< 1-я Паралипоменон 26 >

1 Вот распределение привратников: из Кореян: Мешелемия, сын Корея, из сыновей Асафовых.
দুৱৰী সকলৰ বিভাগসমূহ তলত দিয়া হ’ল: কোৰহীয়া সকলৰ পৰা, কোৰিৰ পুত্ৰ মচেলেমিয়া আচফৰ এজন বংশধৰ আছিল।
2 Сыновья Мешелемии: первенец Захария, второй Иедиаил, третий Зевадия, четвертый Иафниил,
মচেলেমিয়াৰ পুত্র সকল: প্রথম পুত্র জখৰিয়া, দ্বিতীয় যিদীয়েল, তৃতীয় জবদিয়া, চতুৰ্থ যৎনীয়েল,
3 пятый Елам, шестой Иегоханан, седьмой Елиегоэнай.
পঞ্চম এলম, ষষ্ঠ যোহোহানন, আৰু সপ্তম ইলিহোঐনয়।
4 Сыновья Овед-Едома: первенец Шемаия, второй Иегозавад, третий Иоах, четвертый Сахар, пятый Нафанаил,
ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল,
5 шестой Аммиил, седьмой Иссахар, восьмой Пеульфай, потому что Бог благословил его.
ষষ্ঠ অম্মীয়েল, সপ্তম ইচাখৰ, আৰু অষ্টম পিয়ুলতয়, কাৰণ ঈশ্বৰে ওবেদ-ইদোমক আশীৰ্ব্বাদ কৰিছিল।
6 У сына его Шемаии родились также сыновья, начальствовавшие в своем роде, потому что они были люди сильные.
তেওঁৰ পুত্র চময়িয়াৰ কেইজনো পুত্র জন্মিল; তেওঁলোকে নিজৰ পৰিয়াল সকলক শাসন কৰিছিল; তেওঁলোক বহুতো দক্ষতা সম্পন্ন লোক আছিল।
7 Сыновья Шемаии: Офни, Рефаил, Овед и Елзавад, братья его, люди сильные, Елия, Семахия и Иеваком.
চময়িয়াৰ পুত্র সকল হ’ল অৎনী, ৰফায়েল, ওবেদ, আৰু ইলজাবদ। তেওঁৰ সম্পৰ্কীয় ইলীহু ও চমখিয়াও বহুতো দক্ষতা সম্পন্ন লোক আছিল।
8 Все они из сыновей Овед-Едома; они и сыновья их, и братья их были люди прилежные и к службе способные: их было у Овед-Едома шестьдесят два.
এওঁলোক সকলোৱেই ওবেদ-ইদোমৰ বংশধৰ আছিল। তেওঁলোক, তেওঁলোকৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল ঈশ্বৰৰ আবাসৰ পৰিচৰ্যাৰ তেওঁলোকৰ কাম কৰাত সক্ষম লোক আছিল। তেওঁলোকৰ মাজৰ বাষষ্টি জন ওবেদ-ইদোমৰ সম্পৰ্কীয় আছিল।
9 У Мешелемии сыновей и братьев, людей способных, было восемнадцать.
মচেলেমিয়াৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল, সক্ষম লোকসকল, সৰ্বমুঠ ওঠৰ জন আছিল।
10 У Хосы, из сыновей Мерариных, сыновья: Шимри главный, хотя он не был первенцем, но отец его поставил его главным;
১০মৰাৰীৰ এজন বংশধৰ হোচাৰ পুত্র সকল: চিম্ৰী এজন নেতা, যদিও তেওঁ প্রথম পুত্র নাছিল, তথাপিও তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল,
11 второй Хелкия, третий Тевалия, четвертый Захария; всех сыновей и братьев у Хосы было тринадцать.
১১দ্বিতীয় হিল্কিয়া, তৃতীয় টবলিয়া, আৰু চতুৰ্থ জখৰিয়া। হোচাৰ পুত্র আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত তেৰ জন আছিল।
12 Вот распределение привратников по главам семейств, способных на службу вместе с братьями их, для служения в доме Господнем.
১২দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে।
13 И бросили они жребии, как малый, так и большой, по своим семействам, на каждые ворота.
১৩তেওঁলোকে সকলো সম্পৰ্কীয় সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে।
14 И выпал жребий на восток Шелемии; и Захарии, сыну его, умному советнику, бросили жребий, и вышел ему жребий на север;
১৪যেতিযা পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁৰ পুত্র জখৰিয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল, চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল।
15 Овед-Едому на юг, а сыновьям его при кладовых.
১৫দক্ষিণ দিশৰ দুৱাৰৰ বাবে ওবেদ-ইদোমক নির্ধাৰণ কৰে; আৰু তেওঁৰ পুত্র সকলক ভঁৰালৰ বাবে নির্ধাৰন কৰে।
16 Шупиму и Хосе на запад, у ворот Шаллехет, где дорога поднимается и где стража против стражи.
১৬পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখৎ দুৱাৰো চূপ্পীম আৰু হোচাৰ নামত নির্ধাৰন কৰে। প্রতেক পৰিয়ালৰ কাৰণে; ৰখীয়া সকল আছিল।
17 К востоку по шести левитов, к северу по четыре, к югу по четыре, а у кладовых по два.
১৭পূবফালে ছয় জন লেবীয়া লোক, উত্তৰফালে প্রতিদিনে চাৰি জন, দক্ষিণ ফালেও প্রতিদিনে চাৰি জন, আৰু ভঁৰালত দুজন দুজন।
18 К западу у притвора на дороге по четыре, а у самого притвора по два.
১৮পশ্চিমফালৰ চোতালত চাৰি জনক নিযুক্ত কৰে, চাৰি জন বাটত আৰু চোতালত দুজন।
19 Вот распределение привратников из сыновей Кореевых и сыновей Мерариных.
১৯এইদৰেই দুৱৰী সকলক ভাগ কৰা হ’ল। তেওঁলোক সকলো কোৰহীয়া আৰু মৰাৰীয়া বংশৰ পৰা অহা লোক আছিল।
20 Левиты же, братья их, смотрели за сокровищами дома Божия и за сокровищницами посвященных вещей.
২০লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল।
21 Сыновья Лаедана, сына Герсонова - от Лаедана, главы семейств от Лаедана Герсонского: Иехиел.
২১লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল।
22 Сыновья Иехиела: Зефам и Иоиль, брат его, смотрели за сокровищами дома Господня,
২২যেথম আৰু যোৱেল তেওঁৰ ভায়েক আছিল। তেওঁলোকো যিহোৱাৰ গৃহৰ ভঁৰালৰ দায়িত্বত আছিল।
23 вместе с потомками Амрама, Ицгара, Хеврона, Озиила.
২৩অম্ৰমীয়া, যিচহৰীয়া, হিব্ৰোণীয়া, আৰু উজ্জীয়েলীয়াৰ গোষ্ঠীৰ পৰাও তাত দুৱৰী আছিল।
24 Шевуил, сын Гирсона, сына Моисеева, был главным смотрителем за сокровищницами.
২৪গেৰ্চোমৰ বংশৰ মোচিৰ পুত্র চবূৱেল ভঁৰালৰ তদাৰক কৰিছিল।
25 У брата его Елиезера сын Рехавия, у него сын Исаия, у него сын Иорам, у него сын Зихрий, у него сын Шеломиф.
২৫তেওঁৰ সম্পৰ্কীয় লোক সকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আছিল আৰু চবুৱেলৰ পুত্র ৰহবিয়া আছিল। ৰহবিয়াৰ পুত্র যিচয়া, যিচয়াৰ পুত্র যোৰাম, যোৰামৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ পুত্র চলোমোৎ।
26 Шеломиф и братья его смотрели за всеми сокровищницами посвященных вещей, которые посвятил царь Давид и главы семейств и тысяченачальники, стоначальники и предводители войска.
২৬দায়ুদ ৰজা, পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলোমোৎ আৰু তেওঁৰ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল।
27 Из завоеваний и из добыч они посвящали на поддержание дома Господня.
২৭যিহোৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লূটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসর্গ কৰিছিল।
28 И все, что посвятил Самуил пророк, и Саул, сын Киса, и Авенир, сын Нира, и Иоав, сын Саруи, все посвященное было на руках у Шеломифа и братьев его.
২৮চমূৱেল ভাববাদীয়ে, কীচৰ পুত্ৰ চৌলে, নেৰৰ পুত্ৰ অবনেৰে, আৰু চৰূয়াৰ পুত্ৰ যোৱাবে যিবিলাক বস্তু উৎসর্গ কৰিছিল, এই সকলোৰ দায়িত্বত তেওঁলোক আছিল। উৎসর্গ কৰা সকলো বস্তু চলোমোৎ আৰু তেওঁৰ সম্পৰ্কীয়া লোক সকলৰ নিৰাপত্তাত আছিল।
29 Из племени Ицгарова: Хенания и сыновья его определены на внешнее служение у Израильтян, писцами и судьями.
২৯যিচহৰীয়াৰ বংশধৰ সকলৰ, কননিয়া আৰু তেওঁৰ পুত্ৰসকলক ইস্ৰায়েলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তাৰ কাৰ্যৰ বাবে নিযুক্ত কৰে।
30 Из племени Хевронова: Хашавия и братья его, люди мужественные, тысяча семьсот, имели надзор над Израилем по эту сторону Иордана к западу, по всяким делам служения Господня и по службе царской.
৩০হিব্ৰোণীয়াৰ বংশধৰসকল, হচবিয়া আৰু তেওঁৰ ভাইসকল এক হাজাৰ সাত শ সক্ষম লোক আছিল, তেওঁলোকক যিহোৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হছিল। তেওঁলোক যৰ্দ্দনৰ পশ্চিমফালে আছিল।
31 У племени Хевронова Иерия был главою Хевронян, в их родах, в поколениях. В сороковой год царствования Давида они исчислены, и найдены между ними люди мужественные в Иазере Галаадском.
৩১হিব্ৰোণীয়াৰ বংশধৰ সকলৰ পৰা যিৰিয়া তেওঁৰ বংশৰ মূখ্য লোক আছিল। তেওঁ তেওঁলোকৰ পৰিয়ালৰ তালিকাৰ পৰা গণনা কৰা লোক আছিল। দায়ূদৰ ৰাজত্বৰ চল্লিশ বছৰত তেওঁলোকে লিপিৱদ্ধ কৰা নথি পত্র পৰীক্ষা কৰি তেওঁলোকৰ মাজত গিলিয়দৰ যাজেৰক দক্ষতা সম্পন্ন লোক বিচাৰি পালে।
32 И братья его, люди способные, две тысячи семьсот, были главы семейств. Их поставил царь Давид над коленом Рувимовым и Гадовым и полуколеном Манассииным, по всем делам Божиим и делам царя.
৩২যাজেৰকৰ দুই হাজাৰ সাত শ সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দায়ূদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ, ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।

< 1-я Паралипоменон 26 >