< Амос 2 >
1 Аша ворбеште Домнул: „Пентру трей нелеӂюирь але Моабулуй, ба пентру патру, ну-Мь скимб хотэрыря, пентру кэ а арс, а арс пынэ ле-а фэкут вар, оаселе ымпэратулуй Едомулуй,
১যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে।
2 де ачея вой тримите фок ын Моаб ши ва мистуи палателе Кериотулуй, ши Моабул ва пери ын мижлокул зарвей, ын мижлокул стригэтелор де рэзбой ши ал сунетулуй трымбицей.
২সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেয়ে কৰিয়োতৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব; যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দেৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ’ব।
3 Вой нимичи ку десэвыршире пе жудекэтор дин мижлокул луй ши вой учиде пе тоате кэпетенииле луй ымпреунэ ку ел”, зиче Домнул.
৩মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্ত্তাক উচ্ছন্ন কৰিম আৰু তেওঁৰ লগত সকলো অধিকাৰীকো বধ কৰিম।”
4 Аша ворбеште Домнул: „Пентру трей нелеӂюирь але луй Иуда, ба пентру патру, ну-Мь скимб хотэрыря, пентру кэ ау несокотит Леӂя Домнулуй ши н-ау пэзит порунчиле Луй, чи с-ау лэсат душь ын рэтэчире де идолий чей минчиношь дупэ каре ау умблат ши пэринций лор,
৪যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল।
5 де ачея вой тримите фок ын Иуда ши ва мистуи палателе Иерусалимулуй.”
৫সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
6 Аша ворбеште Домнул: „Пентру трей нелеӂюирь але луй Исраел, ба пентру патру, ну-Мь скимб хотэрыря, пентру кэ ау вындут пе чел неприхэнит пе бань ши пе сэрак пе о переке де ынкэлцэминте.
৬যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে।
7 Ей дореск сэ вадэ цэрына пэмынтулуй пе капул челор сэрмань ши калкэ ын пичоаре дрептул челор ненорочиць. Фиул ши татэл се дук ла ачеяшь фатэ, ка сэ пынгэряскэ Нумеле Меу чел сфынт.
৭তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে।
8 Се ынтинд лынгэ фиекаре алтар пе хайне луате ка зэлог ши бяу ын каса думнезеилор лор аменда челор осындиць де ей.
৮তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শোৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে।
9 Ши тотушь Еу ам нимичит динаинтя лор пе амориць, каре ерау кыт чедрий де ыналць ши тарь ка стежарий; ле-ам нимичит роаделе дин вырф пынэ ын рэдэчинь.
৯ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ।
10 Ши Еу в-ам скос дин цара Еӂиптулуй ши в-ам повэцуит патрузечь де ань ын пустиу, ка сэ вэ дау ын стэпынире цара аморицилор.
১০সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ।
11 Ам ридикат пророчь динтре фиий воштри ши назирей динтре тинерий воштри. Ну есте аша, копий ай луй Исраел?”, зиче Домнул.
১১হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে।
12 „Яр вой аць дат назиреилор сэ бя вин ши пророчилор ле-аць порунчит: ‘Ну пророчиць!’
১২“কিন্তু তোমালোকে সেই নাচৰীয়সকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিষেধ কৰিলা।
13 Ятэ, вэ вой стропши кум стропшеште пэмынтул карул ынкэркат ку снопь,
১৩চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম।
14 аша кэ чел юте ну ва путя сэ фугэ, яр чел таре ну се ва путя служи де тэрия луй, ши омул витяз ну-шь ва скэпа вяца.
১৪সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;
15 Чел че мынуеште аркул ну ва путя сэ цинэ пепт, чел юте де пичоаре ну ва скэпа ши кэлэрецул ну-шь ва скэпа вяца,
১৫ধনুৰ্দ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব; বেগী দৌৰবিদজনে পলাব নোৱাৰিব; এনেকি অশ্বাৰোহীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব নোৱাৰিব।
16 яр чел май инимос динтре рэзбойничь ва фуӂи ын пеля гоалэ ын зиуа ачея”, зиче Домнул.
১৬যোদ্ধাসকলৰ মাজৰ অতি সাহিয়াল লোকেও সেই দিনা উলঙ্গ হৈ পলাই যাব।” ইয়াক যিহোৱাই কৈছে।