< 2 Crônicas 4 >
1 Depois fez um altar de bronze, vinte côvados de comprimento, vinte côvados de largura e dez côvados de altura.
১তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
2 Também fez o mar derretido de dez côvados de borda a borda. Era redondo, cinco côvados de altura e trinta côvados de circunferência.
২তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷
3 Debaixo dele estava a semelhança dos bois, que o circundavam, por dez côvados, circundando o mar. Os bois estavam em duas fileiras, fundidos quando foi fundido.
৩পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
4 Estava sobre doze bois, três olhando para o norte, três olhando para o oeste, três olhando para o sul e três olhando para o leste; e o mar estava colocado sobre eles acima, e todos os seus quartos traseiros estavam para dentro.
৪আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।
5 Era uma largura de mão grossa. Sua borda era feita como a borda de um copo, como a flor de um lírio. Recebia e segurava três mil banhos.
৫সেই পাত্ৰখন চাৰি আঙুল ডাঠ; আৰু তাৰ কাণ বাটিৰ কাণ ও কনাৰি ফুলৰ নিচিনাকৈ সজা হ’ল৷ তাত তিনি হাজাৰ বৎ ধৰে।
6 Ele também fez dez bacias, e colocou cinco na mão direita e cinco na esquerda, para lavar nelas. As coisas que pertenciam ao holocausto eram lavadas nelas, mas o mar era para os sacerdotes se lavarem.
৬তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।
7 Ele fez os dez candeeiros de ouro de acordo com a portaria relativa a eles; e colocou-os no templo, cinco à direita e cinco à esquerda.
৭আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
8 Ele também fez dez mesas, e as colocou no templo, cinco do lado direito e cinco do lado esquerdo. Ele fez cem bacias de ouro.
৮তেওঁ দহখন মেজ সাজি, তাৰ পাঁচখন সোঁফালে আৰু পাঁচখন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে৷ আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ এশ বাটি সাজিলে।
9 Furthermore ele fez a corte dos sacerdotes, a grande corte e portas para a corte, e revestiu suas portas com bronze.
৯তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰ চোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে।
10 Ele colocou o mar no lado direito da casa para o leste, em direção ao sul.
১০আৰু তেওঁ সমুদ্ৰ-পাত্ৰটো গৃহৰ সোঁকাষে পূৱদিশে দক্ষিণমুৱাঁকৈ স্থাপন কৰিলে।
11 Huram fez as panelas, as pás e as bacias. Assim Huram terminou o trabalho que fez para o rei Salomão na casa de Deus:
১১ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হীৰমে নিৰ্ম্মাণ কৰিলে। এইদৰে হূৰমে চলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে।
12 os dois pilares, as tigelas, as duas capitais que estavam no topo dos pilares, as duas redes para cobrir as duas tigelas das capitais que estavam no topo dos pilares,
১২তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মুৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা সেই স্তম্ভৰ মুৰৰ মাথলেৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে দুখন জালৰ আকৃতিৰ বস্তু আছিল৷
13 e as quatrocentas romãs para as duas redes - duas fileiras de romãs para cada rede, para cobrir as duas tigelas das capitais que estavam sobre os pilares.
১৩আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ বাবে চাৰিশ ডালিম, অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘুৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে দুশাৰী ডালিম সাজিলে৷
14 Ele também fez as bases, e fez as bacias sobre as bases -
১৪তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ,
15 um mar, e os doze bois debaixo dele.
১৫এটা সমুদ্ৰ-পাত্ৰ আৰু তাৰ তলৰ গৰু বাৰটা সাজিলে।
16 Huram-abi também fez as panelas, as pás, os garfos e todas suas embarcações para o rei Salomão, para a casa de Yahweh, de bronze brilhante.
১৬ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, ত্ৰিশূল আদি সকলো সঁজুলি, তেওঁৰ প্ৰধান শিল্পকৰ হীৰমে চলোমন ৰজাৰ কাৰণে যিহোৱাৰ গৃহৰ বাবে চকচকিয়া পিতলেৰে সাজিলে।
17 O rei os fundiu na planície do Jordão, na terra argilosa entre Succoth e Zeredah.
১৭ৰজাই যৰ্দ্দনৰ সমথলত চুক্কোৎ আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে।
18 Assim, Salomão fez todas estas embarcações em grande abundância, de modo que o peso do bronze não pôde ser determinado.
১৮আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।
19 Salomão fez todos os vasos que estavam na casa de Deus: o altar dourado, as mesas com o pão de exposição,
১৯আৰু চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্ম্মাণ কৰালে অৰ্থাৎ সোণৰ বেদী, দৰ্শন-পিঠা থবৰ বাবে মেজ কেইখন;
20 e as luminárias com suas lâmpadas para queimar de acordo com a ordenança perante o santuário interior, de ouro puro;
২০আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
21 e as flores, as lâmpadas e as pinças de ouro mais puro;
২১সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
22 e os rapé, as bacias, as colheres e as panelas de fogo de ouro puro. Quanto à entrada da casa, suas portas internas para o lugar mais sagrado e as portas do salão principal do templo eram de ouro.
২২নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।