< Hioba 6 >
1 Hiob zaś odpowiedział tymi słowami:
১তেতিয়া ইয়োবে উত্তৰ দি ক’লে,
2 O gdyby dokładnie zważono moją udrękę i włożono na szalę całe moje nieszczęście!
২“অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।
3 Byłoby to cięższe niż piasek morski. Dlatego moje słowa plączą się.
৩কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।
4 [Tkwią] we mnie bowiem strzały Wszechmocnego, których jad osuszył mego ducha, [a] strachy Boże walczą przeciwko mnie.
৪কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
5 Czy dziki osioł ryczy, gdy ma trawę? Czy wół ryczy nad swoją paszą?
৫বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?
6 Czy można zjeść niesmaczną rzecz bez soli? Czy ma jakiś smak białko jajka?
৬যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?
7 [Czego się przedtem] moja dusza nie chciała dotknąć, jest to [teraz] moim bolesnym pokarmem.
৭মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
8 Oby się spełniła moja prośba i Bóg dał mi to, czego pragnę!
৮অস! মোৰ নিবেদন সফল হোৱা হ’লে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।
9 Oby się Bogu spodobało to, aby mnie zniszczyć, aby opuścić rękę i mnie odciąć!
৯অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।
10 Wtedy miałbym jeszcze pociechę – chociaż pałam boleścią, niech [Bóg] mi nie folguje – nie zataiłem bowiem słów Świętego.
১০সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।
11 Jaka [jest] moja siła, abym miał wytrwać? Jaki jest mój koniec, abym przedłużał swoje życie?
১১মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
12 Czy moja siła jest siłą kamieni? Czy moje ciało jest ze spiżu?
১২মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
13 Czy moja obrona nie jest we mnie? Czy mój rozsądek odszedł ode mnie?
১৩মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
14 Strapionemu należy się litość od przyjaciela, ale on opuścił bojaźń Wszechmogącego.
১৪নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
15 Moi bracia zawiedli jak potok, odpływają jak gwałtowne potoki;
১৫মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক; বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।
16 Które są mętne od lodu, w których śnieg się ukrywa;
১৬সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়;
17 W czasie roztopów znikają; [w czasie] upałów nikną ze swego miejsca.
১৭কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।
18 Wiją się ścieżki ich dróg; rozpływają się w nicość i giną.
১৮সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়, আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।
19 Podróżni z Temy wypatrywali ich; wędrowcy z Seby pokładali w nich nadzieję.
১৯তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;
20 Ale zawiedli się w oczekiwaniu, przyszli tam i zawstydzili się.
২০কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।
21 Staliście się niczym; widzicie moją niedolę i lękacie się.
২১কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা।
22 Czy powiedziałem: Przynieście mi [coś]? lub: Dajcie mi z waszego majątku?
২২মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া; তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?
23 Lub: Wybawcie mnie z rąk wroga? lub: Wykupcie mnie z rąk okrutników?
২৩বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?
24 Pouczcie mnie, a zamilknę; pokażcie mi, w czym zbłądziłem.
২৪মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।
25 O jak mocne są słowa prawdziwe! Ale cóż sprawi wasze obwinianie?
২৫ন্যায় বাক্য কেনে বেদনাদায়ক! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
26 Czy zamierzacie ganić [moje] słowa i mowę zrozpaczonego, jakby były wiatrem?
২৬তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?
27 Nawet sierotę przytłaczacie i kopiecie [doły] pod swoim przyjacielem.
২৭তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
28 Teraz więc zechciejcie spojrzeć na mnie, a [zobaczycie], czy kłamię wam w oczy.
২৮এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।
29 Zawróćcie, proszę, a niech nie będzie [w was] nieprawości; zawróćcie, a [poznacie] moją sprawiedliwość w tym.
২৯মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
30 Czy w moim języku jest nieprawość? Czy moje podniebienie nie rozeznaje przewrotności?
৩০মোৰ জিভাত জানো অন্যায় আছে? মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?