< গালাতিনঃ 6 >

1 হে ভ্রাতরঃ, যুষ্মাকং কশ্চিদ্ যদি কস্মিংশ্চিৎ পাপে পততি তর্হ্যাত্মিকভাৱযুক্তৈ র্যুষ্মাভিস্তিতিক্ষাভাৱং ৱিধায স পুনরুত্থাপ্যতাং যূযমপি যথা তাদৃক্পরীক্ষাযাং ন পতথ তথা সাৱধানা ভৱত|
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
2 যুষ্মাকম্ একৈকো জনঃ পরস্য ভারং ৱহৎৱনেন প্রকারেণ খ্রীষ্টস্য ৱিধিং পালযত|
আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
3 যদি কশ্চন ক্ষুদ্রঃ সন্ স্ৱং মহান্তং মন্যতে তর্হি তস্যাত্মৱঞ্চনা জাযতে|
কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
4 অত একৈকেন জনেন স্ৱকীযকর্ম্মণঃ পরীক্ষা ক্রিযতাং তেন পরং নালোক্য কেৱলম্ আত্মালোকনাৎ তস্য শ্লঘা সম্ভৱিষ্যতি|
প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
5 যত একৈকো জনঃ স্ৱকীযং ভারং ৱক্ষ্যতি|
কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
6 যো জনো ধর্ম্মোপদেশং লভতে স উপদেষ্টারং স্ৱীযসর্ৱ্ৱসম্পত্তে র্ভাগিনং করোতু|
যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
7 যুষ্মাকং ভ্রান্তি র্ন ভৱতু, ঈশ্ৱরো নোপহসিতৱ্যঃ, যেন যদ্ বীজম্ উপ্যতে তেন তজ্জাতং শস্যং কর্ত্তিষ্যতে|
আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
8 স্ৱশরীরার্থং যেন বীজম্ উপ্যতে তেন শরীরাদ্ ৱিনাশরূপং শস্যং লপ্স্যতে কিন্ত্ৱাত্মনঃ কৃতে যেন বীজম্ উপ্যতে তেনাত্মতোঽনন্তজীৱিতরূপং শস্যং লপ্স্যতে| (aiōnios g166)
কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। (aiōnios g166)
9 সৎকর্ম্মকরণেঽস্মাভিরশ্রান্তৈ র্ভৱিতৱ্যং যতোঽক্লান্তৌস্তিষ্ঠদ্ভিরস্মাভিরুপযুক্তসমযে তৎ ফলানি লপ্স্যন্তে|
আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
10 ১০ অতো যাৱৎ সমযস্তিষ্ঠতি তাৱৎ সর্ৱ্ৱান্ প্রতি ৱিশেষতো ৱিশ্ৱাসৱেশ্মৱাসিনঃ প্রত্যস্মাভি র্হিতাচারঃ কর্ত্তৱ্যঃ|
১০এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
11 ১১ হে ভ্রাতরঃ, অহং স্ৱহস্তেন যুষ্মান্ প্রতি কিযদ্ৱৃহৎ পত্রং লিখিতৱান্ তদ্ যুষ্মাভি র্দৃশ্যতাং|
১১চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
12 ১২ যে শারীরিকৱিষযে সুদৃশ্যা ভৱিতুমিচ্ছন্তি তে যৎ খ্রীষ্টস্য ক্রুশস্য কারণাদুপদ্রৱস্য ভাগিনো ন ভৱন্তি কেৱলং তদর্থং ৎৱক্ছেদে যুষ্মান্ প্রৱর্ত্তযন্তি|
১২যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
13 ১৩ তে ৎৱক্ছেদগ্রাহিণোঽপি ৱ্যৱস্থাং ন পালযন্তি কিন্তু যুষ্মচ্ছরীরাৎ শ্লাঘালাভার্থং যুষ্মাকং ৎৱক্ছেদম্ ইচ্ছন্তি|
১৩কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
14 ১৪ কিন্তু যেনাহং সংসারায হতঃ সংসারোঽপি মহ্যং হতস্তদস্মৎপ্রভো র্যীশুখ্রীষ্টস্য ক্রুশং ৱিনান্যত্র কুত্রাপি মম শ্লাঘনং কদাপি ন ভৱতু|
১৪কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
15 ১৫ খ্রীষ্টে যীশৌ ৎৱক্ছেদাৎৱক্ছেদযোঃ কিমপি গুণং নাস্তি কিন্তু নৱীনা সৃষ্টিরেৱ গুণযুক্তা|
১৫কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
16 ১৬ অপরং যাৱন্তো লোকা এতস্মিন্ মার্গে চরন্তি তেষাম্ ঈশ্ৱরীযস্য কৃৎস্নস্যেস্রাযেলশ্চ শান্তি র্দযালাভশ্চ ভূযাৎ|
১৬যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
17 ১৭ ইতঃ পরং কোঽপি মাং ন ক্লিশ্নাতু যস্মাদ্ অহং স্ৱগাত্রে প্রভো র্যীশুখ্রীষ্টস্য চিহ্নানি ধারযে|
১৭এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ।
18 ১৮ হে ভ্রাতরঃ অস্মাকং প্রভো র্যীশুখ্রীষ্টস্য প্রসাদো যুষ্মাকম্ আত্মনি স্থেযাৎ| তথাস্তু|
১৮ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।

< গালাতিনঃ 6 >