< Jeremias 12 >

1 Justo serias, ó Senhor, ainda que eu contendesse contra ti: contudo falarei contigo dos teus juízos. Porque prospera o caminho dos ímpios, e vivem em paz todos os que cometem aleivosia aleivosamente?
“হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
2 Plantaste-os, arraigaram-se também, avançam, dão também fruto: chegado estás à sua boca, porém longe dos seus rins
তুমি তেওঁলোকক ৰোপন কৰিলা, এনে কি, তেওঁলোক শিপালে। তেওঁলোক বাঢ়িছে, এনে কি, ফলো ধৰিছে; তুমি তেওঁলোকৰ মুখৰ বাক্যত ওচৰ, কিন্তু তেওঁলোকৰ হৃদয়ৰ পৰা দূৰ।
3 Mas tu, ó Senhor, me conheces, tu me vês, e provas o meu coração para contigo; arranca-os como a ovelhas para o matadouro, e dedica-os ao dia da matança.
কিন্তু হে যিহোৱা, তুমি হ’লে মোক জানি আছা। মোক দেখিও আছা, আৰু তোমালৈ মোৰ মন কেনে, তাক পৰীক্ষাও কৰিছা। বধ কৰিবৰ কাৰণে উলিওৱা মেৰ-ছাগৰ দৰে তেওঁলোকক টানি উলিওৱা, আৰু হত্যা দিনৰ কাৰণে তেওঁলোকক পৃথক কৰি ৰাখা।
4 Até quando lamentará a terra, e se secará a erva de todo o campo? pela maldade dos que habitam nela, perecem os animais e as aves; porquanto dizem: Não verá o nosso último fim.
কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।
5 Se corres com os homens de pé, fazem-te cançar; como pois competirás com os cavalos? se tão somente na terra de paz te confias, como farás na enchente do Jordão?
তুমি পদাতিকসকলকৰ লগত লৰ মাৰিলে, তেওঁলোকে যদি তোমাক ক্লান্ত কৰে, তেন্তে ঘোঁৰাৰ লগত লৰ মাৰি কেনেকৈ জিকিবা? আৰু যদিও তুমি শান্তিৰ দেশত নিৰাপদে থাকা, তথাপি যৰ্দ্দনৰ শোভাস্বৰূপ অৰণ্যত কি কৰিবা?
6 Porque até os teus irmãos, e a casa de teu pai, eles também se hão deslealmente contra ti; até os mesmos clamam após ti em altas vozes: Não te fies neles, quando te falarem coisas boas.
কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
7 Já desamparei a minha casa, abandonei a minha herança: entreguei a amada da minha alma na mão de seus inimigos.
মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
8 Tornou-se-me a minha herança como leão em brenha: levantou a sua voz contra mim, por isso eu a aborreci.
মোৰ পক্ষে মোৰ আধিপত্য কাঠনিত থকা সিংহৰ দৰে হ’ল; সি মোৰ বিৰুদ্ধে গুজৰিছে, সেই কাৰণে মই তাক ঘিণ কৰিলোঁ।
9 A minha herança me é ave de várias cores; andam as aves contra ela em redor: vinde, pois, ajuntai-vos todos os animais do campo, vinde a devora-la.
মোৰ আধিপত্য মোৰ কাৰণে ফুটুকা-ফুটুকী চৰাইৰ নিচিনা নহয় নে? তাৰ চাৰিওফালে চিকাৰী চৰাইবোৰ নাই নে? তোমালোকে যোৱা, মোৰ আদিপত্য ভোজন কৰিবলৈ বনৰীয়া পশু আটাইবোৰ গোটাই আনাগৈ।
10 Muitos pastores destruiram a minha vinha, pisaram o meu campo: tornaram em deserto de assolação o meu campo desejado.
১০অনেক মেৰ-ছাগৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
11 Em assolação o tornaram, e assolado clama a mim: toda a terra está assolada, porquanto não há nenhum que tome isso a peito.
১১তেওঁলোকে তাক উচ্ছন্ন ঠাই কৰিলে, সেয়ে ধ্বংস হৈ মোৰ আগত বিলাপ কৰিছে; সমুদায় দেশ উচ্ছন্ন হ’ল, কাৰণ কোনেও মনোযোগ কৰা নাই।
12 Sobre todos os lugares altos do deserto vieram destruidores; porque a espada do Senhor devora desde um extremo da terra até outro extremo da terra: não há paz para nenhuma carne.
১২অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল; কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।
13 Semearam trigo, e segaram espinhos; cançaram-se, mas de nada se aproveitaram: envergonhai-vos pois em razão de vossas colheitas, e por causa do ardor da ira do Senhor.
১৩তেওঁবিলাকে ঘেঁহু বৈ কাঁইট দালে। তেওঁলোকে দুখ কৰিও একো উপকাৰ নাপালে; তেওঁলোকে যিহোৱা প্ৰচণ্ড ক্ৰোধৰ কাৰণে নিজ নিজ ফলৰ বিষয়ে লজ্জিত হোৱা।
14 Assim diz o Senhor, acerca de todos os meus maus vizinhos, que tocam a minha herança, a qual dei por herança ao meu povo Israel: Eis que os arrancarei da sua terra, e a casa de Judá arrancarei do meio deles.
১৪মই মোৰ প্ৰজা ইস্ৰায়েলক অধিকাৰ কৰোঁৱা অধিপত্যক স্পৰ্শ কৰা মোৰ আটাই দুষ্ট ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে যিহোৱাই এইদৰে কৈছে: চোৱা, মই তেওঁলোকৰ মাটিৰ পৰা তেওঁলোকক উঘালিম, আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা বংশকো উঘালিম।
15 E será que, depois de os haver arrancado, tornarei, e me compadecerei deles, e os farei tornar cada um à sua herança, e cada um à sua terra.
১৫কিন্তু উঘলাৰ পাছত, মই পুনৰায় দয়া কৰিম; আৰু প্ৰতিজনক তাৰ আধিপত্যলৈ, আৰু তাৰ মাটিলৈ আনিম।
16 E será que, se diligentemente aprenderem os caminhos do meu povo, jurando pelo meu nome, dizendo: Vive o Senhor, como ensinaram a meu povo a jurar por Baal, edificar-se-ão no meio do meu povo.
১৬এনেকৈ তেওঁলোকে মোৰ প্ৰজাসকলক বালৰ নামেৰে শপত খাবলৈ শিকাইছিল, তেনেকৈ “যিহোৱাৰ জীৱনৰ শপত!” বুলি মোৰ নামেৰে শপত কৰিবলৈ মোৰ প্ৰজাসকলৰ পথ যদি তেওঁলোকে যত্নেৰে শিকে, তেন্তে মোৰ প্ৰজাসকলৰ মাজত তেওঁলোকক স্থাপন কৰা হ’ব।
17 Porém, se não quizerem ouvir, totalmente arrancarei a tal nação, e a farei perecer, diz o Senhor.
১৭যদি তেওঁলোকে নুশুনে, তেন্তে মই সেই জাতিক উঘালি পেলাম। আৰু নিশ্চয়কৈ উঘালি পেলাই তাক নষ্ট কৰিম। এইয়েই যিহোৱাৰ ঘোষণা।”

< Jeremias 12 >