< Исая 36 >

1 Ын ал пайспрезечеля ан ал ымпэратулуй Езекия, Санхериб, ымпэратул Асирией, с-а суит ымпотрива тутурор четэцилор ынтэрите але луй Иуда ши ле-а луат.
ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্দ্দশ বছৰত, অচুৰৰ ৰজা চনহেৰীবে, গড়েৰে আবৃত যিহূদাৰ সকলো নগৰবোৰ আক্রমন কৰে আৰু সেইবোৰ অধিকাৰ কৰে।
2 Ши ымпэратул Асирией а тримис дин Лакис ла Иерусалим, ла ымпэратул Езекия, пе Рабшаке, ку о путерникэ оштире. Рабшаке с-а оприт ла каналул де апэ ал язулуй де сус, пе друмул огорулуй ынэлбиторулуй.
তাৰ পাছত ৰজা অচূৰীয়াই লাখীচৰ পৰা ৰবচাকিক বহুতো সৈন্যসামন্তই সৈতে যিৰূচালেমলৈ, ৰজা হিষ্কিয়াৰ ওচৰলৈ পঠালে। তেওঁ ধোবা-ঘাটলৈ যোৱা ৰাজ আলিৰ ওপৰত থকা পুখুৰীৰ নলাৰ ওচৰ চাপি তাৰ কাষত থিয় হ’ল।
3 Атунч Елиаким, фиул луй Хилкия, кэпетения касей ымпэратулуй, с-а дус ла ел, ку логофэтул Шебна ши ку Иоах, фиул луй Асаф, скрииторул (архиварул).
তাতে হিল্কিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজ লিখক চেবনা, আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাহে তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই গ’ল।
4 Рабшаке ле-а зис: „Спунець луй Езекия: ‘Аша ворбеште мареле ымпэрат, ымпэратул Асирией: «Че есте ынкредеря ачаста пе каре те бизуешть?
ৰবচাকিয়ে তেওঁলোকক ক’লে, “হিষ্কিয়াক কোৱা যে, মহাৰাজ অচূৰীয়াই এই কথা কৈছে, ‘তোমাৰ আত্মবিশ্বাসৰ উৎস কি?
5 Еу ыць спун кэ ачестя сунт ворбе ын вынт; пентру рэзбой требуе кибзуинцэ ши путере. Ын чине ць-ай пус дар ынкредеря, де те-ай рэскулат ымпотрива мя?
তুমি কেৱল মূল্যহীন কথা কোৱা, তুমি কোৱা যে যুদ্ধৰ কাৰণে পৰামৰ্শ আৰু শক্তি আছে। এতিয়া তুমি কাৰ ওপৰত নির্ভৰ কৰা! মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কোনে তোমাক সাহ দিলে?
6 Ятэ, ай пус-о ын Еӂипт, ай луат ка сприжин ачастэ трестие руптэ, каре ынцяпэ ши стрэпунӂе мына орькуй се сприжинэ пе еа! Аша есте Фараон, ымпэратул Еӂиптулуй, пентру тоць чей че се ынкред ын ел.
চোৱা, তুমি সেই থেতেলা খোৱা মিচৰৰ নল- খাগৰিত ভাৰসা কৰিছা, কিন্তু মানুহে যদি তাত ভৰ দিয়ে, সেয়ে তেওঁৰ হাতত লাগি ধৰিব আৰু ই বিন্ধিব। মিচৰৰ ৰজা ফৰৌণৰ ওপৰত যি সকলে ভৰসা কৰে তেওঁলোকৰ সেই দৰেই হ’ব।
7 Дар поате кэ ымь вей спуне: ‹Не ынкредем ын Домнул Думнезеул ностру!› Дар ну есте Ел Ачела але кэруй ынэлцимь ши алтаре ле-а ындепэртат Езекия, зикынд луй Иуда ши Иерусалимулуй: ‹Сэ вэ ынкинаць ынаинтя ачестуй алтар›?»’
কিন্তু যদি তোমালোকে মোক কোৱা, “আমি আমাৰ ঈশ্বৰ যিহোৱাত ভাৰসা কৰিছোঁ,” তেনেহ’লে যিজনে যিহোৱাৰ পবিত্র মন্দিৰ আৰু যজ্ঞ বেদিবোৰ গুচাই দিলে, আৰু যিহূদা আৰু যিৰূচালেমৰ লোকসকলক ক’লে, যিৰূচালেমৰ যজ্ঞ বেদিৰ সন্মুখত নিশ্চয়কৈ সেৱা কৰিব লাগিব, তেওঁ সেই হিষ্কিয়াই নহয় নে?”
8 Акум фэ о ынвоялэ ку стэпынул меу, ымпэратул Асирией, ши-ць вой да доуэ мий де кай; сэ ведем дакэ поць фаче рост де кэлэрець ка сэ ынкалече пе ей!
সেই কাৰণে, মই এতিয়া মোৰ প্ৰভু ৰজা অচূৰীয়াৰ পৰা অহা এটা ভাল প্রতিশ্রুতিত তোমাক বান্ধিব বিচাৰিছোঁ। যদি তুমি ঘোঁৰাত উঠিব পৰা দুই হাজাৰ মানুহ দিব পাৰা, তেনেহ’লে মই তোমাক দুই হাজাৰ ঘোঁৰা দিম।
9 Кум ай путя сэ стай ту ымпотрива уней сингуре кэпетений динтре чей май неынсемнаць служиторь ай стэпынулуй меу? Ши тотушь ту ыць пуй ынкредеря ын Еӂипт пентру каре ши пентру кэлэрець.
তুমি মোৰ প্ৰভুৰ দাস সকলৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনক কেনেকৈ প্রতিহত কৰিবা? তুমি ৰথ আৰু অশ্বাৰোহীৰ কাৰণে মিচৰত ভাৰসা কৰিছা!
10 Ши апой, фэрэ воя Домнулуй м-ам суит еу ымпотрива цэрий ачестея с-о нимическ? Домнул мь-а зис: ‘Суе-те ымпотрива цэрий ачестея ши нимичеште-о!’”
১০মই জানো যিহোৱাৰ অবিহনে ইয়ালৈ আহি এই দেশৰ বিৰুদ্ধে যুদ্ধ কৰি ধ্বংস কৰিম? যিহোৱাই মোক ক’লে, “এই দেশ আত্রুমন কৰা আৰু ধ্বংস কৰা।”
11 Елиаким, Шебна ши Иоах ау зис луй Рабшаке: „Ворбеште робилор тэй ын лимба арамаикэ, фииндкэ о ынцелеӂем; ну не ворби ын лимба евреяскэ, ын аузул попорулуй каре есте пе зид.”
১১তেতিয়া ইলিয়াকীম, চেবনা, আৰু যোৱাহে ৰবচাকিক ক’লে, “অনুগ্রহ কৰি, আপোনাৰ দাস সকলক অৰামীয়া ভাষাত কথা কওক, কাৰণ আমি অৰমীয়া বুজি পাওঁ। কিন্তু গড়ৰ ওপৰত থকা লোকসকলে শুনাকৈ ইব্ৰী ভাষাৰে আমাক কথা নক’ব।”
12 Рабшаке а рэспунс: „Оаре стэпынулуй тэу ши цие м-а тримис стэпынул меу сэ спун ачесте кувинте? Ну м-а тримис ел сэ ле спун оаменилор ачестора каре шед пе зид ка сэ-шь мэнынче балега ши сэ-шь бя удул ымпреунэ ку вой?”
১২কিন্তু ৰবচাকিয়ে ক’লে, “মোৰ প্ৰভুৱে তোমাৰ প্ৰভু আৰু তোমাৰ ওচৰলৈ জানো মোক এই বোৰ কথা ক’বলৈ পঠাইছে? যি সকলে তোমালোকৰ সৈতে নিজৰ বিষ্ঠা খাবলৈ, আৰু নিজৰ প্রস্রাৱ পান কৰিবলৈ গড়ৰ ওচৰত বহি আছে, তেওঁলোকৰ ওচৰলৈ জানো মোক পঠোৱা নাই?
13 Апой Рабшаке а ынаинтат ши а стригат ку тоатэ путеря луй ын лимба евреяскэ: „Аскултаць кувинтеле марелуй ымпэрат, ымпэратул Асирией!
১৩তাৰ পাছত ৰবচাকিয়ে থিয় হৈ ইব্ৰী ভাষাৰে ডাঙৰ মাতেৰে চিঞৰি ক’লে, তোমালোকে মহান ৰজা অচূৰীয়া কথা শুনা।
14 Аша ворбеште ымпэратул: ‘Ну вэ лэсаць амэӂиць де Езекия, кэч ну ва путя сэ вэ избэвяскэ!
১৪ৰজাই এইদৰে কৈছে, হিষ্কিয়াক তোমালোকক প্রতাৰণা কৰিবলৈ নিদিবা; কাৰণ তেওঁৰ তোমালোকক ৰক্ষা কৰিব পৰা সমর্থ নাই।
15 Ну вэ лэсаць мынгыяць де Езекия ку ынкредеря ын Домнул, кынд вэ зиче: «Домнул не ва избэви ши четатя ачаста ну ва фи датэ ын мыниле ымпэратулуй Асирией.»’
১৫“যিহোৱাই আমাক অৱশ্যে উদ্ধাৰ কৰিব, ৰজা অচূৰীয়াৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিয়ে, এই বুলি কৈ হিষ্কিয়াই তোমালোকক যিহোৱাত ভাৰসা নকৰাওক।
16 Ну аскултаць пе Езекия, кэч аша ворбеште ымпэратул Асирией: ‘Фачець паче ку мине, супунеци-вэ мие ши фиекаре дин вой ва мынка дин вия луй ши дин смокинул луй ши ва бя апэ дин фынтына луй
১৬তোমালোকে হিষ্কিয়াৰ কথা নুশুনিবা; কাৰণ অচূৰীয়া ৰজাই এইদৰে কৈছে, তোমালোকে মোৰ সৈতে সন্ধি কৰা, আৰু মোৰ ওচৰলৈ ওলাই আহাঁ। তেতিয়া তোমালোকৰ প্রতেক জনে নিজৰ দ্ৰাক্ষাগুটি, নিজৰ ডিমৰু গছৰ গুটি আৰু নিজৰ নাদৰ পানী খাবা
17 пынэ вой вени ши вэ вой луа ынтр-о царэ ка а воастрэ, ынтр-о царэ плинэ де грыу ши де вин, о царэ плинэ де пыне ши де вий!
১৭যেতিয়ালৈকে মই আহি তোমালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্ৰাক্ষাৰস থকা দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰী থকা দেশলৈ তোমালোকক লৈ নাযাওঁ তেতিয়া লৈকে তোমালোকে এই দৰে কৰিবা।’
18 Ну вэ лэсаць амэӂиць де Езекия, кынд вэ зиче: «Домнул не ва избэви.» Оаре думнезеий нямурилор ау избэвит ей фиекаре цара луй дин мына ымпэратулуй Асирией?
১৮‘যিহোৱাই আমাক উদ্ধাৰ কৰিব বুলি’ হিষ্কিয়াই তোমালোকক নুভুলাওক। লোকসকলৰ কোনো এজন দেৱতাই জানো ৰজা অচূৰীয়াৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছিল?
19 Унде сунт думнезеий Хаматулуй ши Арпадулуй? Унде сунт думнезеий дин Сефарваим? Ши унде сунт думнезеий Самарией? Ау избэвит ей Самария дин мына мя?
১৯হমাতৰ আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত? চফৰ্বয়িমৰ দেৱতাবোৰ ক’ত? তেওঁলোকে জানো মোৰ শক্তিৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিছিল?
20 Динтре тоць думнезеий ачестор цэрь, каре дин ей шь-а избэвит цара дин мына мя, пентру ка Домнул сэ избэвяскэ Иерусалимул дин мына мя?’”
২০সেই দেশবোৰৰ দেৱতাবোৰৰ মাজত এনে কোনো দেৱতা আছে নে যি মোৰ শক্তিৰ পৰা তেওঁৰ দেশ উদ্ধাৰ কৰিছিল, যিহোৱাই মোৰ শক্তিৰ পৰা যিৰূচালেম যেন উদ্ধাৰ কৰিব পাৰিব?
21 Дар ей ау тэкут ши ну й-ау рэспунс о ворбэ, кэч ымпэратул дэдусе порунка ачаста: „Сэ ну-й рэспундець!”
২১কিন্তু লোকসকল মনে মনে থাকিল আৰু উত্তৰ নিদিলে; কাৰণ ৰজাৰ আজ্ঞা আছিল, “তেওঁক উত্তৰ নিদিবা।”
22 Ши Елиаким, фиул луй Хилкия, кэпетения касей ымпэратулуй, Шебна, логофэтул, ши Иоах, фиул луй Асаф, скрииторул, ау венит астфел ла Езекия ку хайнеле сфышияте ши й-ау спус кувинтеле луй Рабшаке.
২২তাৰ পাছত হিষ্কিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা, আৰু ইতিহাস লিখক আচফৰ পুত্র যোৱাহে নিজৰ কাপোৰ ফালি হিল্কিয়াৰ ওচৰলৈ আহি ৰবচাকিৰ কথা জনালে।

< Исая 36 >