< প্ৰকাশিতং 1 >

1 যৎ প্ৰকাশিতং ৱাক্যম্ ঈশ্ৱৰঃ স্ৱদাসানাং নিকটং শীঘ্ৰমুপস্থাস্যন্তীনাং ঘটনানাং দৰ্শনাৰ্থং যীশুখ্ৰীষ্টে সমৰ্পিতৱান্ তৎ স স্ৱীযদূতং প্ৰেষ্য নিজসেৱকং যোহনং জ্ঞাপিতৱান্|
অলপতে যি যি ঘটিবলগীয়া আছে, সেই বিষয়ে যীচু খ্ৰীষ্টে তেওঁৰ দাস সকলক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য৷ এই বাক্য তেওঁ দূতৰ যোগেদি যোহনক জনালে৷
2 স চেশ্ৱৰস্য ৱাক্যে খ্ৰীষ্টস্য সাক্ষ্যে চ যদ্যদ্ দৃষ্টৱান্ তস্য প্ৰমাণং দত্তৱান্|
যোহনে ঈশ্বৰৰ বাক্য আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, অৰ্থাৎ যি যি দৰ্শন পালে, সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে।
3 এতস্য ভৱিষ্যদ্ৱক্তৃগ্ৰন্থস্য ৱাক্যানাং পাঠকঃ শ্ৰোতাৰশ্চ তন্মধ্যে লিখিতাজ্ঞাগ্ৰাহিণশ্চ ধন্যা যতঃ স কালঃ সন্নিকটঃ|
যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যি সকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁলোকো ধন্য; কিয়নো কাল ওচৰ।
4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্ৰতি পত্ৰং লিখতি| যো ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখে তিষ্ঠন্তি
যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক,
5 যশ্চ যীশুখ্ৰীষ্টো ৱিশ্ৱস্তঃ সাক্ষী মৃতানাং মধ্যে প্ৰথমজাতো ভূমণ্ডলস্থৰাজানাম্ অধিপতিশ্চ ভৱতি, এতেভ্যো ঽনুগ্ৰহঃ শান্তিশ্চ যুষ্মাসু ৱৰ্ত্ততাং|
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
6 যো ঽস্মাসু প্ৰীতৱান্ স্ৱৰুধিৰেণাস্মান্ স্ৱপাপেভ্যঃ প্ৰক্ষালিতৱান্ তস্য পিতুৰীশ্ৱৰস্য যাজকান্ কৃৎৱাস্মান্ ৰাজৱৰ্গে নিযুক্তৱাংশ্চ তস্মিন্ মহিমা পৰাক্ৰমশ্চানন্তকালং যাৱদ্ ৱৰ্ত্ততাং| আমেন্| (aiōn g165)
তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn g165)
7 পশ্যত স মেঘৈৰাগচ্ছতি তেনৈকৈকস্য চক্ষুস্তং দ্ৰক্ষ্যতি যে চ তং ৱিদ্ধৱন্তস্তে ঽপি তং ৱিলোকিষ্যন্তে তস্য কৃতে পৃথিৱীস্থাঃ সৰ্ৱ্ৱে ৱংশা ৱিলপিষ্যন্তি| সত্যম্ আমেন্|
চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
8 ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ যঃ সৰ্ৱ্ৱশক্তিমান্ প্ৰভুঃ পৰমেশ্ৱৰঃ স গদতি, অহমেৱ কঃ ক্ষশ্চাৰ্থত আদিৰন্তশ্চ|
প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
9 যুষ্মাকং ভ্ৰাতা যীশুখ্ৰীষ্টস্য ক্লেশৰাজ্যতিতিক্ষাণাং সহভাগী চাহং যোহন্ ঈশ্ৱৰস্য ৱাক্যহেতো ৰ্যীশুখ্ৰীষ্টস্য সাক্ষ্যহেতোশ্চ পাত্মনামক উপদ্ৱীপ আসং|
আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ।
10 ১০ তত্ৰ প্ৰভো ৰ্দিনে আত্মনাৱিষ্টো ঽহং স্ৱপশ্চাৎ তূৰীধ্ৱনিৱৎ মহাৰৱম্ অশ্ৰৌষং,
১০মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ; মোৰ পাছফালে তূৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ।
11 ১১ তেনোক্তম্, অহং কঃ ক্ষশ্চাৰ্থত আদিৰন্তশ্চ| ৎৱং যদ্ দ্ৰক্ষ্যসি তদ্ গ্ৰন্থে লিখিৎৱাশিযাদেশস্থানাং সপ্ত সমিতীনাং সমীপম্ ইফিষং স্মুৰ্ণাং থুযাতীৰাং সাৰ্দ্দিং ফিলাদিল্ফিযাং লাযদীকেযাঞ্চ প্ৰেষয|
১১তাতে তেওঁ ক’লে, “তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
12 ১২ ততো মযা সম্ভাষমাণস্য কস্য ৰৱঃ শ্ৰূযতে তদ্দৰ্শনাৰ্থং মুখং পৰাৱৰ্ত্তিতং তৎ পৰাৱৰ্ত্য স্ৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষা দৃষ্টাঃ|
১২তাতে মোক কথা কোৱা সেই কণ্ঠস্বৰ চাবলৈ ঘুৰিলোঁ আৰু তাতে মই সোণৰ সাতটা দীপাধাৰ দেখিলোঁ।
13 ১৩ তেষাং সপ্ত দীপৱৃক্ষাণাং মধ্যে দীৰ্ঘপৰিচ্ছদপৰিহিতঃ সুৱৰ্ণশৃঙ্খলেন ৱেষ্টিতৱক্ষশ্চ মনুষ্যপুত্ৰাকৃতিৰেকো জনস্তিষ্ঠতি,
১৩আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ; তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা।
14 ১৪ তস্য শিৰঃ কেশশ্চ শ্ৱেতমেষলোমানীৱ হিমৱৎ শ্ৰেতৌ লোচনে ৱহ্নিশিখাসমে
১৪তেওঁৰ মুৰ আৰু চুলি, বগা মেষৰ নোম আৰু হিমৰ নিচিনা বগা; তেওঁৰ চকু অগ্নিশিখাৰ তুল্য;
15 ১৫ চৰণৌ ৱহ্নিকুণ্ডেতাপিতসুপিত্তলসদৃশৌ ৰৱশ্চ বহুতোযানাং ৰৱতুল্যঃ|
১৫তেওঁৰ চৰণ চক্‌চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল।
16 ১৬ তস্য দক্ষিণহস্তে সপ্ত তাৰা ৱিদ্যন্তে ৱক্ত্ৰাচ্চ তীক্ষ্ণো দ্ৱিধাৰঃ খঙ্গো নিৰ্গচ্ছতি মুখমণ্ডলঞ্চ স্ৱতেজসা দেদীপ্যমানস্য সূৰ্য্যস্য সদৃশং|
১৬তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷ তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
17 ১৭ তং দৃষ্ট্ৱাহং মৃতকল্পস্তচ্চৰণে পতিতস্ততঃ স্ৱদক্ষিণকৰং মযি নিধায তেনোক্তম্ মা ভৈষীঃ; অহম্ আদিৰন্তশ্চ|
১৭যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ,
18 ১৮ অহম্ অমৰস্তথাপি মৃতৱান্ কিন্তু পশ্যাহম্ অনন্তকালং যাৱৎ জীৱামি| আমেন্| মৃত্যোঃ পৰলোকস্য চ কুঞ্জিকা মম হস্তগতাঃ| (aiōn g165, Hadēs g86)
১৮আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে। (aiōn g165, Hadēs g86)
19 ১৯ অতো যদ্ ভৱতি যচ্চেতঃ পৰং ভৱিষ্যতি ৎৱযা দৃষ্টং তৎ সৰ্ৱ্ৱং লিখ্যতাং|
১৯গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।
20 ২০ মম দক্ষিণহস্তে স্থিতা যাঃ সপ্ত তাৰা যে চ স্ৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষাস্ত্ৱযা দৃষ্টাস্তত্তাৎপৰ্য্যমিদং তাঃ সপ্ত তাৰাঃ সপ্ত সমিতীনাং দূতাঃ সুৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষাশ্চ সপ্ত সমিতযঃ সন্তি|
২০মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।

< প্ৰকাশিতং 1 >