< Mateus 23 >
1 Então Jesus falou às multidões e a seus discípulos,
১তেতিয়া যীচুৱে লোক সকলক আৰু তেওঁৰ শিষ্য সকলক ক’লে,
2 dizendo: “Os escribas e os fariseus se sentam no assento de Moisés”.
২তেওঁ ক’লে “বিধানৰ অধ্যাপক আৰু ফৰীচী সকল মোচিৰ আসনত বহি আছে৷
3 Todas as coisas, portanto, tudo o que eles dizem para você observar, observar e fazer, mas não faça suas obras; pois eles dizem e não fazem.
৩এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে যি দৰে কয়, সেইদৰে নকৰে।
4 Pois eles ligam fardos pesados que são penosos de suportar e os colocam sobre os ombros dos homens; mas eles mesmos não levantarão um dedo para ajudá-los.
৪হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে।
5 Mas eles fazem todos os seus trabalhos para serem vistos pelos homens. Eles ampliam seus filactérios e ampliam as franjas de suas vestes,
৫তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷
6 e adoram o lugar de honra nas festas, os melhores lugares nas sinagogas,
৬ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,
7 as saudações nos mercados, e serem chamados de “Rabino, Rabino pelos homens”.
৭হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’সম্বোধন কৰিলে তেওঁলোকে ভালপায়।
8 Mas você não deve ser chamado de 'Rabino', pois um é seu professor, o Cristo, e todos vocês são irmãos.
৮কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।
9 Não chame a ninguém sobre a terra seu pai, pois um é seu Pai, aquele que está no céu.
৯পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।
10 Nem vos chameis mestres, porque um só é vosso mestre, o Cristo.
১০আৰু তোমালোকে আচাৰ্য্যবুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।
11 Mas aquele que for maior entre vós, será vosso servo.
১১কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব।
12 Quem se exaltar será humilhado, e quem se humilhar será exaltado.
১২যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
13 “Ai de vocês, escribas e fariseus, hipócritas! Pois vocês devoram as casas das viúvas e, como pretensão, fazem longas orações. Portanto, vocês receberão uma condenação maior.
১৩কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
14 “Mas ai de vocês, escribas e fariseus, hipócritas! Porque fechais o Reino dos Céus contra os homens; porque não entrais em vós mesmos, nem permitis que entrem aqueles que estão entrando”.
১৪হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! আপোনালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰে আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, এই হেতুকে আপোনালোকে অধিক দণ্ড পাব।
15 Ai de vós, escribas e fariseus, hipócritas! Pois vocês viajam por mar e terra para fazer um prosélito; e quando ele se torna um, fazem dele um filho da Geena duas vezes mais do que vocês mesmos. (Geenna )
১৫হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে এজনক ইহুদী ধৰ্ম দিবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰে। (Geenna )
16 “Ai de vocês, guias cegos, que dizem: 'Quem jurar pelo templo, não é nada; mas quem jurar pelo ouro do templo, é obrigado a isso'.
১৬হায় হায় অন্ধ পথ প্ৰর্দশক! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে কয় যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
17 Seus tolos cegos! Para qual é maior, o ouro ou o templo que santifica o ouro?
১৭হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
18 E, 'Quem jurar pelo altar, não é nada; mas quem jurar pelo presente que está nele, é obrigado...'
১৮আপোনালোকে কয় যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।
19 Seus tolos cegos! Para qual é maior, o presente, ou o altar que santifica o presente?
১৯হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
20 Portanto, aquele que jura pelo altar, jura por ele e por tudo que está sobre ele.
২০এতেকে যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়;
21 Aquele que jura pelo templo, jura por ele e por aquele que nele tem vivido.
২১আৰু যি কোনোৱে মন্দিৰত ধৰি শপত খায়, তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়।
22 Aquele que jura pelo céu, jura pelo trono de Deus e por aquele que nele está sentado.
২২যি কোনোৱে স্বৰ্গৰ নামে শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনৰ নামেৰেও শপত খায়।
23 “Ai de vocês, escribas e fariseus, hipócritas! Para vocês, o dízimo de hortelã, endro e cominho, e deixaram de lado as questões mais pesadas da lei: justiça, misericórdia e fé. Mas vocês deveriam ter feito isso, e não ter deixado o outro por fazer.
২৩হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।
24 Guias cegos, que esticam um mosquito, e engolem um camelo!
২৪হে অন্ধ পথদৰ্শক সকল, আপোনালোকে পোক এটাকে ছেকি পেলাই, কিন্তু উটকে গিলি খায়!
25 “Ai de vocês, escribas e fariseus, hipócritas! Pois vocês limpam o exterior do copo e da travessa, mas por dentro estão cheios de extorsão e de iniquidade.
২৫হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰে, কিন্তু ভিতৰফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।
26 Vocês cegam o fariseu, primeiro limpam o interior do copo e da travessa, para que seu exterior também possa ficar limpo.
২৬হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব।
27 “Ai de vocês, escribas e fariseus, hipócritas! Pois vocês são como tumbas branqueadas, que por fora parecem belas, mas por dentro estão cheias de ossos de homens mortos e de toda imundícia.
২৭হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফাল দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷
28 Mesmo assim, vós também por fora pareceis justos para os homens, mas por dentro estais cheios de hipocrisia e iniqüidade.
২৮সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে।
29 “Ai de vocês, escribas e fariseus, hipócritas! Pois vocês constroem os túmulos dos profetas e decoram os túmulos dos justos,
২৯হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল। আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছে, আৰু ধাৰ্মিক সকলৰ মৈদাম শোভিত কৰিছে৷
30 e dizem: 'Se tivéssemos vivido nos dias de nossos pais, não teríamos participado com eles no sangue dos profetas'.
৩০আপোনালোকে কয় যে, ‘আমাৰ পূৰ্ব-পুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সঙ্গী নহলোহেঁতেন’।
31 Portanto, vocês testemunham a si mesmos que são filhos daqueles que mataram os profetas.
৩১এইদৰে, আপোনালোক যে ভাববাদী সকলক বধ কৰোঁতা সকলৰ সন্তান, এই বিষয়ে আপোনালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা।
32 Encham, então, a medida de seus pais”.
৩২এই হেতুকে চোৱা, আপোনালোকেও নিজৰ পূৰ্বপুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰক।
33 Vós, serpentes, seus descendentes de víboras, como escapareis do julgamento da Geena? (Geenna )
৩৩হে সৰ্পগণ, কালসৰ্পৰ বংশ, আপোনালোকে নো কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব? (Geenna )
34 Portanto, eis que eu vos envio profetas, sábios e escribas. Alguns deles matareis e crucificareis; e alguns deles flagelareis em vossas sinagogas e perseguireis de cidade em cidade,
৩৪এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্রুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।
35 para que sobre vós venha todo o sangue justo derramado na terra, desde o sangue do justo Abel até o sangue de Zacarias, filho de Baracaías, que matastes entre o santuário e o altar.
৩৫তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
36 Certamente eu lhes digo que todas estas coisas virão sobre esta geração.
৩৬মই আপোনালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হ’ব।”
37 “Jerusalém, Jerusalém, que mata os profetas e apedreja aqueles que lhe são enviados! Quantas vezes eu teria reunido seus filhos, mesmo quando uma galinha reúne seus filhotes sob suas asas, e você não o faria!
৩৭“যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
38 Eis que sua casa é deixada para você, desolada.
৩৮চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিত্যক্ত হৈছে;
39 Pois eu vos digo, não me vereis de agora em diante, até que digais: 'Abençoado seja aquele que vem em nome do Senhor'”!
৩৯কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তুমি এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।”