< Jeremiasza 36 >
1 W czwartym roku Joakima, syna Jozjasza, króla Judy, doszło do Jeremiasza słowo od PANA mówiące:
১যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
2 Weź sobie zwój księgi i napisz na nim wszystkie słowa, które wypowiadałem do ciebie przeciw Izraelowi, przeciw Judzie i przeciw wszystkim narodom od dnia, kiedy [zacząłem] mówić do ciebie, od dni Jozjasza aż do dziś.
২“তুমি এখন নুৰিওৱা পুথি লোৱা; আৰু মই তোমাক প্ৰথমে কোৱা দিনৰে পৰা, যোচিয়াৰ ৰাজত্বৰ কালৰে পৰা আজিলৈকে, ইস্ৰায়েলৰ, যিহূদাৰ, আৰু সকলো জাতিৰ বিৰুদ্ধে যি যি কথা মই তোমাৰ আগত কৈ আছোঁ, সেই সকলো কথা সেই পুথিত লিখা।
3 Może [gdy] dom Judy usłyszy o całym tym nieszczęściu, które zamierzam im uczynić, odwróci się każdy od swojej złej drogi, abym przebaczył ich nieprawość i grzech.
৩যিহূদা বংশলৈ মই যি অমঙ্গল ঘটাবলৈ কল্পনা কৰিছোঁ, কিজানি নিজ নিজ কুপথৰ পৰা ঘূৰিবলৈ তেওঁলোকে সেই সকলো অমঙ্গলৰ কথা শুনিব; তেতিয়া মই তেওঁলোকৰ অপৰাধ আৰু পাপ ক্ষমা কৰিম।”
4 Jeremiasz więc wezwał Barucha, syna Neriasza, a Baruch spisał z ust Jeremiasza na zwoju księgi wszystkie słowa PANA, które mówił do niego.
৪তেতিয়া যিৰিমিয়াই নেৰিয়াৰ পুত্ৰ বাৰুকক মাতি আনিলত, যিৰিমিয়াক কোৱা যিহোৱাৰ সকলো বাক্য বাৰূকে তেওঁৰ মুখৰ পৰা সেই নুৰিওৱা পুথিখনত লিখিলে।
5 Potem Jeremiasz nakazał Baruchowi: Jestem powstrzymany i nie mogę wejść do domu PANA;
৫পাছে যিৰিমিয়াই বাৰুকক আজ্ঞা দি কলে, মই বন্ধ আছোঁ, যিহোৱাৰ গৃহলৈ যাব নোৱাৰোঁ।
6 Dlatego ty idź i odczytaj z tego zwoju, co napisałeś z moich ust – słowa PANA – do uszu ludu w domu PANA, w dzień postu. Odczytaj [to] także do uszu wszystkich z Judy, którzy przychodzą ze swoich miast.
৬এই হেতুকে তুমি গৈ যিহোৱাৰ গৃহত উপবাসৰ দিনা, মোৰ মুখৰ পৰা পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ তেওঁৰ গৃহত থকা লোকসকলে আৰু বিভিন্ন নগৰৰ পৰা অহা যিহূদাৰ সকলো লোকে শুনাকৈ পাঠ কৰা।
7 Może skierują swoje błaganie przed oblicze PANA i każdy odwróci się od swojej złej drogi. Wielkie są bowiem gniew i zapalczywość, które PAN wypowiedział przeciwko temu ludowi.
৭কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল।
8 I postąpił Baruch, syn Neriasza, zgodnie ze wszystkim, co prorok Jeremiasz mu nakazał, odczytując z księgi słowa PANA w domu PANA.
৮পাছে পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ নেৰিয়াৰ পুত্ৰ বাৰুকে যিহোৱাৰ গৃহত পাঠ কৰি যিৰিমিয়া ভাববাদীৰ আজ্ঞা পালন কৰিলে।
9 W piątym roku Joakima, syna Jozjasza, króla Judy, w dziewiątym miesiącu, zapowiedziano post przed PANEM całemu ludowi w Jerozolimie i całemu ludowi, który przybył z miast Judy do Jerozolimy.
৯যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ পঞ্চম বছৰৰ নৱম মাহত যিৰূচালেমত থকা লোকসকলে, আৰু যিহূদাৰ নগৰবোৰৰ পৰা যিৰূচালেমলৈ অহা প্ৰজাসকলে যিহোৱাৰ উদ্দেশ্যে উপবাস ঘোষণা কৰিলে।
10 I Baruch odczytał z księgi słowa Jeremiasza w domu PANA, w komnacie Gemariasza, syna Szafana, pisarza, na górnym dziedzińcu, u wejścia do Bramy Nowej domu PANA, do uszu całego ludu.
১০তেতিয়া বাৰুকে যিহোৱাৰ গৃহত, চাফনৰ পুত্ৰ গমৰিয়া লিখকৰ কোঁঠালিত, যিহোৱাৰ গৃহৰ নতুন দুৱাৰৰ সোমোৱা ঠাইত, ওপৰ চোতালত, সেই পুথিখনত লিখা যিৰিমিয়াৰ বাক্যবোৰ সকলো লোকে শুনাকৈ পাঠ কৰিলে।
11 A [gdy] Micheasz, syn Gemariasza, syna Szafana, usłyszał wszystkie słowa PANA z księgi;
১১আৰু চাফনৰ নাতিয়েক গমৰিয়াৰ পুত্ৰ মীখায়াই সেই পুথিখনৰ পৰা যিহোৱাৰ সকলো বাক্য শুনিলে।
12 Zszedł do domu króla, do komnaty pisarza, a oto siedzieli tam wszyscy książęta: Eliszama, pisarz, Delajasz, syn Szemajasza, Elnatan, syn Akbora, Gemariasz, syn Szafana, Sedekiasz, syn Chananiasza, i pozostali książęta.
১২তেওঁ ৰাজ-গৃহলৈ লিখকৰ কোঁঠালিলৈ নামি গ’ল; চোৱা, সেই সময়ত সকলো প্ৰধান লোক, অৰ্থাৎ ইলীচামা লিখক, চমৰিয়াৰ পুত্ৰ দলায়া, অকবোৰৰ পুত্ৰ ইলনাথন, চাফনৰ পুত্ৰ গমৰিয়া, আৰু হননিয়াৰ পুত্ৰ চিদিকিয়া আদি সকলো প্ৰধান লোক তাত বহি আছিল।
13 I Micheasz powiedział im wszystkie słowa, które usłyszał, gdy Baruch czytał z księgi do uszu ludu.
১৩তেতিয়া লোকসকলে শুনিবলৈ বাৰুকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে।
14 Wtedy wszyscy książęta posłali do Barucha Jehudiego, syna Netaniasza, syna Szelemiasza, syna Kusziego, z poleceniem: Weź do ręki zwój, z którego czytałeś do uszu ludu, i przyjdź. Baruch więc, syn Neriasza, wziął zwój do ręki i przyszedł do nich.
১৪এই হেতুকে সকলো প্ৰধান লোকে কুচীৰ প্ৰপৌত্ৰ চেলেমিয়াৰ নাতিয়েক নথনিয়াৰ পুত্ৰ যিহূদীক বাৰুকৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “লোকসকলে শুনাকৈ তুমি পাঠ কৰা নুৰিওৱা পুথিখন তুমি হাতত লৈ আহাঁ।”
15 I powiedzieli do niego: Usiądź proszę i odczytaj to do naszych uszu. Czytał więc Baruch do ich uszu.
১৫তেওঁলোকে তেওঁক ক’লে, “এতিয়া বহি আমি শুনাকৈ পাঠ কৰা; তেতিয়া বাৰুক তেওঁলোকে শুনাকৈ পাঠ কৰিলে।”
16 A gdy usłyszeli wszystkie te słowa, [spojrzeli] przerażeni jeden na drugiego i powiedzieli do Barucha: Musimy powiadomić króla o tych wszystkich słowach.
১৬তেতিয়া সেই সকলো কথা শুনি তেওঁলোক আটাইৰে ভয় লাগি ইজনে সিজনলৈ চোৱা-চোই কৰি বাৰুকক ক’লে, “আমি এই সকলো কথাৰ বিষয়ে অৱশ্যে ৰজাক জনাব লাগিব।”
17 I zapytali Barucha: Powiedz nam teraz, jak spisywałeś wszystkie te słowa z jego ust?
১৭পাছে তেওঁলোকে বাৰুকক সুধিলে, “কোৱাচোন, তুমি কেনেকৈ তেওঁৰ মুখৰ পৰা এইবোৰ কথা লিখিছিলা?
18 Baruch odpowiedział: Ustnie podawał mi wszystkie te słowa, a ja spisałem [je] atramentem w księdze.
১৮তেতিয়া বাৰুকে উত্তৰ দি ক’লে, “তেওঁ মুখেৰে মোৰ আগত এই সকলো বাক্য উচ্ছাৰণ কৰিছিল, আৰু মই চিয়াঁহীৰে এই পুথিত এই সকলো লিখিছিলোঁ।
19 Wtedy książęta powiedzieli do Barucha: Idź, ukryj się, ty i Jeremiasz, a niech nikt nie wie, gdzie jesteście.
১৯তেতিয়া প্ৰধান লোকসকলে বাৰুকক ক’লে, “তুমি আৰু যিৰিমিয়া গৈ, তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লোকাই থাকাগৈ।”
20 Potem weszli do króla na dziedziniec, ale księgę ukryli w komnacie Eliszamy, pisarza, i opowiedzieli do uszu króla wszystkie [te] słowa.
২০তেতিয়া তেওঁলোকে ইলীচামা লিখকৰ কোঁঠালিত পুথিখন থৈ ৰজাৰ ওচৰলৈ অৰ্থাৎ চোতাললৈ সোমাই গ’ল, আৰু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে।
21 Król więc posłał Jehudiego, aby wziął zwój, a ten zabrał go z komnaty Eliszamy, pisarza. I Jehudi odczytał go do uszu króla i wszystkich książąt, którzy stali przed królem.
২১তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঁঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে।
22 A król siedział w domu zimowym, w dziewiątym miesiącu, i [ogień] płonął na palenisku przed nim.
২২সেই সময়ত ৰজাই নৱম মাহত জাৰকালিত থকা ঘৰত বহি আছিল, আৰু তেওঁৰ আগত টিফাইত জুই জ্বলি আছিল।
23 Gdy Jehudi przeczytał trzy lub cztery karty, odcinał je nożem pisarskim i wrzucał do ognia, który [rozpalony był] na palenisku, aż cały zwój spłonął w ogniu na palenisku.
২৩পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল।
24 Ale nie przerazili się i nie rozdarli swoich szat ani król, ani jego słudzy, którzy słyszeli wszystkie te słowa.
২৪সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে, বা নিজ নিজ বস্ত্ৰ নাফালিলে।
25 Elnatan jednak, Delajasz i Gemariasz nalegali na króla, aby nie palił tego zwoju, ale ich nie usłuchał.
২৫ইলনাথন, দলায়া, আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে; তথাপি তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
26 I król rozkazał Jerachmeelowi, synowi Meleka, Serajaszowi, synowi Azriela, i Szelemiaszowi, synowi Abdeela, aby pojmali Barucha, pisarza, i proroka Jeremiasza. Ale PAN ich ukrył.
২৬পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰুক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।
27 I do Jeremiasza doszło słowo PANA po spaleniu przez króla zwoju i słowa, które Baruch spisał z ust Jeremiasza, mówiące:
২৭তেতিয়া ৰজাই, যিৰিমিয়াৰ মুখৰ পৰা শুনি শুনি বাৰুকে লিখা বাক্যবোৰে সৈতে পুথিখন পুৰি পেলোৱাৰ পাছত যিহোৱাৰ এই বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
28 Weź sobie jeszcze inny zwój i zapisz na nim wszystkie poprzednie słowa, które były na pierwszym zwoju, spalonym przez Joakima, króla Judy.
২৮“তুমি পুনৰায় আৰু এখন নুৰিওৱা পুথিৰ বিষয়ে কোৱা, আৰু যিহূদাৰ ৰজা যিহোয়াকীমে পুৰি পেলোৱা সেই প্ৰথম পুথিত আগেয়ে যি যি লিখা আছিল, সেই সকলো তাত লিখা।
29 A do Joakima, króla Judy, powiedz: Tak mówi PAN: Ty spaliłeś ten zwój, mówiąc: Czemu napisałeś na nim: Na pewno król Babilonu nadciągnie, zniszczy tę ziemię i wytępi w niej człowieka i zwierzęta.
২৯তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!’
30 Dlatego tak mówi PAN o Joakimie, królu Judy: Nie będzie miał nikogo, kto zasiadłby na tronie Dawida, a jego zwłoki będą rzucone na upał we dnie i na mróz w nocy.
৩০এই হেতুকে যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এই কথা কৈছে, যে, যিহূদাৰ সিংহাসনত বহিবলৈ তেওঁৰ বংশৰ কোনো নাথাকিব, আৰু তেওঁৰ শৱ দিনত ৰ’দত আৰু ৰাতি হিমত পৰি থাকিব।
31 Nawiedzę go bowiem, jego potomstwo i jego sługi za ich nieprawość i sprowadzę na nich, na mieszkańców Jerozolimy i na Judejczyków całe to nieszczęście, które im zapowiedziałem, ale nie słuchali.
৩১আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”
32 Wtedy Jeremiasz wziął inny zwój i dał go Baruchowi, synowi Neriasza, pisarzowi, a ten spisał na nim z ust Jeremiasza wszystkie słowa [tamtego] zwoju, który spalił w ogniu Joakim, król Judy. Nadto zostało dodane do nich wiele podobnych słów.
৩২তেতিয়া যিৰিমিয়াই আৰু এখন নুৰিওৱা পুথি লৈ নেৰিয়াৰ পুত্ৰ বাৰুক লিখকক দিলে। বাৰুকে যিহূদাৰ ৰজা যিহোয়াকীমে, যিৰিমিয়াৰ মুখৰ পৰা ওলোৱা সকলো বাক্য জুইত পুৰি পেলোৱা পুথিখনৰ সকলো বাক্য তাত লিখিলে। তাৰ বাহিৰে তেনেকুৱা আৰু অনেক কথাও তাত যোগ দিয়া হ’ল।