< Nehemiasza 3 >

1 Potem powstał najwyższy kapłan Eliaszib wraz ze swoimi braćmi kapłanami i odbudowali Bramę Owczą. Poświęcili ją i wstawili jej wrota. Poświęcili ją aż do wieży Mea i aż do wieży Chananeela.
প্ৰধান পুৰোহিত ইলিয়াচীব আৰু তেওঁৰ পুৰোহিত ভাইসকলে উঠি মেৰ-ছাগদুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰবোৰ পবিত্ৰ কৰি উৎসৰ্গ কৰিলে আৰু তাক যথাস্থানত লগালে। এইদৰে তেওঁলোকে এশ টা স্তম্ভ আৰু হননেলৰ স্তম্ভ পবিত্ৰকৃত কৰিলে।
2 Obok niego budowali mężczyźni z Jerycha, a obok nich budował Zakkur, syn Imriego.
তেওঁৰ পাছত যিৰীহোৰ লোকসকলে কাম কৰিলে, আৰু তেওঁলোকৰ পাছত ইম্ৰীৰ পুত্ৰ জক্কুৰে কাম কৰিলে।
3 A Bramę Rybną budowali synowie Senaa, którzy założyli też jej belki, wstawili jej wrota, zamki i rygle.
হচচানাৱাৰ পুত্ৰসকলে মৎস্য-দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰত চৌকাঠ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে।
4 Obok nich naprawiał Meremot, syn Uriasza, syna Kosa, a obok nich naprawiał Meszullam, syn Berechiasza, syna Meszezabeela. Obok nich naprawiał Sadok, syn Baany.
মৰেমোতে তাৰ পাছৰ অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হক্কোচৰ পুত্র আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মচেজবেলৰ পুত্র আছিল। তেওঁৰ পাছত চাদোকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ।
5 Obok nich naprawiali Tekoici, lecz ich dostojnicy nie ugięli swego karku do pracy dla swego Pana.
তেওঁলোকৰ পাছত তকোৱা লোকসকলে মেৰামতি কৰিলে, কিন্তু তেওঁলোকৰ তদাৰক কৰোঁতা জনৰ আদেশ তেওঁলোকৰ মূখ্য লোকসকলে অমান্য কৰিলে।
6 A Bramę Starą naprawiali Jojada, syn Paseacha, i Meszullam, syn Besodiasza. Założyli jej belki i wstawili jej wrota, zamki i rygle.
পচেহৰ পুত্ৰ যোয়াদা, আৰু বচোদিয়াৰ পুত্ৰ মচুল্লমে পুৰণি দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে চৌকাঠ লগাই তাত দুৱাৰখন লগালে, আৰু শলখা ও ডাং লগালে।
7 Obok nich naprawiali Melatiasz Gibeonita, Jadon Meronotyta oraz mężczyźni z Gibeonu i Mispy aż do tronu namiestnika z tej strony rzeki.
তেওঁলোকৰ পাছত গিবিয়োনীয়াৰ মলটিয়াৰ লগত মেৰোনোথীয়াৰ যাদোনে মেৰামতি কৰিলে। তেওঁলোক গিবিয়োন আৰু মিস্পাৰ মূখ্য লোক আছিল। নদীৰ সিপাৰে থকা যি প্রদেশত দেশাধ্যক্ষ আছিল, সেই খনেই মিস্পা নগৰ।
8 Obok nich naprawiał Uzziel, syn Charchajasza, [jeden] ze złotników, a obok niego naprawiał Chananiasz, syn aptekarza. Obwarowali Jerozolimę aż do Muru Szerokiego.
তেওঁৰ পাছত সোণাৰীসকলৰ এজন হৰ্হয়াৰ পুত্ৰ উজ্জীয়েলে মেৰামতি কৰিলে, আৰু তেওঁৰ পাছত গন্ধৰস প্রস্তুত কৰোঁতা হননিয়াই মেৰামতি কৰিলে। তেওঁলোকে বহল দেৱাললৈকে যিৰূচালেম পুনৰ সাজিলে।
9 Obok nich naprawiał Refajasz, syn Chura, przełożony połowy okręgu Jerozolimy.
তেওঁলোকৰ পাছত হুৰৰ পুত্ৰ ৰফায়াই মেৰামতি কৰিলে। তেওঁ যিৰূচালেম জিলাৰ আধা অংশত শাসন কৰিছিল।
10 Obok nich naprawiał Jedajasz, syn Charumafa, naprzeciw swego domu. A obok niego naprawiał Chattusz, syn Chaszabnejasza.
১০তেওঁলোকৰ পাছত হৰূমফৰ পুত্ৰ যদায়াই নিজৰ ঘৰৰ ওচৰৰ দেৱালৰ অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত হচবনিয়াৰ পুত্ৰ হত্তুচ মেৰামতি কৰিলে।
11 Drugi odcinek i Wieżę Pieców zaś naprawiał Malkiasz, syn Charima, i Chaszub, syn Pachat-Moaba.
১১হাৰীমৰ পুত্ৰ মল্কিয়া আৰু পহৎ-মোৱাবৰ পুত্ৰ হচুবে আন এটা অংশৰ সৈতে তন্দুৰৰ স্তম্ভ মেৰামতি কৰিলে।
12 Obok niego naprawiał Szallum, syn Hallochesza, przełożony połowy okręgu Jerozolimy, on i jego córki.
১২তেওঁৰ পাছত যিৰূচালেম জিলাৰ আধা অংশৰ শাসনকৰ্তা হল্লোহেচৰ পুত্ৰ চল্লুমৰ সৈতে তেওঁৰ জীয়েকসকলে মেৰামতি কৰিলে।
13 Bramę nad Doliną naprawiali Chanun i mieszkańcy Zanoach. Odbudowali ją, wstawili jej wrota, zamki i rygle i [naprawili] tysiąc łokci muru aż do Bramy Gnojnej.
১৩হানুন আৰু জানোহৰ নিবাসীসকলে উপত্যকাৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে তাক সাজি, তাত দুৱাৰ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে। তেওঁলোকে গোবৰ-দুৱাৰলৈকে এক হাজাৰ হাত মেৰামতি কৰিলে।
14 Lecz Bramę Gnojną naprawiał Malkiasz, syn Rekaba, przełożony okręgu Bet-Hakkerem. On ją odbudował i wstawił jej wrota, zamki i rygle;
১৪বৈৎহক্কেৰম জিলাৰ শাসনকৰ্তা ৰেখবৰ পুত্ৰ মল্কিয়াই গোবৰ-দুৱাৰ মেৰামতি কৰিলে। তেওঁ তাক সাজিলে আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে।
15 Bramę Źródlaną naprawiał Szallun, syn Kol-Chozego, przełożony okręgu Mispa. On ją zbudował, pokrył [dachem] i wstawił jej wrota, zamki i rygle oraz wzniósł mur nad stawem Sziloach przy ogrodzie królewskim aż do schodów prowadzących do miasta Dawida.
১৫মিস্পা জিলাৰ শাসনকৰ্তা কল-হোজিৰ পুত্ৰ চল্লুনে ভুমুক-দুৱাৰ পুনৰ সাজিলে। তেওঁ তাক সাজি তাৰ ওপৰত ঢাকনি দিলে, আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে। তেওঁ যি খটখটিয়েদি দায়ুদৰ নগৰৰ পৰা নামি আহে, তাৰ পৰা ৰজাৰ বাৰীৰ ওচৰত থকা চেলোহ পুখুৰীলৈকে দেৱাল সাজিলে।
16 Za nim naprawiał Nehemiasz, syn Azbuka, przełożony połowy okręgu Bet-Sur, aż [do miejsca] naprzeciw grobów Dawida i aż do stawu sztucznego, i aż do domu mocarzy.
১৬বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।
17 Za nim naprawiali Lewici: Rechum, syn Baniego, obok niego naprawiał Chaszabiasz, przełożony połowy okręgu Keila, za swój okręg.
১৭তেওঁৰ পাছত লেবীয়াসকলৰ সৈতে বানীৰ পুত্ৰ ৰহূমে মেৰামতি কৰিলে। তেওঁৰ পাছত কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হচবিয়াই নিজৰ জিলাৰ অৰ্থে মেৰামতি কৰিলে।
18 Za nim naprawiali ich bracia: Bawaj, syn Chenadada, przełożony połowy okręgu Keila.
১৮তেওঁৰ পাছত তেওঁলোকৰ দেশীয় লোকসকলৰ সৈতে কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হেনাদদৰ পুত্ৰ বব্বয়ে মেৰামতি কৰিলে।
19 Obok niego naprawiał Ezer, syn Jeszuy, przełożony Mispy, następny odcinek naprzeciw wejścia do zbrojowni przy rogu.
১৯তেওঁৰ পাছত মিস্পাৰ শাসনকৰ্তা যেচুৱাৰ পুত্ৰ এজৰে অস্ত্ৰ-গৃহৰ বিপৰীতে উঠি যোৱা বাটৰ আন এটা অংশৰ দেৱালৰ বাহিৰ ফালে দিয়া আলমৰ মেৰামতি কৰিলে।
20 Za nim naprawiał gorliwie Baruch, syn Zabbaja, dalszy odcinek od rogu aż do drzwi domu arcykapłana Eliasziba.
২০তেওঁৰ পাছত জক্কয়ৰ পুত্ৰ বাৰূকে অতি আগ্ৰহেৰে আলমৰ পৰা প্ৰধান পুৰোহিত ইলিয়াচীবৰ ঘৰৰ দুৱাৰলৈকে এটা অংশ মেৰামতি কৰিলে।
21 Za nim naprawiał Meremot, syn Uriasza, syn Kosa, następny odcinek od drzwi domu Eliasziba aż do końca jego domu.
২১তেওঁৰ পাছত মৰেমোতে, যিজন উৰিয়াৰ পুত্র আছিল, আৰু উৰিয়া হক্কোচৰ পুত্র। সেই মৰেমোতে ইলিয়াচীবৰ ঘৰৰ দুৱাৰৰ পৰা ইলিয়াচীবৰ ঘৰৰ শেষলৈকে এটা অংশ মেৰামতি কৰিলে।
22 Za nim naprawiali kapłani, którzy mieszkali na równinie.
২২তেওঁৰ পাছত যিৰূচালেমৰ চাৰিও সীমাৰ পৰা অহা লোকসকল আৰু পুৰোহিতসকলে মেৰামতি কৰিলে।
23 Za nimi naprawiali Beniamin i Chaszub, naprzeciw swoich domów. Za nimi naprawiał Azariasz, syn Maasejasza, syna Ananiasza, obok swego domu.
২৩তেওঁলোকৰ পাছত বিন্যামীন আৰু হচুবে নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে। তেওঁলোকৰ পাছত অণিয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্ৰ অজৰিয়াই নিজৰ ঘৰৰ ওচৰত মেৰামতি কৰিলে।
24 Za nim naprawiał Binnuj, syn Chenadada, następny odcinek od domu Azariasza aż do zakrętu i do narożnika.
২৪তেওঁৰ পাছত হেনাদদৰ পুত্ৰ বিন্নুয়ে অজৰিয়াৰ ঘৰৰ পৰা আলমলৈকে এটা অংশ মেৰামতি কৰিলে।
25 Palal, syn Uzaja, [naprawiał] naprzeciw rogu i wieży wystającej z domu królewskiego, która [była] przy więzieniu. Za nim [naprawiał] Pedajasz, syn Parosza.
২৫উজয়ৰ পুত্ৰ পাললে আলমৰ বিপৰীতে ওপৰ ফালে ৰজাৰ গৃহৰ পৰা স্তম্ভৰ প্ৰহৰীৰ চোতাললৈকে মেৰামতি কৰিলে। তেওঁৰ পাছত পৰিয়োচৰ পুত্ৰ পদায়াই মেৰামতি কৰিলে।
26 A Netinici, mieszkający na Ofelu, [naprawiali] aż naprzeciw Bramy Wodnej na wschodzie i do wieży wystającej.
২৬তাৰ পাছত ওফেলত থকা মন্দিৰৰ দাসবোৰে পুব-দিশে জল-দুৱাৰৰ বিপৰীতে থকা প্রকল্পৰ স্তম্ভলৈকে মেৰামতি কৰিলে।
27 Za nimi naprawiali Tekoici dalszy odcinek, naprzeciw wielkiej wieży wystającej aż do muru Ofel.
২৭তেওঁৰ পাছত তকোৱাৰ লোকসকলে বাহিৰ ফালে থকা বৃহৎ স্তম্ভৰ বিপৰীতে ওফেলৰ দেৱাললৈকে আন এটা অংশ মেৰামতি কৰিলে।
28 Znad Bramy Końskiej naprawiali kapłani, każdy naprzeciw swego domu.
২৮অশ্ব-দুৱাৰৰ ওপৰ ফালৰ পৰা প্রতিজন পুৰোহিতে নিজৰ নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে।
29 Za nimi naprawiał Sadok, syn Immera, naprzeciw swego domu, a za nim naprawiał Szemajasz, syn Szekaniasza, stróż Bramy Wschodniej.
২৯তেওঁলোকৰ পাছত ইম্মেৰৰ পুত্ৰ চাদোকে নিজৰ ঘৰৰ বিপৰীতে থকা এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত পূব দুৱাৰৰ ৰখীয়া চখনিয়াৰ পুত্ৰ চময়িয়াই মেৰামতি কৰিলে।
30 Za nim naprawiał Chananiasz, syn Szelemiasza, i Chanun, szósty syn Salafa, następny odcinek. Za nim naprawiał Meszullam, syn Berechiasza, naprzeciw swojej komnaty.
৩০তেওঁৰ পাছত চেলেমিয়াৰ পুত্ৰ হননিয়া আৰু চালফৰ ষষ্ঠ পুত্ৰ হানুনে আন এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত বেৰেখিয়াৰ পুত্ৰ মচুল্লমে নিজৰ কোঁঠালিৰ বিপৰীতে মেৰামতি কৰিলে।
31 Za nim naprawiał Malkiasz, syn złotnika, aż do domu Netinitów i handlarzy, naprzeciw Bramy Sądowej i aż do Sali Narożnej.
৩১তেওঁৰ পাছত সোণাৰী মল্কিয়াই মন্দিৰৰ দাস সকলৰ আৰু বণিকসকলৰ সাক্ষাত কৰা দুৱাৰৰ বিপৰীতে, চুকৰফালে ওপৰত থকা কোঁঠালৈকে মেৰামতি কৰিলে।
32 A pomiędzy Salą Narożną a Bramą Owczą naprawiali złotnicy i handlarze.
৩২চুকৰফালে থকা ওপৰৰ কোঁঠা আৰু মেৰ-ছাগদুৱাৰৰ মাজৰ অংশ সোণাৰী আৰু বণিকসকলে মেৰামতি কৰিলে।

< Nehemiasza 3 >