< Mateus 2 >
1 Quando Jesus nasceu em Belém da Judéia, nos dias do rei Herodes, eis que os sábios do Oriente vieram a Jerusalém, dizendo:
১হেৰোদ যেতিয়া যিহুদীয়াৰ ৰজা আছিল, তেতিয়া যিহুদীয়াৰ বৈৎলেহম নামৰ ঠাইত যীচুৰ জন্ম হ’ল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে,
2 “Onde está aquele que nasceu rei dos judeus? Pois vimos sua estrela no oriente, e viemos adorá-lo”.
২“যিহুদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালোঁ, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছোঁ।”
3 Quando o rei Herodes ouviu isso, ficou perturbado, e toda Jerusalém com ele.
৩এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল।
4 Reunindo todos os principais sacerdotes e escribas do povo, ele lhes perguntou onde o Cristo nasceria.
৪তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলক মাতি একগোট কৰিলে আৰু তেওঁলোকক সুধিলে, “খ্ৰীষ্টই ক’ত জন্ম গ্রহণ কৰিব?”
5 Eles lhe disseram: “Em Belém da Judéia, pois isto está escrito através do profeta,
৫তেওঁলোকে তেওঁক ক’লে, “যিহুদীয়া প্রদেশৰ বৈৎলেহম নামৰ ঠাইত; কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে,
6 'You Bethlehem, terra de Judá, não estão de forma alguma entre os príncipes de Judá; pois de vocês sairá um governador que pastoreará meu povo, Israel”.
৬‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’”
7 Então Herodes chamou secretamente os sábios, e aprendeu com eles exatamente a que horas a estrela apareceu.
৭তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা সঠিকৰূপে কোন সময়ত আবিৰ্ভুত হৈছিল, সেই বিষয়ে তেওঁলোকৰ পৰা জানিবৰ বাবে সুধিলে।
8 Ele os enviou a Belém, e disse: “Ide e procurem diligentemente a criança pequena”. Quando o tiverem encontrado, tragam-me notícias, para que eu também possa vir e adorá-lo”.
৮তাৰ পাছত তেওঁলোকক বৈৎলেহমলৈ পঠিয়াই দি ক’লে, “আপোনালোক যাওক আৰু সেই শিশুটোৰ বিষয়ে ভালদৰে বিচাৰ লওঁক; আৰু বিচাৰি পালে, তেওঁৰ সম্বাদ আহি মোক দিব, তেতিয়া ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম।”
9 Eles, tendo ouvido o rei, seguiram o seu caminho; e eis que a estrela, que eles viram no leste, foi adiante deles até chegar e ficou em pé onde estava a criança pequena.
৯ৰজাৰ এই কথা শুনি তেওঁলোক গুচি গ’ল; তাতে যি তৰা তেওঁলোকে পূব দিশত দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ শিশুটি থকা ঠাই পালে, আৰু সেই ঠাইৰ ওপৰত ৰৈ থাকিল।
10 Quando viram a estrela, regozijaram-se com uma alegria muito grande.
১০তাতে সেই তৰা দেখি, তেওঁলোক আনন্দত অতি আত্মহাৰা হ’ল।
11 Entraram na casa e viram o menino com Maria, sua mãe, e se prostraram e o adoraram. Abrindo seus tesouros, ofereceram a ele presentes: ouro, incenso e mirra.
১১তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণিপাত কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।
12 Being avisados em um sonho para não voltar a Herodes, voltaram para seu próprio país de outra forma.
১২পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা সাৱধান বাণী পোৱাত, তেওঁলোকে বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ উভটি গ’ল।
13 Agora que partiram, eis que um anjo do Senhor apareceu a José em um sonho, dizendo: “Levanta-te e leva a criança pequena e sua mãe, e foge para o Egito, e fica lá até que eu te diga, pois Herodes procurará a criança pequena para destruí-lo”.
১৩তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”
14 Ele se levantou e levou a criança e sua mãe à noite e partiu para o Egito,
১৪সেই নিশাই যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ গ’ল,
15 e esteve lá até a morte de Herodes, para que se cumprisse o que foi dito pelo Senhor através do profeta, dizendo: “Fora do Egito chamei meu filho”.
১৫আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো” এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।
16 Então Herodes, quando viu que era ridicularizado pelos sábios, ficou extremamente zangado, e enviou e matou todas as crianças do sexo masculino que estavam em Belém e em toda a região rural, a partir dos dois anos de idade e abaixo, de acordo com o tempo exato que tinha aprendido com os sábios.
১৬তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দি পঠিয়াই দিলে।
17 Então o que foi dito por Jeremias, o profeta, foi cumprido, dizendo,
১৭তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল, সেয়া সিদ্ধ হ’ল:
18 “Uma voz foi ouvida em Ramah, lamentação, choro e grande luto, Raquel chorando por seus filhos; ela não se sentiria confortada, porque eles não são mais”.
১৮“ৰামাত এটা মাত শুনা গ’ল, বিলাপৰ ৰোল আৰু মহা-শোক, ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্রন্দন কৰিছে আৰু তেওঁ সান্ত্বনা পাবলৈও ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো জীয়াই থকা নাই।”
19 Mas quando Herodes estava morto, eis que um anjo do Senhor apareceu num sonho a José no Egito, dizendo:
১৯পাছত যেতিয়া হেৰোদৰ মৃত্যু হ’ল, তেতিয়া প্ৰভুৰ এজন দূতে মিচৰ দেশত থাকোতেই সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে,
20 “Levanta-te e leva a criança e sua mãe, e vai para a terra de Israel, pois aqueles que procuravam a vida da criança estão mortos”.
২০“উঠা, ল’ৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ মৃত্যু হ’ল।”
21 Ele se levantou e levou a criança e sua mãe, e veio para a terra de Israel.
২১তেতিয়া যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল।
22 Mas quando soube que Arquelau reinava sobre a Judéia no lugar de seu pai, Herodes, ele teve medo de ir para lá. Avisado em um sonho, ele se retirou para a região da Galiléia,
২২কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহুদীয়াত পিতৃ হেৰোদৰ স্থানত তেওঁৰ পুত্র আৰ্খিলায়ে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ উলটি যাবৰ বাবে ভয় কৰিলে; পাছত ঈশ্বৰে এক সপোনত সাৱধান কৰি দিয়াত তেওঁ গালীল প্ৰদেশলৈ গ’ল,
23 e veio e viveu em uma cidade chamada Nazaré; para que se cumprisse o que foi dito através dos profetas de que ele seria chamado de nazareno.
২৩আৰু তাত নাচৰত নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বুলি মতা হ’ব, এই যি বচন ভাববাদী সকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হবৰ বাবে এইদৰে ঘটিল।