< 2 Кроничь 27 >
1 Иотам авя доуэзечь ши чинч де ань кынд а ажунс ымпэрат ши а домнит шайспрезече ань ла Иерусалим. Мама са се кема Иеруша, фата луй Цадок.
১যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল।
2 Ел а фэкут че есте бине ынаинтя Домнулуй, ынтокмай кум фэкусе татэл сэу, Озия. Нумай кэ н-а интрат ын Темплул Домнулуй. Тотушь попорул се стрика мереу.
২তেওঁ নিজ পিতৃ উজ্জিয়াৰ সকলো কাৰ্যৰ দৰেই, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে৷ আনকি তেওঁ যিহোৱাৰ মন্দিৰত ধূপ জলাবলৈ সোমোৱা নাছিল৷ কিন্তু লোকসকলে কু-আচৰণ কৰিয়েই থাকিল।
3 Иотам а зидит поарта де сус а Касей Домнулуй ши а фэкут мулте клэдирь пе зидуриле де пе дял.
৩তেওঁ যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু ওফেলৰ গড়ৰ অনেক ঠাই পুনৰায় নিৰ্ম্মাণ কৰিলে৷
4 А зидит четэць ын мунтеле луй Иуда ши четэцуй ши турнурь ын думбрэвь.
৪আনকি যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে।
5 А фост ын рэзбой ку ымпэратул фиилор луй Амон ши й-а бируит. Фиий луй Амон й-ау дат ын анул ачела о сутэ де таланць де арӂинт, зече мий де корь де грыу ши зече мий де орз ши й-ау плэтит тот атыт пе анул ал дойля ши ал трейля.
৫তেওঁ অম্মোনৰ সন্তান সকলৰ ৰজাৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে৷ তাতে অম্মোনৰ সন্তান সকলে সেই একে বছৰত তেওঁক এশ কিক্কৰ ৰূপ, দহ হাজাৰ কোৰ ঘেঁহু আৰু দহ হাজাৰ কোৰ যৱ ধান দিলে৷ দ্বিতীয় আৰু তৃতীয় বছৰতো অম্মোনৰ সন্তান সকলে তেওঁক একেদৰেই দিলে।
6 Иотам а ажунс путерник пентру кэ шь-а урмат некурмат кэиле ынаинтя Домнулуй Думнезеулуй сэу.
৬এইদৰে যোথম শক্তিশালী হ’ল, কিয়নো তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে নিজ পথত দৃঢ়তাৰে চলিছিল৷
7 Челелалте фапте але луй Иотам, тоате рэзбоаеле луй ши тот че а фэкут ел, сунт скрисе ын картя ымпэрацилор луй Исраел ши Иуда.
৭যোথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
8 Ел авя доуэзечь ши чинч де ань кынд а ажунс ымпэрат ши а домнит шайспрезече ань ла Иерусалим.
৮তেওঁ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল পঁচিশ বছৰ; ৰজা হৈ তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিলে।
9 Иотам а адормит ку пэринций сэй ши л-ау ынгропат ын четатя луй Давид. Ши ын локул луй а домнит фиул сэу Ахаз.
৯যোথম তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আহজ, তেওঁৰ পদত ৰজা হৈছিল।