< Przysłów 12 >
1 Kto kocha karność, kocha wiedzę, a kto nienawidzi upomnienia, jest głupi.
১যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।
2 Dobry [człowiek] zdobędzie łaskę PANA, ale [PAN] potępi podstępnego.
২শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।
3 Człowiek nie umocni się niegodziwością, lecz korzeń sprawiedliwych nie będzie poruszony.
৩কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব।
4 Żona cnotliwa [jest] koroną swego męża, ale ta, która go hańbi, [jest] jak zgnilizna w jego kościach.
৪গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।
5 Myśli sprawiedliwych są prawe, a rady niegodziwych zdradliwe.
৫সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়; কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ।
6 Słowa niegodziwych czyhają na krew, lecz usta prawych ocalą ich.
৬দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।
7 Niegodziwi zostają powaleni i już ich nie ma, a dom sprawiedliwych się ostoi.
৭দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।
8 Człowiek będzie chwalony za jego mądrość, a kto jest przewrotnego serca, zostanie wzgardzony.
৮মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।
9 Lepszy [jest człowiek] wzgardzony, który ma sługę, niż ten, kto się chwali, a któremu brak chleba.
৯গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল; খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে।
10 Sprawiedliwy dba o życie swego bydła, a serce niegodziwych jest okrutne.
১০যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।
11 Kto uprawia swoją ziemię, nasyci się chlebem, a kto naśladuje próżnujących, jest nierozumny.
১১যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।
12 Niegodziwy pragnie sieci złych, a korzeń sprawiedliwych wydaje [owoc].
১২দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে; কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।
13 Zły zostaje usidlony przez grzech swoich warg, a sprawiedliwy wyjdzie z ucisku.
১৩পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
14 Człowiek nasyci się dobrem z owocu swoich ust, a za [dzieła] swoich rąk otrzyma zapłatę.
১৪মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়; তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।
15 Droga głupiego [wydaje się] słuszna w jego oczach, ale kto słucha rady, jest mądry.
১৫অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।
16 Gniew głupiego objawia się od razu, a roztropny skrywa hańbę.
১৬অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।
17 Kto mówi prawdę, wyraża sprawiedliwość, ale fałszywy świadek – oszustwo.
১৭যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।
18 Znajdzie się taki, którego [słowa] są jak miecz przeszywający, lecz język mądrych [jest] lekarstwem.
১৮যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
19 Prawdomówne wargi będą trwać na wieki, ale język kłamliwy [trwa] króciutko.
১৯সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।
20 Podstęp [jest] w sercu tych, którzy knują zło, lecz u doradzających pokój [jest] radość.
২০কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।
21 Sprawiedliwego nie spotka żadne zło, ale niegodziwi będą pełni nieszczęścia.
২১সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়।
22 Wargi kłamliwe budzą odrazę w PANU, a ci, którzy postępują w prawdzie, podobają mu się.
২২মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।
23 Człowiek roztropny ukrywa wiedzę, a serce głupich rozgłasza głupotę.
২৩দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে; কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।
24 Ręka pracowitych będzie panowała, a leniwa będzie płaciła daninę.
২৪পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।
25 Troska w sercu człowieka przygnębia je, a dobre słowo je rozwesela.
২৫মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।
26 Sprawiedliwy jest zacniejszy od swego bliźniego, a droga niegodziwych prowadzi ich na manowce.
২৬সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।
27 Leniwy nie upiecze tego, co upolował, ale mienie człowieka pracowitego [jest] cenne.
২৭এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।
28 Na ścieżce sprawiedliwości jest życie, na jej drodze nie ma śmierci.
২৮যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; আৰু এই পথত মৃত্যু নাই।