< Deuteronômio 4 >

1 Agora, pois, ó Israel, ouve os estatutos e os juízos que eu vos ensino, para os fazerdes: para que vivais, e entreis, e possuais a terra que o Senhor Deus de vossos pais vos dá.
এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।
2 Não acrescentareis à palavra que vos mando, nem diminuireis dela, para que guardeis os mandamentos do Senhor vosso Deus, que eu vos mando.
মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
3 Os vossos olhos tem visto o que Deus fez por Baal-peor; pois a todo o homem que seguiu a Baal-peor o Senhor teu Deus consumiu do meio de ti.
আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
4 Porém vós, que vos chegastes ao Senhor vosso Deus, hoje todos estais vivos.
কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
5 Vêdes aqui vos tenho ensinado estatutos e juízos, como me mandou o Senhor meu Deus: para que assim façais no meio da terra a qual ides a herdar.
শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
6 Guardai-os pois, e fazei-os, porque esta será a vossa sabedoria e o vosso entendimento perante os olhos dos povos, que ouvirão todos estes estatutos, e dirão: Este grande povo só é gente sabia e entendida.
আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
7 Porque, que gente há tão grande, que tenha deuses tão chegados como o Senhor nosso Deus, todas as vezes que o chamamos?
চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
8 E que gente há tão grande, que tenha estatutos e juízos tão justos como toda esta lei que hoje dou perante vós?
মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
9 Tão somente guarda-te a ti mesmo, e guarda bem a tua alma, que te não esqueças daquelas coisas que os teus olhos tem visto, e se não apartem do teu coração todos os dias da tua vida: e as farás saber a teus filhos, e aos filhos de teus filhos:
যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
10 O dia em que estiveste perante o Senhor teu Deus em Horeb, quando o Senhor me disse: Ajunta-me este povo, e os farei ouvir as minhas palavras, e aprende-las-ão, para me temerem todos os dias que na terra viverem, e as ensinarão a seus filhos;
১০যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
11 E vós vos chegastes, e vos pusestes ao pé do monte: e o monte ardia em fogo até ao meio dos céus, e havia trevas, e nuvens e escuridão;
১১সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
12 Então o Senhor vos falou do meio do fogo: a voz das palavras ouvistes; porém, além da voz, não vistes semelhança nenhuma.
১২সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।
13 Então vos anunciou ele o seu concerto, que vos ordenou fazer, os dez mandamentos, e os escreveu em duas tábuas de pedra.
১৩তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
14 Também o Senhor me ordenou ao mesmo tempo que vos ensinasse estatutos e juízos, para que os fizesseis na terra a qual passais a possuir.
১৪সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
15 Guardai pois com diligência as vossas almas, pois semelhança nenhuma vistes no dia em que o Senhor vosso Deus em Horeb falou convosco do meio do fogo;
১৫যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
16 Para que não vos corrompais, e vos façais alguma escultura, semelhança de imagem, figura de macho ou de fêmea;
১৬সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
17 Figura de algum animal que haja na terra; figura de alguma ave aligera que vôa pelos céus;
১৭পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
18 Figura de algum animal que anda de rastos sobre a terra; figura de algum peixe que esteja nas águas debaixo da terra;
১৮নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব।
19 Que não levantes os teus olhos aos céus e vejas o sol, e a lua, e as estrelas, todo o exército dos céus; e sejas impelido a que te inclines perante eles, e sirvas àqueles que o Senhor teu Deus repartiu a todos os povos debaixo de todos os céus.
১৯আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
20 Mas o Senhor vos tomou, e vos tirou do forno de ferro do Egito, para que lhe sejais por povo hereditário, como neste dia se vê.
২০যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
21 Também o Senhor se indignou contra mim por causa das vossas palavras, e jurou que eu não passaria o Jordão, e que não entraria na boa terra que o Senhor teu Deus te dará por herança.
২১তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
22 Porque eu nesta terra morrerei, não passarei o Jordão: porém vós o passareis, e possuireis aquela boa terra.
২২মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব।
23 Guardai-vos de que vos esqueçais do concerto do Senhor vosso Deus, que tem feito convosco, e vos façais escultura alguma, imagem de alguma coisa que o Senhor vosso Deus vos proibiu.
২৩এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
24 Porque o Senhor teu Deus é um fogo que consome, um Deus zeloso.
২৪কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
25 Quando pois gerardes filhos, e filhos de filhos, e vos envelhecerdes na terra, e vos corromperdes, e fizerdes alguma escultura, semelhança de alguma coisa, e fizerdes mal aos olhos do Senhor, para o provocar à ira:
২৫যি সকল আপুনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
26 Hoje tomo por testemunhas contra vós o céu e a terra, que certamente perecereis depressa da terra, a qual passais o Jordão a possuir: não prolongareis os vossos dias nela, antes sereis de todo destruídos.
২৬মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন নদী পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
27 E o Senhor vos espalhará entre os povos, e ficareis poucos em número entre as gentes às quais o Senhor vos conduzirá.
২৭যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
28 E ali servireis a deuses que são obra de mãos de homens, madeira e pedra, que não veem nem ouvem, nem comem nem cheiram.
২৮সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।
29 Então dali buscarás ao Senhor teu Deus, e o acharás, quando o buscares de todo o teu coração e de toda a tua alma
২৯কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
30 Quando estiveres em angústia, e todas estas coisas te alcançarem, então no fim de dias te virarás ao Senhor teu Deus, e ouvirás a sua voz
৩০যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।
31 Porquanto o Senhor teu Deus é Deus misericordioso; e não te desamparará, nem te destruirá, nem se esquecerá do concerto que jurou a teus pais
৩১কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
32 Porque, pergunta agora aos tempos passados, que te precederam desde o dia em que Deus criou o homem sobre a terra, desde uma extremidade do céu até à outra, se sucedeu jamais coisa tão grande como esta, ou se se ouviu coisa como esta
৩২এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
33 Ou se algum povo ouviu a voz de Deus falando do meio do fogo, como tu a ouviste, e ficou vivo?
৩৩আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
34 Ou se um Deus intentou ir tomar para si um povo do meio de outro povo com provas, com sinais, e com milagres, e com peleja, e com mão forte, e com braço estendido, e com grandes espantos, conforme a tudo quanto o Senhor vosso Deus vos fez no Egito aos vossos olhos?
৩৪ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
35 A ti te foi mostrado para que soubesses que o Senhor é Deus: nenhum outro há senão ele.
৩৫যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
36 Desde os céus te fez ouvir a sua voz, para te ensinar, e sobre a terra te mostrou o seu grande fogo, e ouviste as suas palavras do meio do fogo.
৩৬তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
37 E, porquanto amava teus pais, e escolhera a sua semente depois deles, te tirou do Egito diante de si, com a sua grande força:
৩৭কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্ৰেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
38 Para lançar fora de diante de ti gentes maiores e mais poderosas do que tu, para te introduzir nela, e te dar a sua terra por herança, como neste dia se vê
৩৮আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিও তেনে হবলৈ ধৰিছে।
39 Pelo que hoje saberás, e refletirás no teu coração, que só o Senhor é Deus em cima no céu, e em baixo na terra; nenhum outro há.
৩৯এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
40 E guardarás os teus estatutos e os seus mandamentos, que te ordeno hoje, para que bem te vá a ti, e a teus filhos depois de ti, e para que prolongues os dias na terra que o Senhor teu Deus te dá para todo o sempre.
৪০সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
41 Então Moisés separou três cidades de aquém do Jordão, da banda do nascimento do sol
৪১ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
42 Para que ali se acolhesse o homicida que de improviso matasse o seu próximo a quem de antes não tivesse ódio algum: e se acolhesse a uma destas cidades, e vivesse;
৪২সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব।
43 A Bezer, no deserto, na terra plana, para os rubenitas; e a Ramoth, em Gilead, para os gaditas; e a Golan, em Basan, para os manassitas.
৪৩সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
44 Esta é pois a lei que Moisés propôs aos filhos de Israel.
৪৪এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
45 Estes são os testemunhos, e os estatutos, e os juízos, que Moisés falou aos filhos de Israel, havendo saído do Egito;
৪৫এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
46 De aquém do Jordão, no vale defronte de Beth-peor, na terra de Sehon, rei dos amorreus, que habitava em Hesbon: a quem feriu Moisés e os filhos de Israel, havendo eles saído do Egito.
৪৬যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
47 E tomaram a sua terra em possessão, como também a terra de Og, rei de Basan, dois reis dos amorreus, que estavam de aquém do Jordão, da banda do nascimento do sol.
৪৭তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
48 Desde Aroer, que está à borda do ribeiro de Arnon, até ao monte de Sion. que é Hermon,
৪৮এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
49 E toda a campina de aquém do Jordão, da banda do oriente, até ao mar da campina, abaixo de Asdoth-pisga.
৪৯এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।

< Deuteronômio 4 >