< Екзодул 19 >
1 Ын луна а трея дупэ еширя лор дин цара Еӂиптулуй, копиий луй Исраел ау ажунс ын зиуа ачея ын пустиул Синай.
১ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে।
2 Дупэ че ау плекат де ла Рефидим, ау ажунс ын пустиул Синай ши ау тэбэрыт ын пустиу. Исраел а тэбэрыт аколо, ын фаца мунтелуй.
২তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি চীনয় মৰুভূমিলৈ অহাৰ পাছত, মৰুভূমিত পৰ্ব্বতৰ সন্মুখত তম্বু তৰিলে।
3 Мойсе с-а суит ла Думнезеу. Ши Домнул л-а кемат де пе мунте, зикынд: „Аша сэ ворбешть касей луй Иаков ши сэ спуй копиилор луй Исраел:
৩মোচি ঈশ্বৰৰ ওচৰলৈ উঠি গ’ল। যিহোৱাই পৰ্ব্বতৰ পৰা তেওঁক মাত লগাই ক’লে, “তুমি যাকোবৰ বংশক আৰু ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ কোৱা:
4 ‘Аць вэзут че ам фэкут Еӂиптулуй ши кум в-ам пуртат пе арипь де вултур ши в-ам адус аич ла Мине.
৪মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
5 Акум, дакэ вець аскулта гласул Меу ши дакэ вець пэзи легэмынтул Меу, вець фи ай Мей динтре тоате попоареле, кэч тот пэмынтул есте ал Меу;
৫এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
6 Ымь вець фи о ымпэрэцие де преоць ши ун ням сфынт. Ачестя сунт кувинтеле пе каре ле вей спуне копиилор луй Исраел.’”
৬মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।”
7 Мойсе а венит де а кемат пе бэтрыний попорулуй ши ле-а пус ынаинте тоате кувинтеле ачестя, кум ый порунчисе Домнул.
৭সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে।
8 Тот попорул а рэспунс: „Вом фаче тот че а зис Домнул!” Мойсе а спус Домнулуй кувинтеле попорулуй.
৮সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে।
9 Ши Домнул а зис луй Мойсе: „Ятэ, вой вени ла тине ынтр-ун нор грос, пентру ка сэ аудэ попорул кынд ыць вой ворби ши сэ айбэ тотдяуна ынкредере ын тине.” Мойсе а спус Домнулуй кувинтеле попорулуй.
৯যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
10 Ши Домнул а зис луй Мойсе: „Ду-те ла попор, сфинцеште-й азь ши мыне ши пуне-й сэ-шь спеле хайнеле.
১০যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।
11 Сэ фие гата пентру а трея зи, кэч а трея зи Домнул Се ва коборы ын фаца ынтрегулуй попор, пе мунтеле Синай.
১১তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
12 Сэ хотэрэшть попорулуй анумите марӂинь де жур ымпрежур ши сэ спуй: ‘Сэ ну кумва сэ вэ суиць пе мунте сау сэ вэ атинӂець де поалеле луй. Орьчине се ва атинӂе де мунте ва фи педепсит ку моартя.
১২তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’
13 Ничо мынэ сэ ну се атингэ де ел, чи пе орьчине се ва атинӂе, сэ-л омоаре ку петре сау сэ-л стрэпунгэ ку сэӂець: добиток сау ом ну ва трэи.’ Кынд ва суна трымбица, ей вор ынаинта спре мунте.”
১৩সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।”
14 Мойсе с-а коборыт де пе мунте ла попор, а сфинцит попорул ши ей шь-ау спэлат хайнеле.
১৪তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।
15 Ши а зис попорулуй: „Фиць гата ын трей зиле; сэ ну вэ апропияць де врео фемее.”
১৫তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
16 А трея зи диминяца, ау фост тунете, фулӂере ши ун нор грос пе мунте; трымбица рэсуна ку путере ши тот попорул дин табэрэ а фост апукат де спаймэ.
১৬তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
17 Мойсе а скос попорул дин табэрэ, спре ынтымпинаря луй Думнезеу, ши с-ау ашезат ла поалеле мунтелуй.
১৭মোচিয়ে ঈশ্বৰক ল’গ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে; আৰু তেওঁলোক পৰ্ব্বতৰ নামনিত থিয় হ’ল।
18 Мунтеле Синай ера тот нумай фум, пентру кэ Домнул Се коборысе пе ел ын мижлокул фокулуй. Фумул ачеста се ынэлца ка фумул унуй куптор, ши тот мунтеле се кутремура ку путере.
১৮যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
19 Трымбица рэсуна тот май путерник. Мойсе ворбя, ши Думнезеу ый рэспундя ку глас таре.
১৯শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।
20 Домнул С-а коборыт пе мунтеле Синай, ши ануме пе вырфул мунтелуй. Домнул а кемат пе Мойсе пе вырфул мунтелуй. Ши Мойсе с-а суит сус.
২০এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।
21 Домнул а зис луй Мойсе: „Кобоарэ-те ши порунчеште попорулуй ку тот динадинсул сэ ну дя бузна спре Домнул, ка сэ се уйте, пентру ка ну кумва сэ пярэ ун маре нумэр динтре ей.
২১যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।
22 Преоций каре се апропие де Домнул сэ се сфинцяскэ ши ей, ка ну кумва сэ-й ловяскэ Домнул ку моартя.”
২২যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”
23 Мойсе а зис Домнулуй: „Попорул ну ва путя сэ се суе пе мунтеле Синай, кэч не-ай оприт ку тот динадинсул, зикынд: ‘Хотэрэште анумите марӂинь ын журул мунтелуй ши сфинцеште-л.’”
২৩মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।”
24 Домнул й-а зис: „Ду-те, кобоарэ-те ши суе-те апой ярэшь ку Аарон, дар преоций ши попорул сэ ну дя бузна сэ се суе ла Домнул, ка ну кумва сэ-й ловяскэ ку моартя.”
২৪তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি পৰ্ব্বতৰ পৰা নামি যোৱা; আৰু হাৰোণক তোমাৰ লগত লৈ আহাঁ; কিন্তু পুৰোহিত আৰু লোকসকলক সীমা অতিক্রম কৰিব নিদিবা। নহ’লে মই তেওঁলোকক আক্ৰমণ কৰিম।”
25 Мойсе с-а коборыт ла попор ши й-а спус ачесте лукрурь.
২৫সেয়ে মোচিয়ে লোকসকলৰ ওচৰলৈ নামি গ’ল, আৰু তেওঁলোকৰ আগত সেই কথা ক’লে।