< Isaías 38 >

1 Naqueles dias Ezequias ficou doente, perto de morrer. E veio até ele Isaías, filho de Amoz, e lhe disse: Assim diz o SENHOR: Põe em ordem a tua casa, porque morrerás, e não viverás.
সেই সময়ত হিষ্কিয়াৰ সাংঘাতিক নৰিয়া হৈছিল। আমোচৰ পুত্ৰ ভাববাদী যিচয়াই তেওঁৰ ওচৰলৈ আহিলে, আৰু তেওঁক ক’লে, “যিহোৱাই কৈছে, ‘তুমি তোমাৰ ঘৰ সৃঙ্খলাবদ্ধ কৰা; কাৰণ তোমাৰ মৃত্যু হ’ব, তুমি আৰু জীয়াই নাথাকিবা’।”
2 Então Ezequias virou o seu rosto para a parede, e orou ao SENHOR,
তাৰ পাছত হিষ্কিয়াই দেৱালৰ ফাললৈ মুখ ঘূৰাই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
3 E disse: Ó SENHOR, lembra-te, eu te peço, de que andei diante de ti com fidelidade e com coração íntegro, e fiz o que era agradável aos teus olhos! E Ezequias chorou com muito lamento.
তেওঁ ক’লে, “হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে আপোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে।
4 Então veio a palavra do SENHOR a Isaías, dizendo:
যিচয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
5 Vai, e diz a Ezequias: Assim diz o SENHOR, o Deus de teu pai Davi: Eu ouvi tua oração, [e] vi tuas lágrimas. Eis que acrescento quinze anos aos teus dias [de vida].
“তুমি গৈ হিষ্কিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম।
6 E das mãos do rei da Assíria eu livrarei a ti, e a esta cidade; e defenderei esta cidade.
আৰু মই ৰজা অচূৰীয়াৰ হাতৰ পৰা তোমাক আৰু এই নগৰক উদ্ধাৰ কৰিম; আৰু মই এই নগৰৰ ঢালস্বৰূপ হ’ম।
7 E isto te será por sinal da parte do SENHOR, de que o SENHOR cumprirá esta palavra que falou:
আৰু যিহোৱাৰ পৰা তোমালৈ এই চিন হ’ব, যে, মই যি কৈছো সেয়াই সিদ্ধ কৰিম।
8 Eis que voltarei voltar a sombra dos degraus nos quais o sol desceu na escadaria de Acaz; dez degraus atrás. Assim voltou o sol dez degraus, pelos degraus que já tinha descido.
চোৱা, আহজৰ খটখটিত ছাঁটো দহ খাপ ওভটাবলৈ মই খটখটিত ছাঁ পেলাম’।” সেয়ে সেই খটখটিৰ ছাঁটো আগুৱাই যোৱা স্থানৰ পৰা দহ খোজ উভটি গৈছিল।
9 Escritura de Ezequias, rei de Judá, quando ficou doente, e se sarou de sua enfermidade:
যিহূদাৰ ৰজা হিষ্কিয়াই নৰিয়া পৰি সুস্থ হোৱাৰ পাছত লিখা প্রাৰ্থনা এইয়া আছিল:
10 Disse eu: No meio da minha vida, irei às portas do Xeol; privado estou do resto dos meus anos. (Sheol h7585)
১০মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।” (Sheol h7585)
11 Eu disse: Não verei [mais] ao SENHOR, o SENHOR na terra dos viventes; não mais olharei aos homens com os que habitam o mundo.
১১মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও।
12 Minha morada foi removida e tirada de mim, como uma tenda de pastor; enrolei minha vida como um tecelão; ele me cortará fora do tear; desde o dia até a noite tu me acabarás.
১২মেৰ-ছাগ ৰখীয়াৰ তম্বুৰ দৰে মোৰ জীৱন মোৰ পৰা আঁতৰাই নিয়া হ’ল; মই সিপিনীয়ে বোৱা কাপোৰৰ দৰে মোৰ জীৱন নুৰিয়ালোঁ, আপুনি মোক তাঁত শালৰ পৰা কাটিলে; দিন আৰু ৰাতিৰ ভিতৰত আপুনি মোৰ জীৱনটো শেষ কৰিব।
13 Fiquei esperando até a manhã; como um leão ele quebrou todos os meus ossos; desde o dia até a noite tu me acabarás.
১৩মই ৰাতিপুৱালৈকে কান্দিলোঁ, সিংহৰ দৰে তেওঁ মোৰ আটাই হাড় ভাঙিছে; দিন আৰু ৰাতিৰ ভিতৰতে আপুনি মোৰ জীৱন শেষ কৰিলে।
14 Como o grou, [ou] a andorinha, assim eu fazia barulho; [e] gemia como uma pomba; ao alto eu levantava meus olhos. Ó SENHOR, estou oprimido! Sê tu minha segurança!
১৪মই বগলীৰ দৰে চিঁচিঁয়াই আছোঁ; কপৌৰ দৰে শোক ধ্বনি কৰিছোঁ; ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ’ল; হে যিহোৱা মই উপদ্ৰৱ পাইছোঁ, মোক সহায় কৰক।
15 Que direi? Tal como ele me falou, assim fez; passarei lentamente por todos os meus anos, por causa da amargura de minha alma.
১৫মই কি ক’ম? তেওঁ মোক ক’লে, আৰু তেওঁ সিদ্ধও কৰিলে; মোৰ আত্মা দূখেৰে পৰিপূৰ্ণ হোৱাৰ বাবে মই মোৰ গোটেই জীৱনত লাহে লাহে খোজ কাঢ়িম।
16 Ó Senhor, por estas coisas é que se vive, e em todas elas está a vida de meu espírito. Então cura-me, e deixa-me viver.
১৬হে প্ৰভু, আপুনি দিয়া কষ্ট মোৰ বাবে লাভজনক; মোৰ জীৱনটো পুনৰ ঘূৰাই দিব পাৰে; আপুনি মোৰ জীৱন আৰু স্ৱাস্থ্য পুনৰ স্থাপন কৰিলে।
17 Eis que para meu [próprio] bem tive grande amargura; tu, porém, com amor livraste minha alma da cova do perecimento; porque lançaste para trás de ti todos os meus pecados.
১৭মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে।
18 Porque o Xeol não te louvará, [nem] a morte te glorificará; nem esperarão em tua fidelidade os que descem a cova. (Sheol h7585)
১৮কাৰণ চিয়োলে আপোনাক ধন্যবাদ নিদিয়ে; মৃত্যুৱে আপোনাৰ প্রশংসা নকৰে; গাতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্বাসযোগ্যতালৈ আশা কৰিব নোৱাৰে। (Sheol h7585)
19 O vivente, o vivente, esse é o que te louvará, tal como hoje eu faço; o pai ensinará aos filhos tua fidelidade.
১৯আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব।
20 O SENHOR tem me salvado! Por isso tocaremos canções com instrumentos de cordas todos os dias de nossa vida na casa do SENHOR!
২০যিহোৱাই মোক পৰিত্ৰাণ কৰিবলৈ যুগুত আছে, আমাৰ জীৱনৰ প্রতিটো দিনত যিহোৱাৰ গৃহত আমি সঙ্গীতেৰে সৈতে উদযাপন কৰিম।
21 Pois Isaías havia dito: Tomem uma pasta de figos, e passem-na sobre a inflamação, que ele sarará.
২১তেতিয়া যিচয়াই ক’লে, “ডিমৰু গুটিৰ লদা আনি, খহুৰ ওপৰত লগাই দিয়া যাওক; তাতে তেওঁ সুস্থ হ’ব।”।
22 Ezequias também tinha dito: Qual será o sinal de que subirei à casa do SENHOR?
২২হিষ্কিয়ায়ো ক’লে, “মই যে, যিহোৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ’ব?

< Isaías 38 >