< Levítico 3 >

1 E se sua oferta for sacrifício pacífico, se houver de oferecê-lo de gado vacum, seja macho ou fêmea, sem defeito o oferecerá diante do SENHOR:
যদি কোনো এজন লোকৰ উপহাৰ মঙ্গলাৰ্থক বলি হয়, তেন্তে পশুৰ জাকৰ মতা বা মাইকীয়েই হওঁক, তাক উৎসৰ্গ কৰিলে, তেওঁ যিহোৱাৰ সন্মুখত এটা নিৰ্ঘূণী পশু উৎসৰ্গ কৰিব।
2 E porá sua mão sobre a cabeça de sua oferta, e a degolará à porta do tabernáculo do testemunho; e os sacerdotes, filhos de Arão, espargirão seu sangue sobre o altar em derredor.
তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ বেদীৰ কাষৰ চাৰিওফালে ছটিয়াই দিব।
3 Logo oferecerá do sacrifício pacífico, por oferta acesa ao SENHOR, a gordura que cobre os intestinos, e toda a gordura que está sobre as entranhas,
সেই লোক জনে তেওঁৰ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ নাড়ি-ভুৰু ঢকা তেল,
4 E os dois rins, e a gordura que está sobre eles, e sobre os lombos, e com os rins tirará o redenho que está sobre o fígado.
নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ উৎসৰ্গ কৰিব; সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
5 E os filhos de Arão farão arder isto no altar, sobre o holocausto que estará sobre a lenha que haverá encima do fogo; é oferta de cheiro suave ao SENHOR.
তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীত, জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
6 Mas se de ovelhas for sua oferta para sacrifício pacífico ao SENHOR, seja macho ou fêmea, oferecê-la-á sem mácula.
আৰু যদি তেওঁ যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলিৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা দিয়ে, তেন্তে তেওঁ নিঘূণ মতা বা মাইকী পশু উৎসৰ্গ কৰিব।
7 Se oferecer cordeiro por sua oferta, há de oferecê-lo diante do SENHOR:
নিজ উপহাৰৰ অৰ্থে যদি তেওঁ মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰে, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
8 E porá sua mão sobre a cabeça de sua oferta, e depois a degolará diante do tabernáculo do testemunho; e os filhos de Arão espargirão seu sangue sobre o altar em derredor.
তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
9 E do sacrifício pacífico oferecerá por oferta acesa ao SENHOR, sua gordura, e a cauda inteira, a qual tirará a raiz do espinhaço, e a gordura que cobre os intestinos, e toda a gordura que está sobre as entranhas:
পাছত তেওঁ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল, গোটেইডাল নেগুৰ, নাড়ী-ভুৰু ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল,
10 Também os dois rins, e a gordura que está sobre eles, e o que está sobre os lombos, e com os rins tirará o redenho de sobre o fígado.
১০ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; তেওঁ এই ভাগবোৰ ঘিলালৈকে এৰুৱাই ল’ব।
11 E o sacerdote fará arder isto sobre o altar; comida de oferta acesa ao SENHOR.
১১তেতিয়া পুৰোহিতে তাক বেদীত দগ্ধ কৰিব। সেয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য নৈবেদ্য।
12 E se for cabra sua oferta oferecê-la-á diante do SENHOR:
১২আৰু যদি তেওঁৰ উপহাৰ ছাগলী হয়, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত দান কৰিব।
13 E porá sua mão sobre a cabeça dela, e a degolará diante do tabernáculo do testemunho; e os filhos de Arão espargirão seu sangue sobre o altar em derredor.
১৩তেওঁ সেই ছাগলীৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
14 Depois oferecerá dela sua oferta acesa ao SENHOR; a gordura que cobre os intestinos, e toda a gordura que está sobre as entranhas,
১৪পাছত তেওঁ তাৰ পৰা নিজৰ নৈবেদ্য, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল এৰুৱাব।
15 E os dois rins, e a gordura que está sobre eles, e o que está sobre os lombos, e com os rins tirará o redenho de sobre o fígado.
১৫তেওঁ তাৰ ভিতৰৰ ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
16 E o sacerdote fará arder isto sobre o altar; é comida de oferta que se queima em cheiro suave ao SENHOR: a gordura tudo é do SENHOR.
১৬তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব; সেয়ে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য দ্ৰব্য; সকলো তেল যিহোৱাৰ উদ্দেশ্যে হ’ব।
17 Estatuto perpétuo por vossas gerações; em todas as vossas moradas, nenhuma gordura nem nenhum sangue comereis.
১৭তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি’।”

< Levítico 3 >