< Isaías 5 >

1 Agora cantarei a meu amado o cântico de meu querido de sua vinha: meu amado tem uma vinha, em um morro fértil;
মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
2 E a cercou, e limpou das pedras, e a plantou de excelentes videiras, e edificou no meio dela uma torre; e também fundou nela uma prensa de uvas; e esperava que desse uvas boas, porém deu uvas imprestáveis.
তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষাকুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
3 E agora, ó moradores de Jerusalém, e vós homens de Judá? Julgai, eu vos peço, entre mim e minha vinha.
সেয়ে এতিয়া হে যিৰূচালেম নিবাসীসকল আৰু যিহূদাৰ লোকসকল, মোৰ আৰু মোৰ দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা।
4 O que mais podia ser feito à minha vinha, que eu não tenha já feito? Se eu esperava uvas boas, como, pois, veio dar uvas imprestáveis?
মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাতিলোঁ হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
5 Por isso agora eu vos farei saber o que farei à minha vinha: tirarei sua cerca, para que sirva de pastagem; derrubarei seu muro, para que seja pisada;
মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
6 E eu a tornarei uma [terra] abandonada; não será podada, nem cavada; mas crescerão [nela] cardos e espinhos; e darei ordens às nuvens, para que não chovam chuva sobre ela.
মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
7 Porque a vinha do SENHOR dos exércitos é a casa de Israel, e os homens de Judá são suas plantas agradáveis; porém ele esperava juízo, e eis aqui opressão; [ele esperava] justiça, e eis aqui clamor.
কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
8 Ai dos que juntam uma casas, [e] acumulam propriedades de terra, até que não tenha sobrado mais lugar, para que somente vós fiqueis como moradores no meio da terra.
ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।
9 O SENHOR dos exércitos [disse] aos meus ouvidos: Verdadeiramente muitas casas se tornarão desertas, [até] as grandes e valiosas ficarão sem moradores!
বাহিনীসকলৰ যিহোৱাই মোক কৈছিল, “অনেক ঘৰ খালী হৈ থাকিব, এনে কি, ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব।
10 E dez jeiras de vinha darão [apenas] um bato; e um ômer de semente dará [apenas] um efa.
১০কিয়নো দহ একৰ আসক্ত হ’বলৈ অতি ৰাতিপুৱাতে উঠে, আৰু এক হোমৰ বীজত এক ঐফা উৎপন্ন হয়।
11 Ai dos que se levantam cedo pela manhã, para buscarem bebida alcoólica, e continuam até a noite, [até que] o vinho os esquente.
১১আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নোহোৱালৈকে বহু ৰাতিলৈকে বহি থাকে তেওঁলোকৰ সন্তাপ হ’ব।
12 E harpas, liras, tamborins, gaitas e vinho há em seus banquetes; porém não olham para a obra do SENHOR, nem veem a obra de suas próprias mãos.
১২তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।
13 Por isso meu povo será levado cativo, porque não tem conhecimento; seus nobres terão fome, e sua multidão se secará de sede.
১৩এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোক সকলৰ পান কৰিবলৈ পানী নাছিল।
14 Por isso o Xeol alargou seu avidez, e sua boca se abriu tanto que não se pode medir, e [ali] descerão a nobreza e também a multidão, em meio a barulhos e com os que festejam. (Sheol h7585)
১৪সেই কাৰণে মৃত্যুৱে তেওঁলোকৰ ভোক বঢ়াইছে, আৰু নিজৰ মুখ বহলকৈ মেলিছে, তেওঁলোকৰ মাজৰ অভিজাতলোক, লোক সমূহ, মূখ্যলোক, আনন্দকৰা লোক, আৰু উল্লাসিত লোকসকল চিয়োললৈ নামি গৈছে। (Sheol h7585)
15 Então as pessoas serão rebaixadas, e os homens serão humilhados; e os olhos dos arrogantes se humilharão.
১৫মানুহবোৰে তলমুখ কৰিছে, আৰু মহান লোক নম্র হৈছে, আৰু অহঙ্কাৰীবোৰৰ দৃষ্টি নত হৈছে।
16 Mas o SENHOR dos exércitos será exaltado com juízo; e Deus, o Santo, será santificado com justiça.
১৬বাহিনীসকলৰ যিহোৱা ন্যায় বিচাৰত উন্নত হৈছে, আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰীকৃত হৈছে।
17 E os cordeiros pastarão como se fosse seus próprios pastos, e os estranhos comerão [do alimento proveniente] dos lugares abandonados dos ricos.
১৭তাৰ পাছত মেৰ-ছাগবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে, আৰু ধনী লোকৰ ধ্বংসাৱশেষৰ মেৰ-ছাগবোৰে চৰিছে।
18 Ai dos que puxam perversidade com cordas de futilidade, e pelo pecado como que [com] cordas de carruagens!
১৮যিসকলে অসাৰতাৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰী সৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ’ব;
19 E dizem: Que ele se apresse, acelere sua obra, para que a vejamos; e aproxime-se e venha o conselho do Santo de Israel, para que possamos saber.
১৯যি সকলে কয়, ঈশ্বৰ লৰালৰি কৰক, তেওঁৰ কাৰ্য শীঘ্ৰে কৰক, সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম; আৰু আমি যেন জানিব পৰো তাৰ বাবে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ কল্পনাই আকৃতিলৈ আহক।”
20 Ai dos que chamam o mal de bem, e o bem de mal; que trocam as trevas pela luz, e a luz pelas trevas; e trocam o amargo pelo doce, e o doce pelo amargo!
২০যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
21 Ai dos [que se acham] sábios aos seus próprios olhos, e prudentes para si mesmos!
২১যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
22 Ai dos [que se acham] corajosos para beberem vinho, e homens fortes para misturarem bebida alcoólica!
২২যি সকল দ্ৰাক্ষাৰস পান কৰাত প্রথমশ্রেণীৰ, আৰু সুৰা মিহলি কৰাত নিপুণ, তেওঁলোকৰ সন্তাপ হ’ব।
23 [Ai d] os que inocentam o perverso por causa de suborno, e se desviam da justiça dos justos!
২৩ভেঁটীৰ বাবে যি সকলে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু নির্দ্দোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে।
24 Por isso, como a língua de fogo consome a estopa, e a chama queima a palha, [assim] sua raiz será como podridão, e sua flor se desfará como o pó; pois rejeitaram a Lei do SENHOR dos exércitos, e desprezaram a palavra do Santo de Israel.
২৪এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে।
25 Por isso se acendeu a ira do SENHOR contra seu povo, e estendeu sua mão contra ele, e o feriu; e as montanhas tremeram, e seus cadáveres foram como lixo no meio das ruas; com tudo isto ele não retrocedeu sua ira; ao contrário, sua mão ainda está estendida.
২৫এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে।
26 E ele levantará uma bandeira para as nações distantes, e lhes assoviará desde os confins da terra; e eis que virão com rapidez apressadamente.
২৬তেওঁ দূৰৰ দেশবোৰৰ বাবে সঙ্কেত দিয়া পতাকা তুলিব, আৰু পৃথিৱীৰ অন্তৰ পৰা তেওঁলোকৰ বাবে সুহুৰি মাৰিব; চোৱা তেওঁলোক ক্ষিপ্রতাৰে আৰু শীঘ্ৰে আহিব!
27 Não haverá entre eles cansado ou quem tropece; ninguém cochilará, nem dormirá; nem se desatará o cinto de seus lombos, nem será arrebentada a tira de seus calçados.
২৭তেওঁলোকৰ মাজৰ কোনেও ক্লান্ত নহ’ব, নাইবা উজুটি নাখাব, আৰু টোপনি নাযাব নাইবা গভীৰ টোপনি নাযাব; নাইবা তেওঁলোকৰ কটিবন্ধন ঢিলা নহ’ব, নাইবা তেওঁলোকৰ জোতাৰ আগভাগো নাভাঙিব।
28 Suas flechas estarão afiadas, e todos os seus arcos prontos para atirar; os cascos de seus cavalos serão comparáveis a rochas, e as rodas [de suas carruagens] como redemoinhos de vento.
২৮তেওঁলোকৰ কাঁড়বোৰ চোকা, আৰু আটাই ধনু ভিৰোৱা; তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকিয়া পাথৰৰ দৰে, আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে;
29 O rugido deles será como o de um leão feroz, e bramarão como filhotes de leão; e rugirão, e tomarão a presa, e a levarão, e não haverá quem [a] resgate.
২৯তেওঁলোকৰ গৰ্জ্জন সিংহৰ গৰ্জ্জনৰ দৰে হ’ব; তেওঁলোকে যুবা সিংহৰ দৰে গুজৰিব এনে কি, কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব।
30 E bramarão contra ela naquele dia como o bramido do mar; então olharão para a terra, e eis que há trevas [e] aflição; e a luz se escurecerá em suas nuvens.
৩০সেই দিনা তেওঁলোকে সমুদ্ৰই গৰ্জ্জন কৰাৰ দৰে চিকাৰৰ বিৰুদ্ধে গৰ্জ্জন কৰিব, কোনোৱে যদি ভূমিৰ ওপৰেৰে চায় তেওঁ কেৱল অন্ধকাৰ আৰু সঙ্কট দেখিব, আৰু মেঘৰ দ্বাৰাই পোহৰ অন্ধকাৰময় হ’ব।

< Isaías 5 >