< Софония 3 >
1 Горе городу нечистому и оскверненному, притеснителю!
১ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
2 Не слушает голоса, не принимает наставления, на Господа не уповает, к Богу своему не приближается.
২তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে; যিহোৱাৰ শাসন গ্রাহ্য নকৰে! যিহোৱাৰ ওপৰত ভাৰসা নকৰে; নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে।
3 Князья его посреди него - рыкающие львы, судьи его - вечерние волки, не оставляющие до утра ни одной кости.
৩তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
4 Пророки его - люди легкомысленные, вероломные; священники его оскверняют святыню, попирают закон.
৪তাইৰ ভাববাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক! তাইৰ পুৰোহিতসকলে পবিত্রক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কার্য কৰিছে!
5 Господь праведен посреди него, не делает неправды, каждое утро являет суд Свой неизменно; но беззаконник не знает стыда.
৫তাইৰ মাজত থকা যিহোৱা ধাৰ্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায় বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
6 Я истребил народы, разрушены твердыни их; пустыми сделал улицы их, так что никто уже не ходит по ним; разорены города их: нет ни одного человека, нет жителей.
৬যিহোৱাই কৈছে, “মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ কোঁঠবোৰ ধ্বংস কৰা হ’ল; মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলোঁ; কোনেও সেইবোৰেদি অহা-যোৱা নকৰে; তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ’ল; সেইবোৰত কোনো মানুহ নাই; কোনেও বাস নকৰে।
7 Я говорил: “бойся только Меня, принимай наставление!”, и не будет истреблено жилище его, и не постигнет его зло, какое Я постановил о нем; а они прилежно старались портить все свои действия.
৭মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
8 Итак, ждите Меня, говорит Господь, до того дня, когда Я восстану для опустошения, ибо Мною определено собрать народы, созвать царства, чтобы излить на них негодование Мое, всю ярость гнева Моего; ибо огнем ревности Моей пожрана будет вся земля.
৮যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছোঁ যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
9 Тогда опять Я дам народам уста чистые, чтобы все призывали имя Господа и служили Ему единодушно.
৯তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
10 Из заречных стран Ефиопии поклонники Мои, дети рассеянных Моих, принесут Мне дары.
১০মোৰ লোকসকল, যিসকল সিচঁৰিত হৈ ইথোপীয়া দেশৰ নৈৰ সিপাৰত থাকে, মোৰ সেই আৰাধনাকাৰীসকলে মোৰ উদ্দেশ্যে উৎসর্গৰ উপহাৰ লৈ আহিব।
11 В тот день ты не будешь срамить себя всякими поступками твоими, какими ты грешил против Меня, ибо тогда Я удалю из среды твоей тщеславящихся твоею знатностью, и не будешь более превозноситься на святой горе Моей.
১১তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোঁতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা।
12 Но оставлю среди тебя народ смиренный и простой, и они будут уповать на имя Господне.
১২কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
13 Остатки Израиля не будут делать неправды, не станут говорить лжи, и не найдется в устах их языка коварного, ибо сами будут пастись и покоиться, и никто не потревожит их.
১৩ইস্ৰায়েলৰ সেই অৱশিষ্ট ভাগে অপৰাধ নকৰিব; তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত ছলনাৰ কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু শুব; তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব।”
14 Ликуй, дщерь Сиона! торжествуй, Израиль! веселись и радуйся от всего сердца, дщерь Иерусалима!
১৪হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!
15 Отменил Господь приговор над тобою, прогнал врага твоего! Господь, царь Израилев, посреди тебя: уже более не увидишь зла.
১৫যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা।
16 В тот день скажут Иерусалиму: “не бойся” - и Сиону: “да не ослабевают руки твои!”
১৬সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব, ‘হে চিয়োন, তুমি ভয় নকৰিবা; তোমাৰ হাত শিথিল নহওক।।
17 Господь Бог твой среди тебя, Он силен спасти тебя; возвеселится о тебе радостью, будет милостив по любви Своей, будет торжествовать о тебе с ликованием.
১৭তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
18 Сетующих о торжественных празднествах Я соберу: твои они, на них тяготеет поношение.
১৮পৰ্ব্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব।” যিহোৱাই কৈছে, “মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম।
19 Вот, Я стесню всех притеснителей твоих в то время и спасу хромлющее, и соберу рассеянное, и приведу их в почет и именитость на всей этой земле поношения их.
১৯চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
20 В то время приведу вас и тогда же соберу вас, ибо сделаю вас именитыми и почетными между всеми народами земли, когда возвращу плен ваш перед глазами вашими, говорит Господь.
২০সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”