< Исая 15 >
1 Пророчие ымпотрива Моабулуй: „Кяр ын ноаптя кынд есте пустиит, Ар-Моабул есте нимичит! Кяр ын ноаптя кынд есте пустиит, Кир-Моабул есте нимичит!…
১মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
2 Попорул се суе ла темплу ши ла Дибон, пе ынэлцимь, ка сэ плынгэ; Моабул се бочеште: пе Небо ши пе Медеба тоате капетеле сунт расе ши тоате бэрбиле сунт тэяте.
২তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
3 Пе улице сунт ынчиншь ку сачь, пе акоперишурь ши ын пеце тотул ӂеме ши се топеште плынгынд.
৩তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে; আৰু কঁকাল বান্ধিছে; আৰু প্রতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে।
4 Хесбонул ши Елеале ципэ де ли се ауде гласул пынэ ла Иахац, кяр ши рэзбойничий Моабулуй се боческ ку суфлетул плин де гроазэ.
৪হিচবোন আৰু ইলিয়ালিয়ে চিঞৰিছে, তেওঁলোকৰ শব্দ যহচৰলৈকে শুনা গৈছে। সেয়ে মোৱাবৰ অস্ত্রধাৰী লোকসকল আৰ্তনাদ কৰিছে; আৰু তেওঁলোকৰ আত্মাই কঁপিছে।
5 Ымь плынӂе инима пентру Моаб, ай кэруй фугарь аляргэ пынэ ла Цоар, пынэ ла Еглат-Шелишия, кэч суе, плынгынд, суишул Лухитулуй ши скот ципете де дурере пе друмул Хоронаимулуй.
৫মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
6 Кэч апеле Нимрим сунт пустиите, с-а ускат ярба, с-а дус вердяца ши ну май есте ничун фир верде.
৬কাৰণ নিম্ৰীময়ৰ পানীসমূহ শুকাই গৈছে; ঘাঁহবোৰ শুকাই গৈছে, নতুন ঘাঁহও শুকাই গৈছে, সেউজীয়া একোৱেই নাই।
7 Де ачея стрынг че ле май рэмыне ши ышь стрэмутэ авериле динколо де пырыул сэлчиилор.
৭তেওঁলোকে যথেষ্ট ধন বৃদ্ধি কৰিলে, আৰু গোটালে তেওঁলোকে ঝাও গছৰ জুৰিৰ কাষলৈ লৈ গ’ল।
8 Кэч ципетеле ынконжоарэ хотареле Моабулуй; бочетеле луй рэсунэ пынэ ла Еглаим ши урлетеле луй рэсунэ пынэ ла Беер-Елим.
৮সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
9 Апеле Димонулуй сунт плине де сынӂе ши вой тримите песте Димон ной ненорочирь; ун леу ва вени ымпотрива челор скэпаць ай Моабулуй, ымпотрива рэмэшицей дин царэ.
৯কিয়নো দীমোনৰ পানী তেজেৰে পৰিপূৰ্ণ; কিন্তু মই দীমোনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল, আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্রমণ কৰিব।