< Псалмул 79 >
1 Думнезеуле, ау нэвэлит нямуриле ын моштениря Та, ау пынгэрит Темплул Тэу чел сфынт ши ау префэкут Иерусалимул ынтр-ун морман де петре.
১হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।
2 Трупуриле неынсуфлеците але робилор Тэй ле-ау дат сэ ле мэнынче пэсэриле черулуй, ши карня крединчошилор Тэй ау дат-о с-о мэнынче фяреле пэмынтулуй.
২তোমাৰ দাসবোৰৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে; তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে।
3 Ка апа ле-ау вэрсат сынӂеле, де жур ымпрежурул Иерусалимулуй, ши н-а фост нимень сэ-й ынгроапе.
৩যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।
4 Ам ажунс де окара вечинилор ноштри, де батжокура ши де рысул челор че не ынконжоарэ.
৪চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।
5 Пынэ кынд, Доамне, Те вей мыния фэрэ ынчетаре ши ва арде мыния Та ка фокул?
৫হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?
6 Варсэ-Ць мыния песте нямуриле каре ну Те куноск ши песте ымпэрэцииле каре ну кямэ Нумеле Тэу!
৬তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া, তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া।
7 Кэч ау мынкат пе Иаков ши й-ау пустиит локуинца.
৭কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।
8 Ну-Ць май адуче аминте де нелеӂюириле стрэмошилор ноштри, чи сэ не ясэ деграбэ ынаинте ындурэриле Тале, кэч сунтем ненорочиць де тот!
৮আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
9 Ажутэ-не, Думнезеул мынтуирий ноастре, пентру слава Нумелуй Тэу! Избэвеште-не ши яртэ-не пэкателе, пентру Нумеле Тэу!
৯হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
10 Пентру че сэ зикэ нямуриле: „Унде есте Думнезеул лор?” Сэ се штие ынаинтя окилор ноштри, принтре нямурь, кэ Ту рэзбунь сынӂеле вэрсат ал робилор Тэй!
১০আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।
11 Сэ ажунгэ пынэ ла Тине ӂеметеле приншилор де рэзбой! Скапэ, прин брацул Тэу чел путерник, пе чей че пер!
১১বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক; যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে, তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।
12 Ынтоарче вечинилор ноштри де шапте орь ын сынул лор батжокуриле каре Ци ле-ау арункат ей Цие, Доамне!
১২হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।
13 Ши ной, попорул Тэу, турма пэшуний Тале, Те вом лэуда ын вечь ши вом вести дин ням ын ням лауделе Тале.
১৩তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ-ছাগ যি আমি, আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।