< 1 Crônicas 5 >
1 Quanto aos filhos de Rúben, primogênito de Israel (porque ele era o primogênito, mas como profanou a cama de de seu pai, seu direito de primogenitura foi dado aos filhos de José, filho de Israel; e não foi contado por primogênito.
১ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।
2 Pois Judá foi o mais poderoso sobre seus irmãos, e o líder veio dele; mas o direito de primogenitura pertenceu a José).
২যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
3 Os filhos de Rúben, primogênito de Israel, foram, pois: Enoque, Palu, Hezrom e Carmi.
৩ইস্ৰায়েলৰ প্ৰথম পুত্ৰ ৰূবেণৰ সন্তান সকল হ’ল, হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
4 Os filhos de Joel foram: seu filho Semaías, seu filho Gogue, seu filho Simei;
৪যোৱেলৰ বংশধৰ এওঁলোক: যোৱেলৰ পুত্র চিময়ীয়া, চিময়িয়াৰ পুত্র গোগ, গোগৰ পুত্র চিমিয়ী,
5 Seu filho Mica, seu filho Reaías, seu filho Baal;
৫চিমিয়ীৰ পুত্র মীখা, মীখাৰ পুত্র ৰায়া, ৰায়াৰ পুত্র বাল,
6 Seu filho Beera, o qual foi transportado por Tiglate-Pilneser, rei dos Assírios. Este era um líder dos Rubenitas.
৬বালৰ পুত্র বেৰা, তেওঁক অচূৰৰ ৰজা তিলগৎ-পিলনেচৰ বন্দী কৰি লৈ গৈছিল। তেওঁ ৰূবেণীয়াসকলৰ নেতা আছিল।
7 E seus irmãos por suas famílias, quando foram registrados em suas descendências, tinham por líderes a Jeiel, Zacarias.
৭যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁৰ ভাই সকল হ’ল: প্ৰধান যিয়ীয়েল, জখৰিয়া,
8 E Belá, filho de Azaz, filho de Sema, filho de Joel. Eles habitaram em Aroer até Nebo e Baal-Meom.
৮যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
9 Habitaram também desde o oriente até a entrada do deserto desde o rio Eufrates; porque seu gado tinha se multiplicado na terra de Gileade.
৯আৰু তেওঁলোক পূবদিশে ফৰাৎ নদীৰ পৰা মৰুপ্রান্তৰ কাষলৈকে বাস কৰিছিল, কাৰণ গিলিয়দ দেশত তেওঁলোকৰ পশুবোৰ বৃদ্ধি হৈছিল।
10 E nos dias de Saul fizeram guerra contra os hagarenos, que caíram em suas mãos; e eles habitaram em suas tendas sobre toda a região oriental de Gileade.
১০চৌলৰ ৰাজত্বৰ সময়ত তেওঁলোকে হাগৰীয়াসকলক আক্রমণ কৰি পৰাজিত কৰিলে। তেওঁলোক হাগৰীয়াসকলৰ তম্বুত আৰু গিলিয়দৰ পূব দিশৰ আটাই দেশত বাস কৰিছিল।
11 E os filhos de Gade habitaram na vizinhança deles na terra de Basã até Salca.
১১তেওঁলোকৰ ওচৰত বাচান দেশৰ পৰা চলখালৈকে গাদৰ সন্তান সকলে বাস কৰিছিল।
12 E Joel foi o líder em Basã, o segundo Safã, em seguida Janai, e Safate.
১২যোৱেল তেওঁলোকৰ গোষ্ঠীৰ মূৰব্বী আছিল, আৰু চাফম আন এটা গোষ্ঠীৰ মূৰব্বী আছিল; তাৰ পাছত যনয় আৰু চাফট মূৰব্বী হ’ল। এওঁলোক বাচানত আছিল।
13 E seus irmãos, segundo as famílias de seus pais, foram sete: Micael, Mesulão, Sebá, Jorai, Jacã, Zia, e Héber.
১৩তেওঁলোকৰ পিতৃ-বংশৰ সম্পৰ্কীয় সাত জন হ’ল, মীখায়েল, মচুল্লম, চেবা, যোৰয়, যক্কন, জীয়া, আৰু এবৰ।
14 Estes foram os filhos de Abiail filho de Huri, filho de Jaroa, filho de Gileade, filho de Micael, filho de Jesisai, filho de Jado, filho de Buz.
১৪উল্লেখিত এই ব্যক্তিসকল অবীহয়িলৰ বংশধৰ আছিল: হূৰীৰ পুত্র অবীহয়িল আছিল। যাৰোহৰ পুত্র হূৰী আছিল। গিলিয়দৰ পুত্র যাৰোহ আছিল। মীখায়েলৰ পুত্র গিলিয়দ আছিল। যিচীচয়ৰ পুত্র মীখায়েল আছিল। যহদোৰ পুত্র যিচীচয় আছিল। বূজৰ পুত্র যহদো আছিল।
15 Aí, filho de Abdiel, filho de Guni, foi chefe da casa de seus pais.
১৫গূনীৰ পুত্র অব্দীয়েল, অব্দীয়েলৰ পুত্র অহী তেওঁলোকৰ পিতৃ-বংশৰ মূল ব্যক্তি আছিল।
16 Eles habitaram em Gileade, em Basã, e em suas aldeias, e em todos os campos de Sarom até os seus extremos.
১৬তেওঁলোক গিলিয়দত, বাচানৰ নগৰত, আৰু চাৰোণৰ সীমালৈকে চৰণীয়া ঠাইত বাস কৰিছিল।
17 Todos estes foram contados segundo suas genealogias nos dias de Jotão, rei de Judá, e no dias de Jeroboão, rei de Israel.
১৭যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল।
18 Os filhos de Rúben, e de Gade, e da meia tribo de Manassés, homens guerreiros, homens que traziam escudo e espada, que entesavam arco, e habilidosos em guerra, havia quarenta e quatro mil setecentos e sessenta capazes de ir para a batalha.
১৮ৰূবেণৰ, গাদীয়াৰ, আৰু মনচিৰ আধা গোষ্ঠীৰ মাজৰ চৌৱাল্লিশ হাজাৰ সৈন্যক যুদ্ধৰ বাবে প্রশিক্ষণ দিয়া হৈছিল, তেওঁলোকে ঢাল, তৰোৱাল কঢ়িয়াইছিল, আৰু ধনু মাৰিছিল।
19 E fizeram guerra contra os Hagarenos, como também a Jetur, Nafis, e Nodabe.
১৯তেওঁলোকে হাগৰীয়া, যটূৰ, নাফীচ, আৰু নোদবক আক্রমণ কৰিছিল।
20 E foram ajudados contra ele; assim os hagarenos, e todos quantos estavam com eles, foram enregues em suas mãos, porque clamaram a Deus na batalha, e ele lhes atendeu, pois confiaram nele.
২০তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
21 E tomaram seu gado, cinquenta mil de seus camelos, duzentas e cinquenta mil ovelhas, dois mil asnos, e cem mil pessoas.
২১তেওঁলোকৰ জীৱ-জন্তুবোৰ তেওঁলোকে আটক কৰিলে, তাৰ ভিতৰত পঞ্চাশ হাজাৰ উট, দুই লাখ পঞ্চাশ হাজাৰ মেৰ-ছাগ, দুই হাজাৰ গাধ, আৰু এক লাখ মানুহ।
22 E muitos caíram mortos, porque a guerra era de Deus; e habitaram em seus lugares até o cativeiro.
২২কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল, সেয়ে বহুতো শত্রুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাই সমূহত তেওঁলোকে বাস কৰিছিল।
23 E os filhos da meia tribo de Manassés habitaram naquela terra, e eles se multiplicaram desde Basã até Baal-Hermom, e Senir e o monte de Hermom.
২৩মনচিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল-হৰ্মোন, আৰু চনীৰলৈকে বাস কৰিছিল।
24 E estes foram os cabeças das casas de seus pais: Efer, Isi, Eliel, Azriel, Jeremias, Hodavias, e Jadiel, homens valentes e fortes, homens renomados, e cabeças das casas de seus pais.
২৪তেওঁলোকৰ নিজ নিজ বংশৰ নেতাসকল হ’ল: এৰফ, যিচী, ইজ্ৰীয়েল, যিৰিমিয়া, হোদবিয়া, আৰু যহদিয়েল। এওঁলোক বলৱান, সাহসী, নাম জ্বলা, আৰু নিজ নিজ পিতৃ-বংশৰ নেতা আছিল।
25 Porém eles transgrediram contra o Deus de seus pais, e se prostituíram seguindo os deuses dos povos da terra, aos quais o SENHOR havia destruído de diante deles.
২৫কিন্তু তেওঁলোক পূৰ্বপুৰুষৰ ঈশ্বৰৰ প্রতি অবিশ্ৱাসী আছিল। ঈশ্ৱৰে তেওঁলোকৰ সন্মুখত যাক ধ্বংস কৰিছিল, সেই দশৰ তেনে দেৱ-দেৱীবোৰক তেওঁলোকে আৰাধনা কৰিছিল।
26 Por isso o Deus de Israel despertou ao espírito de Pul, rei da Assíria, e ao espírito de Tiglate-Pilneser, rei da Assíria, o qual levou presos os rubenitas, os gaditas e à meia tribo de Manassés, e os trouxe até Hala, Habor, Hara, e ao rio Gozã, até hoje.
২৬সেয়ে অজৰীয়াৰ ৰজা পূলক ইস্ৰায়েলৰ ঈশ্বৰে অস্থিৰ কৰিলে, তিলগৎ-পিলনেচৰ বুলি কোৱা হয়। তেওঁ ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধাগোষ্ঠীৰ লোকসকলক হাবোৰ, হাৰা, গোজনৰ নদীলৈকে লৈ গ’ল; আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।