< Romanos 12 >
1 Por isso vos exorto, irmãos, pela misericórdia de Deus, a apresentar vossos corpos um sacrifício vivo, santo, aceitável a Deus, que é o vosso serviço espiritual.
১এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
2 Não se conformem com este mundo, mas sejam transformados pela renovação de sua mente, para que possam provar qual é a boa, agradável e perfeita vontade de Deus. (aiōn )
২আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ (aiōn )
3 Pois eu digo através da graça que me foi dada, a todos que estão entre vós, não para pensar em vós mais do que devíeis pensar; mas para pensar razoavelmente, pois Deus atribuiu a cada pessoa uma medida de fé.
৩কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
4 Pois mesmo tendo muitos membros em um só corpo, e todos os membros não têm a mesma função,
৪কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়,
5 então nós, que somos muitos, somos um só corpo em Cristo, e individualmente membros uns dos outros,
৫তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।
6 tendo dons diferentes de acordo com a graça que nos foi dada: se profecia, profetizemos de acordo com a proporção de nossa fé;
৬কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
7 ou serviço, demo-nos ao serviço; ou aquele que ensina, ao seu ensino;
৭যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷
8 ou aquele que exorta, à sua exortação; aquele que dá, que o faça com generosidade; aquele que governa, com diligência; aquele que mostra misericórdia, com alegria.
৮উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।
9 Let o amor seja sem hipocrisia. Abominem o que é maligno. Apegar-se ao que é bom.
৯প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷
10 No amor aos irmãos sejam ternamente afetuosos uns com os outros; na honra prefiram um ao outro,
১০ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷
11 não se atrasem na diligência, fervorosos no espírito, servindo ao Senhor,
১১যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
12 regozijando-se na esperança, resistindo aos problemas, continuando com firmeza na oração,
১২আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;
13 contribuindo para as necessidades dos santos, e dada à hospitalidade.
১৩পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।
14 Abençoe aqueles que o perseguem; abençoe, e não amaldiçoe.
১৪যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।
15 Alegre-se com aqueles que se regozijam. Chorem com os que choram.
১৫যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
16 Sejam da mesma opinião uns para com os outros. Não se ponham a pensar em coisas altas, mas associem-se com os humildes. Não seja sábio em seus próprios conceitos.
১৬আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
17 Não pague a ninguém o mal pelo mal. Respeite o que é honroso à vista de todos os homens.
১৭অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷
18 Se for possível, tanto quanto depender de você, esteja em paz com todos os homens.
১৮যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।
19 Não procure vingança, amados, mas dê lugar à ira de Deus. Pois está escrito: “A vingança me pertence; eu retribuirei, diz o Senhor”.
১৯হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
20 Therefore “Se seu inimigo está com fome, alimente-o. Se ele estiver com sede, dê-lhe uma bebida; pois, ao fazer isso, você amontoará brasas de fogo sobre sua cabeça”.
২০“কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”।
21 Não se deixe vencer pelo mal, mas vença o mal com o bem.
২১কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।