< 1 Самуел 31 >
1 Филистений с-ау луптат ку Исраел, ши бэрбаций луй Исраел ау луат-о ла фугэ динаинтя филистенилор ши ау кэзут учишь пе мунтеле Гилбоа.
১পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তাতে ইস্ৰায়েল লোকসকল ফিলিষ্টীয়া সকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহু লোক মৰিল।
2 Филистений ау урмэрит пе Саул ши пе фиий луй ши ау учис пе Ионатан, Абинадаб ши Малкишуа, фиий луй Саул.
২পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ নিচেই ওচৰলৈ খেদি গ’ল। তাতে ফিলিষ্টীয়া সকলে তেওঁৰ পুত্ৰ যোনাথন, অবীনাদব, আৰু মল্কীচুৱাক বধ কৰিলে।
3 Саул а фост принс ын тоюл луптей; аркаший л-ау ажунс ши л-ау рэнит греу.
৩চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্দ্ধৰ সকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ’ল।
4 Саул а зис атунч челуй че-й дучя армеле: „Скоате-ць сабия ши стрэпунӂе-мэ, ка ну кумва ачешть нетэяць ымпрежур сэ винэ сэ мэ стрэпунгэ ши сэ-шь батэ жок де мине.” Чел че-й дучя армеле н-а воит, кэч ый ера тямэ. Ши Саул шь-а луат сабия ши с-а арункат ын еа.
৪তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল।
5 Чел че дучя армеле луй Саул, вэзынду-л морт, с-а арункат ши ел ын сабия луй ши а мурит ымпреунэ ку ел.
৫তাতে তেওঁৰ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে, চৌল মৰিল; তেতিয়া তেৱোঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেৱোঁ মৰিল।
6 Астфел ау перит ын ачелашь тимп ши ын ачеяшь зи Саул ши чей трей фий ай луй, чел че-й пурта армеле ши тоць оамений луй.
৬এইদৰে একেদিনাই চৌল, তেওঁৰ অস্ত্ৰবাহক আৰু তেওঁৰ তিনিজন পুত্ৰ একেলগে মৰিল।
7 Чей дин Исраел каре ерау динколо де вале ши динколо де Йордан, вэзынд кэ оамений луй Исраел фуӂяу ши кэ Саул ши фиий луй мурисерэ, шь-ау пэрэсит четэциле ши ау луат-о ши ей ла фугэ. Ши филистений ау венит ши с-ау ашезат ын еле.
৭পাছত যেতিয়া উপত্যকাত থকা আৰু যৰ্দ্দনৰ সিটো পাৰত থকা লোকসকলে দেখিলে যে, ইস্ৰায়েলী লোকসকল পলাল আৰু চৌলৰ লগতে তেওঁৰ পুত্ৰ সকল মৰিল; তেতিয়া তেওঁলোকো নগৰবোৰ এৰি পলাই গ’ল। তাতে পলেষ্টীয়াসকলে আহি সেই ঠাইবোৰত বাস কৰিব ধৰিলে।
8 А доуа зи, филистений ау венит сэ дезбраче пе чей морць ши ау гэсит пе Саул ши пе чей трей фий ай луй кэзуць пе мунтеле Гилбоа.
৮পাছদিনা যেতিয়া পলেষ্টীয়াসকলে মৃত লোকসকলৰ পোচাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ তিনি জন পুত্ৰ পৰি আছে।
9 Ау тэят капул луй Саул ши й-ау луат армеле. Апой ау тримис сэ дя де весте прин тоатэ цара филистенилор, ын каселе идолилор лор ши ын попор.
৯পাছত তেওঁলোকে তেওঁৰ মুৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল’লে। তাৰ পাছত পলেষ্টীয়াসকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও এই খবৰ পঠিয়ালে।
10 Ау пус армеле луй Саул ын каса астартеелор ши й-ау атырнат трупул пе зидуриле Бет-Шанулуй.
১০সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎচানৰ গড়ত আৰি হ’ল।
11 Кынд ау аузит локуиторий Иабесулуй дин Галаад че ау фэкут филистений луй Саул,
১১পলেষ্টীয়াসকলে চৌললৈ কৰা এই কৰ্মৰ বাতৰি যেতিয়া যাবেচ-গিলিয়দ নিবাসী সকলে শুনিলে,
12 тоць витежий с-ау скулат, ау мерс тоатэ ноаптя ши ау луат де пе зидуриле Бет-Шанулуй трупул луй Саул ши трупуриле фиилор луй. Апой с-ау ынторс ла Иабес, унде ле-ау арс;
১২তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে।
13 ле-ау луат оаселе ши ле-ау ынгропат суб стежарул дин Иабес. Ши ау постит шапте зиле.
১৩তেওঁলোকৰ অস্থিবোৰ লৈ যাবেচত থকা ঝাওঁ গছজোপাৰ তলত পুতি থলে, আৰু সাত দিন লঘোন দিলে।