< Izajasza 11 >
1 I wyjdzie gałązka z pnia Jessego, a latorośl z jego korzenia wyrośnie.
১যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।
2 I spocznie na nim Duch PANA, duch mądrości i rozumu, duch rady i mocy, duch poznania i bojaźni PANA.
২যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।
3 I będzie czujny w bojaźni PANA, nie będzie sądził według tego, co oczy widzą, ani karał według tego, co uszy słyszą.
৩যিহোৱাৰ ভয়ত তেওঁৰ আনন্দ হ’ব, তেওঁৰ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল’ব।
4 Ale w sprawiedliwości będzie sądził ubogich, a w prawości będzie rozstrzygał sprawy cichych na ziemi. Uderzy ziemię rózgą swoich ust, a tchnieniem swoich warg zabije niegodziwego.
৪তাৰপৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীবীক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
5 Sprawiedliwość będzie pasem jego bioder, a prawda pasem jego lędźwi.
৫ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
6 I wilk będzie przebywał z barankiem, a lampart będzie leżał przy koźlęciu; także cielę i młody lew, i tuczne bydło będą razem; a małe dziecko będzie je prowadziło.
৬কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।
7 Krowa i niedźwiedzica razem będą się pasły, ich młode będą leżały razem, a lew, jak wół, będzie jeść słomę.
৭গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব।
8 Niemowlę będzie się bawić nad jamą żmii; a dziecko włoży swą rękę do nory jadowitego węża.
৮কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব।
9 Nie będą wyrządzać krzywdy ani zabijać na całej mojej świętej górze, bo ziemia będzie napełniona poznaniem PANA, tak jak wody okrywają morze.
৯মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
10 W tym dniu korzeń Jessego będzie stać jako sztandar dla narodów. Poganie będą się do niego zwracać, a jego odpoczynek będzie cudowny.
১০সেইদিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
11 Stanie się też w tym dniu, że Pan ponownie wyciągnie swą rękę, aby wykupić resztkę swego ludu, który pozostanie, z Asyrii i Egiptu, z Patros i Chus, z Elamu i Szinearu, i z Chamat, i wysp morskich.
১১পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।
12 I podniesie sztandar dla narodów, i zgromadzi wygnańców z Izraela, a rozproszonych z Judy zbierze z czterech krańców ziemi.
১২তেওঁ দেশবাসীৰ বাবে এখন নিচান স্থাপন কৰিব, আৰু ইস্রায়েলৰ দেশ ত্যাগ কৰাসকল, আৰু পৃথিৱীৰ চাৰিও চকুৰ পৰা খেদি দিয়া যিহূদাৰ লোকসকলক তেওঁ একত্রিত কৰিব।
13 Ustanie zazdrość Efraima, a nieprzyjaciele Judy zostaną wytraceni. Efraim nie będzie zazdrościł Judzie, a Juda nie będzie trapił Efraima;
১৩তেওঁ ইফ্ৰয়িমৰ অসূয়া বন্ধ কৰিব, আৰু যিহূদাক অত্যাচাৰ কৰাসকলক উচ্ছন্ন কৰা হ’ব; ইফ্ৰয়িমে যিহুদাক অসূয়া নকৰিব, আৰু যিহূদাই ইফ্ৰয়িমক আৰু অত্যাচাৰ নকৰিব।
14 Ale polecą na ramionach Filistynów ku zachodowi, razem złupią narody na wschodzie; na Edomitów i Moabitów położą swą rękę, a synowie Amona będą im posłuszni.
১৪তথাপিও তেওঁলোকে পশ্চিম ফালে থকা পলেষ্টীয়াসকলৰ পাহাৰবোৰ অৱৰোধ কৰিব; আৰু তেওঁলোক দুয়ো একেলগে পূব দিশৰ লোকসকলক লুট কৰিব। তেওঁলোক ইদোম আৰু মোৱাবক আক্রমণ কৰিব; আৰু অম্মোনৰ লোকসকল তেওঁলোকক মানি চলিব।
15 I PAN zniszczy odnogę morza Egiptu i swoim potężnym wiatrem potrząśnie swoją ręką nad rzeką, uderzy jej siedem strumieni i sprawi, że będą przez nią przechodzić w obuwiu.
১৫যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব।
16 Tak powstanie droga dla resztki jego ludu, który pozostanie z Asyrii, jak powstała dla Izraela w tym dniu, kiedy wychodził z ziemi Egiptu.
১৬মিচৰ দেশৰ পৰা ওলাই অহা দিনা যি দৰে ইস্ৰায়েলৰ বাবে এটি পথ হৈছিল, সেইদৰে অৱশিষ্ট থকা লোকসকলৰ বাবে অচূৰৰ পৰা এটি ৰাজপথ হ’ব।