< Luka 3 >

1 Umwaha, ugwa kumi na tano owalongozye hwakwe Kaisari Tiberia, Pantio Pilato nali liwali owayahudi, na Herode omwene owa Galilaya, no Filipo oholo wakwe omwene uwa Iturea nensi eya Trakoniti, na Lisania no mwene owa Abilene,
তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।
2 Wakati owa kohani ogosi owa anasi no Kayafa, izu elya NGOLOBHE lya fishiye oYohana omwana owa Zakaria, mwipoli.
হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।
3 Afishele mnsi yonti yelikaribu ne Yordani, alombeleye owoziwa owa lete usajilwa olwa hwefwe embibhi.
তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।
4 Neshe shahwasimbilwe chuo eshe mazu aga kuwe Isaya, “Izu ya mntu wali mwipoli, “Lilenganyi idala elya GOSI, gagalosyaji omwashile hwakwe.
ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
5 Entebha yonti yayimema nigamba nagamba hayisiwa, papatejile payibha pagoloshe papakwanyushe paile nganiha.
আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব।
6 Bhonti abhebele bhayihulo owaule owa NGOLOBHE.”
সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”
7 Basi, abhabholele amabongano bhala bhabhaliye ili abhoziwe amwe mpapwo wenzoha wenu yabhasundile amwe ayinjile enkuni yehayenza?
তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?
8 Basi fumyaje amadondo gagahwanziwa ulusajilo, wala mgajeahwanza ayanje mmoyo genyu, “Tilinawo udada uIbrahimu eshi embabhola yaje amawe ega, ONGOLOBHE abhajiye ahwubhosrzye uIbrahimu abhana.
আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
9 Neshi etwanga tayari ebhehwelwe pamashinshi age makwi. Basi, kila likwi lya sagalipapa amadondo aminza, lidumlwa nalitaje mmwoto.
গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”
10 Amabungano gabhozya, “Tikhozye wole eshi?”
১০তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”
11 Wabhajibu wabhabhozya, “Yali na magolola gabhele na apele yasaga aunigolola yali nevyalye wape abhombe eshoshesho.”
১১তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”
12 Bhabhasonjezya bhape bhenza ahwoziwe, bhabhozya,”Manyiziji, tubhombe yenu ate?
১২তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”
13 Wabhabhola, “Mgaje sonjezye ahantu zaidi ya hata hahapangwilwe.
১৩তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।”
14 Asikali bhape bhabhozya bhayanga, “ate nate tibhombe wele? Wabhabhole msafwele omntu wala msashitake ilenka antele myanje no mshahara gwenyu.”
১৪কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”
15 Basi, abhantu nabhali bhabhagola gaganzafumile, wonti bhasega sebhaga mmoyo gabho enongwa ezya Yohana nkashe umwene Kristi.
১৫লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল।
16 UYohana wagalula wabhabhozya bhonti lyoli ane embozya namenze lelo ahwenza ohwemaha ashile ane sembwezizye ayengezye olwabho olye vilato vyakwe. omwahale ayibhoziwa hupepo ozelu no mwoto.
১৬যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।
17 Afwanaje ubheto lwakwa lulimakho no wape ayozya tee mhati yakwe na bhonganye engano yakwe. Mshanga, antele amapetelo aigapemba mmwoto gwa sagaguzima.
১৭শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
18 Basi hurusundo hugamwabho aminji, abhalombeleye abhantu.
১৮এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।
19 Lelo omwene oHerode akhalipiwe nomwe kwajili ya Herode, ushe wa holo wakwe, namabhibhi gonti gabhombile o Herode.
১৯ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।
20 Ahonjezye eli neli afunjile oyohani mwijela.
২০তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।
21 Bhabhantu wonti bhabhamaushe ahinziwe no Yesu wape ahoziwe wape alabhile emwanya zya higushe.
২১সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল।
22 Upepo uzelu ahishile pamwanya yakwe hufwano ongwebelebele, neshe enjebha izu lya fumile amwanya, “Awe wemwana wane wegene. Ensogwezewe nawe.”
২২সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
23 No Yesu yoyo nahandile amanyizye, ali apate umri wakwe neshe amaha salathini. ategemelwa ajemwana wa Yusufu, wa Eli,
২৩প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলৰ ধাৰণাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র;
24 Wo Mathati, walawi, wa MeIki, wayana wa Yusufu,
২৪এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র;
25 Wa Matathia, wa Amosi, wa Nahumu, wa Esli, wa Nagai,
২৫যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র;
26 Wa Maati, wa Matathia, wa Semeini, wa Yusufu, wa Yuda,
২৬নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র;
27 Wa Yohana, wa Rese, wa Zerubabeli, wa SheaItieli, wa Neri,
২৭যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ;
28 MeIki, wa Adi, wa Kosamu, wa Elmadamu, wa Eri,
২৮নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ;
29 Wa Yoshua, wa Eliezeri, wa Yorimu, wa Matathi, wa Lawi,
২৯এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ;
30 Wa Simioni, wa Yuda, wa Yusufu, wa Yonamu, wa Eliyakimu,
৩০লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ;
31 Wa Melea, wa Mena, wa Matatha, wa nathani, wa Daudi,
৩১ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ;
32 Wa Yese, wa Obedi, wa Boazi wa Salmoni, wa Nashoni,
৩২দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;
33 Wa Abinadabu, wa Aramu, wa Hesroni, wa Peresi, wa Yuda,
৩৩নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;
34 Wa Yakobo, wa Isaka, wa Ibrahimu, wa Tera, wa Nahori,
৩৪যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ;
35 Wa Seruig, wa Ragau, wa Pelegi, wa Eberi, wa Sala,
৩৫নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ;
36 Wa Kenani, wa Arfaksadi, wa Shemu, wa Nuhu, wa Lameki,
৩৬চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ;
37 Wa Methusela, wa Henoko, wa Yaredi, wa Mahalalei, wa Kenani,
৩৭লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ;
38 Wa Enoshi, wa Sethi, wa Adamu, wa NGOLOBHE.
৩৮কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ।

< Luka 3 >