< Maluko 6 >
1 Na ahepa ipo nabhale humuji ni wabho asundwa abhakwe bhahadaga.
১তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল।
2 Ulutuyo palwahafiha, ali anza amanyizywe mwi Sinagogi. Abhantu abhinji bhahamuvhaga. Naswijiziwe bhahayaga, “Azwajile wihiizi izywa manyizwa?” “Liphana ashi ili ilwapewilwe?” “Abhomba amanjele iga humakhono gakwe?”
২পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?
3 “Ishi unu sawa selemala, umwana wa Maria uholo wabho aYakobo, Yose, Yuda na Simoni? Je adada bhakwe tukhalanabho mumu nanthi?” Hakufulaisha nu Yesu.
৩ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
4 U Yesu abhabhula, “Ukuwa haga akosa awogopwe, ilakati yikhaya yakwe na mubhamo muholo bhakwe na munyumba mwakwe.”
৪তেতিয়া যীচুৱে তেওঁলোকক কলে, “আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।”
5 Hagawezyaga abhombe amanjele epo, lelo abheha amakhono abhini bhashe abhaponwa.
৫সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷
6 Ahaswiga sana pasaga wamini wabho. Ajendelela ikhaya izywapalamani ahamanyizya.
৬তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।
7 Ahabha kuga asudwa bhakwe ilongo limo nabhantu bhabhili ahanda atume bhabhili bhabhili. Apela amulaka juu yipepo ichafu,
৭যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,
8 na bhamulile bhaanganje aweje hahunti pabhajenda ila ulusansotu bhanganda aweje ibumunda wala ifhulushi wala ihela pahosi;
৮এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়;
9 lelo bhakwataje ishilato, lelo siyo amakanzu gabhili.
৯আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
10 Ahabhabhula, “Nyumba yayundti iyamunza winjile, khalanji upa pamwaishila.
১০যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।
11 Ikhaya yayundti iyasi habhejela wala abhuvhe, shilaji pabhene, kunyu ntaji amakundi agamagaga genyu, bhawiloleje abene.”
১১কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
12 Nabhope bhahashila bhatangazwa abhantu bhalambaje imbivhi zyabho.
১২পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন কৰিবলৈ প্রচাৰ কৰিলে;
13 Bhanyi ipepo inyinji, na bhapahaga amafuta abhinu bhaponaga.
১৩বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
14 Utawala uHalode pahuvhwa ingo, afutane itawa lwa Yesu lwamanyishe sana. Bhamo bhayanga, “U Yohana uyabhozwa azyushile pipo isho inkuniimaanjele ibhomba imbombo mhati yakwe.”
১৪এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”।
15 Bhamo bhahayanga huje, “Unu yu Eliya,” Lelo bhamo bhayanga, “Unu yukuwa, uwali nishi bhala akuwa abhimandi.”
১৫কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”।
16 Lelo uHalode pahuvhaigo ahayanga, “Ahaga uYohana, uwihandumule itwe azywushile.”
১৬কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”।
17 Lelo Helode yuyo alajizwe huje uYohana akhatwe ahapinya nahubhishe mwigeleza hunongwa Herodia (ushi wa kuluwakwe Filipo) pipo lelo umwene ali agojile.
১৭কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
18 Lelo uYohana ali abhulile uHerode, “Sagashizha aweje ushi uwa khulubho.”
১৮আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”।
19 Lelo uHerodia ahanda huvhitililwe na azaga ahugoje, lelo haga awezizwe,
১৯এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল।
20 lelo uHerode amwogupe uYohana; amenye muntu wana lwoli nzhelu ahaleha huwinza, pahendelela hu mwuvhe. Asulumana sana lelo ahamoga hutejelezywe.
২০কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
21 Po uhafi uwakati uwene pabhelaga isiku ilwa papwe Herode abhandalila atalamu abhakwe ishelehe, na adadamu nalongozi ami Galialaya.
২১কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
22 Phipo ulendu wa Herodia ahinjila nacheze witazi wabhene, afulaiswa uHarode na jenyu abhakhile uwakati uwishalwe shalwevhela. Epo utawala abhula ulendu, “Undavhe hahondti uwaza nani izahupele.”
২২তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
23 Alapilizya huje, hahudi hubha ndavhe, izahupele, ahata inusu iyitala wani.”
২৩আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
24 Afuma huzi avhuzya anyina wakwe, “Indavhe yenu?” Abhula, “Itwe ilwa Yohana uwa Wonza.”
২৪তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।”
25 Shisho ahinjila watawala ahanda ayanje, “Iwaza muhati musahani, itwe lwa Yohana uyawozwa.”
২৫তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”
26 Utawala aswiga sana, lelo ululapo ulwalapile na ajenyi, haga hawezywa hukhanile ilwa labhile.
২৬তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে,
27 Isho, mutawala ahatuma asinjala abha gulaga abhalajizywe abhale alilete itwelwa yahanaulizi abhatile adumule wijela.
২৭তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে,
28 Ahaleta itwe kwenye sahani na hupele ulindu ulindu apela unyina wakwe.
২৮আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।
29 Asundwa bhakwe pabha huvha isho, bhahabhala abhale aweje ubhilyi gwakwe bhala asywile hunghugwa.
২৯পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গ’ল আৰু মৈদাম দিলে।
30 Atumwa bha bhungana witazi wa Yesu, bhabhula gunthi agabhombile na gabhamanyizyaga.
৩০পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
31 Wope abhabhula, “Izaji mwemwe pasili tutuye hashe.” Abhantu abhinji bhali bhahweza nashile wala habhapata inafusi iyolye.
৩১তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
32 Bhinjila mumashuwa bhala amahali pasili bhene.
৩২তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।
33 Lelo bhahabha lola pabhashila bhahabhamanya abhahanyila lwimagaga upaka humiji guthi, bhope bhafiha shavhasili abhene.
৩৩কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল।
34 Pahafiha pwani, bhalola ibhuga ingosi bhahabhasajila, pipo bhali nishi ingole izwasazili nu ndimii. Ahanda abha manyizye amambo aminji.
৩৪যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
35 Abhazyo pahedelela sana, asudwa abhahemwizila bhaha bhula,”Ipa tuli mahali pisili umuda gubhalile.
৩৫পাছত দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গ’ল;
36 Ubhalaje bhashilaje aweze ishalye humiji hujiji ivipipi.”
৩৬গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেখেত সকলে ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
37 Lelo abhajibhula ayanga, “Bhapeli amwe ishalye.” Tugawezwa awepe nakale amabumunda angisamani na mimbili tubhapele hahalye?”
৩৭কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”?
38 Ahabhabhula,” Muna amabumunda galinga? Mubhale mwenye.” pabhavhaga bhahabhula, “Amabumunda gasanu ni samaji nsivhile.”
৩৮কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”।
39 Bhahamuliswa abhantu bhakhale mumasole amolo.
৩৯তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে।
40 Bhaha khazywa makundi; makundi mamia na amhamsini.
৪০তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল।
41 Ahenga amabumunda gasanu na samaki zibhili, na wenye humwanya, ahasanya aha pela asudwa waweke mbele ya umati. Bhabhishe nasamaki zibhili, na zitatu wabhathu bhuthi.
৪১তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদকৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
42 Bhahalya bhuthi bhayile.
৪২তাতে সকলোৱে খাই তৃপ্ত হ’ল।
43 Bhabhunganya amabumuda sangile, Vyaha mema ivitundu vhibhele, nivindumushila ivisamaki.
৪৩পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে।
44 Bhali alume elufuzisanu abhalile amabunda.
৪৪সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
45 Abhabhula huje bhande mashua bhabhale isemu iyinji, Bethsaida, uwakati abhalaga ulubhungano.
৪৫তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
46 Pabha habha bhashila, abhala wi gamba alavhe.
৪৬তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
47 Pawahahavha shalyevhela na mashua yabho ulwo ili pahati pazhumbi alimwene panzi inyumu.
৪৭সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজত পাইছিল আৰু তেওঁ অকলে বামত অাছিল।
48 Ahalola bhatamiwa akhome makasiapipo ihala ihapingaga. Pahuhabha hupambazuha nashaphii abha bhalila, ajendaga amizi ahazaga ashizanye.
৪৮পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে।
49 Lelo pahalola ajenda amwanya iyimeze, bhapata uwasi wasi bhagazimu hata bhakhola.
৪৯কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞৰি উঠিল;
50 pipo bhahalola vhahijila ishaka. Ahagana yanje anabho abhabhula, “Mubhanje bhadadamu! nene! Mganje abhe nihofu.”
৫০কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকৰ সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
51 Ahinjila muhati mumashua, na ihala ihaleha avungume na haswiga kabisa.
৫১পাছত তেওঁ শিষ্য সকলৰ লগত নাৱত উঠিল আৰু বতাহো নাইকিয়া হ’ব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে;
52 Haga bhahelewa imana iyagala amabumunda. Injele zhwabho zyalidodo.
৫২কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
53 Bhope pali bhaloushe isyila bhafiha insi ya Genesareti mashua ikati nanga.
৫৩তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাও খন লগালে।
54 Pabhahaguma huzi iye mashua, bhahatabula.
৫৪আৰু তেওঁলোকে নাৱৰ পৰা নামি আহোতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পালে৷
55 Bhahanyila atangazwe mkowa gwundhi bhahandu abhalete avhinu mzego mzega, shila pahuvhaga huje awiza.
৫৫তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
56 Pundi pahinjilaga huvijiji, au mumiji, au munzhi, bhabhihaga avhinu pasoko, bhalamba huje bhapala mazhwaje amenda gakwe. Na bhundti abhakhete bhaponile.
৫৬তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।