ভৱথ?
তেনেহলে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কু-বিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহ’ল নে?
5 হে মম প্রিযভ্রাতরঃ, শৃণুত, সংসারে যে দরিদ্রাস্তান্ ঈশ্ৱরো ৱিশ্ৱাসেন ধনিনঃ স্ৱপ্রেমকারিভ্যশ্চ প্রতিশ্রুতস্য রাজ্যস্যাধিকারিণঃ কর্ত্তুং কিং ন ৱরীতৱান্? কিন্তু দরিদ্রো যুষ্মাভিরৱজ্ঞাযতে|
হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
6 ধনৱন্ত এৱ কিং যুষ্মান্ নোপদ্রৱন্তি বলাচ্চ ৱিচারাসনানাং সমীপং ন নযন্তি?
কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধ-বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে?
7 যুষ্মদুপরি পরিকীর্ত্তিতং পরমং নাম কিং তৈরেৱ ন নিন্দ্যতে?
আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰীত হৈছে, সেই উত্তম নামক তেওঁলোকে নিন্দা নকৰে নে?
8 কিঞ্চ ৎৱং স্ৱসমীপৱাসিনি স্ৱাত্মৱৎ প্রীযস্ৱ, এতচ্ছাস্ত্রীযৱচনানুসারতো যদি যূযং রাজকীযৱ্যৱস্থাং পালযথ তর্হি ভদ্রং কুরুথ|
যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;
9 যদি চ মুখাপেক্ষাং কুরুথ তর্হি পাপম্ আচরথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে|
কিন্তু যদি পক্ষপাত কৰে, তেনেহলে পাপ কৰিছে, আৰু আজ্ঞা-লঙ্ঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে।
10 ১০ যতো যঃ কশ্চিৎ কৃৎস্নাং ৱ্যৱস্থাং পালযতি স যদ্যেকস্মিন্ ৱিধৌ স্খলতি তর্হি সর্ৱ্ৱেষাম্ অপরাধী ভৱতি|
১০কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে, এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো বিধান ভংগ কৰিলে আৰু দোষী হ’ল৷
11 ১১ যতো হেতোস্ত্ৱং পরদারান্ মা গচ্ছেতি যঃ কথিতৱান্ স এৱ নরহত্যাং মা কুর্য্যা ইত্যপি কথিতৱান্ তস্মাৎ ৎৱং পরদারান্ ন গৎৱা যদি নরহত্যাং করোষি তর্হি ৱ্যৱস্থালঙ্ঘী ভৱসি|
১১কিয়নো যিজন ঈশ্ৱৰ হয়, তেওঁ কৈছে, “তুমি ব্যভিচাৰ নকৰিবা”, সেইজন ঈশ্ৱৰেই পুনৰ কৈছিল, “তুমি নৰ-বধ নকৰিবা৷” এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰ-বধ কৰে, তেনেহলেও ঈশ্ৱৰৰ বিধান লঙ্ঘনকাৰী হ’ল।
12 ১২ মুক্তে র্ৱ্যৱস্থাতো যেষাং ৱিচারেণ ভৱিতৱ্যং তাদৃশা লোকা ইৱ যূযং কথাং কথযত কর্ম্ম কুরুত চ|
১২যি সকল লোকৰ সোধ-বিচাৰ হ’ব, সেয়া স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ’ব; আপোনালোকে নিজকে সেই লোক সকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক৷
13 ১৩ যো দযাং নাচরতি তস্য ৱিচারো নির্দ্দযেন কারিষ্যতে, কিন্তু দযা ৱিচারম্ অভিভৱিষ্যতি|
১৩কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
14 ১৪ হে মম ভ্রাতরঃ, মম প্রত্যযোঽস্তীতি যঃ কথযতি তস্য কর্ম্মাণি যদি ন ৱিদ্যন্ত তর্হি তেন কিং ফলং? তেন প্রত্যযেন কিং তস্য পরিত্রাণং ভৱিতুং শক্নোতি?
১৪হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে, তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে তেনেহলে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিব নে?
15 ১৫ কেষুচিদ্ ভ্রাতৃষু ভগিনীষু ৱা ৱসনহীনেষু প্রাত্যহিকাহারহীনেষু চ সৎসু যুষ্মাকং কোঽপি তেভ্যঃ শরীরার্থং প্রযোজনীযানি দ্রৱ্যাণি ন দৎৱা যদি তান্ ৱদেৎ,
১৫কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে,
16 ১৬ যূযং সকুশলং গৎৱোষ্ণগাত্রা ভৱত তৃপ্যত চেতি তর্হ্যেতেন কিং ফলং?
১৬আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, “তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা”; কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ?
17 ১৭ তদ্ৱৎ প্রত্যযো যদি কর্ম্মভি র্যুক্তো ন ভৱেৎ তর্হ্যেকাকিৎৱাৎ মৃত এৱাস্তে|
১৭ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।
18 ১৮ কিঞ্চ কশ্চিদ্ ইদং ৱদিষ্যতি তৱ প্রত্যযো ৱিদ্যতে মম চ কর্ম্মাণি ৱিদ্যন্তে, ৎৱং কর্ম্মহীনং স্ৱপ্রত্যযং মাং দর্শয তর্হ্যহমপি মৎকর্ম্মভ্যঃ স্ৱপ্রত্যযং ৎৱাং দর্শযিষ্যামি|
১৮তথাপি কোনোবাই ক’ব পাৰে, “তোমাৰ বিশ্বাস আছে আৰু মোৰ সৎ কৰ্ম আছে।” বাৰু, তেনেহলে বিনাকৰ্মৰে আপোনাৰ বিশ্বাস মোক দেখুৱাওঁক আৰু মই মোৰ কৰ্মৰ দ্বাৰাই অাপোনাক মোৰ বিশ্বাস দেখুৱাম।
19 ১৯ এক ঈশ্ৱরো ঽস্তীতি ৎৱং প্রত্যেষি| ভদ্রং করোষি| ভূতা অপি তৎ প্রতিযন্তি কম্পন্তে চ|
১৯ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।
20 ২০ কিন্তু হে নির্ব্বোধমানৱ, কর্ম্মহীনঃ প্রত্যযো মৃত এৱাস্ত্যেতদ্ অৱগন্তুং কিম্ ইচ্ছসি?
২০কিন্তু, হে নির্বোধ মানুহ, কৰ্মহীন বনুৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰে নে?
21 ২১ অস্মাকং পূর্ৱ্ৱপুরুষো য ইব্রাহীম্ স্ৱপুত্রম্ ইস্হাকং যজ্ঞৱেদ্যাম্ উৎসৃষ্টৱান্ স কিং কর্ম্মভ্যো ন সপুণ্যীকৃতঃ?
২১আমাৰ পিতৃ অব্ৰাহামে যজ্ঞবেদিৰ ওপৰত নিজ পুত্ৰ ইচহাকক উৎসৰ্গ কৰাৰ সময়ত, সেই কৰ্মৰ দ্বাৰাই ধার্মিক বুলি গণিত হোৱা নাছিল নে?
22 ২২ প্রত্যযে তস্য কর্ম্মণাং সহকারিণি জাতে কর্ম্মভিঃ প্রত্যযঃ সিদ্ধো ঽভৱৎ তৎ কিং পশ্যসি?
২২এইদৰে চালে দেখিব যে, বিশ্বাস তেওঁৰ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ’ল।
23 ২৩ ইত্থঞ্চেদং শাস্ত্রীযৱচনং সফলম্ অভৱৎ, ইব্রাহীম্ পরমেশ্ৱরে ৱিশ্ৱসিতৱান্ তচ্চ তস্য পুণ্যাযাগণ্যত স চেশ্ৱরস্য মিত্র ইতি নাম লব্ধৱান্|
২৩এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, য’ত কোৱা আছে, “অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল” আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল।
24 ২৪ পশ্যত মানৱঃ কর্ম্মভ্যঃ সপুণ্যীক্রিযতে ন চৈকাকিনা প্রত্যযেন|
২৪আপোনালোকে দেখিছে যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়।
25 ২৫ তদ্ৱদ্ যা রাহব্নামিকা ৱারাঙ্গনা চারান্ অনুগৃহ্যাপরেণ মার্গেণ ৱিসসর্জ সাপি কিং কর্ম্মভ্যো ন সপুণ্যীকৃতা?
২৫সেইদৰে ৰাহাব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ দূত সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?
26 ২৬ অতএৱাত্মহীনো দেহো যথা মৃতোঽস্তি তথৈৱ কর্ম্মহীনঃ প্রত্যযোঽপি মৃতোঽস্তি|
২৬কিয়নো যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা।

< যাকূবঃ 2 >