< Psalmów 48 >
1 Pieśń i psalm dla synów Korego. Wielki jest PAN i godzien wielkiej chwały w mieście naszego Boga, na swej świętej górze.
১আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,
2 Pięknie wzniesiona, radością całej ziemi [jest] góra Syjon na krańcach północy, miasto wielkiego Króla.
২উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
3 Bóg w pałacach jego jest uznany za twierdzę.
৩ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে।
4 Bo oto zgromadzili się królowie i razem ruszyli.
৪ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।
5 Gdy zobaczyli, zdumieli się, przerazili się i uciekli.
৫তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
6 Strach ich tam ogarnął i ból, jak rodzącą kobietę.
৬সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
7 Wiatrem wschodnim rozbijasz okręty Tarszisz.
৭যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
8 To, co słyszeliśmy, [to] zobaczyliśmy w mieście PANA zastępów, w mieście naszego Boga; Bóg je ugruntuje na wieki. (Sela)
৮বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)
9 Rozważamy, o Boże, twoje miłosierdzie we wnętrzu twej świątyni.
৯হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।
10 Jak twoje imię, Boże, tak i chwała twoja [sięga] aż po krańce ziemi; twoja prawica pełna jest sprawiedliwości.
১০হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।
11 Niech się weseli góra Syjon, niech się radują córki Judy z powodu twoich sądów.
১১তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ উল্লাস কৰা।
12 Okrążcie Syjon i obejdźcie go, policzcie jego wieże.
১২তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা।
13 Przyjrzyjcie się jego wałom obronnym, oglądajcie jego pałace, abyście mogli opowiadać przyszłemu pokoleniu.
১৩তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা।
14 Bo ten Bóg jest naszym Bogiem na wieki wieków, on będzie nas prowadził aż do śmierci.
১৪এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।