< 1 Crônicas 23 >
1 Agora David era velho e cheio de dias; e fez de Salomão seu filho rei sobre Israel.
১যেতিয়া দায়ূদে বৃদ্ধ হৈ জীৱনৰ শেষ অৱস্থাত পালে, তেতিয়া তেওঁ তেওঁৰ পুত্ৰ চলোমনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
2 Ele reuniu todos os príncipes de Israel, com os sacerdotes e os levitas.
২তেওঁ পুৰোহিত আৰু লেবীয়া সকলৰ সৈতে ইস্ৰায়েলৰ সকলো প্রধান লোকসকলক এক গোট কৰিলে।
3 Os Levitas foram contados a partir dos trinta anos de idade; e seu número pelas pesquisas, homem por homem, era de trinta e oito mil.
৩লেবীয়া সকলৰ ত্ৰিশ বছৰ আৰু তাৰ ওপৰৰ বয়সীয়া লোকসকলক গণনা কৰা হ’ল। তেওঁলোকৰ সংখ্যা আঠত্ৰিশ হাজাৰ আছিল।
4 David disse: “Destes, vinte e quatro mil eram para supervisionar o trabalho da casa de Iavé, seis mil eram oficiais e juízes,
৪তেওঁলোকৰ মাজৰ চৌবিশ হাজাৰ লোকক যিহোৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ’ল আৰু ছয় হাজাৰ লোক কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তা আছিল।
5 quatro mil eram porteiros, e quatro mil elogiaram Iavé com os instrumentos que eu fiz para dar louvor”.
৫চাৰি হাজাৰ দুৱৰী আছিল; আৰু চাৰি হাজাৰ লোক বাদ্যযন্ত্ৰৰ সৈতে যিহোৱাৰ প্রশংসা কৰিবৰ বাবে আছিল; এই বিষয়ে দায়ূদে কৈছিল, “এইবোৰ মই আৰাধনা বাবে সাজিছোঁ”।
6 David dividiu-os em divisões de acordo com os filhos de Levi: Gershon, Kohath, e Merari.
৬দায়ূদে তেওঁলোকক লেবীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে: গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
7 Of os Gershonites: Ladan e Shimei.
৭গেৰ্চোনীয়া সকলৰ বংশধৰ সকলৰ গোষ্ঠীৰ পৰা, তাত লদ্দন আৰু চিমিয়ীয়া আছিল।
8 os filhos de Ladan: Jehiel, o chefe, Zetham, e Joel, três.
৮তাত লদ্দনৰ তিনি জন পুত্ৰ আছিল; যিহীয়েল মূখ্য লোক আছিল, তাৰ পাছত যেথম আৰু যোৱেল আছিল।
9 os filhos de Shimei: Shelomoth, Haziel, e Haran, três. Estes eram os chefes de família dos pais de Ladan.
৯চিমিয়ীৰ তিনি জন পুত্ৰ আছিল: চলোমৎ, হজীয়েল আৰু হাৰণ; এওঁলোক লদ্দনৰ গোষ্ঠীৰ মূখ্য লোক আছিল।
10 Os filhos de Shimei: Jahath, Zina, Jeush, e Beriah. Estes quatro eram os filhos de Shimei.
১০চিমিয়ীৰ চাৰি জন পুত্ৰ আছিল: যহৎ, জীনা, যিয়ূচ আৰু বৰীয়া।
11 Jahath era o chefe, e Zizah o segundo; mas Jeush e Beriah não tiveram muitos filhos; portanto, tornaram-se a casa dos pais em um só cálculo.
১১তেওঁলোকৰ মাজত যহৎ ডাঙৰ আছিল, আৰু দ্বিতীয় জীজা, কিন্তু যিয়ূচ আৰু বৰীয়াৰ অধিক সন্তান নাছিল সেয়ে তেওঁলোক একে কামৰ বাবে একে গোষ্ঠীৰ বুলি বিবেচনা কৰা হৈছিল।
12 Os filhos de Kohath: Amram, Izhar, Hebron, e Uzziel, quatro.
১২কহাতৰ চাৰি জন পুত্ৰ আছিল: অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
13 Os filhos de Amram: Arão e Moisés; e Arão foi separado para santificar as coisas santíssimas, ele e seus filhos para sempre, para queimar incenso diante de Javé, para ministrar a ele, e para abençoar em seu nome para sempre.
১৩অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।
14 Mas quanto a Moisés, o homem de Deus, seus filhos foram nomeados entre a tribo de Levi.
১৪কিন্তু ঈশ্বৰৰ লোক মোচিৰ পুত্র সকলক লেবীয়া বুলি বিবেচনা কৰিছিল।
15 Os filhos de Moisés: Gershom e Eliezer.
১৫মোচিৰ পুত্ৰ গেৰ্চোম আৰু ইলিয়েজৰ।
16 Os filhos de Gershom: Shebuel, o chefe.
১৬গেৰ্চোমৰ বংশধৰ চবূৱেল, ডাঙৰ আছিল।
17 O filho de Eliezer era Reabias o chefe; e Eliezer não tinha outros filhos, mas os filhos de Reabias eram muito numerosos.
১৭ইলিয়েজৰৰ বংশধৰ ৰহবিয়া আছিল। ইলিয়েজৰৰ আৰু পুত্ৰ নাছিল, কিন্তু ৰহবিয়াৰ বহুতো বংশধৰ আছিল।
18 O filho de Izhar: Shelomith, o chefe.
১৮যিচহৰৰ পুত্ৰ চলোমীৎ মুখ্য আছিল।
19 Os filhos de Hebron: Jeriah o chefe, Amariah o segundo, Jaaziel o terceiro, e Jekameam o quarto.
১৯হিব্ৰোণৰ বংশধৰ যিৰিয়া ডাঙৰ আছিল, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
20 Os filhos de Uzziel: Micah, o chefe, e Isshiah, o segundo.
২০উজ্জীয়েলৰ পুত্ৰ মীখা ডাঙৰ আছিল, আৰু দ্বিতীয় যিচিয়া।
21 Os filhos de Merari: Mahli e Mushi. Os filhos de Mahli: Eleazar e Kish.
২১মৰাৰীৰ পুত্ৰ মহলী আৰু মুচী আছিল। মহলীৰ পুত্ৰ ইলীয়াজ আৰু কীচ।
22 Eleazar morreu e não teve filhos, mas apenas filhas; e seus parentes, os filhos de Kish, os tomaram como esposas.
২২ইলীয়াজৰৰ পুত্ৰ নোহোৱাকৈয়ে মৃত্যু হয়, তেওঁৰ কেৱল কেইজনী মান জীয়েক আছিল। কীচৰ পুত্ৰসকলে তেওঁলোকক বিয়া কৰাইছিল।
23 Os filhos de Mushi: Mahli, Eder, e Jeremoth, três.
২৩মুচীৰ তিনি জন পুত্ৰ, মহলী, এদৰ, আৰু যিৰেমোৎ।
24 Estes foram os filhos de Levi depois das casas de seus pais, até mesmo os chefes das casas dos pais daqueles que foram contados individualmente, no número de nomes por suas pesquisas, que fizeram o trabalho para o serviço da casa de Yahweh, a partir dos vinte anos de idade.
২৪এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।
25 Pois Davi disse: “Javé, o Deus de Israel, deu descanso a seu povo; e ele habita em Jerusalém para sempre”.
২৫কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।
26 Também os levitas não precisarão mais carregar o tabernáculo e todos os seus vasos para seu serviço”.
২৬লেবীয়াসকলে আবাস, আৰু তেওঁৰ পৰিচৰ্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰু কঢ়িয়াব লগা নহব।”
27 Pois pelas últimas palavras de Davi foram contados os filhos de Levi, a partir dos vinte anos de idade.
২৭কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।
28 Pois seu dever era esperar nos filhos de Aarão pelo serviço da casa de Yahweh - nos tribunais, nas salas e na purificação de todas as coisas sagradas, até mesmo o trabalho do serviço da casa de Deus;
২৮তেওঁলোকে যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰোণৰ বংশধৰ সকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতাল কেইখন, কোঁঠালিবোৰ, সকলো পবিত্ৰ বস্তু শুচি কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল।
29 também para o pão de exposição, e para a farinha fina para uma oferta de refeição, seja de bolachas ázimas, seja do que é cozido na panela, ou do que é embebido, e para todas as medidas de quantidade e tamanho;
২৯তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।
30 e para estar de pé todas as manhãs para agradecer e louvar a Javé, e também à noite;
৩০তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল।
31 e para oferecer todas as ofertas queimadas a Javé nos sábados, nas luas novas, e nas festas fixas, em número de acordo com a ordenança que lhes diz respeito, continuamente diante de Javé;
৩১আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।
32 e para que mantenham o dever da Tenda da Reunião, o dever do lugar santo, e o dever dos filhos de Aarão seus irmãos para o serviço da casa de Javé.
৩২তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।