< ১ করিন্থিনঃ 7 >

1 অপরঞ্চ যুষ্মাভি র্মাং প্রতি যৎ পত্রমলেখি তস্যোত্তরমেতৎ, যোষিতোঽস্পর্শনং মনুজস্য ৱরং;
এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল, সেই বিষয়ে উত্তৰ দিওঁ; এজন পুৰুষে বিয়া নকৰাই ভাল;
2 কিন্তু ৱ্যভিচারভযাদ্ একৈকস্য পুংসঃ স্ৱকীযভার্য্যা ভৱতু তদ্ৱদ্ একৈকস্যা যোষিতো ঽপি স্ৱকীযভর্ত্তা ভৱতু|
কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
3 ভার্য্যাযৈ ভর্ত্রা যদ্যদ্ ৱিতরণীযং তদ্ ৱিতীর্য্যতাং তদ্ৱদ্ ভর্ত্রেঽপি ভার্য্যযা ৱিতরণীযং ৱিতীর্য্যতাং|
শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক।
4 ভার্য্যাযাঃ স্ৱদেহে স্ৱৎৱং নাস্তি ভর্ত্তুরেৱ, তদ্ৱদ্ ভর্ত্তুরপি স্ৱদেহে স্ৱৎৱং নাস্তি ভার্য্যাযা এৱ|
ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে।
5 উপোষণপ্রার্থনযোঃ সেৱনার্থম্ একমন্ত্রণানাং যুষ্মাকং কিযৎকালং যাৱদ্ যা পৃথক্স্থিতি র্ভৱতি তদন্যো ৱিচ্ছেদো যুষ্মন্মধ্যে ন ভৱতু, ততঃ পরম্ ইন্দ্রিযাণাম্ অধৈর্য্যাৎ শযতান্ যদ্ যুষ্মান্ পরীক্ষাং ন নযেৎ তদর্থং পুনরেকত্র মিলত|
আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
6 এতদ্ আদেশতো নহি কিন্ত্ৱনুজ্ঞাত এৱ মযা কথ্যতে,
মই এই সকলো কথা আপোনালোকক আজ্ঞাৰ দিয়াৰ দৰে যে কৈছোঁ, এনে নহয়; কিন্তু অনুমতিহে মাথোন দিছোঁ।
7 যতো মমাৱস্থেৱ সর্ৱ্ৱমানৱানামৱস্থা ভৱৎৱিতি মম ৱাঞ্ছা কিন্ত্ৱীশ্ৱরাদ্ একেনৈকো ৱরোঽন্যেন চান্যো ৱর ইত্থমেকৈকেন স্ৱকীযৱরো লব্ধঃ|
মোৰ ইচ্ছা, সকলোৱেই যেন মোৰ নিচিনা হয়। কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰ দান পাইছে, এজনে এক প্ৰকাৰে, আন জনে আন প্ৰকাৰে।
8 অপরম্ অকৃতৱিৱাহান্ ৱিধৱাশ্চ প্রতি মমৈতন্নিৱেদনং মমেৱ তেষামৱস্থিতি র্ভদ্রা;
অবিবাহিত আৰু বিধৱা সকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে, তেনেহলে ভাল।
9 কিঞ্চ যদি তৈরিন্দ্রিযাণি নিযন্তুং ন শক্যন্তে তর্হি ৱিৱাহঃ ক্রিযতাং যতঃ কামদহনাদ্ ৱ্যূঢৎৱং ভদ্রং|
কিন্তু ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল।
10 ১০ যে চ কৃতৱিৱাহাস্তে মযা নহি প্রভুনৈৱৈতদ্ আজ্ঞাপ্যন্তে|
১০এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।”
11 ১১ ভার্য্যা ভর্ত্তৃতঃ পৃথক্ ন ভৱতু| যদি ৱা পৃথগ্ভূতা স্যাৎ তর্হি নির্ৱিৱাহা তিষ্ঠতু স্ৱীযপতিনা ৱা সন্দধাতু ভর্ত্তাপি ভার্য্যাং ন ত্যজতু|
১১কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু “স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক”।
12 ১২ ইতরান্ জনান্ প্রতি প্রভু র্ন ব্রৱীতি কিন্ত্ৱহং ব্রৱীমি; কস্যচিদ্ ভ্রাতুর্যোষিদ্ অৱিশ্ৱাসিনী সত্যপি যদি তেন সহৱাসে তুষ্যতি তর্হি সা তেন ন ত্যজ্যতাং|
১২এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক।
13 ১৩ তদ্ৱৎ কস্যাশ্চিদ্ যোষিতঃ পতিরৱিশ্ৱাসী সন্নপি যদি তযা সহৱাসে তুষ্যতি তর্হি স তযা ন ত্যজ্যতাং|
১৩আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে।
14 ১৪ যতোঽৱিশ্ৱাসী ভর্ত্তা ভার্য্যযা পৱিত্রীভূতঃ, তদ্ৱদৱিশ্ৱাসিনী ভার্য্যা ভর্ত্রা পৱিত্রীভূতা; নোচেদ্ যুষ্মাকমপত্যান্যশুচীন্যভৱিষ্যন্ কিন্ত্ৱধুনা তানি পৱিত্রাণি সন্তি|
১৪কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান।
15 ১৫ অৱিশ্ৱাসী জনো যদি ৱা পৃথগ্ ভৱতি তর্হি পৃথগ্ ভৱতু; এতেন ভ্রাতা ভগিনী ৱা ন নিবধ্যতে তথাপি ৱযমীশ্ৱরেণ শান্তযে সমাহূতাঃ|
১৫তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে।
16 ১৬ হে নারি তৱ ভর্ত্তুঃ পরিত্রাণং ৎৱত্তো ভৱিষ্যতি ন ৱেতি ৎৱযা কিং জ্ঞাযতে? হে নর তৱ জাযাযাঃ পরিত্রাণং ৎৱত্তে ভৱিষ্যতি ন ৱেতি ৎৱযা কিং জ্ঞাযতে?
১৬হে বিশ্বাসী ভার্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভার্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা?
17 ১৭ একৈকো জনঃ পরমেশ্ৱরাল্লব্ধং যদ্ ভজতে যস্যাঞ্চাৱস্থাযাম্ ঈশ্ৱরেণাহ্ৱাযি তদনুসারেণৈৱাচরতু তদহং সর্ৱ্ৱসমাজস্থান্ আদিশামি|
১৭প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।
18 ১৮ ছিন্নৎৱগ্ ভৃৎৱা য আহূতঃ স প্রকৃষ্টৎৱক্ ন ভৱতু, তদ্ৱদ্ অছিন্নৎৱগ্ ভূৎৱা য আহূতঃ স ছিন্নৎৱক্ ন ভৱতু|
১৮কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই।
19 ১৯ ৎৱক্ছেদঃ সারো নহি তদ্ৱদৎৱক্ছেদোঽপি সারো নহি কিন্ত্ৱীশ্ৱরস্যাজ্ঞানাং পালনমেৱ|
১৯চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা।
20 ২০ যো জনো যস্যামৱস্থাযামাহ্ৱাযি স তস্যামেৱাৱতিষ্ঠতাং|
২০ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে, তেওঁ সেই অৱস্থাতে থাকক।
21 ২১ দাসঃ সন্ ৎৱং কিমাহূতোঽসি? তন্মা চিন্তয, তথাচ যদি স্ৱতন্ত্রো ভৱিতুং শক্নুযাস্তর্হি তদেৱ ৱৃণু|
২১যেতিয়া ঈশ্বৰে তোমাক আমন্ত্রণ কৰিছিল, তেতিয়া তুমি দাস আছিলা নেকি? ইয়াকে লৈ একো চিন্তা নকৰিবা; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা, তাক গ্রহণ কৰা।
22 ২২ যতঃ প্রভুনাহূতো যো দাসঃ স প্রভো র্মোচিতজনঃ| তদ্ৱদ্ তেনাহূতঃ স্ৱতন্ত্রো জনোঽপি খ্রীষ্টস্য দাস এৱ|
২২দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে, তেওঁ প্রভুৰ মুক্ত লোক। সেইদৰে, যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে, তেওঁ খ্ৰীষ্টৰ দাস।
23 ২৩ যূযং মূল্যেন ক্রীতা অতো হেতো র্মানৱানাং দাসা মা ভৱত|
২৩মূল্য দি আপোনালোক সকলোকে কিনা হৈছে, সেয়ে মানুহৰ দাস নহ’ব।
24 ২৪ হে ভ্রাতরো যস্যামৱস্থাযাং যস্যাহ্ৱানমভৱৎ তযা স ঈশ্ৱরস্য সাক্ষাৎ তিষ্ঠতু|
২৪ভাই-ভনী সকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলোঁ, আমি সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকোঁহক।
25 ২৫ অপরম্ অকৃতৱিৱাহান্ জনান্ প্রতি প্রভোঃ কোঽপ্যাদেশো মযা ন লব্ধঃ কিন্তু প্রভোরনুকম্পযা ৱিশ্ৱাস্যো ভূতোঽহং যদ্ ভদ্রং মন্যে তদ্ ৱদামি|
২৫যি সকলৰ বিয়া হোৱা নাই, তেওঁলোকৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ।
26 ২৬ ৱর্ত্তমানাৎ ক্লেশসমযাৎ মনুষ্যস্যানূঢৎৱং ভদ্রমিতি মযা বুধ্যতে|
২৬সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল।
27 ২৭ ৎৱং কিং যোষিতি নিবদ্ধোঽসি তর্হি মোচনং প্রাপ্তুং মা যতস্ৱ| কিং ৱা যোষিতো মুক্তোঽসি? তর্হি জাযাং মা গৱেষয|
২৭তুমি কোনো মহিলাৰে সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নেকি? তেনেহলে মুক্ত হ’বলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছা নেকি অর্থাৎ অবিবাহিত নেকি? তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা।
28 ২৮ ৱিৱাহং কুর্ৱ্ৱতা ৎৱযা কিমপি নাপারাধ্যতে তদ্ৱদ্ ৱ্যূহ্যমানযা যুৱত্যাপি কিমপি নাপরাধ্যতে তথাচ তাদৃশৌ দ্ৱৌ জনৌ শারীরিকং ক্লেশং লপ্স্যেতে কিন্তু যুষ্মান্ প্রতি মম করুণা ৱিদ্যতে|
২৮কিন্তু তুমি যদি বিয়াও কৰোঁৱা, তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰাই, তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ।
29 ২৯ হে ভ্রাতরোঽহমিদং ব্রৱীমি, ইতঃ পরং সমযোঽতীৱ সংক্ষিপ্তঃ,
২৯কিন্তু, হে ভাই-ভনী সকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই;
30 ৩০ অতঃ কৃতদারৈরকৃতদারৈরিৱ রুদদ্ভিশ্চারুদদ্ভিরিৱ সানন্দৈশ্চ নিরানন্দৈরিৱ ক্রেতৃভিশ্চাভাগিভিরিৱাচরিতৱ্যং
৩০যি সকলে ক্রন্দন কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই।
31 ৩১ যে চ সংসারে চরন্তি তৈ র্নাতিচরিতৱ্যং যত ইহলেকস্য কৌতুকো ৱিচলতি|
৩১যি সকল জাগতিক বিষয়ত জড়িত, তেওঁলোকে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হ’ব ধৰিছে।।
32 ৩২ কিন্তু যূযং যন্নিশ্চিন্তা ভৱেতেতি মম ৱাঞ্ছা| অকৃতৱিৱাহো জনো যথা প্রভুং পরিতোষযেৎ তথা প্রভুং চিন্তযতি,
৩২মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব।
33 ৩৩ কিন্তু কৃতৱিৱাহো জনো যথা ভার্য্যাং পরিতোষযেৎ তথা সংসারং চিন্তযতি|
৩৩কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব।
34 ৩৪ তদ্ৱদ্ ঊঢযোষিতো ঽনূঢা ৱিশিষ্যতে| যানূঢা সা যথা কাযমনসোঃ পৱিত্রা ভৱেৎ তথা প্রভুং চিন্তযতি যা চোঢা সা যথা ভর্ত্তারং পরিতোষযেৎ তথা সংসারং চিন্তযতি|
৩৪তেওঁ ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব।
35 ৩৫ অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পরিক্ষিপেযং তদর্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্রভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদর্থমেতানি সর্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|
৩৫মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে।
36 ৩৬ কস্যচিৎ কন্যাযাং যৌৱনপ্রাপ্তাযাং যদি স তস্যা অনূঢৎৱং নিন্দনীযং ৱিৱাহশ্চ সাধযিতৱ্য ইতি মন্যতে তর্হি যথাভিলাষং করোতু, এতেন কিমপি নাপরাৎস্যতি ৱিৱাহঃ ক্রিযতাং|
৩৬তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়।
37 ৩৭ কিন্তু দুঃখেনাক্লিষ্টঃ কশ্চিৎ পিতা যদি স্থিরমনোগতঃ স্ৱমনোঽভিলাষসাধনে সমর্থশ্চ স্যাৎ মম কন্যা মযা রক্ষিতৱ্যেতি মনসি নিশ্চিনোতি চ তর্হি স ভদ্রং কর্ম্ম করোতি|
৩৭কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলে তেওঁৰ ওপৰত কোনো চাপ নাই৷ তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেওঁ যদি তাইক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহলে তেওঁ ঠিক কার্যই কৰে।
38 ৩৮ অতো যো ৱিৱাহং করোতি স ভদ্রং কর্ম্ম করোতি যশ্চ ৱিৱাহং ন করোতি স ভদ্রতরং কর্ম্ম করোতি|
৩৮এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে।
39 ৩৯ যাৱৎকালং পতি র্জীৱতি তাৱদ্ ভার্য্যা ৱ্যৱস্থযা নিবদ্ধা তিষ্ঠতি কিন্তু পত্যৌ মহানিদ্রাং গতে সা মুক্তীভূয যমভিলষতি তেন সহ তস্যা ৱিৱাহো ভৱিতুং শক্নোতি, কিন্ত্ৱেতৎ কেৱলং প্রভুভক্তানাং মধ্যে|
৩৯স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।
40 ৪০ তথাচ সা যদি নিষ্পতিকা তিষ্ঠতি তর্হি তস্যাঃ ক্ষেমং ভৱিষ্যতীতি মম ভাৱঃ| অপরম্ ঈশ্ৱরস্যাত্মা মমাপ্যন্ত র্ৱিদ্যত ইতি মযা বুধ্যতে|
৪০কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে, তেনেহলে আৰু অধিক সুখী হ’ব। মই ভাৱো যে মোতো ঈশ্বৰৰ আত্মা আছে।

< ১ করিন্থিনঃ 7 >