< Isaías 33 >
1 Ai de ti, assolador, que não foste assolado, e que enganas sem ter sido enganado! Quando terminares de assolar, tu é que serás assolado; quando terminares de enganar, então te enganarão.
১নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
2 Ó SENHOR, tem misericórdia de nós! Em ti temos esperança. Que tu sejas nossa força nas madrugadas, e nossa salvação no tempo de aflição.
২হে যিহোৱা আমাক দয়া কৰক; আমি আপোনালৈ বাট চাই আছোঁ; প্ৰতি ৰাতিপুৱাতে আপুনি আমাৰ বাহুস্বৰূপ হয়, সঙ্কটৰ সময়ত আপুনি আমাৰ পৰিত্ৰাণকৰ্ত্তা হয়।
3 Ao som do ruído estrondoso, fugirão; quando tu te levantas, as nações se dispersam.
৩কোলাহল শব্দত লোক সমূহ পলাব; আপুনি যেতিয়া উঠিব তেতিয়া জাতিবোৰ চিন্ন ভিন্ন হ’ব।
4 Então, [nações], vossos despojos serão colhidos tal como os insetos colhem; tal como os gafanhotos saltam, assim saltarão.
৪কাকতী ফৰিঙে গোটোৱাৰ দৰে তোমাৰ ধ্বংস গোটোৱা হ’ব, ফৰিংবোৰে জপিওৱাৰ দৰে তাৰ ওপৰত লোকসকলে জাঁপ দিব।
5 Exaltado é o SENHOR, pois habita nas alturas; ele encheu a Sião de juízo e justiça.
৫যিহোৱা উন্নত, তেওঁ উদ্ধলোকত বাস কৰে; তেওঁ চিয়োনক ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ কৰিব।
6 Ele é a segurança de teus tempos, e a fonte de tua salvação, sabedoria e conhecimento; o temor ao SENHOR é seu tesouro.
৬তোমালোকৰ সময়ত তেওঁ স্থায়ীভাৱে থাকিব, পৰিত্ৰাণ, জ্ঞান, আৰু বুদ্ধি প্ৰচুৰ পৰিমাণে হ’ব; যিহোৱা বিষয়ক ভয়েই তেওঁৰ পৰমধন।
7 Eis que os embaixadores deles estão gritando de fora; os mensageiros de paz estão chorando amargamente.
৭চোৱা, তেওঁলোকৰ কটকীসকলে বাটত চিঞৰিছে; কুটনীতিজ্ঞ সকলে শান্তিৰ কাৰণে আশা কৰি মনোবেদনাত কান্দিছে।
8 As estradas estão vazias, não há quem passe pelos caminhos; o pacto foi desfeito, cidades foram desprezadas, ninguém é considerado importante.
৮ৰাজপথবোৰ জনপ্রানীহীন হ’ল, তাত যাত্রীসকল নোহোৱা হ’ল। চুক্তিবোৰ ভঙা হ’ল, সাক্ষ্যবোৰক অৱজ্ঞা কৰা হ’ল, আৰু নগৰবোৰক অসন্মানিত কৰা হ’ল।
9 A terra lamenta e se definha; o Líbano se envergonha e se seca; Sarom se tornou com um deserto; e Basã e Carmelo foram sacudidos, [tiradas suas folhas].
৯দেশে শোক কৰিছে আৰু নষ্ট হৈছে; লিবানোনে বিবুদ্ধিত পৰিছে আৰু জঁই পৰিছে; চাৰোণ মৰুভূমিৰ দৰে হৈছে; বাচান আৰু কৰ্মিলে পাত সৰাইছে।
10 Agora eu me levantarei, diz o SENHOR; agora me elevarei; agora serei exaltado.
১০যিহোৱাই কৈছে, “এতিয়াই মই উঠিম, এতিয়াই মই উন্নত হ’ম, এতিয়াই মই উন্নীত হ’ম।
11 Concebestes palha, gerais restos de cascas; vosso sopro vos consumirá [como] o fogo.
১১তোমালোকে তুঁহ গৰ্ভধাৰণ কৰিবা, আৰু তোমালোকে নৰা প্ৰসৱ কৰিবা, তোমালোকৰ নিঃশ্বাস-প্রশ্বাস জুই সেয়ে তোমালোকক গ্ৰাস কৰিব।
12 E os povos serão [como] incêndios de cal; tal como espinhos cortados, eles se queimarão no fogo.
১২কাঁটিয়া জোপোহা কাটি জুইত পোৰাৰ দৰে লোকসকল জ্বলি চূণ হ’ব।
13 Vós que estais longe, ouvi o que eu tenho feito; e vós que estais perto, conhecei o meu poder.
১৩তোমালোক যি সকল দূৰৈত আছা, মই কৰা কাৰ্যৰ কথা শুনা; আৰু তোমালোক যি সকল ওচৰত আছা, মোৰ পৰাক্ৰম স্বীকাৰ কৰা।”
14 Os pecadores em Sião estão assombrados; o tremor tomou os perversos; [eles dizem]: Quem dentre nós pode conviver com o fogo consumidor? Quem dentre nós pode conviver com as labaredas eternas?
১৪চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মি জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
15 O que anda em justiça, e que fala o que é correto; que rejeita o ganho [proveniente] de opressões, que com suas mãos faz o gesto de “não” aos subornos, que tapa seus ouvidos para não ouvir sobre [crimes de] sangue, e fecha seus olhos para não ver o mal.
১৫যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
16 Este morará nas alturas; fortalezas de rochas serão seu abrigo; ele será provido de pão, [e] suas águas serão garantidas.
১৬সেই জনে নিজৰ ঘৰ উচ্চস্থানত স্থাপন কৰিব; তেওঁৰ প্রতিৰক্ষাৰ স্থান শিলৰ দুৰ্গ হ’ব; তেওঁৰ আহাৰ আৰু পানী দৃঢ়ভাবে সৰবৰাহ হ’ব।
17 Teus olhos verão o rei em sua formosura; [e] verão uma terra que [se estende] até longe.
১৭তুমি নিজ চকুৰে ৰজাক তেওঁৰ সুন্দৰ অৱস্থাত থকা দেখিবা, তেওঁলোকে বিশাল দেশ দেখিব।
18 Teu coração pensará sobre o assombro, dizendo: Onde está o escriba? Onde está o tesoureiro? Onde está o que contava as torres?
১৮তোমাৰ মনে হৈ যোৱা সঙ্কটৰ বিষয়ে ভাবিব; লিখক ক’ত, ধন জুখা জন ক’ত? কোঁঠবোৰ গণনা কৰা জন ক’ত আছে?
19 Não verás [mais] aquele povo atrevido, povo de fala tão profunda, que não se pode compreender, de língua tão estranha, que não se pode entender.
১৯তুমি বুজিব নোৱাৰা অপৰিচিত ভাষা কোৱা, অবাধ্য মানুহ আৰু দেখিবলৈ নাপাবা।
20 Olhai para Sião, a cidade de nossas solenidades; teus olhos verão Jerusalém, morada tranquila, tenda que não será derrubada, cujas estacas nunca serão arrancadas, e nenhuma de suas cordas se arrebentará.
২০আমাৰ উৎসৱ নগৰ চিয়োনলৈ তুমি দৃষ্টি কৰা; যাৰ খুটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিছিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুস্বৰূপ শান্ত বাসস্থান যিৰূচালেমক তোমাৰ নিজৰ চকুৰে দেখিবা।
21 Mas ali o SENHOR será grandioso para nós: ele será um lugar de rios [e] correntes largas; nenhum barco a remo passará por eles, nem navio grande navegará por eles.
২১তাৰ পৰিবর্তে, বহল নদীবোৰত আৰু সুঁতীবোৰত মহান যিহোৱা আমাৰ সৈতে থাকিব। তাত বঠাৰে চলোৱা যুদ্ধ জাহাজ, আৰু প্ৰকাণ্ড জাহাজ নচলিব।
22 Pois o SENHOR é nosso juiz; o SENHOR é nosso legislador; o SENHOR é nosso Rei, ele nos salvará.
২২কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।
23 Tuas cordas se afrouxaram; não puderam manter firme o seu mastro, nem estenderam a vela; então uma grande quantidade de despojos será repartida; [até] os aleijados tomarão despojos.
২৩তোমাৰ পালবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাস্তুল থিৰকৈ ধৰি ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে; সেই কালত অনেক লুটদ্ৰব্য ভাগ বাটি দিয়া হ’ল, লেঙেৰায়ো লুটদ্ৰব্য নিলে।
24 E nenhum morador dirá: Estou enfermo; [porque] o povo que nela habitar será perdoado de [sua] perversidade.
২৪“মই অসুস্থ,” এই বুলি বাসিন্দা সকলে নক’ব, তাত থকা লোকসকলৰ অপৰাধ ক্ষমা কৰা হ’ব।