< Ozeasza 4 >

1 Słuchajcie słowa PANA, synowie Izraela, bo PAN wnosi skargę przeciwko mieszkańcom tej ziemi, gdyż nie ma prawdy ani żadnego miłosierdzia, ani poznania Boga [w] ziemi.
হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা; কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।
2 Krzywoprzysięstwo, kłamstwo, zabójstwo, kradzież i cudzołóstwo mnożą się, a morderstwo goni morderstwo.
কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
3 Dlatego ziemia będzie lamentować i marnieje wszystko, co w niej mieszka, wraz z polnymi zwierzętami i ptactwem nieba, nawet ryby morskie wyginą.
এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।
4 Ale niech nikt z nimi się nie spiera ani ich nie strofuje, bo twój lud [jest] jak ci, którzy spierają się z kapłanem.
তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক; কিয়নো, হে পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে।
5 Dlatego upadniesz we dnie, upadnie też wraz z tobą prorok w nocy; wyniszczę twoją matkę.
পুৰোহিতসকল, তোমালোকে দিনত উজুটি খাবা, ৰাতি তোমালোকৰ সৈতে ভাৱবাদীয়েও উজুটি খাব; মই তোমালোকৰ মাতৃ ইস্রায়েলক বিনষ্ট কৰিম।
6 Mój lud ginie z braku poznania; a ponieważ ty odrzuciłeś poznanie, ja też ciebie odrzucę, abyś [już] nie był dla mnie kapłanem. Skoro zapomniałeś o prawie twego Boga, ja też zapomnę o twoich synach.
জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।
7 Im bardziej się rozmnożyli, tym więcej grzeszyli przeciwko mnie. [Dlatego] ich chwałę zamienię w hańbę.
পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে, সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে; মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম।
8 Pożerają ofiary za grzech mego ludu i swoją duszą pragną jego nieprawości.
মোৰ লোকসকলৰ পাপ কার্যত তেওঁলোকে আহাৰ পায়; লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়।
9 I tak samo stanie się z ludem jak z kapłanem, bo ukarzę ich za ich drogi i oddam im za ich uczynki.
এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব; দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।
10 Będą jeść, ale się nie nasycą, będą uprawiać nierząd, ale się nie pomnożą, bo nie chcą zważać na PANA.
১০তেওঁলোকে ভোজন কৰিব, কিন্তু তৃপ্ত নহ’ব, বেশ্যাকৰ্ম কৰিব, কিন্তু সংখ্যা বৃদ্ধি নহ’ব; কিয়নো তেওঁলোকে মূর্তিপূজা কৰি যিহোৱাক ত্যাগ কৰিলে।
11 Nierząd, wino i moszcz odbierają serce.
১১ব্যভিচাৰ, দ্ৰাক্ষাৰস আৰু নতুন দ্রাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে।
12 Mój lud radzi się u swego drewna, a jego kij mu odpowiada, bo duch nierządu wprowadza ich w błąd i uprawiali nierząd, odstępując od swego Boga.
১২মোৰ লোকসকলে এডোখৰ কাঠৰ মূর্তিৰ ওচৰত পৰামর্শ বিচাৰে, তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নির্দেশনা দিয়ে, কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকক বিপথে লৈ গৈছে। তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে।
13 Na szczytach gór składają ofiary i na pagórkach palą kadzidło pod dębem, topolą i wiązem, bo ich cień jest dobry. Dlatego wasze córki uprawiają nierząd i wasze kobiety cudzołożą.
১৩তেওঁলোকে পর্বতৰ উচ্চ চূড়াবোৰত বলি উৎসর্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসর্গ কৰে, অলোন, লিবনি, আৰু এলা গছৰ তলত, য’ত আৰামদায়ক ছাঁ আছে, তাত ধূপ জ্বলায়। সেই কাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয়, আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে।
14 Nie będę karał waszych córek, gdy uprawiają nierząd, ani waszych kobiet, gdy cudzołożą. Oni [sami] bowiem odłączają się z nierządnicami i składają ofiary wraz z nierządnicami. A lud, który [tego] nie rozumie, upadnie.
১৪তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
15 Jeśli ty, Izraelu, uprawiasz nierząd, niech [chociaż] Juda nie obciąży się winą. Nie idźcie do Gilgal ani nie wstępujcie do Bet-Awen, ani nie przysięgajcie: Jak żyje PAN!
১৫হে ইস্ৰায়েল, তুমি যদিও ব্যভিচাৰ কৰিছা, তথাপিও যিহূদা যেন সেই দোষত দোষী নহয়; তোমালোক গিলগললৈ নাযাবা, বৈৎ-আবনলৈকে উঠি নাযাবা; “জীৱন্ত যিহোৱাৰ শপত” বুলি শপত নাখাবা।
16 Izrael bowiem jest nieujarzmiony jak narowista jałówka. Zaprawdę, PAN będzie ich paść jak jagnię na rozległym miejscu.
১৬ঠৰডিঙীয়া চেঁউৰী গাইৰ নিচিনা ইস্রায়েলীয়াসকল ঠৰডিঙীয়া। সেয়ে, বহল পথাৰত পোৱালি মেৰ-ছাগ এটাক চৰোৱাৰ দৰে যিহোৱাই জানো এতিয়া তেওঁলোকক চৰাব পাৰে?
17 Efraim związał się z bożkami. Zostaw go.
১৭ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।
18 Ich napój czyni ich upartymi; nieustannie uprawiają nierząd; jego obrońcy wstydliwie kochają dary.
১৮যেতিয়া তেওঁলোকৰ সুৰা পান কৰা শেষ হয়, তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম কৰি থাকে; তেওঁলোকে নিজৰ গৌৰৱতকৈ ব্যভিচাৰী কার্যক অধিক বেছি ভাল পায়।
19 Pochwyci ich wiatr swoimi skrzydłami i będą zawstydzeni z powodu swoich ofiar.
১৯শাস্তিৰ এক বায়ুৱে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব; তাতে তেওঁলোকে নিজৰ উৎসর্গবোৰৰ কাৰণে লাজ পাব।

< Ozeasza 4 >