< 2 Кроничь 10 >
1 Робоам с-а дус ла Сихем, кэч тот Исраелул венисе ла Сихем сэ-л факэ ымпэрат.
১পাছত ৰহবিয়াম চিখিমলৈ গ’ল; কিয়নো তেওঁক ৰজা পাতিবলৈ গোটেই ইস্ৰায়েল চিখিমলৈ গৈছিল।
2 Кынд а аузит лукрул ачеста, Иеробоам, фиул луй Небат, ера ын Еӂипт, унде фуӂисе де ымпэратул Соломон, ши с-а ынторс дин Еӂипт.
২এনেতে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাৰ্ত্তা পালে, কিয়নো তেওঁ মিচৰত আছিল, চলোমন ৰজাৰ ভয়ত তেওঁ মিচৰলৈ পলাই গৈছিল; তাৰ পাছত তেওঁ মিচৰৰ পৰা উলটি আহিল৷
3 Ау тримис сэ-л кеме. Атунч, Иеробоам ши тот Исраелул ау венит ла Робоам ши й-ау ворбит аша:
৩কিয়নো লোকসকলে মানুহ পঠিয়াই তেওঁক মতাই আনিছিল; তাৰ পাছত যাৰবিয়াম আৰু গোটেই ইস্ৰায়েলে আহি ৰহবিয়ামক এই কথা ক’লে,
4 „Татэл тэу не-а ынгреуят жугул, акум ушурязэ ачастэ аспрэ робие ши жугул греу пе каре л-а пус песте ной татэл тэу. Ши ыць вом служи.”
৪“আপোনাৰ পিতৃয়ে আমাৰ ওপৰত সহিব নোৱাৰা যুৱলি দি গ’ল৷ এই হেতুকে আপোনাৰ পিতৃয়ে আমাক যি সহিব নোৱাৰা দাস্যকৰ্মত লগাই দি গধুৰ যুৱলি দি গ’ল, আপুনি তাৰ কিছু লঘূ কৰক, তেতিয়া আমি আপোনাৰ দাস হৈ থাকিম।”
5 Ел ле-а зис: „Ынтоарчеци-вэ ла мине дупэ трей зиле.” Ши попорул а плекат.
৫তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনৰ পাছত তোমালোকে আকৌ মোৰ ওচৰলৈ আহিবা।” তেতিয়া লোকসকল গুচি গ’ল।
6 Ымпэратул Робоам а ынтребат пе бэтрыний каре фусесерэ ку татэл сэу, Соломон, ын тимпул веций луй ши а зис: „Че мэ сфэтуиць сэ рэспунд попорулуй ачестуя?”
৬পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীৱিত থকা কালত যি বৃদ্ধসকল তেওঁৰ আগত থিয় দি আছিল তেওঁলোকৰ লগত মন্ত্ৰণা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ তোমালোকে কি পৰামৰ্শ দিয়া?”
7 Ши ятэ че й-ау зис ей: „Дакэ вей фи бун ку попорул ачеста, дакэ-й вей прими бине ши дакэ ле вей ворби ку бунэвоинцэ, ыць вор служи пе вечие.”
৭তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি সেই লোকসকললৈ মৰমীয়াল হৈ তেওঁলোকক সন্তুষ্ট কৰে আৰু তেওঁলোকক ভাল কথা কয়, তেন্তে তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
8 Дар Робоам а лэсат сфатул пе каре и-л дэдяу бэтрыний ши а ынтребат пе тинерий каре крескусерэ ку ел ши каре-л ынконжурау.
৮কিন্তু ৰহবিয়ামক বৃদ্ধসকলে দিয়া পৰামৰ্শ অৱজ্ঞা কৰি, যিসকল তেওঁৰে লগত একে সমানে ডাঙৰ-দীঘল হোৱা ডেকাসকল তেওঁৰ আগত থিয় দি আছিল, তেওঁলোকৰ সৈতে মন্ত্ৰণা কৰিলে।
9 Ел ле-а зис: „Че мэ сфэтуиць сэ рэспунд попорулуй ачестуя каре-мь ворбеште астфел: ‘Ушурязэ жугул пе каре л-а пус татэл тэу песте ной’?”
৯তেওঁ তেওঁলোকক ক’লে, “মোৰ আগত কোৱা সেই লোকসকলক আমি উত্তৰ দিবৰ বাবে তোমালোকে কি পৰামৰ্শ দিবা, সেই লোকসকলে মোক এইদৰে ক’লে, বোলে, ‘আপোনাৰ পিতৃয়ে আমাৰ ওপৰত যি যুৱলি দি গ’ল, তাৰ কিছু লঘূ কৰক’?”
10 Ши ятэ че й-ау зис тинерий каре крескусерэ ку ел: „Аша сэ ворбешть попорулуй ачестуя каре ць-а ворбит аша: ‘Татэл тэу не-а ынгреуят жугул, яр ту ушурязэ-ни-л!’ сэ ле ворбешть аша: ‘Деӂетул меу чел мик есте май грос декыт коапселе татэлуй меу.
১০তেওঁৰ একে সমানে ডাঙৰ-দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত গধুৰ যুৱলি দি গ’ল কিন্তু আপুনি তাৰ কিছু লঘূ কৰক বুলি আপোনাৰ আগত কোৱা লোকসকলক সেই কথা কওঁক, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
11 Акум, татэл меу а пус песте вой ун жуг греу, дар еу ыл вой фаче ши май греу; татэл меу в-а педепсит ку биче, дар еу вэ вой педепси ку скорпиоане.’”
১১এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধূৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধূৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’, এইদৰেই আপুনি তেওঁলোকক কওক৷”
12 Иеробоам ши тот попорул ау венит ла Робоам а трея зи, дупэ кум ле спусесе ымпэратул: „Ынтоарчеци-вэ ла мине песте трей зиле.”
১২পাছত “তৃতীয়দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
13 Ымпэратул ле-а рэспунс аспру. Ымпэратул Робоам а лэсат сфатул бэтрынилор
১৩তাতে ৰজাই তেওঁলোকক টান টান কথাৰে উত্তৰ দিলে; ৰহবিয়াম ৰজাই বৃদ্ধসকলৰ পৰামৰ্শ অৱজ্ঞা কৰিলে৷
14 ши ле-а ворбит аша, дупэ сфатул тинерилор: „Татэл меу в-а ынгреуят жугул, дар еу ыл вой ынгреуя ши май мулт; татэл меу в-а педепсит ку биче, дар еу вэ вой педепси ку скорпиоане.”
১৪সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক তেওঁ এই কথা কলে, “মোৰ পিতৃয়ে তোমালোকক দিয়া যুৱলি তাতোকৈ অধিক গধুৰ কৰিম; ইয়াত মই পুনৰ যোগ দিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম।”
15 Астфел, ымпэратул н-а аскултат пе попор, кэч аша рындуисе Думнезеу ын ведеря ымплинирий кувынтулуй пе каре-л спусесе Домнул прин Ахия дин Сило луй Иеробоам, фиул луй Небат.
১৫এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।
16 Кынд а вэзут тот Исраелул кэ ымпэратул ну-л аскултэ, попорул а рэспунс ымпэратулуй: „Че парте авем ной ку Давид? Ной н-авем ничо моштенире ку фиул луй Исай! Ла кортуриле тале, Исраеле! Акум, везь-ць де касэ, Давиде!” Ши тот Исраелул с-а дус ын кортуриле луй.
১৬যেতিয়া ইস্ৰায়েলৰ লোকসকলে দেখিলে যে, ৰজাই তেওঁলোকৰ কথা শুনা নাই তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দিলে আৰু ক’লে, “দায়ূদৰ ওচৰত আমাৰ কি অংশ আছে? যিচয়ৰ পুত্ৰৰ ওচৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল, তোমালোকে নিজ নিজ তম্বুলৈ যোৱা৷ হে দায়ুদ, তুমি এতিয়া নিজ বংশলৈ চোৱা।” এইদৰে সমুদায় ইস্ৰায়েল নিজ নিজ তম্বুলৈ পুনৰ উভতি গ’ল।
17 Копиий луй Исраел каре локуяу ын четэциле луй Иуда ау фост сингурий песте каре а домнит Робоам.
১৭কিন্তু যিহূদাৰ নগৰবোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত হ’লে ৰহবিয়ামে ৰাজত্ব কৰি থাকিল।
18 Атунч, ымпэратул Робоам а тримис пе Хадорам, каре ера май-маре песте дэрь. Хадорам а фост ымпрошкат ку петре де копиий луй Исраел ши а мурит. Ши ымпэратул Робоам с-а грэбит ши с-а суит ынтр-ун кар, ка сэ фугэ ла Иерусалим.
১৮পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাসকলৰ অধ্যক্ষ হদোৰামক পঠিয়াওতে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলৈ এনেদৰে শিল দলিয়ালে যে, যাৰ ফলত তেওঁ তাতে মৰিল৷ ৰজা ৰহবিয়ামে নিজৰ ৰথত উঠি বেগাবেগীকৈ যিৰূচালেমলৈ পলাই গ’ল।
19 Астфел с-а дезлипит Исраел де каса луй Давид пынэ ын зиуа де азь.
১৯এইদৰে ইস্ৰায়েলে দায়ূদৰ বংশৰ বিৰুদ্ধে আজিলৈকে সেই ভাবেৰেই বিদ্ৰোহ আচৰণ কৰি আছে।