< Psalmii 147 >
1 Lăudați pe DOMNUL, pentru că este bine a cânta laude Dumnezeului nostru, pentru că este plăcut; și lauda este cuvenită.
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
2 DOMNUL zidește Ierusalimul, adună pe proscrișii lui Israel.
২যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।
3 El vindecă pe cei cu inima frântă și le leagă rănile.
৩তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
4 El socotește numărul stelelor, el le cheamă pe toate pe numele lor.
৪তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।
5 Mare este Domnul nostru și mare în putere, înțelegerea lui este infinită.
৫আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
6 DOMNUL înalță pe cei umili, el aruncă pe cei stricați la pământ.
৬যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।
7 Cântați DOMNULUI cu mulțumire; cântați laudă pe harpă, Dumnezeului nostru,
৭তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
8 Care acoperă cerul cu nori, care pregătește ploaie pentru pământ, care face să crească iarbă pe munți.
৮যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
9 Dă vitei mâncarea ei și corbilor tineri care strigă.
৯পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।
10 El nu găsește plăcere în tăria calului, el nu are plăcere în picioarele unui om.
১০ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;
11 DOMNUL își găsește plăcerea în cei ce se tem de el, în cei ce speră în mila lui.
১১কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
12 Laudă pe DOMNUL, Ierusalime; laudă pe Dumnezeul tău, Sioane.
১২হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।
13 Căci el a întărit zăvoarele porților tale; el a binecuvântat pe copiii tăi în mijlocul tău.
১৩কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।
14 El dă pace între granițele tale și te satură cu grăsimea grâului.
১৪তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।
15 El trimite porunca lui pe pământ, cuvântul lui aleargă foarte repede.
১৫তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়।
16 El dă zăpadă ca lâna, el împrăștie bruma ca cenușa.
১৬তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।
17 El își aruncă gheața ca îmbucături, cine poate sta înaintea frigului său?
১৭তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?
18 El trimite cuvântul său și le topește, el face ca vânturile sale să sufle și apele curg.
১৮তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।
19 El arată cuvântul său lui Iacob, statutele sale și judecățile sale lui Israel.
১৯তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।
20 El nu s-a purtat astfel cu nicio națiune; iar judecățile sale, ei nu le-au cunoscut. Lăudați pe DOMNUL.
২০অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।