< ইব্রিণঃ 4 >
1 ১ অপরং তদ্ৱিশ্রামপ্রাপ্তেঃ প্রতিজ্ঞা যদি তিষ্ঠতি তর্হ্যস্মাকং কশ্চিৎ চেৎ তস্যাঃ ফলেন ৱঞ্চিতো ভৱেৎ ৱযম্ এতস্মাদ্ বিভীমঃ|
১এতেকে, আমি সতর্ক হ’ব লাগে যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়।
2 ২ যতো ঽস্মাকং সমীপে যদ্ৱৎ তদ্ৱৎ তেষাং সমীপেঽপি সুসংৱাদঃ প্রচারিতো ঽভৱৎ কিন্তু তৈঃ শ্রুতং ৱাক্যং তান্ প্রতি নিষ্ফলম্ অভৱৎ, যতস্তে শ্রোতারো ৱিশ্ৱাসেন সার্দ্ধং তন্নামিশ্রযন্|
২ইস্ৰায়েলৰ লোক সকলৰ আগত যেনেকৈ ঈশ্বৰৰ বিশ্রামৰ বিষয়ে শুভবার্তা ঘোষণা কৰা হৈছিল, তেনেকৈ আমাৰ আগতো কৰা হৈছে। কিন্তু, সেই শুভবাৰ্তাৰ শিক্ষা শুনিও তেওঁলোকৰ কোনো লাভ নহ’ল; কাৰণ তেওঁলোকে সেইবোৰ শুনি বিশ্বাসেৰে গ্রহণ নকৰিলে।
3 ৩ তদ্ ৱিশ্রামস্থানং ৱিশ্ৱাসিভিরস্মাভিঃ প্রৱিশ্যতে যতস্তেনোক্তং, "অহং কোপাৎ শপথং কৃতৱান্ ইমং, প্রৱেক্ষ্যতে জনৈরেতৈ র্ন ৱিশ্রামস্থলং মম| " কিন্তু তস্য কর্ম্মাণি জগতঃ সৃষ্টিকালাৎ সমাপ্তানি সন্তি|
৩আমি যি সকলে বিশ্বাস কৰিছোঁ, আমিয়ে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ সক্ষম; যি দৰে কোৱা হৈছে: “মই ক্রুদ্ধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” যদিও জগতৰ আৰম্ভণীৰ পৰাই সৃষ্টি কার্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল।
4 ৪ যতঃ কস্মিংশ্চিৎ স্থানে সপ্তমং দিনমধি তেনেদম্ উক্তং, যথা, "ঈশ্ৱরঃ সপ্তমে দিনে স্ৱকৃতেভ্যঃ সর্ৱ্ৱকর্ম্মভ্যো ৱিশশ্রাম| "
৪কিয়নো এঠাইত সপ্তম দিনৰ বিষয়ে ঈশ্বৰে কৈছিল, “ঈশ্বৰে সপ্তম দিনা তেওঁৰ সকলো কৰ্মৰ পৰা বিশ্ৰাম কৰিলে।”
5 ৫ কিন্ত্ৱেতস্মিন্ স্থানে পুনস্তেনোচ্যতে, যথা, "প্রৱেক্ষ্যতে জনৈরেতৈ র্ন ৱিশ্রামস্থলং মম| "
৫পুনৰায় তেওঁ কৈছে, “এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।”
6 ৬ ফলতস্তৎ স্থানং কৈশ্চিৎ প্রৱেষ্টৱ্যং কিন্তু যে পুরা সুসংৱাদং শ্রুতৱন্তস্তৈরৱিশ্ৱাসাৎ তন্ন প্রৱিষ্টম্,
৬এতেকে, কিছুমান লোকৰ প্রৱেশৰ বাবে এতিয়াও ঈশ্বৰৰ বিশ্রাম আছুতীয়াকৈ ৰখা আছে আৰু ঈশ্বৰৰ বিশ্রামৰ শুভবার্তা যি ইস্ৰায়েলী লোক সকলে প্রথমে শুনিছিল, তেওঁলোকৰ অবাধ্যতাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ বিশ্রামত প্রৱেশ কৰিব নোৱাৰিলে।
7 ৭ ইতি হেতোঃ স পুনরদ্যনামকং দিনং নিরূপ্য দীর্ঘকালে গতেঽপি পূর্ৱ্ৱোক্তাং ৱাচং দাযূদা কথযতি, যথা, "অদ্য যূযং কথাং তস্য যদি সংশ্রোতুমিচ্ছথ, তর্হি মা কুরুতেদানীং কঠিনানি মনাংসি ৱঃ| "
৭তেতিয়া ঈশ্বৰে পুণৰ এটা দিন স্থিৰ কৰিলে আৰু সেই দিনৰ বিষয়ে তেওঁ ক’লে, “আজি”। বহুত দিনৰ পাছত ৰজা দায়ুদৰ যোগেদি তেওঁ এই দিনৰ বিষয়ে পুনৰায় কৈছিল, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা।”
8 ৮ অপরং যিহোশূযো যদি তান্ ৱ্যশ্রামযিষ্যৎ তর্হি ততঃ পরম্ অপরস্য দিনস্য ৱাগ্ ঈশ্ৱরেণ নাকথযিষ্যত|
৮কিয়নো যিহোচুৱাই তেওঁলোকক ঈশ্বৰৰ বিশ্ৰামত লৈ যাব পৰা হ’লে, ঈশ্বৰে পাছত আন এটা দিনৰ “আজি” বোলা কথাটো নক’লেহেঁতেন।
9 ৯ অত ঈশ্ৱরস্য প্রজাভিঃ কর্ত্তৱ্য একো ৱিশ্রামস্তিষ্ঠতি|
৯এতেকে ঈশ্বৰৰ লোকৰ কাৰণে সেই সপ্তম দিনৰ বিশ্ৰাম সংৰক্ষিত আছে।
10 ১০ অপরম্ ঈশ্ৱরো যদ্ৱৎ স্ৱকৃতকর্ম্মভ্যো ৱিশশ্রাম তদ্ৱৎ তস্য ৱিশ্রামস্থানং প্রৱিষ্টো জনোঽপি স্ৱকৃতকর্ম্মভ্যো ৱিশ্রাম্যতি|
১০কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্ম শেষ কৰি বিশ্রাম কৰিছিল, তেনেকৈ যি কোনোৱে ঈশ্বৰৰ বিশ্ৰামত প্রৱেশ কৰে, তেৱোঁ নিজৰ কৰ্মৰ পৰা বিশ্ৰাম পায়।
11 ১১ অতো ৱযং তদ্ ৱিশ্রামস্থানং প্রৱেষ্টুং যতামহৈ, তদৱিশ্ৱাসোদাহরণেন কোঽপি ন পততু|
১১সেই কাৰণে আহক, আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহক। আমি কোনেও যেন সেই অবাধ্য ইস্ৰায়েলী লোক সকলৰ দৰে অবিশ্বাসৰ পুৰণি আর্হি অনুসৰণ কৰি পতিত নহম।
12 ১২ ঈশ্ৱরস্য ৱাদোঽমরঃ প্রভাৱৱিশিষ্টশ্চ সর্ৱ্ৱস্মাদ্ দ্ৱিধারখঙ্গাদপি তীক্ষ্ণঃ, অপরং প্রাণাত্মনো র্গ্রন্থিমজ্জযোশ্চ পরিভেদায ৱিচ্ছেদকারী মনসশ্চ সঙ্কল্পানাম্ অভিপ্রেতানাঞ্চ ৱিচারকঃ|
১২কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
13 ১৩ অপরং যস্য সমীপে স্ৱীযা স্ৱীযা কথাস্মাভিঃ কথযিতৱ্যা তস্যাগোচরঃ কোঽপি প্রাণী নাস্তি তস্য দৃষ্টৌ সর্ৱ্ৱমেৱানাৱৃতং প্রকাশিতঞ্চাস্তে|
১৩সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।
14 ১৪ অপরং য উচ্চতমং স্ৱর্গং প্রৱিষ্ট এতাদৃশ একো ৱ্যক্তিরর্থত ঈশ্ৱরস্য পুত্রো যীশুরস্মাকং মহাযাজকোঽস্তি, অতো হেতো র্ৱযং ধর্ম্মপ্রতিজ্ঞাং দৃঢম্ আলম্বামহৈ|
১৪স্বৰ্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহা-পুৰোহিত আছে। তেওঁ ঈশ্বৰৰ পুত্র যীচু খ্রীষ্ট। গতিকে আহক, আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক।
15 ১৫ অস্মাকং যো মহাযাজকো ঽস্তি সোঽস্মাকং দুঃখৈ র্দুঃখিতো ভৱিতুম্ অশক্তো নহি কিন্তু পাপং ৱিনা সর্ৱ্ৱৱিষযে ৱযমিৱ পরীক্ষিতঃ|
১৫কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
16 ১৬ অতএৱ কৃপাং গ্রহীতুং প্রযোজনীযোপকারার্থম্ অনুগ্রহং প্রাপ্তুঞ্চ ৱযম্ উৎসাহেনানুগ্রহসিংহাসনস্য সমীপং যামঃ|
১৬এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।