< Iov 29 >
1 Mai mult, Iov și-a continuat parabola și a spus:
১পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,
2 O, de aș fi ca în lunile trecute, ca în zilele când Dumnezeu mă păstra;
২অস, আগৰ মাহ কেইটাত, যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,
3 Când candela lui strălucea peste capul meu și când prin lumina lui umblam prin întuneric;
৩যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ,
4 Cum eram în zilele tinereții mele, când taina lui Dumnezeu era peste cortul meu;
৪যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
5 Când cel Atotputernic mai era cu mine, când copiii mei erau în jurul meu;
৫সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,
6 Când îmi spălam pașii cu unt și stânca îmi revărsa râuri de untdelemn;
৬যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!
7 Când ieșeam la poartă, trecând prin cetate, când îmi pregăteam scaunul meu în stradă!
৭যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ,
8 Tinerii mă vedeau și se ascundeau; și bătrânii se ridicau și stăteau în picioare.
৮তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;
9 Prinții își opreau vorbirea și își puneau mâna la gura.
৯প্ৰধান লোকসকলে কথা কবলৈ এৰি, নিজ নিজ মোখত হাত দিছিল;
10 Nobilii își rețineau vocea și limba li se lipea de cerul gurii.
১০ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।
11 Când urechea mă auzea, mă binecuvânta; și când ochiul mă vedea, îmi aducea mărturie;
১১কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।
12 Pentru că am eliberat pe cel sărac care striga și pe cel fără tată și pe cel ce nu avea pe nimeni să îl ajute.
১২কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
13 Binecuvântarea celui ce era gata să piară venea peste mine și făceam inima văduvei să cânte de bucurie.
১৩বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
14 Mă îmbrăcam cu dreptate și ea mă înveșmânta; judecata mea era ca o robă și o diademă.
১৪মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
15 Eram ochi celui orb și picioare pentru șchiop.
১৫মই অন্ধৰ চকু আছিলোঁ; আৰু খোৰাৰ ভৰি আছিলোঁ।
16 [Eram] tată celor săraci; și cauza pe care nu o cunoșteam, am cercetat-o în amănunțime.
১৬মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
17 Și am frânt fălcile celui stricat și am smuls prada din dinții lui.
১৭মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
18 Atunci am spus: Voi muri în cuibul meu și voi înmulți zilele mele precum nisipul.
১৮তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হব;
19 Rădăcina mea era întinsă lângă ape și roua se așeza toată noaptea pe ramura mea.
১৯আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
20 Gloria mea era proaspătă în mine și arcul meu era înnoit în mâna mea.
২০মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
21 Mă ascultau oamenii și așteptau și tăceau la sfatul meu.
২১লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।
22 După cuvântarea mea nu mai vorbeau; și vorbirea mea picura peste ei.
২২মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।
23 Și mă așteptau ca pe ploaie; și își deschideau larg gura ca după ploaia târzie.
২৩বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।
24 [Dacă] râdeam de ei, nu credeau; și lumina înfățișării mele nu o doborau.
২৪সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
25 Le alegeam calea și ședeam drept mai mare conducător și locuiam ca un împărat în armată, ca unul care mângâie pe cei ce jelesc.
২৫মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।