< 2 Reis 5 >

1 Naamã, general do exército do rei da Síria, era grande homem diante de seu senhor, e em alta estima, porque por meio dele o SENHOR havia dado salvamento à Síria. Era este homem valente em extremo, mas leproso.
অৰামৰ ৰজাৰ সেনাপতিজনৰ নাম আছিল নামান। তেওঁ এজন সাহসী, পৰাক্ৰমী বীৰ আছিল আৰু তেওঁৰ যোগেদিয়েই যিহোৱাই অৰামীয়া সৈন্যৰ ওপৰত জয়ী হৈছিল। সেয়ে, ৰজাৰ ওচৰত তেওঁ এজন অতি মহান আৰু শ্রদ্ধাৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন কুষ্ঠৰোগীও আছিল।
2 E da Síria haviam saído tropas, e haviam levado cativa da terra de Israel uma menina; a qual servindo à mulher de Naamã,
এবাৰ অৰামীয়া সৈন্যৰ দলে ইস্রায়েলক আক্রমণ কৰিবলৈ ওলাই যাওঁতে, ইস্ৰায়েল দেশৰ পৰা এজনী সৰু ছোৱালী তুলি লৈ আহিছিল; তাই নামানৰ ভাৰ্য্যাৰ সেৱা কৰিছিল।
3 disse à sua senhora: Se meu senhor rogasse ao profeta que está em Samaria, ele o sararia de sua lepra.
ছোৱালীজনীয়ে নামানৰ ভার্য্যাক ক’লে, “মোৰ ইচ্ছা, প্ৰভুৱে যদি চমৰিয়াত থকা ভাববাদীক সাক্ষাৎ কৰে, বৰ ভাল হয়! তেওঁ নিশ্চয়ে প্রভুক কুষ্ঠ ৰোগৰ পৰা সুস্থ কৰিব।”
4 E Naamã, vindo a seu senhor, declarou-o a ele, dizendo: Assim e assim disse uma menina que é da terra de Israel.
তেতিয়া ইস্ৰায়েল দেশৰ পৰা অনা ছোৱালীজনীয়ে কোৱা সকলো কথা নামানে গৈ ৰজাক জনালে।
5 E disse-lhe o rei da Síria: Anda, vai, e eu enviarei cartas ao rei de Israel. Partiu, pois, ele, levando consigo dez talentos de prata, e seis mil peças de ouro, e dez mudas de roupas.
“তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।
6 Tomou também cartas para o rei de Israel, que diziam assim: Logo em chegando a ti estas cartas, sabe por elas que eu envio a ti meu servo Naamã, para que o sares de sua lepra.
লগত ইস্ৰায়েলৰ ৰজালৈ লিখা পত্ৰখনো তেওঁ ল’লে; ৰজালৈ নিয়া পত্র খনত লিখা আছিল, “এই পত্রৰে সৈতে মই মোৰ সেৱক নামানৰ কুষ্ঠৰোগ সুস্থ হ’বৰ কাৰণে তেওঁক আপোনাৰ ওচৰলৈ পঠাইছো।”
7 E logo que o rei de Israel leu as cartas, rasgou suas roupas, e disse: Sou eu Deus, que mate e dê vida, para que este envie a mim a que sare um homem de sua lepra? Considerai agora, e vede como busca ocasião contra mim.
ইস্ৰায়েলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক’লে, “মই জানো ঈশ্বৰ? মোৰ জানো কাৰোবাৰ মৃত্যু আৰু জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে, তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে ছল কৰিছে।”
8 E quando Eliseu, homem de Deus ouviu que o rei de Israel havia rasgado suas roupas, enviou a dizer ao rei: Por que rasgaste tuas vestes? Venha agora a mim, e saberá que há profeta em Israel.
যেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ কাপোৰ ফলা কথা ঈশ্বৰৰ লোক ইলীচাই শুনিলে, তেওঁ ৰজাৰ ওচৰলৈ এই বার্তা পঠালে, “আপুনি কিয় আপোনাৰ বস্ত্ৰ ফালিলে? সেই মানুহক মোৰ ওচৰলৈ আহিব দিয়ক; তাতে তেওঁ জানিব যে ইস্ৰায়েলৰ মাজত এজন ভাববাদী আছে।”
9 E veio Naamã com seus cavalos e com seu carro, e parou-se às portas da casa de Eliseu.
সেয়ে, নামানে নিজৰ ঘোঁৰা আৰু ৰথবোৰৰে সৈতে আহি, ইলীচাৰ ঘৰৰ দুৱাৰমুখত থিয় হ’ল।
10 Então Eliseu lhe enviou um mensageiro, dizendo: Vai, e lava-te sete vezes no Jordão, e tua carne se te restaurará, e serás limpo.
১০ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”
11 E Naamã se foi irritado, dizendo: Eis que eu dizia para mim: Sairá ele logo, e estando em pé invocará o nome do SENHOR seu Deus, e levantará sua mão, e tocará o lugar, e sarará a lepra.
১১তেতিয়া নামান তাৰ পৰা খং উঠি গুচি গ’ল আৰু তেওঁ ক’লে, “চোৱাছোন, মই ভাবিছিলোঁ, তেওঁ অৱশ্যেই ওলাই আহি মোৰ ওচৰত থিয় হ’ব আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, ৰোগৰ ঠাইত হাত বুলাই মোৰ কুষ্ঠ ৰোগ সুস্থ কৰিব।
12 Abana e Farpar, rios de Damasco, não são melhores que todas as águas de Israel? Se me lavar neles, não serei também limpo? E voltou-se, e foi-se irritado.
১২ইস্ৰায়েলৰ সকলো নদীতকৈ জানো দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী উত্তম নহয়? মই জানো সেইবোৰত গা ধুই শুচি হ’ব নোৱাৰিম?” এই বুলি তেওঁ প্রচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ’ল।
13 Mas seus criados se chegaram a ele, e falaram-lhe, dizendo: Pai meu, se o profeta te mandasse alguma grande coisa, não a farias? Quanto mais, dizendo-te: Lava-te, e serás limpo?
১৩তেতিয়া দাসবোৰে তেওঁৰ ওচৰ চাপি আহি নিবেদন কৰি ক’লে, “হে মোৰ পিতৃ, ভাববাদীজনে আপোনাক কোনো কষ্টৰ কাম কৰিবলৈ দিয়া হ’লে, আপুনি জানো তাক নকৰিলেহেঁতেন? তেন্তে কিনো ডাঙৰ কথা, তেওঁ কেৱল কৈছে যে, ‘জোবোৰা মাৰি শুচি হোৱা’; সেয়ে আপুনি তাক কৰা উচিত।”
14 Ele então desceu, e mergulhou sete vezes no Jordão, conforme a palavra do homem de Deus; e sua carne se restaurou como a carne de um menino, e foi limpo.
১৪তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।
15 E voltou ao homem de Deus, ele e toda sua companhia, e pôs-se diante dele, e disse: Eis que agora conheço que não há Deus em toda a terra, a não ser em Israel. Rogo-te que recebas algum presente do teu servo.
১৫নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
16 Mas ele disse: Vive o SENHOR, diante do qual estou, que não o tomarei. E insistindo-lhe que tomasse, ele não quis.
১৬ইলীচাই ক’লে, “মই যি জনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই জীৱনময় যিহোৱাৰ শপত, মই একোকে গ্ৰহণ নকৰোঁ।” নামানে উপহাৰ গ্ৰহণ কৰিবলৈ তেওঁক বহুবাৰ অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ’ল।
17 Então Naamã disse: Rogo-te, pois, não se dará a teu servo uma carga de um par de mulas desta terra? Porque de agora em diante teu servo não sacrificará holocausto nem sacrifício a outros deuses, a não ser ao SENHOR.
১৭নামানে ক’লে, “আপুনি যদি ইয়াক নলয়, তেন্তে অন্ততঃ মোক ইস্রায়েলৰ পৰা দুটা খছৰে বোজা কৰিব পৰাকৈ মাটি আপোনাৰ এই দাসক দিয়ক; কিয়নো এতিয়াৰ পৰা মই যিহোৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোমবলি বা বলি উৎসর্গ নকৰিম।
18 Em isto perdoe o SENHOR a teu servo: que quando meu senhor entrar no templo de Rimom, e para adorar nele se apoiar sobre minha mão, se eu também me inclinar no templo de Rimom, se no templo de Rimom me inclino, o SENHOR perdoe nisto a teu servo.
১৮কিন্তু, এটা বিষয়ত যেন যিহোৱাই আপোনাৰ এই দাসক ক্ষমা কৰে; মোৰ ৰজাই যেতিয়া সেৱা কৰিবৰ অৰ্থে ৰিম্মোনৰ মন্দিৰলৈ যায় আৰু তেওঁ মোৰ হাতৰ সাহার্যত নির্ভৰ কৰে, সেই সময়ত মই নিজেও ৰিম্মোন দেৱতাৰ গৃহত মূৰ দোৱাঁব লগা হয়; তেতিয়া এই ক্ষেত্রত যিহোৱাই আপোনাৰ দাসক ক্ষমা কৰক।”
19 E ele lhe disse: Vai em paz. Partiu-se, pois, dele, e caminhou como o espaço de uma milha.
১৯ইলীচাই তেওঁক ক’লে, “শান্তি মনেৰে যোৱা।” তেতিয়া তেওঁ ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল।
20 Então Geazi, criado de Eliseu o homem de Deus, disse entre si: Eis que meu senhor poupou a este sírio Naamã, não tomando de sua mão as coisas que havia trazido. Vive o SENHOR, que correrei eu atrás dele, e tomarei dele alguma coisa.
২০নামান তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলীচাৰ দাস গেহজীয়ে নিজৰ মনতে ক’লে, “সেই অৰামীয়া নামানে অনা উপহাৰবোৰ গ্রহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেয়ে এৰি দিলে! জীৱিত যিহোৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ!”
21 E Geazi seguiu Naamã; e quando Naamã lhe viu que vinha correndo atrás dele, desceu do carro para receber-lhe, e disse: Vai bem?
২১এইবুলি গেহজীয়ে নামানৰ পাছে পাছে ল’ৰি গ’ল। নামানে গেহজীক তেওঁৰ ফালে লৰি অহা দেখি তেওঁৰ লগত সাক্ষাৎ হ’বলৈ ৰথৰ পৰা নামি সুধিলে, “কি, সকলোবোৰ ঠিকে আছেনে?”
22 E ele disse: Bem. Meu senhor me envia a dizer: Eis que vieram a mim nesta hora do monte de Efraim dois rapazes dos filhos dos profetas: rogo-te que lhes dês um talento de prata, e duas mudas de roupas.
২২গেহজীয়ে ক’লে, “সকলো ঠিকেই আছে। কিন্তু মোৰ প্ৰভুৱে এই কথা ক’বলৈ মোক পঠালে যে, ‘ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল; সেয়ে অনুগ্রহ কৰি, তেওঁলোকৰ বাবে এক কিক্কৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক।’”
23 E Naamã disse: Rogo-te que tomes dois talentos. E ele lhe constrangeu, e atou dois talentos de prata em dois sacos, e duas mudas de roupas, e o pôs às costas a dois de seus criados, que o levassem diante dele.
২৩তাতে নামানে ক’লে, “আপুনি যদি দুই কিক্কৰ লয়, তাতো মই অতি সুখী হ’ম।” এই বুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে; তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ’ল।
24 E chegado que houve a um lugar secreto, ele o tomou da mão deles, e guardou-o em casa: logo mandou aos homens que se fossem.
২৪পাছত পাহাৰৰ কাষ গৈ পোৱাত, তেওঁ দাসবোৰৰ পৰা সেই ৰূপৰ বস্তাবোৰ ল’লে আৰু ঘৰৰ ভিতৰত লুকুৱাই থৈ দাস দুজনক বিদায় দিলে। তেতিয়া তেওঁলোক গুচি গ’ল।
25 E ele entrou, e pôs-se diante de seu senhor. E Eliseu lhe disse: De onde vens, Geazi? E ele disse: Teu servo não foi a nenhuma parte.
২৫তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।”
26 O então lhe disse: Não foi também meu coração, quando o homem voltou de seu carro a receber-te? É tempo de tomar prata, e de tomar roupas, olivais, vinhas, ovelhas, bois, servos e servas?
২৬কিন্তু ইলীচাই তেওঁক ক’লে, “সেই মানুহজনে যেতিয়া তোমাৰ লগত সাক্ষাৎ কৰিবলৈ নিজৰ ৰথৰ পৰা নামিছিল, তেতিয়া মোৰ অন্তৰ জানো তোমাৰ লগত যোৱা নাছিল? ধন, কাপোৰ-কানি, জিত গছৰ বাৰী, দ্ৰাক্ষাবাৰী, মেৰ-ছাগ, গৰু আৰু দাস-দাসী লোৱাৰ এইটো জানো সময়?
27 A lepra de Naamã se apegará a ti e à tua semente para sempre. E saiu de diante dele leproso, branco como a neve.
২৭এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।

< 2 Reis 5 >