< Есфирь 3 >
1 После сего возвеличил царь Артаксеркс Амана, сына Амадафа, Вугеянина, и вознес его, и поставил седалище его выше всех князей, которые у него;
১এই ঘটনাৰ পাছত, ৰজা অহচবেৰোচে অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক উন্নত কৰি উচ্চ পদত প্রতিষ্ঠিত কৰিলে, আৰু তেওঁৰ লগত থকা সকলো কৰ্মচাৰীৰ ওপৰত তেওঁক ক্ষমতা দিলে।
2 и все служащие при царе, которые были у царских ворот, кланялись и падали ниц пред Аманом, ибо так приказал царь. А Мардохей не кланялся и не падал ниц.
২ৰাজ-দুৱাৰত থকা ৰজাৰ দাস সকলে হামনৰ আগত আঠুকাঢ়ি প্ৰণিপাত কৰিছিল; কাৰণ ৰজাই তেওঁলোকক সেইদৰে কৰিবলৈ আজ্ঞা দিছিল। কিন্তু মৰ্দখয়ে আঠু নাকাঢ়িছিল আৰু প্ৰণিপাতো নকৰিছিল।
3 И говорили служащие при царе, которые у царских ворот, Мардохею: зачем ты преступаешь повеление царское?
৩তাৰ পাছত ৰাজদুৱাৰত থকা ৰজাৰ দাস সকলে মৰ্দখয়ক ক’লে, “আপুনি কিয় ৰজাৰ আজ্ঞা পালন কৰা নাই?”
4 И как они говорили ему каждый день, а он не слушал их, то они донесли Аману, чтобы посмотреть, устоит ли в слове своем Мардохей, ибо он сообщил им, что он Иудеянин.
৪এইদৰে প্রতিদিনে তেওঁক কোৱাৰ পাছতো তেওঁ তেওঁলোকৰ দাবী মানিবলৈ অমান্তি হ’ল। তাতে তেওঁলোকে মৰ্দখয়ৰ কথা একেদৰে থাকিব নে নাই সেই কথা জানিবলৈ তেওঁলোকে হামনক এই বিষয়ত জনালে। কাৰণ মৰ্দখয় যে এজন যিহুদী লোক, সেই বিষয়ে তেওঁ তেওঁলোকক কৈছিল।
5 И когда увидел Аман, что Мардохей не кланяется и не падает ниц пред ним, то исполнился гнева Аман.
৫হামনে যেতিয়া দেখিলে যে, মৰ্দখয়ে তেওঁৰ আগত আঠু লোৱা নাই আৰু প্ৰণিপাতো কৰা নাই, তেতিয়া তেওঁ ক্ৰোধেৰে পৰিপূৰ্ণ হ’ল।
6 И показалось ему ничтожным наложить руку на одного Мардохея; но так как сказали ему, из какого народа Мардохей, то задумал Аман истребить всех Иудеев, которые были во всем царстве Артаксеркса, как народ Мардохеев.
৬তেওঁ কেৱল মৰ্দখয়ক বধ কৰা কথাত অপমান বোধ কৰিলে। কাৰণ ৰজাৰ দাস সকলে মৰ্দখয় কোন লোক সকলৰ পৰা আহিছিল সেই কথা তেওঁক কৈছিল। সেয়ে হামনে ৰজা অহচবেৰোচৰ সমগ্র ৰাজ্যত থকা মৰ্দখয়ৰ যিহুদী লোকসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰিলে।
7 И сделал совет в первый месяц, который есть месяц Нисан, в двенадцатый год царя Артаксеркса, и бросали пур, то есть жребий, пред лицем Амана изо дня в день и из месяца в месяц, чтобы в один день погубить народ Мардохеев, и пал жребий на двенадцатый месяц, то есть на месяц Адар.
৭প্রথম মাহত (নীচান মাহত) ৰজা অহচবেৰোচ ৰাজত্বৰ দ্বাদশ বছৰত, হামনৰ আগত দ্বাদশ মাহলৈকে (অদৰ মাহত) ক্ৰম অনুসাৰে প্ৰতিদিনৰ আৰু প্ৰত্যেক মাহৰ বাবে পুৰ অৰ্থাৎ চিঠি খেলোৱা হ’ল।
8 И сказал Аман царю Артаксерксу: есть один народ, разбросанный и рассеянный между народами по всем областям царства твоего; и законы их отличны от законов всех народов, и законов царя они не выполняют; и царю не следует так оставлять их.
৮তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়ে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।
9 Если царю благоугодно, то пусть будет предписано истребить их, и десять тысяч талантов серебра я отвешу в руки приставников, чтобы внести в казну царскую.
৯যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহলে তেওঁলোকক বধ কৰিবলৈ আদেশ দিয়া হওক; তাতে মই ৰাজ- ভঁৰালত ৰাখিবৰ অৰ্থে ৰজাৰ ব্যৱসায়ৰ তত্ত্বাৱধানত থকা ৰাজ-কৰ্মচাৰী সকলৰ হাতত দহ-হাজাৰ কিক্কৰ ৰূপ দিম।”
10 Тогда снял царь перстень свой с руки своей и отдал его Аману, сыну Амадафа, Вугеянину, чтобы скрепить указ против Иудеев.
১০তেতিয়া ৰজাই নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি সোলাকাই যিহুদী সকলৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক দিলে।
11 И сказал царь Аману: отдаю тебе это серебро и народ; поступи с ним, как тебе угодно.
১১ৰজাই হামনক ক’লে, “আপোনাক আৰু আপোনাৰ লোকসকলক যাতে ধন ঘূৰাই দিয়া হয়, সেই বিষয়ে মই লক্ষ্য কৰিম। আপুনি যি ইচ্ছা কৰে, এই ধনেৰে কৰিব পাৰিব।”
12 И призваны были писцы царские в первый месяц, в тринадцатый день его, и написано было, как приказал Аман, к сатрапам царским и к начальствующим над каждою областью и к князьям у каждого народа, в каждую область письменами ее и к каждому народу на языке его: все было написано от имени царя Артаксеркса и скреплено царским перстнем.
১২তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।
13 И посланы были письма через гонцов во все области царя, чтобы убить, погубить и истребить всех Иудеев, малого и старого, детей и женщин в один день, в тринадцатый день двенадцатого месяца, то есть месяца Адара, и имение их разграбить.
১৩একে দিনতে দ্বাদশ মাহৰ (অদৰ মাহত) তেৰ দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে, ল’ৰা-ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ, বধ, আৰু ধ্বংস কৰা হ’ব, আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ’ব, এই বুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ’ল।
14 Список с указа отдать в каждую область как закон, объявляемый для всех народов, чтобы они были готовы к тому дню.
১৪সেই দিনৰ বাবে সকলো লোক যেন যুগুত হয়, সেয়ে প্ৰত্যেক প্ৰদেশত হুকুম জাৰি কৰিবলৈ আৰু সকলো লোকৰ আগত প্রচাৰ কৰিবলৈ, সেই পত্রৰ নকল যুগুত কৰা হ’ল।
15 Гонцы отправились быстро с царским повелением. Объявлен был указ и в Сузах, престольном городе; и царь и Аман сидели и пили, а город Сузы был в смятении.
১৫ৰজাৰ হুকুম মতে ডাকোৱাল সকল বেগাই ওলাই গ’ল, আৰু সেই পত্র বিলাই দিলে। সেই আজ্ঞা চুচন ৰাজপ্রসাদতো বিলোৱা হ’ল। তাৰ পাছত ৰজা আৰু হামনে দ্ৰাক্ষাৰস পান কৰিবলৈ বহিল, কিন্তু চুচন নগৰত হ’লে বিক্ষোভ হ’ল।