< Salmos 120 >
1 Na minha angustia clamei ao Senhor, e me ouviu.
১মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।
2 Senhor, livra a minha alma dos labios mentirosos e da lingua enganadora.
২“হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।”
3 Que te será dado, ou que te será accrescentado, lingua enganadora?
৩হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব?
4 Frechas agudas do valente, com brazas vivas de zimbro.
৪তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব।
5 Ai de mim, que peregrino em Mesech, e habito nas tendas de Kedar.
৫হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ; কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ।
6 A minha alma bastante tempo habitou com os que detestam a paz.
৬যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছোঁ।
7 Pacifico sou, porém quando eu fallo já elles procuram guerra.
৭মই শান্তি ভাল পাওঁ; কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।