< প্রেরিতাঃ 27 >

1 জলপথেনাস্মাকম্ ইতোলিযাদেশং প্রতি যাত্রাযাং নিশ্চিতাযাং সত্যাং তে যূলিযনাম্নো মহারাজস্য সংঘাতান্তর্গতস্য সেনাপতেঃ সমীপে পৌলং তদন্যান্ কতিনযজনাংশ্চ সমার্পযন্|
পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ কথা নিশ্চিত হ’ল, তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰাজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷
2 ৱযম্ আদ্রামুত্তীযং পোতমেকম্ আরুহ্য আশিযাদেশস্য তটসমীপেন যাতুং মতিং কৃৎৱা লঙ্গরম্ উত্থাপ্য পোতম্ অমোচযাম; মাকিদনিযাদেশস্থথিষলনীকীনিৱাস্যারিস্তার্খনামা কশ্চিদ্ জনোঽস্মাভিঃ সার্দ্ধম্ আসীৎ|
আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলো৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খ আছিল৷
3 পরস্মিন্ দিৱসে ঽস্মাভিঃ সীদোন্নগরে পোতে লাগিতে তত্র যূলিযঃ সেনাপতিঃ পৌলং প্রতি সৌজন্যং প্রদর্থ্য সান্ত্ৱনার্থং বন্ধুবান্ধৱান্ উপযাতুম্ অনুজজ্ঞৌ|
পাছদিনা আমি চীদোন নগৰৰ পাৰত নামিলো৷
4 তস্মাৎ পোতে মোচিতে সতি সম্মুখৱাযোঃ সম্ভৱাদ্ ৱযং কুপ্রোপদ্ৱীপস্য তীরসমীপেন গতৱন্তঃ|
তাতে যুলিয়ই পৌলক দয়াৰে গণ্য কৰি বন্ধু-বান্ধৱ সকলৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ দিলে৷ সেই ঠাইৰ পৰা আমি জলযাত্ৰা কৰি যাওঁতে সন্মুখত বতাহ পালোঁ, সেই বাবে কুপ্ৰ দ্ৱীপৰ কাষেদি যাবলৈ ললোঁ৷
5 কিলিকিযাযাঃ পাম্ফূলিযাযাশ্চ সমুদ্রস্য পারং গৎৱা লূকিযাদেশান্তর্গতং মুরানগরম্ উপাতিষ্ঠাম|
পাছত কিলিকিয়াৰ আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ ‘মুৰা নগৰ’ পালোঁ৷
6 তৎস্থানাদ্ ইতালিযাদেশং গচ্ছতি যঃ সিকন্দরিযানগরস্য পোতস্তং তত্র প্রাপ্য শতসেনাপতিস্তং পোতম্ অস্মান্ আরোহযৎ|
সেই ঠাইতে এশৰ সেনাপতিয়ে, ইটালী দেশলৈ যোৱা আলেকজেন্দ্ৰিয়া নগৰৰ এখন জাহাজ লগ পোৱাত, আমাক তাতে তুলি দিলে৷
7 ততঃ পরং বহূনি দিনানি শনৈঃ শনৈঃ র্গৎৱা ক্নীদপার্শ্ৱোপস্থ্তিঃ পূর্ৱ্ৱং প্রতিকূলেন পৱনেন ৱযং সল্মোন্যাঃ সম্মুখম্ উপস্থায ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন গতৱন্তঃ|
এনেদৰে বহু দিন লাহে লাহে গৈ, কোনো প্ৰকাৰে ক্লীদৰ ওচৰ পালোঁ, তাতে বতাহে আমাক বাধা দিয়াত আগুৱাই যাব নোৱাৰি, ক্ৰীতী দ্ৱীপৰ সুৰক্ষিত এলেকাৰ কাষে কাষে চল্‌মোনীৰ সন্মুখেদি আহি,
8 কষ্টেন তমুত্তীর্য্য লাসেযানগরস্যাধঃ সুন্দরনামকং খাতম্ উপাতিষ্ঠাম|
কোনো প্ৰকাৰে সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; এই ঠাইৰ ওচৰত লাচেয়া নগৰ আছিল৷
9 ইত্থং বহুতিথঃ কালো যাপিত উপৱাসদিনঞ্চাতীতং, তৎকারণাৎ নৌৱর্ত্মনি ভযঙ্করে সতি পৌলো ৱিনযেন কথিতৱান্,
এইদৰে বহু সময় নষ্ট হ’ল আৰু আমাৰ সমুদ্ৰ-যাত্ৰাও অতি বিপদজ্জনক হৈ উঠিছিল; ইয়াৰ উপৰি আমাৰ উপবাস পর্বৰ দিনো পাৰ হৈ গ’ল, সেয়েহে পৌলে তেওঁলোকক পৰামর্শ দিব ধৰিলে;
10 ১০ হে মহেচ্ছা অহং নিশ্চযং জানামি যাত্রাযামস্যাম্ অস্মাকং ক্লেশা বহূনামপচযাশ্চ ভৱিষ্যন্তি, তে কেৱলং পোতসামগ্র্যোরিতি নহি, কিন্ত্ৱস্মাকং প্রাণানামপি|
১০তেওঁ ক’লে যে, “হে লোকসকল, মই দেখিছোঁ যে এই যাত্ৰাত আমাৰ বিপদ আৰু বহু ক্ষতি হব; ইয়াত আমাৰ অকল সামগ্ৰী আৰু জাহাজৰে নহয়; আনকি আমাৰ প্ৰাণো সংকটত পৰিব৷”
11 ১১ তদা শতসেনাপতিঃ পৌলোক্তৱাক্যতোপি কর্ণধারস্য পোতৱণিজশ্চ ৱাক্যং বহুমংস্ত|
১১কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷
12 ১২ তৎ খাতং শীতকালে ৱাসার্হস্থানং ন তস্মাদ্ অৱাচীপ্রতীচোর্দিশোঃ ক্রীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তর্হি তত্র শীতকালং যাপযিতুং প্রাযেণ সর্ৱ্ৱে মন্ত্রযামাসুঃ|
১২সেই বন্দৰটো শীতকালত থাকিবৰ বাবে বেছি সুবিধাজনক নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে থকা ক্ৰীতীৰ ফৈনীক বন্দৰ যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে শীত কালৰ সময়খিনি থাকিবৰ আশাৰে বেছি ভাগ নাবিকে তালৈ যাবলৈ ওলোৱা বিষয়টোত মত দিলে৷
13 ১৩ ততঃ পরং দক্ষিণৱাযু র্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্রাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন চলিতৱন্তঃ|
১৩পাছত দক্ষিণৰ বতাহ অলপ বলিবলৈ ধৰাত, তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হোৱা বুলি ভাবি, জাহাজ মেলি ক্ৰীতীৰ ওচৰেদি যাবলৈ ধৰিলে৷
14 ১৪ কিন্ত্ৱল্পক্ষণাৎ পরমেৱ উরক্লুদোন্নামা প্রতিকূলঃ প্রচণ্ডো ৱাযু র্ৱহন্ পোতেঽলগীৎ
১৪কিন্তু অলপ সময়ৰ পাছতে উৰাকুলো নামৰ বৰ ধুমুহা বতাহ দ্ৱীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ বলিব ধৰিলে;
15 ১৫ তস্যাভিমুখং গন্তুম্ পোতস্যাশক্তৎৱাদ্ ৱযং ৱাযুনা স্ৱযং নীতাঃ|
১৫তেতিয়া আমাৰ জাহাজ খন সেই ধুমুহাৰ মাজত সোমাই পৰিল৷ বাধা নেউচি আগবাঢ়িব নোৱাৰাত বতাহৰ গতিত চলি যাবৰ বাবে জাহাজ খনত পাল তৰি দিয়া হ’ল; তেতিয়া বতাহৰ বলতে জাহাজ খন চলি যাব ধৰিলে৷
16 ১৬ অনন্তরং ক্লৌদীনাম্ন উপদ্ৱীপস্য কূলসমীপেন পোতং গমযিৎৱা বহুনা কষ্টেন ক্ষুদ্রনাৱম্ অরক্ষাম|
১৬এনেদৰে আমি কৌদা নামেৰে এটা সৰু দ্ৱীপৰ আঁৰে আঁৰে গৈ থাকিলো; তাতে কোনো প্ৰকাৰে জাহাজৰ লগত থকা সৰু নাও খন তুলি লবলৈ সক্ষম হ’ল৷
17 ১৭ তে তামারুহ্য রজ্জ্চা পোতস্যাধোভাগম্ অবধ্নন্ তদনন্তরং চেৎ পোতো সৈকতে লগতীতি ভযাদ্ ৱাতৱসনান্যমোচযন্ ততঃ পোতো ৱাযুনা চালিতঃ|
১৭তাৰ পাছত নাও খন তুলি লৈ, তাত থকা ৰছী ব্যৱহাৰ কৰি কোনো প্ৰকাৰেৰে জাহাজ খন তলেদি মেৰাই বান্ধিলে; কিন্তু চুর্ত্তি নামৰ বালিৰ বাধাটোত জাহাজ খন লাগিব বুলি ভাবি ভয় খালে আৰু পাল নমাই দি, আগবাঢ়ি যাব ধৰিলে৷
18 ১৮ কিন্তু ক্রমশো ৱাযোঃ প্রবলৎৱাৎ পোতো দোলাযমানোঽভৱৎ পরস্মিন্ দিৱসে পোতস্থানি কতিপযানি দ্রৱ্যাণি তোযে নিক্ষিপ্তানি|
১৮তাতে ধুমুহাৰ প্ৰকোপ বাঢ়ি যোৱাত জাহাজ খন বেয়াকৈ ঢলং-পলং কৰিবলৈ ধৰাত, পাছদিনা তেওঁলোকে জাহাজ খনৰ পৰা কিছুমান সামগ্ৰী পেলাবলৈ ধৰিলে৷
19 ১৯ তৃতীযদিৱসে ৱযং স্ৱহস্তৈঃ পোতসজ্জনদ্রৱ্যাণি নিক্ষিপ্তৱন্তঃ|
১৯তিনি দিনৰ দিনা তেওঁলোকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে৷
20 ২০ ততো বহুদিনানি যাৱৎ সূর্য্যনক্ষত্রাদীনি সমাচ্ছন্নানি ততো ঽতীৱ ৱাত্যাগমাদ্ অস্মাকং প্রাণরক্ষাযাঃ কাপি প্রত্যাশা নাতিষ্ঠৎ|
২০ধুমুহাৰ প্ৰকোপ ক্ৰমে বাঢ়ি থকাত আৰু কেইবাদিনলৈ সূর্য, তৰাও নোলোৱাকৈ থকাত আমাৰ প্ৰাণৰক্ষাৰ সকলো আশা নোহোৱা হৈছিল৷
21 ২১ বহুদিনেষু লোকৈরনাহারেণ যাপিতেষু সর্ৱ্ৱেষাং সাক্ষৎ পৌলস্তিষ্ঠন্ অকথযৎ, হে মহেচ্ছাঃ ক্রীত্যুপদ্ৱীপাৎ পোতং ন মোচযিতুম্ অহং পূর্ৱ্ৱং যদ্ অৱদং তদ্গ্রহণং যুষ্মাকম্ উচিতম্ আসীৎ তথা কৃতে যুষ্মাকম্ এষা ৱিপদ্ এষোঽপচযশ্চ নাঘটিষ্যেতাম্|
২১তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷
22 ২২ কিন্তু সাম্প্রতং যুষ্মান্ ৱিনীয ব্রৱীম্যহং, যূযং ন ক্ষুভ্যত যুষ্মাকম্ একস্যাপি প্রাণিনো হানি র্ন ভৱিষ্যতি, কেৱলস্য পোতস্য হানি র্ভৱিষ্যতি|
২২কিন্তু এতিয়াও মই আপোনালোকক উৎসাহ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হ’ব৷
23 ২৩ যতো যস্যেশ্ৱরস্য লোকোঽহং যঞ্চাহং পরিচরামি তদীয একো দূতো হ্যো রাত্রৌ মমান্তিকে তিষ্ঠন্ কথিতৱান্,
২৩কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
24 ২৪ হে পৌল মা ভৈষীঃ কৈসরস্য সম্মুখে ৎৱযোপস্থাতৱ্যং; তৱৈতান্ সঙ্গিনো লোকান্ ঈশ্ৱরস্তুভ্যং দত্তৱান্|
২৪আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
25 ২৫ অতএৱ হে মহেচ্ছা যূযং স্থিরমনসো ভৱত মহ্যং যা কথাকথি সাৱশ্যং ঘটিষ্যতে মমৈতাদৃশী ৱিশ্ৱাস ঈশ্ৱরে ৱিদ্যতে,
২৫এই কাৰণে, হে মোৰ প্রিয় সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
26 ২৬ কিন্তু কস্যচিদ্ উপদ্ৱীপস্যোপরি পতিতৱ্যম্ অস্মাভিঃ|
২৬কিন্তু আমি কোনো এটা দ্ৱীপত উঠিব লাগিব৷”
27 ২৭ ততঃ পরম্ আদ্রিযাসমুদ্রে পোতস্তথৈৱ দোলাযমানঃ সন্ ইতস্ততো গচ্ছন্ চতুর্দশদিৱসস্য রাত্রে র্দ্ৱিতীযপ্রহরসমযে কস্যচিৎ স্থলস্য সমীপমুপতিষ্ঠতীতি পোতীযলোকা অন্ৱমন্যন্ত|
২৭এনেদৰে ধুমুহাৰ মাজত ইফাল-সিফাল কৰি আন্দ্ৰিয়া সমুদ্ৰত প্ৰায় চৌদ্ধ ৰাতি পাৰ হৈ যোৱাত, মাজনিশা জাহাজৰ খালাচী সকলে বামৰ ওচৰ পালেহি বুলি ভাবিলে৷
28 ২৮ ততস্তে জলং পরিমায তত্র ৱিংশতি র্ৱ্যামা জলানীতি জ্ঞাতৱন্তঃ| কিঞ্চিদ্দূরং গৎৱা পুনরপি জলং পরিমিতৱন্তঃ| তত্র পঞ্চদশ ৱ্যামা জলানি দৃষ্ট্ৱা
২৮তাতে তেওঁলোকে পানী জোখোতে প্ৰায় এক শ বিশ ফুট পালে আৰু অলপ সময়ৰ পাছত আকৌ জোখাত নব্বৈ ফুট পালে৷
29 ২৯ চেৎ পাষাণে লগতীতি ভযাৎ পোতস্য পশ্চাদ্ভাগতশ্চতুরো লঙ্গরান্ নিক্ষিপ্য দিৱাকরম্ অপেক্ষ্য সর্ৱ্ৱে স্থিতৱন্তঃ|
২৯কোনো শিলাময় ঠাইত লাগিব বুলি ভয় কৰি, জাহাজৰ পাছফালে লঙ্গৰ পেলালে আৰু ৰাতিপুৱাবৰ বাবে প্ৰাৰ্থনাৰে বাট চাই থাকিল৷
30 ৩০ কিন্তু পোতীযলোকাঃ পোতাগ্রভাগে লঙ্গরনিক্ষেপং ছলং কৃৎৱা জলধৌ ক্ষুদ্রনাৱম্ অৱরোহ্য পলাযিতুম্ অচেষ্টন্ত|
৩০নাৱৰীয়া সকলে জাহাজ খনৰ আগফালে লঙ্গৰ পেলোৱাৰ ছলেৰে সাগৰত নাও খন নমাই পলোৱাৰ উপায় কৰি থাকোতে,
31 ৩১ ততঃ পৌলঃ সেনাপতযে সৈন্যগণায চ কথিতৱান্, এতে যদি পোতমধ্যে ন তিষ্ঠন্তি তর্হি যুষ্মাকং রক্ষণং ন শক্যং|
৩১পৌলে এশৰ সেনাপতি আৰু সেনাবোৰক ক’লে, “যদিহে এইবোৰ মানুহ জাহাজত নাথাকে তেনেহলে আপোনালোকেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব৷”
32 ৩২ তদা সেনাগণো রজ্জূন্ ছিৎৱা নাৱং জলে পতিতুম্ অদদাৎ|
৩২তেতিয়া পলাবলৈ খোজা লোকসকলে নাৱৰ লেজু কাতি তাক পানীত উটি যাবলৈ দিলে৷
33 ৩৩ প্রভাতসমযে পৌলঃ সর্ৱ্ৱান্ জনান্ ভোজনার্থং প্রার্থ্য ৱ্যাহরৎ, অদ্য চতুর্দশদিনানি যাৱদ্ যূযম্ অপেক্ষমানা অনাহারাঃ কালম্ অযাপযত কিমপি নাভুংগ্ধং|
৩৩পাছত ৰাতিপুৱাৰ সময়ত, পৌলে সকলোকে আহাৰ কৰিবলৈ অনুৰোধ কৰিলে৷ তেওঁ ক’লে, “আজি চৌদ্ধ দিন আপোনালোকে বাট চাই একো নোখোৱাকৈ অনাহাৰে আছে,
34 ৩৪ অতো ৱিনযেঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিরসঃ কেশৈকোপি ন নংক্ষ্যতি|
৩৪সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহ’ব৷”
35 ৩৫ ইতি ৱ্যাহৃত্য পৌলং পূপং গৃহীৎৱেশ্ৱরং ধন্যং ভাষমাণস্তং ভংক্ত্ৱা ভোক্তুম্ আরব্ধৱান্|
৩৫ইয়াকে কৈ তেওঁ পিঠা লৈ, সকলোৰে আগত ঈশ্ৱৰৰ স্তুতি কৰি পিঠাটো ভাঙি ভোজন কৰিলে৷
36 ৩৬ অনন্তরং সর্ৱ্ৱে চ সুস্থিরাঃ সন্তঃ খাদ্যানি পর্প্যগৃহ্লন্|
৩৬তেতিয়া সকলোৱে উৎসাহিত হৈ নিজ নিজ আহাৰ গ্ৰহন কৰিলে৷
37 ৩৭ অস্মাকং পোতে ষট্সপ্তত্যধিকশতদ্ৱযলোকা আসন্|
৩৭জাহাজত আমি দুই শ ছয়সওৰ জন লোক আছিলোঁ৷
38 ৩৮ সর্ৱ্ৱেষু লোকেষু যথেষ্টং ভুক্তৱৎসু পোতস্থন্ গোধূমান্ জলধৌ নিক্ষিপ্য তৈঃ পোতস্য ভারো লঘূকৃতঃ|
৩৮সকলোৱে আহাৰ কৰি তৃপ্ত হোৱাত, তেওঁলোকে জাহাজ খনৰ ওজন কমাবলৈ ঘেহুঁবোৰ সাগৰত দলিয়াই দিলে৷
39 ৩৯ দিনে জাতেঽপি স কো দেশ ইতি তদা ন পর্য্যচীযত; কিন্তু তত্র সমতটম্ একং খাতং দৃষ্ট্ৱা যদি শক্নুমস্তর্হি ৱযং তস্যাভ্যন্তরং পোতং গমযাম ইতি মতিং কৃৎৱা তে লঙ্গরান্ ছিত্ত্ৱা জলধৌ ত্যক্তৱন্তঃ|
৩৯পাছত যেতিয়া দিন হ’ল, তেতিয়াও তেওঁলোকে সেই অঞ্চল চিনি নাপালে, কিন্তু সমান তীৰেৰে এডোখৰ ঘুপীয়া ঠাই দেখি জাহাজ খন তাত সুমুৱাবলৈ চেষ্টা কৰিলে৷
40 ৪০ তথা কর্ণবন্ধনং মোচযিৎৱা প্রধানং ৱাতৱসনম্ উত্তোল্য তীরসমীপং গতৱন্তঃ|
৪০সেইবাবে লঙ্গৰবোৰ কাতি সাগৰত পেলাই দিলে আৰু একে সময়তে হালিৰ বান্ধ খুলি দি, বতাহত পাল তৰি সেই তীৰলৈ আগবাঢ়ি গ’ল৷
41 ৪১ কিন্তু দ্ৱযোঃ সমুদ্রযোঃ সঙ্গমস্থানে সৈকতোপরি পোতে নিক্ষিপ্তে ঽগ্রভাগে বাধিতে পশ্চাদ্ভাগে প্রবলতরঙ্গোঽলগৎ তেন পোতো ভগ্নঃ|
৪১কিন্তু জাহাজ খন আহি আহি দুখন সাগৰৰ সঙ্গম স্থলৰ এক অশান্ত অঞ্চলত সোমাই পৰিল; তাতে জাহাজৰ আগ অংশটো বালিত খুন্দা খোৱাত, জাহাজ খন নলৰাকৈ লাগি ধৰিল আৰু পাছ অংশটো ভাঙি যাব ধৰিলে৷
42 ৪২ তস্মাদ্ বন্দযশ্চেদ্ বাহুভিস্তরন্তঃ পলাযন্তে ইত্যাশঙ্কযা সেনাগণস্তান্ হন্তুম্ অমন্ত্রযৎ;
৪২সেনা সকলে বন্দীবোৰ সাঁতুৰি পলায় বুলি ভাবি তেওঁলোকে সেই বন্দী সকলক বধ কৰাৰ আচনি কৰিছিল;
43 ৪৩ কিন্তু শতসেনাপতিঃ পৌলং রক্ষিতুং প্রযত্নং কৃৎৱা তান্ তচ্চেষ্টাযা নিৱর্ত্য ইত্যাদিষ্টৱান্, যে বাহুতরণং জানন্তি তেঽগ্রে প্রোল্লম্প্য সমুদ্রে পতিৎৱা বাহুভিস্তীর্ত্ত্ৱা কূলং যান্তু|
৪৩কিন্তু এশৰ সেনাপতিয়ে পৌলক ৰক্ষা কৰাৰ মনেৰে নিজে সেনা সকলৰ উদ্দেশ্যৰ পৰা তেওঁলোকক নিষেধ কৰি, এই আজ্ঞা দিলে যে, ‘যিবোৰে সাঁতুৰিব জানে, সেইবোৰে যেন আগেয়ে জাঁপ মাৰি সাঁতুৰি বামলৈ যাওক’;
44 ৪৪ অপরম্ অৱশিষ্টা জনাঃ কাষ্ঠং পোতীযং দ্রৱ্যং ৱা যেন যৎ প্রাপ্যতে তদৱলম্ব্য যান্তু; ইত্থং সর্ৱ্ৱে ভূমিং প্রাপ্য প্রাণৈ র্জীৱিতাঃ|
৪৪আৰু বাকিবোৰে জাহাজৰ কাঠৰ পাট বা আন কোনো জাহাজৰ বস্তুৰ সহায় লৈ পাছে পাছে যাবলৈ কোৱাত, আমি সকলোৱে বামত উঠি ৰক্ষা পালোঁ৷

< প্রেরিতাঃ 27 >